অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাপানি ৰোগৰ লক্ষণ আৰু চিকিৎসা

হাপানি ৰোগৰ লক্ষণ আৰু চিকিৎসা

চুটি উশাহ, বুকুত গধুৰ ভাব আৰু শ্বাস লোৱাত কষ্ট পোৱা আদি হৈছে হাঁপানি ৰোগৰ সাধাৰণ লক্ষণ। তদুপৰি বহুতো কাৰণত যেনে বতৰ, কলুষিত বায়ুমণ্ডল বা জন্মগত কাৰণতে এই ৰোগ হ’ব পাৰে। ডাঃ কে ঠিৰুপথি, পালমনল'জিষ্ট বিশেষজ্ঞ চিকিৎসক ছিমছ হস্পিটেল, চেন্নাই, মত পোষণ কৰে যে বর্তমান এই ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। উক্ত কাৰণসমূহৰ উপৰি যথেষ্ট পৰিমাণৰ শিশুক স্তন পান নকৰোৱাৰ বাবেও এই ৰোগে আক্রমণ কৰিব পাৰে।

“সাধাৰণ লক্ষণসমূহ বিবেচনা কৰি এই ৰোগৰ চিকিৎসা কৰা হয় যদিও কিছুমান ৰোগীৰ ক্ষেত্ৰত এই লক্ষণসমূহে দেখা নিদিয়ে। এনে ধৰণৰ ৰোগীক অতি সাৱধানতাৰে চিকিৎসা কৰা প্রয়োজন। জনসাধাৰণক এই ৰোগৰ ওপৰত সজাগ কৰা অতি প্রয়োজন, ডাঃ ঠিৰুপথিয়ে কয়।

“জনসাধাৰণৰ মাজত এটা ধাৰণা আছে যে হাঁপানি ৰোগ কেৱল শীতকালত হে হয়। কিন্তু ডাঃ ঠিৰুপথিৰ মতে— গ্রীষ্ম কালত বায়ুমণ্ডলত সেমেকাৰ ভাব অতিকৈ বেছি হোৱাৰ বাবে লগতে এইসমূহত ধূলি আদিৰ বাবে বায়ুমণ্ডল কলুষিত হৈ পৰে, যি নেকি এই ৰোগৰ কাৰক হৈ পৰে। ৰোগীয়ে শীতল পানীয় আৰু খাদ্য পৰিহাৰ কৰা উচিত আৰু শীত-তাপ নিয়ন্ত্রিত যন্ত্র ব্যৱহাৰ কৰিলে ইয়াৰ তাপমান নিয়ন্ত্ৰণ কৰা প্রয়োজন। সেয়েহে শীতকালত এই ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়ে যদিও গ্রীষ্মকালত ইয়াৰ পৰিমাণ কোনো গুণে কম নহয়। এনে ৰোগীয়ে অতিমাত্ৰা গৰমত ঘৰৰ বাহিৰলৈ নোযোৱাটো বাঞ্ছনীয়।

এই ৰোগৰ লক্ষণসমূহ

 

*টোপনিত সঘনাই কাহি থকা বা পৰিশ্রম আৰু ঠাণ্ডাৰ বাবে কহা।

*চুটি উশাহ লোৱা।

*বেছিকৈ ভাগৰ লগা|

*কাহ কফৰ বাবে টোপনি নহা।

*বুকুৰ অসুস্থতা।

*খাদ্য খাওঁতে শব্দ কৰা ইত্যাদি।

উৎস: দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate