অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হিম’গ্ল’বিন ই-ট্ৰেইট :

 

হিম’গ্ল’বিন ই-ট্ৰেইট কি?

হিম’গ্ল’বিন ই-ট্ৰেইট হ’ল মানুহৰ শৰীৰৰ তেজত থকা হিম’গ্ল’বিনৰ এক বংশগত বিসংগতি। সাধাৰণতে মানুহৰ তেজত থকা হিম’গ্ল’বিনৰ গ্ল’বিন অংশটোত দুতা আলফা আৰু দুটা বিটা চেইন থাকে। ইয়াৰে এটা বিটা চেইনৰ ২৬ নম্বৰ অংশত থকা গ্লুটামিক এচিডৰ পৰিৱৰ্তে যদি লাইচিন থাকে, তেন্তে হিম’গ্ল’বিনৰ যি বিসংগতি হ’ব তাক হিম’গ্ল’বিন ই-ট্ৰেইট বুলি কোৱা হয়। হিম’গ্ল’বিন ই-ট্ৰেইট কোনো ৰোগ নহয়। ই বংশগতভাৱে বিয়পিব পৰা হিম’গ্ল’বিনৰ এক জন্মগত বিসংগতিহে। হিম’গ্ল’বিন ই-ট্ৰেইট যদি আলফা থেলাচেমিয়াৰ সৈতে একেলগ হয়, তেন্তে তাক হিম’গ্ল’বিন ই আলফা থেলাচেমিয়া, যদি বিটা থেলাচেমিয়াৰ সৈতে একেলগে হয় তেন্তে তাক হিম’গ্ল’বিন ই বিটা থেলেচেমীয়া আৰু যদি চিকল ছিণ্ড্ৰমৰ সৈতে একেলগে হয়, তেন্তে তাক হিম’গ্ল’বিন ই চিকল চেল ৰোগ বুলি কোৱা হয়। আনহাতে, যদি দুয়োটা বিটা চেইনৰে ২৬ নম্বৰ অংশত থকা গ্লুটামিক এচিডৰ পৰিৱৰ্তে, লাইচিন থাকে, তেন্তে হিম’গ্ল’বিনৰ যি বিসংগতি হ’ব তাক হিম’গ্ল’বিন ই ৰোগ বুলি কোৱা হয়।

হিম’গ্ল’বিন ই-ট্ৰেইট কেনেদৰে বিয়পে?

আমি সকলোৱে জানো যে কেঁচুৱা এটাই তাৰ ক্ৰ’ম’জমৰ এটা ক্ৰ’মেটিড মাতৃৰপৰা আৰু এটা ক্ৰ’মেটিড পিতৃৰপৰা আহৰণ কৰে। যদিহে পিতৃ অথবা মাতৃৰ যিকোনো এজনৰ হিম’গ্ল’বিন ই-ট্ৰেইট থাকে, তেন্তে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্ল’বিন ই-ট্ৰেইট হোৱাৰ আশংকা থাকে। যদিহে পিতৃ আৰু মাতৃ দুয়োৰে হিম’গ্ল’বিন ই-ট্ৰেইট থাকে, তেন্তে তেওঁলোকৰ ৫০ শতংশৰ সন্তানৰ হিম’গ্ল’বিন ই-ট্ৰেইট আৰু ২৫ শতাংশ সন্তানৰ হিম’গ্ল’বিন ই ৰোগ হোৱাৰ আশংকা থাকে। পিতৃ বা মাতৃ যিকোনো এজনৰ যদি হিম’গ্ল’বিন ই ৰোগ থাকে আৰু এজন সুস্থ হয় তেন্তে তেওঁলোকৰ আটাইকেইটা সন্তানৰে হিম’গ্ল’বিন ই-ট্ৰেইট থাকিব। যদিহে পিতৃ আৰু মাতৃ এজনৰ হিম’গ্ল’বিন ই-ট্ৰেইট আৰু এজনৰ হিম’গ্ল’বিন ই ৰোগ থাকে তেন্তে তেওঁলোকৰ ৫০ শতাংশৰ সন্তানৰ হিম’গ্ল’বিন ই-ট্ৰেইট আৰু ৫০ শতাংশ সন্তানৰ হিম’গ্ল’বিন ই ৰোগ হোৱাৰ আশংকা থাকে। আনহতে, পিতৃ আৰু মাতৃ দুয়োজনৰে যদি হিম’গ্ল’বিন ই ৰোগ থাকে তেন্তে তেওঁলোকৰ আটাইকেইটা সন্তানৰে হিম’গ্ল’বিন ই ৰোগ থাকিব।

হিম’গ্ল’বিন ই-ট্ৰেইটৰ লক্ষণ -

যিহেতু হিম’গ্ল’বিন ই-ট্ৰেইট কোনোধৰণৰ ৰোগ নহয়, মাথোঁ হিম’গ্ল’বিনৰ এক বংশগত বিসংগতিহে, সেয়েহে হিম’গ্ল’বিন ই-ট্ৰেইট থকা ব্যক্তিৰ কেতিয়াও বিশেষ স্বাস্থ্যগত সমস্যা হোৱা দেখা নাযায়। যিহেতু এনে ব্যক্তিৰ হিম’গ্ল’বিন অলপ হ’লেও বিসংগতিপূৰ্ণ, সেয়েহে সুস্থ হিম’গ্ল’বিনতকৈ এনে হিম’গ্ল’বিনে শৰীৰৰ বিভিন্ন অংশলৈ কমকৈ অক্সিজেন বহন কৰে। সেয়েহে হিম’গ্ল’বিন ই-ট্ৰেইট থকা ব্যক্তিয়ে কেতিয়াবা ৰক্তহীনতাৰ বাবে হোৱা ভাগৰ লগা, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰা আদিত ভোগা দেখা যায়। অৱশ্যে হিম’গ্ল’বিন ই-ট্ৰেইট থকা ব্যক্তিৰ শৰীৰত বিশেষকৈ পেশীৰ বিষ হোৱা দেখা যায়। কিন্তু হিম’গ্ল’বিন ই ৰোগ থকা ব্যক্তিৰ ৰক্তহীনতাৰ বাবে ভাগৰ লগা, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰা আদি হোৱা দেখা যায়।

হিম’গ্ল’বিন ই ট্ৰেইট চিনাক্তকৰণ -

হিম’গ্ল’বিন ই-ট্ৰেইট সাধাৰণতে কিবা বিশেষ কাৰণত তেজৰ পৰীক্ষা কৰিলে বা পিতৃ-মাতৃত হিম’গ্ল’বিন ই-ট্ৰেইট বা হিম’গ্ল’বিন ই ৰোগ থাকিলে স্ক্ৰীণিং কৰিলেহে চিনাক্ত হোৱা দেখা যায়। হিম’গ্ল’বিন ই-ট্ৰেইট থকা ব্যক্তিৰ প্ৰতি ডেচিলিটাৰ তেজত হিম’গ্ল’বিনৰ পৰিমাণ ১০ৰ পৰা ১১ গ্ৰাম থকা দেখা যায়। এওঁলোকৰ লোহিত ৰক্ত কণিকাৰ আকাৰ সাধাৰণ লোহিত ৰক্ত কণিকাতকৈ সৰু আৰু কম ৰংযুক্ত হোৱা দেখা যায়। সেয়েহে এনে লোহিত ৰক্ত কণিকাবোৰক মাইক্ৰ’চাইটিক হাইপ’ক্ৰমিক লোহিত ৰক্ত কণিকা বুলি কোৱা হয়। যদিও একে ধৰণৰ লোহিত ৰক্ত কণিকা আইৰণৰ অভাৱত হোৱা ৰক্তহীনতাত দেখা যায় তথাপি ব্যক্তিগৰাকীৰ তেজৰ ফেৰিটিনৰ পৰিমাণ সঠিক থাকে আৰু RDW ঠিকেই থাকে। তদুপৰি হিম’গ্ল’বিন ইলেক্ট্ৰে’ফৰছিছ পৰীক্ষা কৰিও হিম’গ্ল’বিন ই-ট্ৰেইট চিনাক্ত কৰিব পাৰি। হিম’গ্ল’বিন ই-ট্ৰেইট আৰু হিম’গ্ল’বিন ই ৰোগ চিনাক্ত কৰাৰ উত্তম পৰীক্ষা হ’ল হিম’গ্ল’বিন টাইপিং। এইচ পি এল চি মেচিনত ই ডি টিয়ে ভায়েলত লোৱা তেজৰ হিম’গ্ল’বিন টাইপিং কৰিলে হিম’গ্ল’বিন ই-ট্ৰেইট থকা ব্যক্তিৰ HbA2ৰ পৰিমাণ প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ, HbAoৰ পৰিমাণ প্ৰায় ৬০ৰ পৰা ৭০ শতাংশ আৰু HbFৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। হিম’গ্ল’বিন ই ৰোগ থকা ব্যক্তিৰ HbA2ৰ পৰিমাণ ৮৫ৰ পৰা ৯৫ শতাংশ, HbAoৰ পৰিমাণ প্ৰায় ৫ পৰা ১০ শতাংশ আৰু HbFৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। সাধাৰণতে সুস্থ ব্যক্তি এজনৰ তেজত HbAত্ৰ পৰিমাণ ৪ শতাংশতকৈ কম, HbAoৰ পৰিমাণ ৮৫ৰ পৰা ৯৫ শতাংশ আৰু HbFৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। আজিকালি কেঁচুৱা মাতৃৰ গৰ্ভত থাকোঁতে গৰ্ভস্থ কেঁচুৱাৰ তেজ গ্ৰহণ কৰিও হিম’গ্ল’বিন ই-ট্ৰেইট অথবা হিম’গ্ল’বিন ই ৰোগ স্ক্ৰীণিং কৰিব পাৰি।

হিম’গ্ল’বিন ই-ট্ৰেইটৰ চিকিৎসা -

হিম’গ্ল’বিন ই-ট্ৰেইটৰ বাবে কোনো বিশেষ চিকিৎসা নালাগে। কেৱল ফলিক এচিড খাই থাকিলেই হয়। হিম’গ্ল’বিন ই-ট্ৰেইটত আইৰণৰ কোনো অৰিহণা নাই। সেয়েহে আইৰণ টেবলেট খোৱাৰ কোনো প্ৰয়োজন নাই। শাক-পাচলি, ফল-মূল আৰু এন্টিঅক্সিডেন্টযুক্ত খাদ্য(যেনে- হালধি, আদা, শুকান ফল, সাগৰীয়া মাছ, জামু আদি) প্ৰচুৰ খাব লাগে। হিম’গ্ল’বিন ই-ট্ৰেইট থকা মহিলাই গৰ্ভধাৰণ কৰা অৱস্থাত অধিক ফলিক এচিড খাব লাগে। তেনে নকৰিলে প্ৰসূতিগৰাকীৰ ৰক্তহীনতা বেছি হোৱাৰ উপৰি গৰ্ভস্থ সন্তানৰ স্পাইনা বিফিডা নামৰ এক জন্মগত বিসংগতি হোৱাৰ আশংকা বাঢ়ি যায়। যদিহে হিম’গ্ল’বিন ই-ট্ৰেইট থেলাচেমিয়াৰ সৈতে একেলগ হয়, তেন্তে মাজে মাজে তেজৰ উপাদান লোহিত ৰক্তকণিকা সংৰচন কৰিব লগা হয়। হিম’গ্ল’বিন ই ৰোগ থকা ব্যক্তিৰ ৰক্তহীনতাৰ বাবেও কেতিয়াবা তেজৰ উপাদান লোহিত ৰক্ত কণিকা সংৰচন কৰিব লগা হয়।

ল’বলগা সাৱধানতা -

হিম’গ্ল’বিন ই-ট্ৰেইট থকা ব্যক্তিয়ে সাধাৰণতে হিম’গ্ল’বিন ই-ট্ৰেইট থকা ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব নালাগে। কাৰণ দুয়োজনৰে হিম’গ্ল’বিন ই-ট্ৰেইট থাকিলে তেওঁলোকৰ ৫০ শতাংশৰ সন্তানৰ হিম’গ্ল’বিন ই-ট্ৰেইট আৰু ২৫ শতাংশ সন্তানৰ হিম’গ্ল’বিন ই ৰোগ থাকে। আনহাতে, হিম’গ্ল’বিন ই ৰোগ থকা ব্যক্তিৰ সৈতেও বিবাহপাশত আবদ্ধ হ’ব নালাগে। অৱশ্যে এয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি পৰিয়ালৰ কোনোবাজনৰ হিম’গ্ল’বিন ই-ট্ৰেইট বা হিম’গ্ল’বিন ই ৰোগ চিনাক্ত হ’লে আনবোৰেও হিম’গ্ল’বিন ই-ট্ৰেইট আৰু হিম’গ্ল’বিন ই ৰোগৰ বাবে পৰীক্ষা কৰিব লাগে আৰু যদি কাৰোবাৰ ঠিৰাং হয়, ওপৰত লিখাৰ দৰে চিকিৎসা কৰাৰ লগতে সাৱধানতা অৱলম্বন কৰিব লাগে।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate