অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হিম’গ্লবিব ই ট্ৰেইট :

 

দক্ষিণ-পূব এছিয়াৰ সৰহ সংখ্যক জনগণৰ মাজত, বিশেষকৈ বাৰ্মা, শ্ৰীলংকা আৰু ভাৰতবৰ্ষত বহুলভাৱে উপলব্ধ হিম’গ্লবিনৰ এক বিসংগতি হ’ল হিম’গ্লবিন ই ট্ৰেইট। অসমৰ আহোম আৰু চাহ জনগোষ্ঠীৰ লোকৰ মাজতো ই অধিকভাৱে পৰিলক্ষিত হোৱা দেখা যায়। হিম’গ্লবিন ই ট্ৰেইট কি, কেনেদৰে বিয়পে, ইয়াৰ লক্ষণ, চিনাক্তকৰণ, চিকিৎসা আৰু ল’বলগীয়া সাৱধানতাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।

হিম’গ্লবিন ই ট্ৰেইট কি -

হিমগ্ল’বিন ই ট্ৰেইট হ’ল মানুহৰ শৰীৰৰ তেজত থকা হিম’গ্লবিনৰ এক বংশগত বিসংগতি। সাধাৰণতে মানুহৰ তেজত থকা হিম’গ্লবিনৰ গ্ল’বিন অংশটোত দুটা আলফা আৰু দুটা বিটা চেইন থাকে। ইয়াৰে এটা বিটা চেইনৰ ২৬ নম্বৰ অংশত থকা গ্লুটামিক এচিডৰ পৰিৱৰ্তে যদি লাইচিন থাকে, তেন্তে হিম’গ্লবিনৰ যি বিসংগতি হ’ব, তাক হিম’গ্লবিন ই ট্ৰেইট বুলি কোৱা হয়। হিম’গ্লবিন ই ট্ৰেইট কোনো ৰোগ নহয়। ই বংশগতভাৱে বিয়পিব পৰা হিম’গ্লবিনৰ এক জন্মগত বিসংগতিহে। হিম’গ্লবিন ই ট্ৰেইট যদি আলফা থেলাচিমিয়াৰ সৈতে একেলগে হয়, তেন্তে তাক হিম’গ্লবিন ই আলফা থেলাচেমিয়া, যদি বিটা থেলাচেমিয়াৰ সৈতে একেলগে হয়, তেন্তে হিম’গ্লবিন ই বিটা থেলাচেমিয়া আৰু যদি চিকল ছিণ্ড্ৰমৰ সৈতে একেলগে হয়, তেন্তে তাক হিম’গ্লবিন ই চিকল চেল ৰোগ বুলি কোৱা হয়। আনহাতে যদি দুয়োটা বিটা চেইনৰে ২৬ নম্বৰ অংশত থকা গ্লুটামিক এচিডৰ পৰিৱৰ্তে লাইচিন থাকে, তেন্তে হিম’গ্লবিনৰ যি বিসংগতি হ’ব, তাক হিম’গ্লবিন ই ৰোগ বুলি কোৱা হয়। হিম’গ্লবিন ই ট্ৰেইট কেনেদৰে বিয়পে আমি সকলোৱে জানো যে কেঁচুৱা এটাই তাৰ ক্ৰ’ম’জমৰ এটা ক্ৰ’মেটিড পিতৃৰ পৰা আহৰণ কৰে। যদিহে পিতৃ অথবা মাতৃৰ যিকোনো এজনৰ হিম’গ্লবিন ই ট্ৰেইট থাকে, তেন্তে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট হোৱাৰ আশংকা থাকে। যদিহে পিতৃ আৰু মাতৃ দুয়োৰে হিম’গ্লবিন ই ট্ৰেইট থাকে, তেন্তে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট আৰু ২৫ শতাংশ সন্তানৰ হিম’গ্লবিন ই ৰোগ হোৱাৰ আশংকা থাকে। পিতৃ অথবা মাতৃ যিকোনো এজনৰ যদি হিম’গ্লবিন ই ৰোগ থাকে আৰু এজন সুস্থ হয়, তেন্তে তেওঁলোকৰ আটাইকেইটা সন্তানৰে হিম’গ্লবিন ই ট্ৰেইট থাকিব। যদিহে পিতৃ বা মাতৃ এজনৰ হিম’গ্লবিন ই ৰোগ থাকে, তেন্তে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট আৰু ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ৰোগ হোৱাৰ আশংকা থাকে। আনহাতে, পিতৃ আৰু মাতৃ দুয়োজনৰে যদি হিম’গ্লবিন ই ৰোগ থাকে, তেন্তে তেওঁলোকৰ আটাইকেইটা সন্তানৰে হিমগ্ল’বিন ই ৰোগ থাকিব। হিম’গ্লবিন ই ট্ৰেইটৰ লক্ষণ যিহেতু হিম’গ্লবিন ই ট্ৰেইট কোনো ধৰণৰ ৰোগ নহয়, মাথোঁ হিম’গ্লবিনৰ এক বংশগত বিসংগতিহে, সেয়েহে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ কেতিয়াও বিশেষ স্বাস্থ্যগত সমস্যা হোৱা দেখা নাযায়। যিহেতু এনে ব্যক্তিৰ হিম’গ্লবিন অলপ হ’লেও বিসংগতিপূৰ্ণ, সেয়েহে সুস্থ হিম’গ্লবিনতকৈ এনে হিম’গ্লবিনে শৰীৰৰ বিভিন্ন অংশলৈ কমকৈ অক্সিজেন বহন কৰে। সেয়েহে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিয়ে কেতিয়াবা ৰক্তহীনতাৰ বাবে হোৱা ভাগৰ লগা, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰা আদিত ভোগা দেখা যায়। অৱশ্যে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ শৰীৰত বিশেষকৈ পেশীৰ বিষ হোৱা দেখা যায়। কিন্তু হিম’গ্লবিন ই ৰোগ থকা ব্যক্তিৰ ৰক্তহীনতাৰ বাবে ভাগৰ লগা, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰা আদি হোৱা দেখা যায়।

হিম’গ্লবিন ই ট্ৰেইট চিনাক্তকৰণ:

হিম’গ্লবিন ই ট্ৰেইট সাধাৰণতে কিবা বিশেষ কাৰণত তেজৰ পৰীক্ষা কৰিলে বা পিতৃ-মাতৃৰ হিম’গ্লবিন ই ট্ৰেইট বা হিম’গ্লবিন ই ৰোগ থাকিলে স্ক্ৰীনিং কৰিহেহে চিনাক্ত হোৱা দেখা যায়। হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ প্ৰতি ডেচিলিটাৰ লোহিত ৰক্তকণিকাতকৈ সৰু আৰু কম ৰংযুক্ত হোৱা দেখা যায়। সেয়েহে এনে লোহিত ৰক্তকণিকাবোৰক মাইক্ৰ’চাইটিক হাইপ’ক্ৰমিক লোহিত ৰক্তকণিকা বুলি কোৱা হয়। যদিহে একেধৰণৰ লোহিত ৰক্তকণিকা আইৰণৰ অভাৱত হোৱা ৰক্তহীনতাত দেখা যায়। তথাপি ব্যক্তিগৰাকীৰ তেজত ফেৰিটিনৰ পৰিমাণ সঠিক থাকে আৰু RDW ঠিকেই থাকে।

ইয়াৰ উপৰি হিম’গ্লবিন ইলেক্ট্ৰ’ফৰচিছ পৰীক্ষা কৰিও হিম’গ্লবিন ই ট্ৰেইট চিনাক্ত কৰিব পাৰি। হিম’গ্লবিন ই ট্ৰেইট আৰু হিম’গ্লবিন ই  ৰোগ চিনাক্ৰ কৰাৰ উত্তম পৰীক্ষা হ’ল হিম’গ্লবিন টাইপিং। এইচ পি এল চি মেচিনত ইউটিয়ে ভায়েলত লোৱা তেজৰ হিম’গ্লবিন টাইপিং  কৰি হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ HbA2ৰ পৰিমাণ ২৫ৰ পৰা ৩০ শতাংশ, HbAoৰ পৰিমাণ প্ৰায় ৬০ৰ পৰা ৭০ শতাংশ আৰু HbFৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। হিম’গ্লবিন ই ৰোগ থকা ব্যক্তিৰ HbA2ৰ পৰিমাণ ৮৫ৰ পৰা ৯৫ শতাংশ, HbAoৰ পৰিমাণ প্ৰায় ৫ৰ পৰা ১০ শতাংশ আৰু HbFৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। সাধাৰণতে সুস্থ ব্যক্তি এজনৰ তেজত HbA2ৰ পৰিমাণ ৪ শতাংশতকৈ কম, HbA0ৰ পৰিমাণ ৮৫ৰ পৰা ৯৫ শতাংশ আৰু HbFৰ পৰিমাণ ০.৮ শতাংশতকৈ কম থাকে। আজিকালি কেঁচুৱা মাতৃৰ গৰ্ভত থাকোঁতে গৰ্ভস্থ কেঁচুৱাৰ তেজ গ্ৰহণ কৰিও হিম’গ্লবিন ই ট্ৰেইট অথবা হিম’গ্লবিন ই ৰোগ স্ক্ৰীনিং কৰিব পাৰি।

হিম’গ্লবিন ই ট্ৰেইতৰ চিকিৎসা:

হিম’গ্লবিন ই ট্ৰেইটৰ বাবে কোনো বিশেষ চিকিৎসা নালাগে। কেৱল ফলিক এচিড খাই থাকিলেই হয়। হিম’গ্লবিন ই ট্ৰেইটত আইৰনৰ কোনো অৰিহণা নাই। সেয়েহে আইৰন টেবলেট খোৱাৰ কোনো প্ৰয়োজন নাই। শাক-পাচলি, ফল-মূল আৰু এন্টি-অক্সিডেন্টযুক্ত খাদ্য(যেনে- হালধি, আদা, শুকান ফল, সাগৰীয় মাছ, জামু আদি) প্ৰচুৰ পৰিমাণে খাব লাগে।

হিম’গ্লবিন ই ট্ৰেইট থকা মহিলাই গৰ্ভধাৰণ কৰা অৱস্থাত অধিক ফলিক এচিড খাব লাগে। তেনে নকৰিলে প্ৰসূতিগৰাকীৰ ৰক্তহীনতা বেছি হোৱাৰ উপৰি গৰ্ভস্থ সন্তানৰ স্পাইনা বিফিদা নামৰ এক জন্মগত বিসংগতি হোৱাৰ আশংকা বাঢ়ি যায়। যদিহে হিম’গ্লবিন ই ট্ৰেইট থেলাচেমিয়াৰ সৈতে একেলগে হয়, ৰক্তকণিকা সংচৰণ কৰিব লগা হয়। ইয়াৰ উপৰি হিম’গ্লবিন ই ৰোগ হোৱা ব্যক্তিৰ ৰক্তহীনতাৰ বাবেও কেতিয়াবা তেজৰ উপাদান লোহিত ৰক্তকণিকা সংচৰণ কৰিব লগা হয়।

হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিয়ে ল’ব লগা সাৱধানতা -

হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিয়ে সাধাৰণতে হিম’গ্লবিন ই ট্ৰেইট থকা ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব নালাগে।

কাৰণ দুয়োজনৰে হিম’গ্লবিন ই ট্ৰেইট থাকিলে তেওঁলোকৰ ৫০ শতাংশ সন্তানৰ হিম’গ্লবিন ই ট্ৰেইট আৰু ২৫  শতাংশ সন্তানৰ হিম’গ্লবিন ই ৰোগ হোৱাৰ আশংকা থাকে। আনহাতে, হিম’গ্লবিন ই ৰোগ থকা ব্যক্তিৰ সৈতেও বিবাহপাশত আবদ্ধ হ’ব নালাগে।

অৱশ্যে এয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উপৰি পৰিয়ালৰ কোনোবাজনৰ হিম’গ্লবিন ই ট্ৰেইট বা হিম’গ্লবিন ই ৰোগ চিনাক্ত হ’লে আনবোৰেও হিম’গ্লবিন ই ট্ৰেইট আৰু হিম’গ্লবিন ই ৰোগৰ বাবে পৰীক্ষা কৰিব লাগে আৰু যদি কাৰোবাৰ থিৰাং হয়, ওপৰত লিখাৰ দৰে চিকিৎসা কৰাৰ লগতে সাৱধানতা অৱলম্বন কৰিব লাগে।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate