অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পোৱাৰ দহটা উপায়-

হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পোৱাৰ দহটা উপায়-

 

আমাৰ দেশত প্ৰতি বছৰে ৩০,০০০ লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।বিশ্ব হৃদসন্থাৰ সমীক্ষা অনুযায়ী ২০২০ চনত ভাৰততে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যা সৰ্বাধিক হ’ব।প্ৰায়ভাগ তথ্যৰ ভিত্তিত দেখা যায় যে আমাৰ দৈনন্দিন জীৱন যাত্ৰাত ৭০ শতাংশ সংশোধন কৰিব পাৰিলে প্ৰায় ৯০ শতাংশ হৃদৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ম।আজি আমি হৃদৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবে আপোনালোক লৈ দহতা উপায় আগবঢ়ালোঁ-

ধুমপান:ধুমপান বা ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰ কৰা ব্যক্তিসকল হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়।সেয়েহে এইসমুহ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা সদায় আঁতৰি থাকিব লাগে।ধঁপাত জাতীয় সামগ্ৰীসমুহ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব।

মধুমেহ:মধুমেহ ৰোগত আক্ৰান্ত ব্যক্তিৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পায়।সেয়েহে নিয়মিত কাৰ্যকলাপ বৃদ্ধি কৰি মধুমেহ ৰোগটি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

লিপিডছ:কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালেও হৃদৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা চাৰে তিনি গুণ বৃদ্ধি পায়।সেয়েহে অত্যাধিক চৰ্বি জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকা ব্যায়াম তথা তেজৰ  কলেষ্টেৰল প্ৰতিৰোধক ঔষধ ব্যৱহাৰ কৰা আৱশ্যক।ষ্টেটিন নামৰ ঔষধটি লিপিডছ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সদায় ব্যৱহাৰ কৰিব পাৰে।

উচ্চ ৰক্ত চাপ:উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকল হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়।সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়।খোৱা-লোৱাত বিশেষ মনোযোগ দিলে ব্যায়াম,শাৰীৰিক পৰিশ্ৰম আৰু ঔষধ নিয়মিত ব্যৱহাৰ কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

শাৰীৰিক ওজন:বডী মাক্স ই নডেক্স গণনা কৰি শৰীৰৰ ওজনক উচ্চতাৰ দ্বাৰা ভাগ কৰিব লাগে।১৮.২-২৪.৯ ,হ’ল স্বাভাৱিক ওজন ২৫-৩০ হ’লে তাক অ’ভাৰ ৱেইট বা অত্যাধিক ওজন আৰু ৩৫ পাৰ হৈ গ’লে তাক অবেছিটী বুলি ধৰা হয়।ডায়েটিচিয়ানৰ পৰামৰ্শ মতে খাদ্যত যত্ন ল’লে,শাৰীৰিক ব্যায়াম আদি নিয়মিত কৰিলে সুফল পোৱা যায়।

ব্যায়াম: হৃদৰোগ নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে নিয়মিত ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়।নিতৌ ৪০ মিনিট সাধাৰণ ব্যায়াম কৰিলেও হৃদৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।ৰাতিপুৱাৰ কোমল ৰ’দ শৰীৰত লগাব পাৰিলে ভিটামিন ডিৰ অভাৱ পুৰণ কৰিব পাৰি।

খোৱা-লোৱা:প্ৰতিদিনে শাক-পাচলি,বতৰৰ ফলমুল তথা কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে।নিতৌ ৫ গ্ৰামতকৈ অধিক নিমখ খাব নালাগে।ৰন্ধা-বঢ়া কৰাটোও স্বাস্থ্যকৰ হ’ব লাগে।বাৰে বাৰে খাদ্য গৰম কৰাৰ পৰা বিৰত থাকিব লাগে।অলিভ অইল,কোনোলা আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰিব।গাখীৰ জাতীয় সামগ্ৰী কম পৰিমাণে খাব।বাৰে বাৰে খাদ্য গৰম কৰি থাকিলে খাদ্য দুষিত হয়।

মানসিক উপাদান:ইণ্টাৰ হাৰ্ট ষ্টাডীৰ সমীক্ষা অনুসৰি মানসিক অশান্তিত ভুগিলেও বিভিন্ন ধৰণে হাৰ্টৰ সমস্যাত ভোগাৰ সম্ভাৱনা থাকে।এগৰাকী ব্যক্তি মানসিক ৰোগত ভুগিলে ২.৬ শতাংশলৈকে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।আৱেগ,অনুভুতি ,অতিৰিক্ত চাপ,ডিপ্ৰেছন আদি নেতিবাচক চিন্তাধাৰা আদিৰ বাবেও হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।সেয়েহে স্বাস্থ্যসমৃদ্ধ জীৱনৰ মুলমন্ত্ৰ ড’ল্ট ৱৰী বি হেপী মানি চলিব লাগে।

মদ্যপান:মদ্যপান শৰীৰৰ বাবে ক্ষতিকাৰক।পশ্চিমীয়া দেশবোৰত মদ্যপান কৰিলে হাৰ্ট সুৰক্ষিত হৈ থাকে বুলি চিকিৎসকসকলে মন্তব্য কৰিৱহে।কিন্তু ভাৰতীয় ৰোগীসকলৰ বাবে ইণ্টাৰ হাৰ্ট ষ্টাডীৰ তথ্য অনুযায়ী ভাৰতীয়সকলে মস্যপান কৰিলে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাহে বেছি।

যোগাসন:নিয়মিত যোগাসন কৰিলে ৰক্তচাপৰ মান কম কৰাৰ লগতে সুক্ষ্ম ধমনীসমুহো স্বাস্থ্যৱান হৈ উঠে।এগৰাকী প্ৰশিক্ষকৰ তত্ত্বাৱধানত যোগাসন কৰিলে সুফল পোৱা যায়।

লেখক:ডা: প্ৰবীৰ কুমাৰ গুপ্তা (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate