অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বাৰ্তাঃ

 

ই-মেইলৰ ব্যৱহাৰ আৰু ষ্ট্ৰেছঃ

ষ্ট্ৰেছৰ পৰা মুক্তি পোৱাৰ এক সহজ উপায় হল ই-মেইল অবিৰতভাৱে বেছি সময় ব্যৱহাৰ নকৰা। কানাডাৰ এক গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে। এই গৱেষণাত ১২০ গৰাকী প্ৰাপ্তবয়স্ক লোকক কোৱা হৈছিল যে তেওঁলোকে হয় মাত্ৰ দিনে তিনিবাৰ ই-মেইল খুলিব নতুবা যি পৰিমাণৰ মন যায় সিমানবাৰে ই-মেইল খুলিব। দেখা গ’ল, যিসকলে মাত্ৰ তিনিবাৰকৈ ই-মেইল খুলিছে, তেওঁলোকৰ ষ্ট্ৰেছৰ মাত্ৰা ভালেখিনি হ্ৰাস পাইছে।

হেপাটাইটিছ চি-ৰ নিৰাময়ী ঔষধঃ

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰতিষ্ঠানে (এফ ডি এ) এবিধ নতুন ঔষধ ব্যৱহাৰৰ অনুমতি দিছে। নাম হ’ল ‘ভাইকিৰা পাক’। এই ঔষধে হেপাটাইটিছ চি-ৰ সংক্ৰমণ নিৰাময় কৰিব পাৰে। প্ৰসংগক্ৰমে হেপাটাইটিছ চি যকৃতৰ কেঞ্চাৰৰ কাৰক। গতিকে হেপাটাইটিছ চিৰ সংক্ৰমণ ৰোধ কৰিব পাৰিলে যকৃতৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

কেঞ্চাৰৰ নীৰৱ লক্ষণঃ

অতি সম্প্ৰতি ব্ৰিটেইনত এক সম্পৰীক্ষা কৰা হৈছে ১,৭০০ মানুহৰ ওপৰত। এই মানুহখিনিৰ অনিৰ্ণয়িত কাহ অথবা প্ৰস্ৰাৱৰ সৈতে তেজ যোৱা দেখা গৈছিল। মানুহখিনিৰ শতকৰা দুই ভাগেহে ভাবিছিল, তেওঁলোক শ্বাসতন্ত্ৰ অথবা মূত্ৰাশয়ৰ কেঞ্চাৰ হ’ব পাৰে। কিন্তু এনে লক্ষণ পৰিলক্ষিত হ’লে আৰম্ভণিতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’লে কেঞ্চাৰ সোনকালে ধৰা পৰিব আৰু ফলপ্ৰসূ চিকিৎসাৰে নিৰাময় কৰিব পাৰিব।

ঔষধৰ কেপছুল খোৱাৰ সহজ উপায়ঃ

ঔষধৰ কেপছুল খালে বহুতৰে ডিঙিত লাগি ধৰে। ঔষধ ভিতৰলৈ ঠেলি পঠিয়াবলৈ গোটা খাদ্য গিলিব লগা হয়। জাৰ্মানত কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে কেপছুল খোৱাৰ এক সহজ উপায়। কেপছুল জিভাৰ ওপৰত লওক। অলপ পানী মুখত লৈ মূৰটো সন্মুখলৈ হাউলাই কেপছুল গিলিবলৈ চেষ্টা কৰক। কেপছুলৰ ওজন পানীতকৈ কম। গতিকে কেপছুল পানীত ওপঙি থাকিব আৰু পানীৰ সৈতে ডিঙি পাবগৈ, তাৰ পৰা পেটলৈ যাব।

এজমা ৰোগী আৰু বুকুৰ বিষঃ

গড় বয়স ৬২ বছৰ হোৱা ৭,০০০ এজমা ৰোগীৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল। যিসকলৰ ৰোগ গভীৰ আছিল আৰু দৈনিক ঔষধ ব্যৱহাৰৰ প্ৰয়োজন হৈছিল, তেওঁলোকৰ শতকৰা ৬০ ভাগৰে দহ বছৰৰ ভিতৰত হাৰ্ট এটেক, ষ্ট্ৰোক আদি হোৱাৰ সম্ভাৱনা আছিল। এজমা হ’লে বুকুৰ বিষ হ’ব পাৰে। কিন্তু বিষৰ কাৰণ এজমা নহৈ হৃদৰোগৰ সম্ভাৱনাও হ’ব পাৰে। গতিকে এজমা ৰোগীয়ে বুকুৰ বিষ হ’লে হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত, যাতে হাৰ্ট এটেক, ষ্ট্ৰোক আদি বলি হ’বলগীয়া নহয়।

স্মৃতি বিভ্ৰমৰ কাৰণ কেতবোৰ খাদ্যও হ’ব পাৰেঃ

মাৰ্গাবিন, বিস্কুট আদিত ট্ৰেণ্সফেট ব্যৱহাৰ কৰা হয়। ট্ৰেণ্সফেটে হৃদৰোগৰ সৃষ্টি কৰিব পাৰে। এই কথা বহুতেই জানে। কিন্তু ট্ৰেণ্সফেটে স্মৃতি বিভ্ৰমৰো সৃষ্টি কৰিব পাৰে বুলি প্ৰমাণিত হৈছে। এই সন্দৰ্ভত আমেৰিকাৰ হৃদৰোগ সন্থাই এক সম্পৰীক্ষা কৰি নিশ্চিত হৈছে যে ট্ৰেণ্সফেট স্মৃতি বিভ্ৰমৰ এক উল্লেখনীয় কাৰক।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate