অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজহাড় আৰু স্নায়ু সম্পৰ্কীয় ৰোগ

একাঙ্গী ৰোগ

ৰোগৰ কাৰণ

স্নায়ুৰ দোষতে সাধাৰণতে এই ৰোগ হ’ব পাৰে। তদুপৰি দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপ, বহুমূত্ৰ আদি ৰোগীৰো এই ৰোগ হোৱা দেখা যায়।

ৰোগৰ লক্ষণ

দেহৰ কোনো অংগ প্ৰথমে অৱশ হয়। পিচত স্নায়ুবিলাক ইমান দুৰ্বল হৈ পৰে যে ইয়াৰ কাম কৰাৰ ক্ষমতা নাথাকে, শেষত এনে অঙ্গবিলাক অকামিলা হৈ মৰি যায় আৰু ঘা হয়।

বন দৰৱ

  • পিঁয়াজৰ ৰস নাকেৰে শুঙিব লাগে আৰু নাকত কেইটোপালমান দিব লাগে।
  • চজিনা গুটিৰ পৰা তৈয়াৰ কৰা তেলেৰে একাংগী হোৱা স্থান মালিচ কৰিব লাগে।
  • বচ তেলেৰে দিনে তিনিবাৰকৈ মালিচ কৰিলে যথেষ্ট আৰাম পোৱা যায়।
  • মুখমণ্ডলত এই ৰোগে দেখা দিলে নহৰু ৪/৫ ফুটা বটি তিল তেলৰ লগত মিহলি কৰি ব্যৱহাৰ কৰিলে অতি সোনকালে ৰোগ আৰোগ্য হয়।
  • নহৰু ১৪৪ গ্ৰাম, খোৱা হিং, জিৰা, সৈন্ধৱ লোণ, শুকান আদা, পিপলি আৰু জালুক প্ৰত্যেক বিধৰে ৫ গ্ৰামকৈ মিহলাই এৰা গছৰ শিপাৰ ক্কাথৰ লগত মিহলি কৰি খালে একাংগী ৰোগ ভাল হয়। এনেদৰে এসপ্তাহমান খাব লাগে।
  • নহৰু ৪/৫ ফুটা অলপ মাখনৰ লগত খালে যথেষ্ট উপকাৰ পোৱা যায়।
  • ভেদাইলতাৰ পাত তৰকাৰী কৰি খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে।

পথ্য

লঘু আহাৰ খাব লাগে, ভেদাইলতাৰ তৰকাৰী উপকাৰী। ব্ৰাক্ষ্মী, মানিমুনি, কোমোৰা, মৰিচাশাক সুপথ্য।

অপথ্য

মাদক দ্ৰব্য, ধপাত, বৰা চাউল, বৰালি মাছ অপকাৰী।

উন্মাদ ৰোগ

ৰোগৰ কাৰণ

মানসিক অসুস্থতাৰ কাৰণে এই ৰোগ হ’ব পাৰে। স্নায়ৱিক দুৰ্বলতাৰ কাৰণেও উন্মাদ ৰোগ হয়। বংশগতভাৱে এই ৰোগ হোৱা দেখা যায়।

ৰোগৰ লক্ষণ

মগজুৰ স্থিৰতা নাথাকে। ভুল বকে আৰু শাৰিৰীকভাৱে অতি দুৰ্বল হৈ পৰে।

বন দৰৱ

  • ১০০ গ্ৰাম মাটিমাহ এবাতি পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা মাটিমাহ খিনি পিহি পানীখিনি খালে যথেষ্ট উপকাৰ পোৱা যায়।
  • চাউল ধোৱা পানীৰ লগত বগা অপৰাজিতাৰ শিপা খুন্দি তাত ঘিউ মিহলি কৰি নাকেৰে শুঙিলে উন্মাদ ৰোগ আৰোগ্য হয়।
  • কোমোৰাৰ গুটি ৪/৫ টা পিহি মৌজোলৰ সৈতে মিহলি কৰি খাব লাগে।
  • ব্ৰাক্ষ্মী শাকৰ ৰস ৫০ মি: লি: নহৰু ১০ গ্ৰাম, মৌজোল ২২মি:লি: একেলগে মিহলাই কিছুদিন একেৰাহে খালে এই ৰোগ ভাল হয়। ব্ৰাক্ষ্মীশাকৰ বদলি মানিমুনি শাকো ব্যৱহাৰ কৰিব পাৰি।
  • পালেং শাক দৈনিক ১৫০ গ্ৰাম কৈ খাব লাগে।
  • সৰ্পগন্ধাৰ শিপাৰ চূৰ্ণ ২০ গ্ৰামকৈ আহাৰ খোৱাৰ আধা ঘন্টাৰ পিছত খালে উন্মাদ ৰোগ ভাল হয়।
  • সৰিয়হ বটি তাৰ তেল শুঙিব লাগে।

পথ্য

পুৰণি ঘিউ, ভীমকল, নাৰিকল, বেল, মগুৰ দাইল, গাখীৰ, পাৰৰ মাংস, ছাল কুঁৱৰীৰ ৰস, ব্ৰাক্ষ্মী, মানিমুনি, টেঙেচি, কোমোৰা উপকাৰী।

অপথ্য

গৰম উত্তেজক বস্তু, জলকীয়া, সহজে হজম নোহোৱা বস্তু, বিড়ি, চিগাৰেট, মাদক-দ্ৰব্য, ভাং, বৰা চাউল, উৰহী আদি খোৱা অত্যন্ত বেয়া, পানী বেছিকৈ খাব নালাগে।

কঁকালৰ বিষ

ৰোগৰ কাৰণ

বাতৰোগ, শৌচ খোলোচা নোহোৱা, মাইকী মানুহৰ মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱা, প্ৰস্ৰাৱৰ দোষত এই ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

ৰাজ-হাড়ডালৰ কঁকালৰ ওচৰ অংশত বিষ হয়। বিষত কেতিয়াবা জ্বৰ উঠে।

বন দৰৱ

  • কেঁচা আলুগুটি ২ টা পিহি কঁকালত লগাই (১৪/১৫ মিনিট) ৰাখিলে যথেষ্ট আৰাম পোৱা যায়।
  • নহৰু এটা খুন্দি বিষ হোৱা ঠাইত ১০ মিনিট সময় লগালে বিষ-কোপ নাইকিয়া হয়।
  • এক লিটাৰ গাখীৰত এটা এড়িগুটি পিহি তাক দিনে তিনিবাৰকৈ খালে কঁকালৰ বিষ নাইকিয়া হয়।
  • মাটি মাহ ২০ গ্ৰাম পিহি বিষ হোৱা ঠাইত মালিচ কৰিব লাগে।
  • জায়ফল ১ টা পানীত তিয়াই তাক পিহি তাত তিল তেল মিহলি কৰি গৰম কৰিব লাগে। সেই মিশ্ৰণ বিষ হোৱা ঠাইত মালিচ কৰিলে কঁকালৰ বিষ নাইকিয়া হয়।
  • প্ৰস্ৰাৱৰ দোষত কঁকালৰ বিষ হ’লে ৮/১০ খন দুপৰীয়া টেঙাৰ পাত খুন্দি তাৰ ৰস দিনে ২ বাৰকৈ একেৰাহে কেইদিনমান খালেই বিষ ভাল হয়।
  • শুকান আদা, পচতীয়াৰ পাতৰ ক্কাথ, নহৰু ৪/৫ ফুটা খুন্দি তাত এড়ি তেল অলপ দি মালিচ কৰিলে বিষ ভাল হয়।
  • শুকান জলফাইৰ মাজৰ গুটিটো বিন্ধা কৰি কঁকালত বান্ধিব লাগে। বিষ নাইকিয়া হয়। অৰ্জুন গছৰ গুটি বান্ধিলেও বিষ ভাল হয়।
  • বচ তেলেৰে মালিচ কৰিব।
  • বালি ১০০ গ্ৰাম কাপোৰ এখনত বান্ধি তাক জুইত সেকি বিষ হোৱা ঠাইত লগালে বিষ কমে।

পথ্য

কেঁচা অমিতা, মৌ, শেৱালি ফুল, খলিহা মাছ উপকাৰী। ভেদাইলতা উপকাৰী। কেলচিয়াম যুক্ত আহাৰ খাব লাগে। অৰ্জুন গুড়া গাখীৰত সিজাই খাব লাগে।

অপথ্য

মাটি কঠাল, বিড়ি, চিগাৰেট খোৱা বেয়া।

মৃগীৰোগ

ৰোগৰ কাৰণ

স্নায়ুৰ দুৰ্বলতাৰ কাৰণেই সাধাৰণতে এই ৰোগ হয়।

ৰোগৰ লক্ষণ

আকস্মিকভাৱে সংজ্ঞাহীন হৈ পৰে। মুখেৰে ফেন বাহিৰ হয় আৰু মুখেদি অবুজ শব্দ বাহিৰ হয়। হাতেৰে যি ঢুকি পাই তাকে ধৰিব খোজে। কিছুমান ৰোগীক মাটিত বাগৰি ফুৰাও দেখা যায়, কিছু সময়ৰ পাছতে জ্ঞান ঘূৰি আহে। জিভা কামুৰি ধৰে। শৌচ-প্ৰস্ৰাৱ আদিও হয়। নিস্তেজ হয়।

বন দৰব

  • পিঁয়াজৰ ৰস ৫০ মি:লি: ঠাণ্ডা পানীৰ সৈতে ৰাতিপুৱা খালে এই ৰোগ ভাল হয়।
  • নহৰু খুন্দি তাৰ ৰস নাকেৰে উজাব লাগে।
  • গাখীৰৰ লগত জেতুকা পাতৰ ৰস মিহলি কৰি ১০০ মি:লি: খুৱালে যথেষ্ট উপকাৰ পোৱা যায়।
  • কোমোৰাৰ বীজ মৌজোলৰ সৈতে খাব লাগে।
  • অনন্তমূলৰ শিপা ধাৰণ কৰিলে সৰু ল’ৰা-ছোৱালীৰ মৃগী ৰোগ ভাল হয়।
  • বকফুলৰ পাতৰ গুড়ি আৰু জালুকৰ গুড়ি মিহলাই গৰুৰ মূতৰ লগত সানি নাকেৰে শুঙিলে মৃগী ৰোগ ভাল হয়।
  • মহানিমৰ শিপা এডোখৰ সংগ্ৰহ কৰি ৰঙা সূতাৰে হাতত বান্ধিলে মৃগীৰোগ নিৰাময় হয়।
  • নিসিন্দা পাতৰ ৰসত আফিং মিহলি কৰি নাকেৰে শুঙিব লাগে।
  • কেঁচা হালধি পুৰি তাৰ ধোঁৱা শুঙিলে মৃগীৰোগ ভাল হয়।
  • ব্ৰাক্ষ্মী নাইবা মানিমুনিৰ ৰস ৫০ মি:লি:, কোমোৰা গুটিৰ গুড়া ১০ গ্ৰামৰ লগত মৌ মিহলি কৰি খাব লাগে।

পথ্য

চজিনা, পুৰণা ঘিউ, পটল, নাৰিকল, দূবৰি বনৰ ৰস, জিকা, কাছৰ মাংস, বচ গছৰ ৰস, চজিনাৰ শিপাৰ ৰস, ফল-মূল, সেউজীয়া শাক-পাচলি উপকাৰী। সপ্তাহত দুদিন উপবাস কৰিব লাগে। ব্ৰাক্ষ্মী, মানিমুনি, টেঙেচি, কোমোৰা, গোমধান, মৰিচা শাক উপকাৰী।

অপথ্য

কেৰেলা, পাতশাক, জ্বলা-পোৰা বস্তু, মছলা, বিড়ি, চিগাৰেট, মাদক দ্ৰব্য, ভাং, ধঁপাত অপকাৰী। উৰহী, মাটিমাহ, বৰা চাউল, নিমখ খোৱা বেয়া। স্ত্ৰী সহবাস কৰিব নালাগে।

মূৰ্চা ৰোগ

ই এক মানসিক ৰোগ, পুৰুষতকৈ নাৰীৰ এই ৰোগ বেছিকৈ হয়।

ৰোগৰ কাৰণ

এই ৰোগ স্নায়ু বিকৃত হোৱাৰ কাৰণে হয়। অধিক চিন্তা, মানসিক অশান্তি, অত্যন্ত কামভাৱ, অতিৰিক্ত মৰম, অনিয়মীয়া ঋতুস্ৰাৱ, জৰায়ুৰ বিকাৰ, শাৰীৰিক দুৰ্বলতা, হজম শক্তিহীনতা আদিৰ কাৰণে এই ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

মূৰ ঘূৰায়, চকুৰে জ্বলা-কলা দেখে, কপাল ঘামি যায়, পেট উখহে। শ্বাসত কষ্ট হয়। কেতিয়াবা দাঁতত দাঁত লাগি ধৰে। হঠাতে মাটিতে বা য’তে ত’তে ঢলি পৰে। হঠাতে কান্দে বা হঠাতে হাঁহিবও পাৰে। হাত-ভৰি অৱশ হয়, সাধাৰণ জ্ঞান লোপ পায়।

বন দৰৱ

  • সৰ্পগন্ধাৰ ৰস ১৫ মি:লি:, ১০০ মি:লি: গাখীৰৰ লগত মিহলাই খুৱালে উপকাৰ হয়। ইয়াৰ উপৰিও মৃগী ৰোগত যি বন-দৰবৰ কথা ইয়াত উল্লেখ কৰা হৈছে তাক ব্যৱহাৰ কৰিব পাৰি।
  • নহৰু ৪/৫ ফুটা পিহি তাত তিলতেল ১১ মি:লি: মিহলি কৰি দিনে ২ বাৰকৈ খালে এই ৰোগ ভাল হয়। ছমাহ একেৰাহে খুউওৱা উচিত।
  • শতমূলৰ ৰস ২৫ মি:লি: আধা গিলাচ গৰুৰ গাখীৰৰ লগত মিহলাই প্ৰায় ছমাহ একেৰাহে খুৱালে ৰোগীয়ে আৰোগ্য লাভ কৰে।
  • ব্ৰাক্ষ্মীশাকৰ ৰস ২৫ মি:লি: ১ চামুচ বিশুদ্ধ মৌজোল মিহলি কৰি একেৰাহে ছমাহ ৰোগীক খাবলৈ দিলে ৰোগ ভাল হয়।
  • আমলখিৰ ৰস ৪ চামুচ সমপৰিমাণৰ মৌৰে সৈতে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।

পথ্য

তিতা বস্তু, চেনি, পদিনা, পুৰণি কোমোৰা, কলডিল, ডালিম, শিলিখা, নাৰিকল, মটৰমাহ, পূৰৈশাক, পটল, গাখীৰ, আমলখি আদি উপকাৰী। ব্ৰাক্ষ্মী, মৰিচা, মানিমুনি সুপথ্য।

অপথ্য

বিড়ি, চিগাৰেট, ধপাত, তামোল, মাদক দ্ৰব্য খোৱা বেয়া। স্ত্ৰী সহবাস কৰিব নালাগে।

স্নায়ৱিক দুৰ্বলতা

ৰোগৰ লক্ষণ

আমাৰ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগত কিছুমান অতি সূক্ষ্ম, এক প্ৰকাৰ তেলযুক্ত পদাৰ্থপূৰ্ণ নলী থাকে। এইবোৰ বগা সূতাৰ আঁহৰ দৰে দেখা যায়। ইয়াকে স্নায়ু বোলা হয়। এই স্নায়ুৱে আমাৰ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ বাৰ্তা বহন কৰি নিয়ে। এই স্নায়ু বিভিন্ন কাৰণত অনেক সময়ত দুৰ্বল হৈ পৰা দেখা যায়। যি কাৰণতেই নহওক স্নায়ু দুৰ্বল হ’লে সুচাৰুৰূপে কাম পৰিচালনা কৰাত বাধা জন্মে। স্নায়ুবিলাক দুৰ্বল হ’লে সুচাৰুৰূপে কাম পৰিচালনা কৰাত বাধা জন্মে। স্নায়ুবিলাক দুৰ্বল হৈ পৰে কাৰণে হাত-ভৰিবিলাক একেবাৰে অকামিলা হৈ পৰে, জ্বৰ অনুভৱ হয়। শৰীৰ দুৰ্বল হৈ পৰে। মূৰ ঘূৰণী হয়। আনকি স্নায়ৱিক দুৰ্বলতাৰ কাৰণে মস্তিস্ক ভাৰসাম্য হেৰুৱাবলগীয়া অৱস্থা হোৱাৰ উপৰিও বিভিন্ন ৰোগৰ লক্ষণে দেখা দিব পাৰে।

এই স্নায়ৱিক দুৰ্বলতাৰ দূৰ কৰিবৰ কাৰণে আমি থাওকতে পোৱা কেইবিধমান প্ৰমাণিত বন-দৰৱৰ বিষয়ে তলত আলোচনা কৰা হ’ল;

বন দৰৱ

  • ১০ টা বাদাম ২৫০ মি:লি: পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা ১২ গ্ৰাম মাখন আৰু সামান্য মিচিৰি মিহলি কৰি খাব লাগে।
  • এনেদৰে একেৰাহে ৪০ দিন খালেই মস্তিস্কৰ দুৰ্বলতা দূৰ হয়।
  • ৰাতি শোৱাৰ আগতে বাদাম, মিচিৰি আৰু গৰম গাখীৰ একেলগে খালেও মগজুৰ দুৰ্বলতা দূৰ হয়।
  • ৰাতিপুৱা জা-জলপান খোৱাৰ ১৫ মিনিট পাচতে এফাল আপেল দৈনিক খালে স্নায়ৱিক দুৰ্বলতা দূৰ হয়।
  • ৰাতিপুৱা ৭ টা বাদাম খাই ১০০ গ্ৰাম গাজৰৰ ৰসত আধা লিটাৰ গাখীৰ মিহলাই খালে স্নায়ৱিক দুৰ্বলতা ৰোগত ভাল ফল পোৱা যায়।
  • দৈনিক ২ টা কেঁচা নহৰু খাব লাগে অথবা নহৰু ভাতত দি খাব লাগে।
  • দিনে দুটাকৈ মিঠা পকা আম বা ইয়াৰ ৰস খালে মগজু বা স্নায়ৱিক দুৰ্বলতা নাইকিয়া হয়।
  • ব্ৰাক্ষ্মীশাক আঞ্জা হিচাপে বা ইয়াৰ ৰস গাখীৰৰ লগত দিনে ১০০ গ্ৰামকৈ খাব লাগে, নাইবা ব্ৰাক্ষ্মীৰ শিপাৰ চূৰ্ণ দৈনিক ৰাতিপুৱা খালে স্নায়ৱিক দুৰ্বলতা নাশ হয়।
  • মানিমুনি শাকৰ ৰস ৫০ মি:লি: দৈনিক খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।
  • টেঙেচি টেঙাৰ ৰস ১০/১৫ মি:লি: দৈনিক খাব লাগে। হেলঞ্চি শাকো যথেষ্ট উপকাৰী।
  • বান্দৰ কেকোৰাৰ গুটি দৈনিক ২০ গ্ৰাম ২ বাৰকৈ ৬/৭ দিন খাব লাগে।
  • এই ৰোগত কোমোৰাৰ আঞ্জা বা কোমোৰা কেঁচাই খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়। কোমোৰাৰ গুটি খুন্দি মৌজোলৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা আৰোগ্য হয়।
  • আমলখি ৪/৫ টাৰ ৰস উলিয়াই মিচিৰিৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়।
  • শতমূলৰ শিপাৰ ৰস ৫০ মি:লি: এগিলাচ গাখীৰৰ সৈতে খাব লাগে।
  • বচ তেলেৰে দিনে ২ বাৰকৈ মালিচ কৰিব লাগে।
  • লাটুমণিৰ শিপাৰ ৰসেৰে গোটেই শৰীৰ মালিচ কৰা ভাল।
  • বগা অপৰাজিতাৰ শিপাৰ ৰস ২৫ মি:লি: কৈ খালে উপকাৰ পোৱা যায়।
  • এই ৰোগত পচতীয়া পাতৰ ৰস ২৫ মি:লি: কৈ খোৱা ভাল।

পথ্য

নাচপতি, ঘেঁহুৰ পিঠা, গুৰ, মৌজোল, খেজুৰ, খুতুৰা শাক, পদিনা, ফুলকবি, মগুমাহ, সৰিয়হ শাক, আতলাচ, গাখীৰ, পাণ, মটৰ মাহ, কিছমিছ, গোমধান, শুকান চয়াবিন, চজিনা আৰু ইয়াৰ পাত, বিলাহীৰ ৰস, সুমথিৰা টেঙাৰ ৰস আৰু আনাৰসৰ ৰস উপকাৰী। গোমধান, বেল, ব্ৰাক্ষ্মী, মানিমুনি সুপথ্য।

নিষেধ

মাদক দ্ৰব্য, উত্তেজক বস্তু অতিৰিক্ত মছলা খোৱা, মৈথুন কৰা অত্যাধিক মানসিক আৰু শাৰিৰীক পৰিশ্ৰম, টোপনি ক্ষতি কৰা আৰু খং উঠা বেয়া।

স্মৃতিশক্তি হ্ৰাস

ৰোগৰ কাৰণ

স্নায়ৱিক শক্তি দুৰ্বল হোৱাৰ কাৰণে এই ৰোগ হয়। বিশেষকৈ মগজুৰ কাৰণে প্ৰয়োজনীয় ফচ্‌ফৰাছ আদিৰ দেহত অভাৱ হ’লেও স্মৃতিশক্তি হ্ৰাস হ’ব পাৰে। শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল লোক আৰু বৃদ্ধসকলৰ সাধাৰণতে স্মৃতিশক্তি হ্ৰাস হোৱা দেখা যায়। দেহত পানীৰ পৰিমাণ কমিলেও স্মৰণ শক্তি হ্ৰাস হ’ব পাৰে।

ৰোগৰ লক্ষণ

শৰীৰ দুৰ্বল হয়। দেখা, শুনা আৰু পঢ়া কথাও সহজে মনত নাথাকে।

বন-দৰৱ

  • ব্ৰাক্ষ্মীশাকৰ ৰস ১৫/২০ মি:লি: অলপ গাখীৰ মিহলি কৰি খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • বাদাম ৮/১০ টা, মিচিৰি ২৫ গ্ৰাম, গৰম গাখীৰ ২০০ মি:লি: মিহলি কৰি দিনে ২ বাৰকৈ একেৰাহে এমাহ খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • গাজৰৰ ৰস ১০০ মি:লি: আধা লিটাৰ গাখীৰ মিহলাই খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • চফগুটি ২০ গ্ৰাম পিহি সম পৰিমাণৰ মিচিৰি লৈ তাত অলপ ঠাণ্ডা পানী আৰু গৰম গাখীৰ দি খাব লাগে।
  • ৩০ মি:লি: পানীত ৮ টা জালুক মিহলি কৰি নিতৌ খালে স্মৰণশক্তি বৃদ্ধি হয়।
  • মানিমুনি আৰু টেঙেচি টেঙা পাতত দি খালেও স্মৃতিশক্তি বাঢ়ে।
  • ধাৰোঞ্চ দুগ্ধত মৌ দি কিছমিছ তিওৱা পানী মিহলি কৰি একেৰাহে ৪০ দিন খাব লাগে।

পথ্য

কাঁটাখুতুৰা, গুৰ, চয়াবিন, ফুলকবি, পদিনা, পূৰৈশাক, ধনীয়া, কোমোৰা সুপথ্য। ব্ৰাক্ষ্মীশাক ঘিউত ভাজি খাব লাগে। মানিমুনি, নহৰু উপকাৰী। মৰিচাশাক, গোমধান, টেঙেচি সুপথ্য।

অপথ্য

ধূমপান, মাদক দ্ৰব্য, উত্তেজক বস্তু, নিৰস বস্তু খাব নালাগে।

লিখক: ড০ গুণাৰাম খনিকৰ, সহজলভ্য বন দৰবৰ গুণ।

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate