অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰিউমেটিজম বা বাত বিষৰ বিষয়ে কিছু জানিবলগীয়া কথা

ৰিউমেটিজম বা বাত বিষৰ বিষয়ে কিছু জানিবলগীয়া কথা

বিশ্বৰ জনসংখ্যাৰ শতকৰা এভাগ "ৰিউমেটিজমৰ" চিকাৰ৷ পুৰুষৰ তুলনাত মহিলা ভূক্তভোগী হ'ল তিনিগুণ৷ ৰিউমেটিজম নিৰ্দিষ্ট এবিধ ৰোগ নহয়৷ ৰিউমেটিজম বুলিলে কমেও দুশ বিভিন্ন এনে পৰিস্থিতিক বুজায় য'ত হাঁড়ৰ গাঁঠিৰ বিষ হয় আৰু নিম্নলিখিত লক্ষণসমূহ থাকে:-

গাঁঠিৰ জঠৰতা (Joint stiffness), গাঁঠি বা জোৰাবিলাক ফুলি উঠা, গাঁঠিৰ আশে-পাশে উত্তাপ হোৱা আৰু অঞ্চলটো ৰঙা পৰা, সকলো সময়তে বা পুন:পুন: বিষ অনুভৱ হোৱা, গাঁঠিৰ লৰচৰ কৰিবলৈ অসুবিধা হোৱা৷

অসমীয়াত এনে সমূহ ৰোগক "বাত-বিষ" বোলে৷ এনে অসুখীয়া ৰোগীৰ সংক্ৰান্তত ডাক্তৰ আৰু ৰোগীৰ মুখত শুনিবলৈ পোৱা "আৰ্থাইৰ্টিচ" শব্দটোৰ উৎপত্তি গ্ৰীক 'আৰ্থ' শব্দৰ পৰা হৈছে -যাৰ মানে হ'ল গাঁঠি৷ আইটিচে ইনফ্লেমেচনক বুজায়-উপযুক্ত অসমীয়া প্ৰতিশব্দ মোৰ জ্ঞাত নহয়৷ কিন্তু ইনফ্লেমেচন হ'ল এনে এবিধ ক্ৰিয়াৰ সমষ্টি য'ত - উত্তাপ হোৱা, ফুলি উঠা,বিষ হোৱা আৰু ৰঙা পৰা দেখা যায়৷উদাহৰণ স্বৰূপে টনচিলৰ ইনফ্লেমেচন হ'লে চিকিৎসকে কয় টনচিলাইটিচ৷ একদৰে আৰ্থাইৰ্টিচ বুলিলে হাঁড়ৰ জোৰাৰ ইনফ্লেমেচন হোৱাটো বুজিব লাগিব৷ আকৌ কমেও এশ বিধ আৰ্থাইৰ্টিচ চিকিৎসকসকলৰ জ্ঞাত -  যেনে অষ্টিঅ' আৰ্থাইৰ্টিচ (Osteo Arthritis), ৰিউমেটইড আৰ্থাইৰ্টিচ (Rheumatoid Arthritis), চৰিয়াটিক আৰ্থাইৰ্টিচ (Psoriatic Arthritis), গাওটি আৰ্থাইৰ্টিচ (Gouty Arthritis),  লুপাচ আৰ্থাইৰ্টিচ(Lupus Arthiritis) , ইনফেকচিয়াচ আৰ্থাইৰ্টিচ (Infectious Arthiritis),হিমৰেজিক আৰ্থাইৰ্টিচ  Haemorrhagic Arthiritis), স্পডাইল'আৰ্থপেথিজ (Spondyloarthopathies) আদি৷ ইয়াৰে প্ৰথম দুবিধ হ'ল 'কমন' বা সততে হোৱা ৷

অষ্টিঅ' আৰ্থাইৰ্টিচ আঘাট, বীজাণুৰ সংক্ৰমণ বা বৃদ্ধাৱস্থাৰ ফলত উৎপত্তি হোৱা এবিধ হাঁড়ৰ বিনাশকাৰী ৰোগ৷ ৰিউমেটইড আৰ্থাইৰ্টিচ হ'ল এবিধ লেকেটা(ক্ৰনিক),শৰীৰৰ বিভিন্ন প্ৰণালীক (multi-systemic illness) আক্ৰমণ কৰা ৰোগ য'ত গাঁঠিৰ কাৰ্টিলেজ বিনষ্ট হয় আৰু জোৰাটো লৰচৰ কৰিব নোৱৰাকৈ সংলগ্নহৈ পৰে৷ ইয়াৰ উৎপত্তিত অট'ইমিউনিটি আৰু জেনেটিক কাৰক প্ৰায় দেখা যায়৷এইচ এল এ-ডি আৰ-১ আৰু এইচ এল এ-ডি আৰ-৪ ক ইয়াৰ বাবে দায়ী বুলি থাৱৰ কৰা হৈছে৷ অট'ইমিউনিটিক চমুকৈ আৰু সহজকৈ বুজাবলৈ এনেদৰে কব পাৰি - শৰীৰ নিজৰ কোনো এবিধ কোষক শৰীৰে বাহিৰৰ বা পৰৰ অপকাৰী তত্ব বুলি ভাবি তাৰ বিপৰীতে প্ৰতিক্ৰিয়া কৰিব আৰম্ভ কৰি দিয়ে আৰু এই সংঘৰ্ষৰ ফলত শৰীৰত নানা লক্ষণে দেথা দিয়ে৷ আমি ভোগা বহুতবোৰ এলাৰ্জি জাতীয় ৰোগৰ কাৰণ হ'ল অট'ইমিউনিটি৷

যি কোনো এনে হাঁড়ৰ বা গাঁঠিৰ অসুখত ভোগা ৰোগীয়ে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়৷ সোণকালে ৰোগৰ কাৰণ চিনাক্ত কৰি উপযুক্ত চিকিৎসা দিলে হয়তো ৰোগক জটিল নোহোৱাকৈ ৰাখিব পৰা যাব৷ বহুতবোৰ বাত ৰোগৰ নিৰাময় সম্ভৱপৰ নহয়,কিন্তু ৰোগৰ উপশম সম্ভৱপৰ,ৰোগ বাঢ়ি নোযোৱাকৈ ৰাখিব পৰি৷ হয়তো দীৰ্ঘকাললৈ বা আজীৱন ঔষধ সেৱন কৰিব লগীয়া হ’ব পাৰে৷ অস্ত্ৰোপচাৰ আৰু সহায়কাৰী সৰঞ্জাম যেনে কেলিপাৰ বা বিশেষভাবে নিৰ্মিত জোতা,বেল্ট আদিৰ প্ৰয়োজন হব পাৰে৷ কোনো এজন নিৰ্দিষ্ট চিকিৎসকৰ তত্বাবধানত হয়তো থকিবলগীয়া হব পাৰে৷ ভালেসংখ্যক ৰোগী ফিজিঅ'থেৰাপি ব্যায়ামৰ দ্বাৰাও উপকৃত হয়৷

বাত বিষত আজিকালি ব্যৱহাৰ হোৱা ঔষধৰ চমু তালিকা এনেকুৱা: NSAID  নন-ষ্টেৰয়ৰেডিয়েল-এনালজেচিক-এন্টিইনফ্লেমেটৰী ড্ৰাগছ ; ষ্টেৰইডৰ খোৱা বা বেজী;  DMARD ডিজিজ-মডিফায়িং-এন্টি-ৰিউমেটইড-ড্ৰাগচ ৷ ডিজিজ-মডিফায়িং-এন্টি-ৰিউমেটইড-ড্ৰাগচে শৰীৰৰ ইমিউন প্ৰণালীক প্ৰভাৱিত কৰি ক্ৰিয়া কৰে৷ স্বৰ্ণৰ খোৱা ঔষধ বা বেজী, পেনিচিলামিন, চালফাচালাজিন, ক্লৰ'কুইন, এজ'থায়াপ্ৰিম, মেথট্ৰিকচেট, ইফিস্কিমেব জাতীয় এন্টিটিউমাৰ ড্ৰাগচ৷ কোনজন ৰোগী কি দিয়া ঠিক হব চিকিৎসকে থাৱৰ কৰে৷ একাধিক দৰবৰ তাৰ পাৰ্শ্বক্ৰিয়াৰ হেতুকে প্ৰয়োগ সীমিত৷

কিছুমান সৰু লক্ষ্যনীয় কথা: বেচি ভাগ বাত-বিষৰ ৰোগীয়েই বতৰৰ সাল-সলনি, আনকি পূৰ্ণিমা-আমাৱস্যাৰ  লগত মিলাই বিষ কম বেচি অনুভৱ কৰে৷ ডাৱৰীয়া আৰু শীতত বিষ সাধাৰণতে বেচি হয়৷ পৰিয়ালৰ লোকে আৰু চিকিৎসকে সেইমতে ৰোগীৰ অতিৰিক্ত সতৰ্কতা লব লাগে৷ একেদৰে খাদ্যৰ ক্ষেত্ৰত চকু দিব লাগে কি কি বস্তু খালে বিষ বেচি হয় -সেইবিলাক বস্তু চিনাক্ত কৰি বাদ দিব লাগে৷ সাধাৰণতে কণী,গাহৰি বা ছাগলিৰ মাংস,গাখীৰ, ক্ৰিম আদিয়ে ফুড এলাৰ্জি কৰি বিষ বেচি কৰা দেখা যায়৷ আনহাতে ৰোগীৰ বাবে অমেগা-৩ ফেটি এচিড থকা খাদ্য উপকাৰী৷ সাগৰীয় টুনা আৰু চলমান মাছৰ ওপৰিও আখৰুট,বাদাম আৰু আভাকাডো ফলত অমেগা-৩ ফেটি এচিড থাকে৷

ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate