অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োকেমিক চিকিৎসা

‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োকেমিক চিকিৎসা

বৰ্তমান অসম তথা পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত ভয়াবহ ৰূপত অৱতীৰ্ণ হোৱা মেলেৰিয় সদৃশ ৰোগ হোমিও আৰু বায়োকেমিক চিকিৎসাৰ দ্বাৰা অতি সহজে আৰু অতি কম খৰচতে নিৰাময় কৰিব পাৰি।

যিহেতু কুইনাইনৰ পৰাই হোমিওপেথিৰ জন্ম হৈছে গতিকে আমাৰ হোমিও আৰু বায়োকেমিকৰ চিকিৎসকসকলে অতি সহজে অকণমান কষ্ট কৰিলেই এই ভয়াবহ ৰোগটোৰ পৰা ৰোগীক পৰিত্ৰাণ কৰিব পাৰে। মেলেৰিয়া মানেই কুইনাইনৰ প্ৰয়োজন। কুইনাইনৰ কথা বাদ দি মেলেৰিয়া ৰোগৰ চিকিৎসাৰ কথা ভাবিবই নোৱাৰি। সকলো চিকিৎসা পদ্ধতিতে কুইনাইনৰ প্ৰয়োগ বিধি আছে।

হোমিও আৰু বায়োকেমিকত মেলেৰিয়া ৰোগৰ চিকিৎসাৰ বাবে বহুতো ঔষধ আছে। তাৰ ভিতৰত Cinchona বা China officinalis অন্যতম। ইয়েই মেলেৰিয়াৰ বাবে প্ৰধানতম দৰৱ। আমি বৰ্তমান বসবাস কৰা অঞ্চলটোৰ শতকৰা ৫০ ভাগ বাসিন্দাই মেলেৰিয়া ৰোগত আক্ৰান্ত। সেয়েহে China-Q or Cinchona ৰ ওপৰত বহুত বছৰ ধৰি চিন্তা-চৰ্চা, প্ৰয়োগ বিধিৰ ওপৰত গৱেষণা কৰিব লগীয়া হৈছে।

Cinchona বা China-Q ৰ বিষয়ত ডা: অনিমা চক্ৰৱৰ্তীয়ে এইদৰে কয়- “China officinalis one of the most important remedies of our Materia Medica, has a unique place in history of Homeopathy. This is the drug which led Dr. Samuel Hanimann, father of Homeopathy. To discover the Homeopathic law of cure, Similia, Similibus Curantur and this is the same drug Quinine which is extensively used by Allopathy in the treatment of Malaria.”

China-Q ক মেলেৰিয়া ৰোগৰ প্ৰতিষেধক বা নিবাৰক হিচাবে ব্যৱহাৰ কৰিব পাৰি। China-Q ৰ দুই টোপাল ২ চামুচ পানীৰ লগত মিহলাই মেলেৰিয়া অধ্যুষিত অঞ্চলৰ ৰাইজে প্ৰতিদিন এখোৰাককৈ ১০/১২ দিন ব্যৱহাৰ কৰি এইৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰে। ইয়াৰ উপৰিও Bio-Chemic ৰ Natrum Mur12x ৰ ডাঙৰে ৪ টাকৈ বড়ি আৰু সৰুৱে ২ টাকৈ বড়ি প্ৰতিদিন সন্ধিয়া এখোৰাককৈ ১০ বা ১২ দিন ব্যৱহাৰ কৰিব পাৰে।

লিখক: ডা: উপেন্দ্ৰ কুমাৰ কলিতা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate