অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাপানীজ এনকেফেলাইটিছ

জাপানীজ এনকেফেলাইটিছ

 

জাপানীজ এনকেফেলাইটিছ এবিধ ভাইৰাছজনিত ৰোগ। কিউলেক্স প্রজাতিৰ এবিধ মহৰ পৰা এই ৰোগ বিয়পে। সাধাৰণতে চহৰতকৈ গাঁৱত বসবাস কৰা লোকসকলৰ এই ৰোগ বেছিকৈ হোৱা দেখা যায়। এছিয়া মহাদেশৰ প্ৰায়বোৰ দেশতেই,-বিশেষকৈ চীন, জাপান, কোৰিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বাংলাদেশ, পাকিস্তান আৰু ভাৰতবৰ্ষতো এই ৰোগে দেখা দিয়ে। দক্ষিণ-পূব এছিয়াতে প্রতি বছৰে প্ৰায় ৫০,০০০ লোকৰ জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰে। ঘৰচীয়া গাহৰি আৰু বনৰীয়া পক্ষী যেতিয়া জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ দ্বাৰা আক্রান্ত হয়, তেতিয়া কিউলেক্স মহে এই গাহৰি আৰু বনৰীয়া পক্ষীক কামুৰিলে মহটোলৈ এই ৰোগৰ সংক্রমণ হয়, পুনৰ এই মহে মানুহক কামুৰিলে মানুহৰ জাপানীজ এনকেফেলাইটিছ ৰোগ হয়। এই ৰোগক মগজুৰ জ্বৰ বুলিও ক’ব পাৰি, কাৰণ এই ৰোগে সাধাৰণতে মগজুত ক্রিয়া কৰে আৰু মগজুৰ ক্ষতিসাধন কৰে। অতি প্রয়োজনীয় কথাটো হ’ল— এই ৰোগ মানুহৰ পৰা মানুহলৈ কেতিয়াও নিবিয়পে; অর্থাৎ স্পর্শ, চুম্বন, নাইবা আক্রান্ত ব্যক্তিৰ সংস্পৰ্শত থাকিলেও এই ৰোগ ইজনৰ পৰা আন এজনলৈ নিবিয়পে৷ সাধাৰণতে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই ৰোগৰ পাদুৰ্ভাৱ বেছিকৈ দেখা যায়। ভাৰতবৰ্ষত প্রতি বছৰে ৭০০ লোকে এই ৰোগত প্ৰাণ হেৰুৱায়।

ৰোগৰ লক্ষণসমূহ


  • হাই ফিভাৰ বা জ্বৰ, বমি।
  • মূৰৰ বিষ, দুর্বলতা।
  • গতানুগতিক কামৰ প্ৰতি অনীহা।
  • ডিঙি জঠৰ লগা, কঁপনি।
  • শৰীৰৰ দুইফালে লৰচৰ কৰোঁতে পার্থক্য আহে।
  • চকু দুটা ডাঙৰকৈ মেল খায়।
  • খৰকৈ উশাহ-নিশাহ লোৱা নাইবা অনিয়মিত উশাহ-নিশাহ।
  • শৰীৰৰ ওজন হ্রাস, ভোক কমি যোৱা।
  • পেৰেলাইচিছ।

চিকিৎসা

 

জাপানীজ এনকেফেলাইটিছৰ নির্দিষ্ট কোনো এণ্টিভাইৰেল চিকিৎসা নাই। মাথোঁ ইয়াৰ লক্ষণসমূহ কমাবলৈ চিকিৎসা প্রদান কৰা হয়, যদিও ইয়াৰ কিন্তু প্ৰতিষেধক বেজী আছে। সাৱধানতা আৰু সজাগতাই হৈছে এই ৰোগৰ প্ৰধান চিকিৎসা| এই ৰোগত আক্রান্ত প্রায় ২০ৰ পৰা ৩০% ৰোগীৰে মৃত্যু ঘটে। এনে ৰোগীৰ লক্ষণ ধৰা পৰিলে ততাতৈয়াকৈ ওচৰৰ স্বাস্থ্যকর্মীক খবৰ দিব লাগে আৰু ৰোগীক চিকিৎসালয়ত ভর্তি কৰাব লাগে। ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও প্ৰতিখন চৰকাৰী স্বাস্থ্য কেন্দ্ৰত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে।

ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ

 

জাপানীজ এনকেফেলাইটিছ ৰোগৰ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টোৱেই হৈছে প্ৰতিৰোধ আৰু নিয়ন্ত্রণ। অকণমান সাৱধানতাৰ আৰু সজাগতাৰ দ্বাৰাই এই ৰোগৰ পৰা হাত সাৰিব পাৰি। আটাইতকৈ প্রাথমিক কামটোৱেই হৈছে প্ৰতিষেধক বেজী| সদায় ঔষধিকৰণযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। এই ঔষধিকৰণযুক্ত আঁঠুৱা সময়ে সময়ে চৰকাৰৰ ফালৰ পৰা বিনামূল্যে প্রদান কৰা| খেতিপথাৰত কাম কৰিলে হাত দীঘল চোলা আৰু দীঘল পেন্ট ব্যৱহাৰ কৰিব লাগে, যাতে আক্রান্ত মহে কামুৰিব নোৱাৰে। ভাৰতত বিশেষকৈ অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, গোৱা, হাৰিয়ানা, কর্ণাটক, কেৰালা, তামিলনাডু, উত্তৰ প্রদেশ আৰু পশ্চিম বংগত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। গাহৰি পালন মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰত স্থাপন কৰিব লাগে। উন্নত মানৰ ইনছেক্টিছাইট বা কীটনাশক ব্যৱহাৰ কৰা উচিত। মহে কণী পাৰিব নোৱাৰাকৈ চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ৰখা উচিত।

লিখক: মৃদুপৱন বৰগোহাঁই, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate