অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডেংগু জ্বৰ

ডেংগু জ্বৰ এক ভাইৰাছজনিত জ্বৰ। বিশ্ব স্বাস্থ্য সংস্থাই মহৰ বাবে হোৱা ৰোগসমূহৰ ভিতৰত প্ৰথম স্থানত মেলেৰিয়া আৰু দ্বিতীয় স্থানত ডেংগু জ্বৰক অন্তৰ্ভুক্ত কৰিছে। সমগ্ৰ বিশ্বতে বছৰি এই ৰোগত কমেও ৩০-৪০ নিযুত লোক আক্ৰান্ত হয়। সাধাৰণতে আফ্ৰিকা মহাদেশ, ভাৰত, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, আৰ্জেণ্টিনা, ব্ৰাজিল, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মেক্সিকো, ভিয়েটনাম ইত্যাদি দেশসমূহত সঘনাই এই ৰোগ হোৱা দেখা যায়। এই ভাইৰাছক বহন কৰা মহবিধৰ নাম হৈছে ‘ইডিছ’। এনে ধৰণৰ মহ সাধাৰণতে অটব্য অৰণ্যত থাকে। আফ্ৰিকা হ’ল ‘ইডিছ’ মহৰ আদি বাসস্থান। এই ৰোগটো ভীষণ সংক্ৰামক। এই মহে কামোৰাৰ মাধ্যমে এই ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰি এই ৰোগৰ বিস্তাৰ কৰে। যি ভাইৰাছৰ বাবে ডেংগু হয়, সিহঁতক ৪ (চাৰি) ভাগত বিভক্ত কৰা হৈছে- ডেন-১, ডেন-২, ডেংগু হেমোৰেজিক ফিভাৰ আৰু ডেংগু শ্ব’ক ছিণ্ড্ৰম। ইহঁতৰ ভিতৰত সকলোতকৈ ভয়াবহ হ’ল ডেংগু হেমোৰেজিক ফিভাৰ।

বিশেষ লক্ষণ

‘ইডিছ’ মহৰ শৰীৰত যদি ডেংগু ভাইৰাছ প্ৰবাহিত হৈ থাকে তেতিয়া তেনেধৰণৰ ভাইৰাছ আক্ৰান্ত ইডিছ মহে মানুহৰ শৰীৰত কামুৰিলে তত্ক্ষাণাত্ এই ভাইৰাছ মানুহৰ শৰীৰলৈ প্ৰৱেশ কৰে। কিন্তু প্ৰৱেশ কৰাৰ লগে লগে এই ৰোগৰ কোনো লক্ষণ দেখা নাযায়। এই ৰোগৰ ইনকুবেছনৰ সময় ৫-৭ দিন। ইয়াৰ পিছত এই ৰোগ আৰম্ভ হয়। প্ৰথম ২-৩ দিন জ্বৰত প্ৰবলভাৱে আক্ৰান্ত হয়। ইয়াৰ পাছত ২-৩ দিন জ্বৰ কমি থাকে। তাৰ পাছত পুনৰ ৩-৪ দিন জ্বৰ হয়। এই জ্বৰ কঁপি কঁপি জাৰ লাগি উঠি থাকে। জ্বৰৰ লগতে মূৰৰ প্ৰচণ্ড বিষ হয়, হাড়ৰ বিষ হোৱাটো এই ৰোগৰ এক উল্লেখনীয় লক্ষণ। ৰোগীৰ কঁকালৰ লগতে শৰীৰৰ যিকোনো স্থানতে হাড়ৰ বিষ অনুভৱ হয়। ৰোগীৰ শ্বাস-প্ৰশ্বাস লওতে অলপ কষ্ট হয় বা শ্বাস-প্ৰশ্বাস সঘন হ’বলৈ ধৰে। ৰোগীৰ খোৱাৰ ৰুচিৰ পৰিৱৰ্তন হ’বলৈ ধৰে আৰু প্ৰায়েই খাবলৈ ইচ্ছা নকৰে। ফলত ৰোগী একেবাৰে দুৰ্বল হৈ পৰে। এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ ছালত ক’লা-ৰঙা দাগ পৰিবলৈ ধৰে। ৰোগীয়ে চকুৰ ভিতৰত বিষ অনুভৱ কৰে। এই ধৰণৰ ৰোগীৰ ভিতৰত ৪০ শতাংশই অজ্ঞান হৈ পৰে। ৰোগীৰ লিভাৰৰ আকাৰো বৃদ্ধি পায়। শৌচ ঠিকমতে নহয়। জ্বৰৰ লগতে বমিও হোৱা দেখা যায়। কেতিয়াবা বমিৰ লগত তেজো নিৰ্গত হয়। কোনো কোনো ৰোগীৰ হঠাতে ৰক্তচাপ বৃদ্ধি পায়। কোনো সময়ত হৃদপিণ্ডৰ স্পন্দন দ্ৰুত হয় বা অনিয়মতো হ’ব পাৰে আৰু ভৰি-হাত ঠাণ্ডা হৈ যাব পাৰে। সেয়ে এনেধৰণৰ লক্ষণসমূহ দেখাৰ লগে লগে চিকিত্সকৰ পৰামৰ্শ লওক নহ’লে মৃত্যু পৰ্যন্ত হ’ব পাৰে।

প্ৰতিৰোধৰ ব্যৱস্থাৱলী

(১) সাধাৰণ মহে যিকোনো সময়তে পৰাপক্ষত নাকামোৰে। কিন্তু ইডিছ মহে যিকোনো সময়তে আপোনাক কামুৰিব পাৰে। সেয়ে সতৰ্ক থকা দৰকাৰ।

(২) এই মহে যিকোনো ঠাইতে কণী পাৰিব পাৰে, সেয়ে ঘৰৰ চৌপাশে থকা হাবি বা অন্য অপৰিষ্কাৰ বস্তু আঁতৰ কৰি পেলাব লাগে।

(৩) ঘৰৰ কাষত থকা আৱৰ্জনাবোৰ পুৰি বা গাঁত খান্দি পুতি পেলাব লাগে।

(৪) পানী যোৱা খাল বা নলা-নৰ্দমাত যাতে পানী জমা হৈ থাকিব নোৱাৰে তালৈ লক্ষ্য ৰখা উচিত।

(৫) শুবৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে।

(৬) পৰাপক্ষত ভেণ্টিলেটৰ বা খিৰিকীত নেট ব্যৱহাৰ কৰিব লাগে যাতে মহ ভিতৰলৈ সোমাব নোৱাৰে।

(৭) পুৱা-গধূলি ঘৰৰ ভিতৰত ধূনা দিব লাগে, কিয়নো পুৱাৰ ভাগত মহবোৰ ঘৰৰ চুকে-কোণে সোমাই থাকে আৰু সন্ধিয়া প্ৰায়ে বাহিৰলৈ অহা সকলোৱে দেখা পায়।

(৮) কিবা কাৰণত হাবিলৈ বা তেনে ধৰণৰ ঠাইলৈ যাবলৈ হ’লে বৰ্তমান বজাৰত ওলোৱা মহে নাকামোৰা মলম জাতীয় ঔষধ শৰীৰত ঘঁহি ল’ব পাৰে। চাব যাতে এই ঔষধবোৰৰ পাৰ্শ্বক্ৰিয়া নাথাকে।

(৯) মহে কণী পাৰিব পৰা ঠাইত মালাথিয়ন, ফেনিট্ৰ’থিয়ন, ডিডিটি আদি দিব লাগে।

(১০) ঘৰৰ শোৱনি কোঠাকে আদি কৰি সকলোবোৰ কোঠাত অনাৱশ্যকীয় বস্তু ৰাখি মহক প্ৰশ্ৰয় নিদিব।

(১১) জীৱ-জন্তু বা গাহৰি আদি ৰখা ঠাইখিনি পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু বিজ্ঞানসন্মত কৰি ৰাখিব লাগে।

(১২) গাহৰিৰ গঁৰাল, গোহালি ঘৰ আদি জনবসতি বা গৃহস্থ থকা ঘৰৰ পৰা যথেষ্ট দূৰত হ’ব লাগে আৰু মল-মূত্ৰবোৰত কীটনাশক দৰৱ ছটিয়াই দূৰত পুতি পেলাব লাগে।

(১৩) নহৰুৰ ৰস সমপৰিমাণৰ পানীত মিহলাই ছটিয়ালে মহৰ কণী ধ্বংস হয়।

(১৪) মহানিমৰ পাত, তিতা-কেৰেলা আদি মাহেকে-পষেকে খাই থকা উচিত, কিয়নো ই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

(১৫) আগতে উল্লেখ কৰা লক্ষণসমূহে দেখা দিলে অলপো সময় নষ্ট নকৰি চিকিত্সকৰ পৰামৰ্শমতে দুই ধৰণে তেজ পৰীক্ষা কৰিব লাগে- প্ৰথমটো টুৰ্নিকেট আৰু দ্বিতীয়টো প্লেট’লেট কাউণ্ট।

(১৬) ৰোগীৰ সঘনে জ্বৰ বেছি হোৱাৰ বাবে শৰীৰত পানী, খনিজ লৱণ, প্লাজমা আদিৰ অভাৱ ঘটে, সেয়ে শৰীৰত পৰ্যাপ্ত পৰিমাণে পানী বা অ’.আৰ.এছ বা ইলেক্ট্ৰ’ল পাউডাৰ মিশ্ৰিত পানী সেৱন কৰিবলৈ দিব লাগে।

(১৭) যি অঞ্চলত এই ৰোগত ৰোগী আক্ৰান্ত হৈছে তেনে ঠাই সমূহলৈ যোৱাটো অনুচিত যিহেতু এই ৰোগৰ প্ৰতিষেধক বৰ্তমানলৈকে ওলোৱা নাই। সেয়েহে এই ৰোগত সতৰ্কতাৰ খুব প্ৰয়োজন।

লেখকঃ দেৱনাৰায়ণ দত্ত, খবৰ।

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate