অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাহক সৃষ্ট ৰোগবোৰ কিদৰে বিয়পে

বাহকবোৰে প্ৰত্যক্ষ সম্পৰ্কৰে, যান্ত্ৰিকভাৱে অথবা জৈৱিকভাৱে ৰোগ সৃষ্টি কৰিব পৰা বীজাণু বহন কৰি, আন এজন সুস্থ ব্যক্তিৰ দেহলৈ বিয়পাব পাৰে। মাইকী মহে কণী জন্ম দিয়াৰ বাবে তেজ খায়। মতা মহে তেজ নাখায়। মাইকী মহে এজন ৰুগীয়া ব্যক্তি অথবা বীজাণু বহন কৰা প্ৰাণীক কামুৰি তেজ খাই আন এজন সুস্থ ব্যক্তিক কামুৰিলে কামোৰত মহজনীৰ লেলাউটিৰ সৈতে ৰোগ সৃষ্টিকাৰী বীজাণু সুস্থ মানুহজনৰ দেহলৈ বিয়পে আৰু ৰোগ সৃষ্টি কৰে। চিকৰা, চাঁহী আদিয়ে মহৰ দৰে ৰোগ বিয়পায়। এটা ক্ষুদ্ৰ কামোৰে জীৱনলৈ বৃহত্ শংকা নমাই আনে। ঘৰুৱা মাখিয়ে লেতেৰা ঠাই, নলা-নৰ্দমা বা বীজাণুযুক্ত খাদ্য, পানী আদিৰ পৰা তাৰ শৰীৰ, ভৰি আদিত বীজাণু বহন কৰে। ই মানুহৰ খোৱা খাদ্য, পানী আদিত শৰীৰৰ পৰা আৰু বমিৰে বীজাণু মিহলাই দিয়ে আৰু তেনে বীজাণুযুক্ত খাদ্য, পানী, ফলমূল আদি মানুহে গ্ৰহণ কৰিলে ৰোগ বিয়পে। চেণ্ডফ্লাই, ৰেটফ্লি, বনৰীয়া কুকুৰ, শিয়াল আদিয়ে কামুৰি ৰোগ বিয়পায়।

বাহক সৃষ্ট ৰোগৰ ভয়াবহতাঃ

জনস্বাস্থ্য বিভাগৰ হেমাহি আৰু জনসাধাৰণৰ অজ্ঞানতা-সচেতনতাৰ অভাৱৰ বাবে ১৯৭০ চনৰ পিছৰে পৰাই সমগ্ৰ বিশ্বতে প্ৰতিবছৰে প্ৰায় ১.২ নিযুত ব্যক্তি মেলেৰিয়াৰ বাবে মৃত্যুমুখত পৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ বিশ্বতে বছৰি প্ৰায় তিনিশৰ পৰা পাঁচ নিযুত ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হয়। ইয়াৰ প্ৰায় ৯০ শতাংশই আফ্ৰিকা মহাদেশৰ। দক্ষিণ-পূব এছিয়াৰ ১১ খন ৰাষ্ট্ৰত বছৰি প্ৰায় ২.৫ নিযুত ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হয়। এই ২.৫ নিযুত মেলেৰিয়া ৰোগীৰ প্ৰায় ৭০ শতাংশই ভাৰতবৰ্ষৰ। বিশ্ব মেলেৰিয়া সমীক্ষা ২০১১ মতে সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশই (প্ৰায় সত্তৰ শতাংশ) মেলেৰিয়া অধ্যুষিত অঞ্চলত বসবাস কৰে। ৰাজস্থান, গুজৰাট, কৰ্ণাটক, গোৱা, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ, অসম, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য,তামিলনাডু, চট্টিশগড় আৰু মধ্যপ্ৰদেশৰ অৰণ্য আৰু জনজাতি লোক অধ্যুষিত অঞ্চলবোৰত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ অধিক। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে মেলেৰিয়া এক বিভীষিকা। প্ৰতি বছৰে অসমত বহুতো লোক মেলেৰিয়াত আক্ৰান্ত হয় আৰু অধিকসংখ্যক লোকেই মৃত্যুমুখত পৰে। অসমৰ সৰহকৈ জনজাতি লোকসকল বসবাস কৰা কাৰ্বি আংলং, ডিমা-হাচাও, গোৱালপাৰা, হাইলাকান্দি, কোকৰাঝাৰ, চিৰাং, বাগছা আৰু ওদালগুৰি জিলাত মেলেৰিয়া ৰোগৰ তাণ্ডৱ বেছি। ১৯৯০ চনৰ পৰা ভাৰতবৰ্ষত বছৰি প্ৰায় ১.৫ ৰ পৰা ২.৬ নিযুত লোক মেলেৰিয়াত আক্ৰান্ত আৰু ৬৬৬-১,০০০ লোকৰ মৃত্যু হোৱা বুলি লিপিবদ্ধ হৈ আছে। ডেংগী ক্ৰমান্বয়ে বাঢ়ি অহা, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এক বাহক সৃষ্ট ৰোগ। ফাইলেৰীয়াত আজিও বিশ্বত প্ৰায় ২৩৬ নিযুত ব্যক্তি আক্ৰান্ত। প্ৰতি বছৰে অসমত মহামাৰী সৃষ্টি কৰা জাপানী এনকেফেলাইটিছ জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি। এক সূত্ৰ মতে ২০১৪ চনত নামনি অসমত প্ৰায় ১,৭৪৪ জন ব্যক্তি জাপানী এনকেফেলাইটিছ আক্ৰান্ত হৈ ৪১৫ জনৰ মৃত্যু হৈছিল। কীট-পতংগবোৰৰ সিহঁতক নাশ কৰিব পৰা ৰাসায়নিক দ্ৰব্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, বৰ্ধিত জনসংক্যা, কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন, অপৰিকল্পিত নগৰীকৰণ, জল আৰু পেলনীয়া বস্তুৰ অপৰিকল্পিত নিষ্কাশন ব্যৱস্থা, বন ধ্বংসকৰণ, প্ৰাকৃতিক আৰু জৈৱিক বৈচিত্ৰ্যৰ ধ্বংসকৰণ, বৰ্ধিত যাতায়তীকৰণ, জনস্বাস্থ্য বিভাগৰ হেমাহি, জনসাধাৰণৰ অজ্ঞানতা আৰু সচেতনতাৰ অভাৱৰ বাবে সমগ্ৰ বিশ্বতে ১৯৭০ চনৰ পিছৰে পৰাই এইবোৰ ৰোগ ক্ৰমান্বয়ে বাঢ়ি আহিছে। আনকি মাজে-সময়ে মহামাৰী ৰূপো ধাৰণ কৰিছে।

বাহক সৃষ্ট ৰোগ প্ৰতিৰোধঃ

বাহক সৃষ্ট ৰোগবোৰ প্ৰতিৰোধ কৰিবলৈ হ’লে আমি বাহকবোৰ ধ্বংস অথবা বাহকবোৰে আমাক ঢুকি নোপোৱাৰ ব্যৱস্থা কৰিব লাগিব। যদিও এইবোৰ প্ৰতিৰোধ কৰাৰ বহুতো ব্যৱস্থা আছে, তথাপি আমি এটা নিৰ্দিষ্ট পদ্ধতিকে অত্যধিক ব্যৱহাৰ নকৰি কেইবাটাও পদ্ধতিৰ সংমিশ্ৰণ ঘটাব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক ‘ইণ্টেগ্ৰেটেড ভেক্টৰ মেনেজমেণ্ট’ চমুকৈ আই ভি এম নামদি এক পদক্ষেপ গ্ৰহণ কৰিছে। এই ব্যৱস্থাত কীটনাশক দ্ৰব্যৰ প্ৰচুৰ ব্যৱহাৰে জনস্বাস্থ্য আৰু প্ৰকৃতিৰ ওপৰত কৰিব পৰা বিৰূপ প্ৰভাৱ হ্ৰাস কৰা আৰু কম খৰচতে অধিক ৰোগ প্ৰতিৰোধ কৰাৰ কথা চিন্তা কৰা হৈছে। এই বাহকবোৰ প্ৰতিৰোধ কৰাৰ বাবে নানা প্ৰাকৃতিক উপায়, ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, কীট-পতংগৰ কামোৰৰ পৰা ব্যক্তিগতভাৱে সুৰক্ষা আৰু ৰোগ প্ৰতিৰোধ টিকাকৰণ আদিৰ সংমিশ্ৰণ ঘটোৱাৰ কথা চিন্তা কৰা হৈছে।

বাহকৰ বংশবৃদ্ধি ৰোধ আৰু বাহক ধ্বংসঃ

প্ৰত্যেক কীট-পতংগৰে কণী, লেটা, পলু আৰু পূৰ্ণাংগ অৱস্থা থাকে। এইবোৰৰ যিকোনো এটা অৱস্থাতে আমি এইবোৰ ধ্বংস কৰিব লাগে। ইয়াৰ প্ৰধান উপায় হ’ল এইবোৰৰ বংশবৃদ্ধি নোহোৱাৰ ব্যৱস্থা কৰা। মহ, মাখি আৰু অন্যান্য প্ৰায়ভাগ কীট-পতংগই পানী বা লেতেৰা ঠাইত কণী পাৰি বংশবৃদ্ধি কৰে। ডেংগী সৃষ্টি কৰা এডিচ মহে আকৌ পৰিষ্কাৰ পানীত কণী পাৰে। সেয়েহে আমাৰ বাসস্থানৰ ওচৰে-পাঁজৰে পানী জমা হোৱা বন্ধ কৰিবৰ বাবে বাসস্থানৰ ওচৰত থকা নলা-নৰ্দমা পুতি পেলোৱা, ভঙা আচবাব, বটল, পানীৰ পাত্ৰ, পুৰণা টায়াৰ আদি গুচাই পেলাব লাগে। কিবা কাৰণত এনে কৰিব নোৱাৰিলেও জমা হৈ থকা পানীৰ ওপৰত মহ মৰা তেল, ডি ডি টি আদি ছটিয়াব লাগে। তদুপৰি পানী যোগান ব্যৱস্থা পাইপেৰে কৰা, পেলনীয়া সামগ্ৰী আৰু পানীৰ শুদ্ধ নিষ্কাশন ব্যৱস্থা কৰা, ঘৰৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰখা আৰু জনসাধাৰণক স্বাস্থ্য সজাগ কৰিব লাগে। আজিকালি গাম্বিচিয়া এফিনিচ, লেবিষ্টাৰ ৰেটিকুলাৰিচ আদি মাছ পোৱা যায়। এই মাছবোৰে কীট-পতংগৰ কণী, পলু, লেটা আদি খায়। এই মাছবোৰ ঘৰৰ ওচৰৰ খাল-বিল, সৌন্দৰ্যবৰ্ধক পুখুৰী, খেতিপথাৰৰ পুখুৰী আদিত মেলি দিব পাৰি। পূৰ্ণাংগ কীট-পতংগ ধ্বংস কৰাৰ বাবে ডি ডি টি, মালাথিয়ন আদি কীটনাশক দৰব ঘৰৰ ওচৰে-পাঁজৰে, ঘৰৰ বেৰ আৰু চিলিং আদিত নিয়মিতভাৱে ছটিয়াব লাগে। আজিকালি স্প্ৰে’ অথবা ফগিং মেচিনেৰেও এইবোৰ ছটিয়াব পাৰি। ফগিং মেচিনেৰেও মহ মৰা ধোঁৱাও বিয়পাব লাগে। কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কমাবৰ বাবে কীট-পতংগ ধ্বংস কৰিব পৰা অণুজীৱ, পৰজীৱ আৰু ফাংগাচ আদিৰ সৃষ্টিৰ বাবে অধ্যয়ন কৰি থকা হৈছে। বিজ্ঞানীসকলে কীট-পতংগবোৰৰ চৰিত্ৰ পৰিৱৰ্তন আৰু নপুংসক কৰাৰ বাবে ‘ক্ৰম’জম’ আৰু ‘জেনেটিক’ অধ্যয়নো আৰম্ভ কৰিছে।

লেখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

উৎস:অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate