অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহে বিয়পোৱা ৰোগ ডেংগু

ডেংগু নামৰ ভাইৰাচজনিত অসুখটো হয় এডিচ এজিপ্টি নামৰ মহ বিধৰ কামোৰৰ বাবে। চাৰি ধৰণৰ ডেংগু ভাইৰাচৰ ভিতৰত যিকোনো এবিধ ভাইৰাচেই অসুখৰ সৃষ্টি কৰিব পাৰে। এবাৰ এই জ্বৰ হ’লে পৰৱৰ্তী সময়ত পুনৰ হোৱাৰ সম্ভাৱনা থাকে। কাৰণ বাকী তিনিধৰণৰ ভাইৰাচৰ আক্ৰমণৰ সম্ভাৱনা থাকি যায়। অৱশ্যে, এই জ্বৰৰ নাম শুনিলেই ভয় খোৱাৰ কাৰণ নাই। কাৰণ অধিকাংশ সময়ত ডেংগুই মাৰাত্মক ৰূপ ধাৰণ নকৰে আৰু আন দহোটা ভাইৰাচ সংক্ৰমণৰ দৰে সাধাৰণ ডেংগু জ্বৰ নিৰাময়যোগ্য।

সাধাৰণ ডেংগু জ্বৰৰ উপৰি আন দুই ধৰণৰ জ্বৰ আছে-ডেংগু হেমোৰেজিক আৰু ‘শ্বক্‌ চিনড্ৰম’। এনে জ্বৰত মৃত্যুৰ আশংকা দহ শতাংশ। কিন্তু সঠিক পৰিচৰ্য্যাৰ যোগেদি মৃত্যুৰ হাৰ এক শতাংশলৈ হ্ৰাস কৰিব পৰা যায়।

ডেংগু ৰোগ মূলত: দক্ষিণ-পূব এছিয়া আৰু উত্তৰ পেচিফিক অঞ্চলত সীমাবদ্ধ। বিগত পোন্ধৰ বিছ বছৰৰ ভিতৰত এছীয় দেশত ইয়াৰ ব্যাপক প্ৰাৰ্দুভাৱ লক্ষ্য কৰা হৈছে। ইয়াৰ প্ৰধান কাৰণ হ’ল এখন দেশৰ পৰা আন এখন দেশলৈ সুচল যাতায়তৰ সুযোগ বৃদ্ধি, অপৰিকল্পিত নগৰায়ন, জনসংখ্যা বৃদ্ধি আৰু সৰ্বোপৰি স্বাস্থ্যসন্মত পৰিৱেশৰ অৱনতি। মহৰ বংশবৃদ্ধি ৰোধ কৰিব নোৱাৰাটোও আন এটা কাৰণ। এই জ্বৰ যদিও বছৰৰ যিকোনো সময়তে হ’ব পাৰে। তথাপি বৰ্ষাকালত এই ৰোগ বেছিকৈ হয়। বৰ্ষাকাল শেষ হোৱাৰ লগে লগে ইয়াৰ প্ৰকোপ লাহে লাহে কমি আহে। মাৰাত্মক ডেংগু দুইৰ পৰা পোন্ধৰ বছৰ বয়সীয়া ব্যক্তিৰ মাজত বেছিকৈ হয়। প্ৰাপ্তবয়স্কসকলৰ মাজত ইয়াৰ প্ৰকোপ কম।

কিদৰে বিয়পে?

মানুহ হৈছে ডেংগু ভাইৰাছৰ প্ৰধান আধাৰ। এডিচ এজিপ্টি মহৰ কামোৰত এজনৰ পৰা আনজনলৈ ৰোগৰ সংক্ৰমণ হয়। এই মহৰ বিশেষত্ব হ’ল ইহঁত ঘৰৰ ভিতৰতে থাকে। সেইবাবে সহজে ৰোগ বিয়পি পৰে। এজন ৰোগীক কামুৰি লগে লগে আন এজনক কামুৰিলে মহৰ দেহত ভাইৰাচ প্ৰৱেশ কৰে। তাৰ পিছত মহৰ দেহত ভাইৰাচটোৱে বংশবৃদ্ধি কৰে। আঠৰ পৰা দহ দিনৰ ভিতৰত ভাইৰাচটোৱে মহৰ লালাগ্ৰন্থিত বাহ লয়। ইয়াৰ পিছত মহটো যিমান দিনলৈ জীয়াই থাকিব আৰু মানুহক কামুৰিব সিমান দিনলৈ ভাইৰাচৰ সংক্ৰমণ ঘটি থাকিব।

ডেংগু ভাইৰাচৰ আক্ৰমণত আমাৰ শৰীৰৰ সূক্ষ্ম ৰক্তবাহিনী নলীবোৰৰ ক্ষতি হয় আৰু তেজৰ জলীয় অংশ দেহ কোষৰ পৰা বিচ্ছিন্ন হৈ ওলাই আহে। ইয়াৰ ফলত তেজৰ ঘনত্ব বৃদ্ধি পায় আৰু কাৰ্যকৰী তেজৰ পৰিমাণ কমি যায়। ইয়াৰ ফলত ৰোগী শ্বক ষ্টেজলৈ গুচি যাব পাৰে। ওলাই অহা জলীয় অংশ বহু সময়ত ৰোগীৰ পেট আৰু শৰীৰৰ অন্যান্য অংশত জমা হয়। তাৰোপৰি শৰীৰৰ ৰক্তক্ষৰণ বন্ধ কৰা তেজৰ ‘প্লেটলেট’ নামৰ অংশটোৰ পৰিমাণো কমি যায়। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংশত ৰক্তক্ষৰণ হয়। বিশেষকৈ ছালত। বহু সময়ত তেজ বমি আৰু তেজ পায়খানাও হ’ব পাৰে।

ৰোগৰ লক্ষণ

সাধাৰণ ডেংগু জ্বৰ বিশেষকৈ প্ৰাপ্তবয়স্কসকলৰ মাজত বেছিকৈ হয়। হঠাৎ জ্বৰ উঠে আৰু এই জ্বৰ দ্ৰুতভাৱে ১০৩ ডিগ্ৰী ফাৰেণহাইটৰ পৰা ১০৫ ডিগ্ৰী ফাৰেণহাইটলৈ উঠিব পাৰে। ইয়াৰ লগতে মূৰৰ বিষ আৰু চকুৰ ভিতৰফালে বিষ হোৱা দেখা যায়। তাৰোপৰি গা-হাত ভৰিত অসহ্য বিষ হয়। যাৰ বাবে ডেংগুৰ আন এটা নাম হাড়ভঙা জ্বৰ বহু সময়ত আঠুৰ বিষ আৰু গাত ৰঙা গুটি উঠে। জ্বৰৰ লগে লগে পেটৰ বিষ আৰু বমি হ’ব পাৰে। জ্বৰ আৰু অন্যান্য উপসৰ্গ দুদিনৰ পৰা ছয়দিনলৈ থাকে আৰু হঠাৎ জ্বৰ কমি যায়। জ্বৰ কমাৰ লগে লগে বা দুই-এদিনৰ পিছত পুনৰ সৰু দানাৰ দৰে গাত গুটি উঠে। দুই-চাৰিদিনৰ পিছত ই কমি যায়। ইয়াৰ পিছত জ্বৰ আকৌ ঘূৰি আহিব পাৰে বা নাহিবও পাৰে। জ্বৰ এৰাৰ পিছত বহুদিনলৈ দুৰ্বলতা থাকি যায়। সৰু শিশুৰ ক্ষেত্ৰত এই অসুখ কম মাৰাত্মক, আন ভাইৰাচজনিত জ্বৰৰ দৰে।

ডেংগু হেমোৰেজিক জ্বৰৰ বিশেষত্ব হ’ল তেজৰ জলীয় অংশ ওলাই গৈ হাওঁফাওঁ, পেট আৰু শৰীৰৰ আন অংশত জমা হয় আৰু তেজৰ ঘনত্ব বৃদ্ধি পায়। তাৰোপৰি দেহৰ বিভিন্ন অংশৰ পৰা ৰক্তক্ষৰণ হোৱাটো আন এক লক্ষণ। এই জ্বৰ প্ৰথম দুই-চাৰিদিন সাধাৰণ ডেংগু জ্বৰৰ দৰেই। তাৰ পিছত হঠাৎ ৰোগীৰ অৱস্থাৰ দ্ৰুত অৱনতি ঘটে। হাত-ভৰি ঠাণ্ডা হৈ পৰে, দেহত অস্থিৰতা আৰু বহু সময়ত পেটৰ বিষে উক দিয়ে। নাড়ীৰ গতি দ্ৰুত আৰু ক্ষীণ হয়। এই ধৰণৰ জ্বৰ হোৱা শতকৰা ২০ ৰ পৰা ৩০ জন ব্যক্তি ‘শ্বক ষ্টেজ’লৈ যায়। ছালৰ পৰা ৰক্তপাত, তেজ বমি আৰু পায়খানা হয়। ৰক্তচাপ কমি যায়। এই সংকটজনক অৱস্থা ২৪ ৰ পৰা ৩৬ ঘন্টালৈ থাকে। ইয়াৰ পিছত ৰোগীৰ মৃত্যু হ’ব পাৰে অথবা উপযুক্ত পৰিচৰ্য্যাৰে আৰোগ্য লাভ কৰিব পাৰে।

ৰোগ নিৰ্ণয়

ডেংগু ভাইৰাচ সাধাৰণ পৰীক্ষাগাৰত পৰীক্ষা কৰা কঠিন। কাৰণ ইয়াক চিহ্নিত কৰাটো ব্যয়সাপেক্ষ আৰু সকলো পৰীক্ষাগাৰত এই সুবিধা নাই। তেজ পৰীক্ষাত ভাইৰাচৰ এন্টিবডি জ্বৰৰ চতুৰ্থ অথবা পঞ্চম দিনতহে ধৰা পৰিব পাৰে। তাৰোপৰি তিনি-চাৰিদিনৰ পিছতহে শ্বেত ৰক্তকণিকা আৰু প্লেটলেটৰ সংখ্যা কমি যায় আৰু তেজৰ ঘনত্ব বাঢ়ে। সেয়ে ৰোগৰ উপসৰ্গ অনুযায়ী চিকিৎসা কৰিবলগীয়া হয়। এই ৰোগৰ নিৰ্ণয়ত তেজ পৰীক্ষাৰ গুৰুত্ব অপেক্ষাকৃতভাৱে কম।

বিশ্ব স্বাস্থ্য সংস্থাই ডেংগু জ্বৰৰ সংজ্ঞা এনে ধৰণে দিছে-

নিম্নলিখিত দুই বা ততোধিক লক্ষণৰ উপস্থিতি-

ক) মূৰৰ বিষ,

খ) চকুৰ ভিতৰফালে বিষ,

গ) মাংসপেশীৰ বিষ,

ঘ) আঁঠুৰ বিষ,

ঙ) শৰীৰৰ ছালত সৰু সৰু পানীজোলাৰ দৰে গুটি ওলোৱা,

চ) শৰীৰৰ যিকোনো ঠাইত ৰক্তক্ষৰণ,

ছ) তেজত শ্বেত ৰক্তকণিকা হ্ৰাস,

ডেংগু এন্টিবডিৰ উপস্থিতি, ঘন জনবসতিপূৰ্ণ অঞ্চলত ডেংগু জ্বৰৰ প্ৰাদুৰ্ভাৱ।

ডেংগু হেমোৰেজিক জ্বৰৰ সংজ্ঞা এনেধৰণৰ-

ক) ২ ৰ পৰা ৭ দিন ব্যাপি জ্বৰ,

খ) ৰক্তক্ষৰণ-ছালৰ ভিতৰত, তেজ বমি, তেজ পায়খানা শৰীৰৰ আন অংশত ৰক্তক্ষৰণ,

গ) তেজৰ প্লেটলেটৰ পৰিমাণ হ্ৰাস,

ঘ) তেজৰ জলীয় অংশ হ্ৰাস, হাওঁফাওঁ আৰু পেটত পানী জমা হোৱা ইত্যাদি।

শ্বক চিনড্ৰমৰ সংজ্ঞা এনেধৰণৰ-

ক) ডেংগু হেমোৰেজিক জ্বৰৰ চাৰিটা লক্ষণ,

খ) দ্ৰুত আৰু ক্ষীণ নাড়ীৰ গতি,

গ) ব্লাড প্ৰেচাৰ হ্ৰাস,

ঘ) দেহ শীতল হোৱা আৰু অস্থিৰতা বৃদ্ধি।

ৰোগৰ চিকিৎসা

ডেংগু ভাইৰাচৰ বাবে সম্প্ৰতি কোনো ঔষধ ওলোৱা নাই। সেয়ে নিৰ্দিষ্ট কিছুমান লক্ষণ ভিত্তিক চিকিৎসা আৰু পৰিচৰ্য্যা অব্যাহত ৰখা দৰকাৰ। জ্বৰ কোনো অৱস্থাতে ১০৪ ডিগ্ৰী ফাৰেনহাইট যাবলৈ দিব নালাগে আৰু তাৰ বাবে ‘পেৰাচিটামল’ ব্যৱহাৰ কৰিব লাগে। এই ঔষধে জ্বৰৰ লগতে শৰীৰৰ বিষ কমোৱাতো সহায় কৰে। কিন্তু কোনো অৱস্থাতে এছপিৰিন জাতীয় ঔষধ ব্যৱহাৰ কৰা অনুচিত। কাৰণ এনে ঔষধৰ ফলত ৰক্তক্ষৰণ হ’ব পাৰে। সকলোতকৈ লক্ষ্য কৰিবলগীয়া বিষয়টো হ’ল- পানী আৰু অপ্ৰয়োজনীয় খনিজ লৱণৰ অভাৱত শৰীৰ যাতে নিৰ্জলা হৈ নপৰে। তাৰ বাবে পৰ্য্যাপ্ত পৰিমাণে অৰেল ডিহাইড্ৰেছন চলিউচন, ঘৰতে তৈয়াৰ কৰা নিমখ চেনি, পানী, ফলৰ ৰস বা অন্যান্য জলীয় খাদ্য খুৱাই থাকিব লাগে। অতিৰিক্ত ঘাম, বমি, পাতল পায়খানা আৰু দীৰ্ঘদিন নোখোৱাৰ ফলত শৰীৰত পানীৰ অভাৱ ঘটিব পাৰে। সেয়ে এনেবোৰ দিশৰ প্ৰতি নজৰ দিব লাগে। ডেংগু হেমোৰেজিক জ্বৰত ৰোগীক ঘৰত নৰখাই ভাল। ৰোগৰ সঠিক মূল্যায়ন আৰু পৰিচৰ্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাই শ্ৰেয়। ফ্লুইড, প্লাজমা আৰু অৱস্থা বিশেষ তেজ সৰবৰাহৰ প্ৰয়োজন হ’ব পাৰে।

ৰোগৰ পৰা হাত সাৰিব কেনেকৈ

ডেংগু মহ চিনি পোৱাটো অপেক্ষাকৃতভাৱে সহজ। কাৰণ ইহঁতৰ দেহ ক’লা আৰু ভৰিত সৰু সৰু বগা দাগ থাকে। ইহঁতৰ বংশবৃদ্ধি হয়-তুলনামূলকভাৱে পৰিষ্কাৰ পানীত। মানুহে সৃষ্টি কৰা কৃত্ৰিম খালৰ পানীত, বাসস্থানৰ ওচৰে-পাজৰে থকা ভঙা বটল, ডাবৰ খোলা, ফুলৰ টাব, টিনৰ পাত্ৰ আদিত। এই মহ বেছি দূৰলৈ উৰিব নোৱাৰে। ইহঁতৰ বিচৰণৰ পৰিধি ১০০ মিটাৰতকৈও কম। সেয়ে ইয়াক নিৰ্মূল কৰা সহজ। এই মহে সাধাৰণতে ঘৰৰ অন্ধকাৰ অংশত থাকিবলৈ ভাল পায়-বিশেষকৈ টেবুলৰ তল, বিছনাৰ তল, বেৰৰ চুক আদিত ইহঁতে পৰি থাকি ভাল পায়। এই মহ যিহেতু ঘৰৰ ভিতৰত বা ওচৰে-পাজৰে থাকে আৰু দিনৰ বেলাতহে মানুহক কামোৰে গতিকে ইহঁতক নিৰ্মূল কৰা সহজ। গোটেই দিনটোৰ ভিতৰত নিৰ্দিষ্ট সময়তহে এইবিধ মহ বেছি সক্ৰিয় হৈ উঠে। পুৱা ৰ’দ ওলোৱাৰ দুই-তিনিঘন্টাৰ ভিতৰত আৰু অন্ধকাৰ ঘন হৈ অহাৰ দুই-তিনিঘন্টা আগতে ইহঁতৰ আক্ৰমণৰ সম্ভাৱনা অধিক। মহৰ হাতৰ পৰা ৰক্ষা পৰিবলৈ হ’লে প্ৰথমতে ঘৰ আৰু বাহিৰৰ পৰিৱেশৰ ওপৰত চকু দিব লাগে। যিকোনো পাত্ৰত জমা হৈ থকা পানী আঁতৰাই ভঙা-ছিঙা বস্তু পুৰি পেলাব লাগে। পানী জমা কৰা টেংকি ঢাকোন মাৰি থ’ব লাগে। বজাৰত পোৱা কীটনাশক ঔষধ ঘৰত স্প্ৰে কৰিব পাৰি যদিও ই বিশেষ লাভদায়ক নহয়। মহৰ কামোৰৰ পৰা বাচিবলৈ টেবুলত বহি কাম কৰাৰ সময়ত ভৰি-হাত ঢকাকৈ কাপোৰ পিন্ধা ভাল। কাৰণ আঁঠুৰ তলত মহে বেছিকৈ কামোৰে। সম্ভৱ হ’লে মহ খেদোৱা ধূপ বা বজাৰত পোৱা লিকুইড ৰিপেলেন্ট ব্যৱহাৰ কৰিব পাৰি। গাত মহ খেদোৱা ক্ৰীমো সানিব পাৰি। কিন্তু এইসকলো বোৰ কাৰ্যকাৰিতা ক্ষণস্থায়ী। সেয়ে যি দুটা বিশেষ সময়ত এই মহে বেছিকৈ কামোৰে তেনে সময়ত ব্যৱহাৰ কৰিব পাৰি। মহে যাতে সিহঁতৰ বংশবৃদ্ধি ঘটাব নোৱাৰে। তাৰ বাবে পৰিৱেশ পৰিচ্ছন্ন কৰি ৰখাটোৱেই আটাইতকৈ ভাল উপায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate