অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেলেৰিয়া আৰু ভাৰত

মেলেৰিয়া আৰু ভাৰত

মেলেৰিয়া আজিও বিশ্ববাসীৰ বাবে এক বিভীষিকা। সমগ্ৰ বিশ্বৰ প্ৰায় ছয়ত্ৰিশ শতাংশ লোক আজিও মেলেৰিয়া ৰোগত আক্ৰান্ত হয়।বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৪ চনৰ সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে বছৰি প্ৰায় তিনিশৰ পৰা পাঁচশ নিযুত ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হয়। ইয়াৰ প্ৰায় নব্বৈ শতাংশই আফ্ৰিকা মহাদেশৰ। দক্ষিণ-পূব এছিয়াৰ এঘাৰখন ৰাষ্ট্ৰত বছৰি প্ৰায় ১৪ নিযুত ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হয়। এই ১৪ নিযুত মেলেৰিয়া ৰোগীৰ প্ৰায় সত্তৰ শতাংশই ভাৰতবৰ্ষৰ। বিশ্ব মেলেৰিয়া সমীক্ষা ২০১৪ মতে সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশই(প্ৰায় সত্তৰ শতাংশ) মেলেৰিয়া অধ্যুষিত অঞ্চলত বসবাস কৰে। ৰাজস্থান, গুজৰাট, কৰ্ণাটক, গোৱা, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ, অসম, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য, তামিলনাডু, চত্তিছগড় আৰু মধ্যপ্ৰদেশৰ অৰণ্য আৰু জনজাতি লোক অধ্যুষিত অঞ্চলবোৰত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ অধিক। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে মেলেৰিয়া এক বিভীষিকা। প্ৰতি বছৰে অসমত বহুতো লোক মেলেৰিয়াত আক্ৰান্ত হয় আৰু বহুসংখ্যক লোকেই মৃত্যুমুখত পৰে। অসমৰ সৰহকৈ জনজাতি লোকসকল বসবাস কৰা কাৰ্বি আংলং, ডিমা হাছাও, গোৱালপাৰা, হাইলাকান্দি, কোকৰাঝাৰ, চিৰাং, বাক্‌সা আৰু ওদালগুৰি জিলাত মেলেৰিয়া ৰোগৰ তাণ্ডৱ বেছি।নেচনেল ভেক্টৰ বৰ্ণ ডিজিছ কণ্ট্ৰোল প্ৰোগ্ৰাম(NVBDCP)ৰ চৰকাৰী তথ্য মতে, ভাৰতবৰ্ষৰ বেছিভাগ অঞ্চলতে প্ৰতি এহেজাৰ ব্যক্তিৰ বিপৰীতে প্ৰতি বছৰে মেলেৰিয়া ৰোগৰ পৰজীৱিয়ে আক্ৰান্ত কৰা ব্যক্তিৰ সংখ্যা(API-Annual Parasitic Incidence)দুই। ভাৰতবৰ্ষৰ কিছুমান অঞ্চলত API দুইৰপৰা পাঁচ যদিও ৰাজস্থান, গুজৰাট, কৰ্ণাটক, গোৱা, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ, অসম, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য, তামিলনাডু, চত্তিছগড় আৰু মধ্যপ্ৰদেশৰ অৰণ্য আৰু জনজাতি লোক অধ্যুষিত কিছুমান অঞ্চলত API পাঁচতকৈ অধিক হোৱা দেখা যায়। যদিও চৰকাৰী তথ্য মতে, ভাৰতবৰ্ষত মেলেৰিয়া আক্ৰান্ত ব্যক্তিৰ এই পৰিসংখ্যা দেখুওৱা হৈছে, বাস্তৱ ক্ষেত্ৰত কিন্তু ছবিখন পৃথক আৰু ভাৰতবৰ্ষত মেলেৰিয়া ৰোগত আক্ৰান্তৰ হাৰ ইয়াতকৈ বহুখিনি বেছি। P.vivax, P.falciparum, P.Ovate আৰু P.Malarie পৰজীৱীয়ে মেলেৰিয়া ৰোগ সৃষ্টি কৰিলেও ভাৰতবৰ্ষত P.vivax আৰু P.falciparum দুয়োবিধ পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগহে অধিক হোৱা দেখা যায়। P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগ P.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগতকৈ বেছি ভয়ানক। P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগৰ জটিলতা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ P.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগতকৈ অধিক। এই বিধ মেলেৰিয়াত আক্ৰান্ত বহু ব্যক্তি চেৰিব্ৰেল মেলেৰিয়া, বৃক্কৰ অচলাৱস্থা, যকৃতৰ অচলাৱস্থা আৰু মাল্টি অৰ্গেন ফেইলাৰ হৈ মৃত্যুমুখত পৰে। দাক্ষিণাত্য, মধ্য আৰু উত্তৰ ভাৰতত P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগ মুঠ মেলেৰিয়া ৰোগৰ দহ শতাংশহে। অৰণ্য আৰু জনজাতি অধ্যুষিত অঞ্চলবোৰত P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা ৰোগ মুঠ মেলেৰিয়া ৰোগৰ ত্ৰিশৰপৰা নব্বৈ শতাংশ। ভাৰতবৰ্ষৰ অন্য অঞ্চলবোৰত ই প্ৰায় ত্ৰিশ শতাংশ। যদিও p.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগৰ জটিলতা কম, তথাপি ইয়াৰ সংখ্যা অধিক বাবে ই ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত বহুল প্ৰভাৱ পেলায়। ভাৰতবৰ্ষত বাৰিষা কালত P.falciparum পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগ আৰু উত্তৰ বাৰিষা কালত P.vivax পৰজীৱীয়ে সৃষ্টি কৰা মেলেৰিয়া ৰোগ অধিক হোৱা দেখা যায়। ইয়াৰপৰা এইটো বুজিব পাৰি যে যিহেতু ভাৰতবৰ্ষ কৃষিপ্ৰধান দেশ আৰু কৃষিকাৰ্য সাধাৰণতে বাৰিষা আৰু উত্তৰ বাৰিষা কালত কৰা হয়, সেয়েহে এই সময়ত লোক মেলেৰিয়া ৰোগত আক্ৰান্ত হ’লে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বহুল প্ৰভাৱ পৰে। তদুপৰি আজিকালি মেলেৰিয়া ৰোগ বিয়পোৱা বাহক মহৰ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, কম মূল্যতে ক্ৰয় কৰিব পৰা ক্লোৰোকুইন দৰবৰ প্ৰতি মেলেৰিয়া ৰোগৰ বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতাৰ বাবে অধিক খৰচী দৰৱ ক্ৰয় কৰিব লগা হোৱা বাবে ই প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰৰ অৰ্থনীতিত প্ৰভাৱ পেলায়। ক্লোৰোকুইন দৰবৰ প্ৰতি মেলেৰিয়া ৰোগৰ বাঢ়ি অহা প্ৰতিৰোধ ভাৰতবৰ্ষৰ সকলো অঞ্চলত থাকিলেও; P.falciparum মেলেৰিয়া অধিক হোৱা উত্তৰ-পূৰ্বাঞ্চল আৰু উৰিষ্যাত, ডাঙৰ মেট্ৰো চহৰ আৰু ঔদ্যোগিক অঞ্চল, আন্ত:ৰাষ্ট্ৰীয় সীমা থকা অঞ্চলবোৰত ই অধিক। ক্লোৰোকুইন দৰৱৰ প্ৰতি P.falciparum মেলেৰিয়া ৰোগৰ প্ৰতিৰোধ ১৯৭৩ চনত অসমৰ কাৰ্বি আংলং জিলাত প্ৰথম পৰিলক্ষিত হৈছিল। ইয়াৰ পিছত ১৯৭৪ চনত নগাওঁ জিলাত, পিছৰ দুই-তিনি বছৰ অসম, অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডত পৰিলক্ষিত হৈছিল। প্ৰায় ১১৮ বছৰ আগেয়ে ১৮৯৭ চনত ছাৰ ৰোণালড ৰোজে (Sir. Ronald Ross) ভাৰতবৰ্ষত মহৰদ্বাৰা মেলেৰিয়া ৰোগ বিয়পে বুলি আৱিষ্কাৰ কৰাৰ পিছত, আজিও ভাৰতবৰ্ষত মেলেৰিয়া ৰোগ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি। ভাৰতবৰ্ষত আজিও বহুতো গৰ্ভৱতী মহিলা মেলেৰিয়াত আক্ৰান্ত হয়। ইয়াৰ বাবে মাতৃৰ ৰক্তহীনতা, শিশুৰ জন্মৰ ওজন কম হোৱা, সময়তকৈ আগেয়ে প্ৰসৱ হোৱা, জন্মগত মেলেৰিয়া, গৰ্ভপাত, শিশু আৰু কেঁচুৱাৰ মৃত্যু আৰু বহু মাতৃৰ মৃত্যু হয়। ফলত দেশৰ ভৱিষ্যৎ মানৱ সম্পদ দুৰ্বল হৈ ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলায়। আজিও মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ ভাৰতবৰ্ষত বহু ব্যক্তিৰ মৃত্যু হয়। প্ৰাক্‌-স্বাধীনতা কালত ভাৰতবৰ্ষত বছৰি প্ৰায় এক নিযুত, কেতিয়াবা মহামাৰী অৱস্থাত দুই নিযুত পৰ্যন্ত ব্যক্তি মেলেৰিয়াৰ বাবে মৃত্যুমুখত পৰিছিল। ১৯৫৮ চনত National Malaria Eradication Programme হোৱাৰ পিছত মেলেৰিয়াত আক্ৰান্ত আৰু মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা লাহে লাহে কমি আহিছিল। ইয়াৰ পিছত বহু দশক ধৰি মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা ভাৰতবৰ্ষত ১.৫ৰ পৰা ৩ নিযুতৰ মাজত চলি আছিল। তাৰ পিছত কিন্তু এই হাৰ কমা নাই। মেলেৰিয়া ৰোগ বিয়পোৱা বাহক মহৰ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, বৰ্দ্ধিত জনসংখ্যা, কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন, অপৰিকল্পিত নগৰীকৰণ, জল আৰু পেলনীয়া বস্তুৰ অপৰিকল্পিত নিষ্কাশন ব্যৱস্থা, বন ধ্বংসকৰণ, প্ৰাকৃতিক আৰু জৈৱিক বৈচিত্ৰ্যৰ ধ্বংসকৰণ, বৰ্দ্ধিত যাতায়তীকৰণ, জনস্বাস্থ্য বিভাগৰ হেমাহি, জনসাধাৰনৰ অজ্ঞানতা আৰু সচেতনতাৰ অভাৱ আদিৰ বাবে ই স্থবিৰ হৈ পৰা দেখা গৈছে আৰু লাহে লাহে মানুহ সৃষ্ট মেলেৰিয়া বাঢ়ি আহিছে। ১৯৯০ চনৰপৰা ভাৰতবৰ্ষত বছৰি প্ৰায় ১.৫ৰ পৰা ২.৬ নিযুত লোক মেলেৰিয়াত আক্ৰান্ত হোৱা বুলি লিপিবদ্ধ হৈ আছে। ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ভাৰতবৰ্ষত মেলেৰিয়া ৰোগত আক্ৰান্ত আৰু মৃত্যু হোৱা বেছিভাগ লোকেই পুৰুষ আৰু অৰ্থনৈতিকভাৱে উপাৰ্জনক্ষম ২৫ বছৰৰপৰা ৫৪ বছৰ বয়সৰ ব্যক্তি। মেলেৰিয়া ৰোগৰ চিকিৎসাৰ বাবে প্ৰতিবছৰে ভাৰতবৰ্ষই বহু টকা হেৰুৱাবলগীয়া হয়। ১৯৯৭ চনত ভাৰতবৰ্ষত যদি এজন উপাৰ্জনক্ষম ব্যক্তিয়ে প্ৰতিদিনে এশ টকাকৈও উপাৰ্জন কৰিছিল বুলি ধৰি লোৱা হয়, তেন্তে বছৰত উপাৰ্জন হয় ৩৬,৫০০ টকা। যিহেতু ১৯৯৭ চনত ভাৰতবৰ্ষত মেলেৰিয়া ৰোগৰ DALY আছিল ১.৮৬ নিযুত, গতিকে সেই বছৰ ভাৰতবৰ্ষই প্ৰায় ৬৭৮৯ কোটি টকা মেলেৰিয়াৰ বাবে হেৰুৱাবলগা হৈছিল।তদুপৰি সেই বছৰ যদি মেলেৰিয়াত আক্ৰান্ত ব্যক্তি ২.৫০ নিযুত বুলি ধৰি লৈ প্ৰতিজন মেলেৰিয়া ৰোগীৰ চিকিৎসাজনিত খৰচ এক হাজাৰ টকা বুলি ধৰো, তেন্তে সেই বছৰ ভাৰতবৰ্ষই মেলেৰিয়াৰ চিকিৎসাৰ বাবে প্ৰায় ২৫০ কোটি টকা খৰচ কৰিবলগীয়া হৈছিল। দুয়োবিধ মিলাই ১৯৯৭ চনত ভাৰতবৰ্ষই মেলেৰিয়াৰ বাবে প্ৰায় ৭০৩৯ কোটি টকা হেৰুৱাবলগীয়া হৈছিল। এয়া মাথোঁ এটা বছৰৰহে হিচাপ। এইদৰে প্ৰতি বছৰে ভাৰতবৰ্ষই মেলেৰিয়াৰ বাবে বহু হাজাৰ কোটি টকা হেৰুওৱাৰ বাবে ভাৰতবৰ্ষৰ জনসাধাৰণৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতি স্তিমিত হৈ পৰা দেখা যায়। মুঠতে ক’ব পাৰি যে মেলেৰিয়াৰ বাবে ভাৰতবৰ্ষৰ প্ৰতি বছৰে প্ৰচুৰ আৰ্থ-সামাজিক ক্ষতিসাধন হয়। কিন্তু ইয়াক প্ৰতিৰোধ কৰিব পাৰি। ভাৰতবৰ্ষত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ সঠিক মূল্যায়নৰ অভাৱ, বাহক মহৰ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ প্ৰতি বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, ক্লোৰোকুইন দৰৱৰ প্ৰতি মেলেৰিয়া ৰোগৰ বাঢ়ি অহা প্ৰতিৰোধ ক্ষমতা, জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ অভাৱ আৰু কম ধন আবণ্টনৰ বাবে মেলেৰিয়া প্ৰতিৰোধ সমস্যা হৈ দেখা দিছে। ইয়াৰ বাবে ভাৰতবৰ্ষত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ সঠিক মূল্যায়ন কৰি, এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে ৰাষ্ট্ৰই অধিক ধন বিনিয়োগ কৰিব লাগিব। মেলেৰিয়া প্ৰতিৰোধৰ বাবে যদি আজি ধন বিনিয়োগ কৰোঁ, তেন্তে ভৱিষ্যতে জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধন হ’ব, মেলেৰিয়াৰ চিকিৎসাত হোৱা খৰচ কমাব, উপাৰ্জনক্ষম ব্যক্তিৰ মৃত্যুৰ হাৰ আৰু মেলেৰিয়াৰ বাবে হেৰুৱাবলগীয়া DALY কমাই ৰাষ্ট্ৰৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। শেষত ক’ব পাৰোঁ যে মেলেৰিয়া প্ৰতিৰোধৰ বাবে যদি আজি ধন বিনিয়োগ কৰোঁ, তেন্তে ভৱিষ্যতে ই অকল জনসাধাৰণৰ স্বাস্থ্যৰে উন্নতি নকৰে, ই ৰাষ্ট্ৰৰ প্ৰগতি, অৰ্থনৈতিক উন্নতি সাধন মানৱ সম্পদৰ বিকাশ ঘটাব।

লিখক: ড° ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate