প্ৰতি বছৰে গ্ৰীষ্মকালত অসমত মেলেৰিয়া ৰোগে ভয়াবহ ৰূপ লয়। অসমৰ বিশেষ ভৌগোলিক স্থিতি, পৰিকল্পনাহীন নলা-নৰ্দমা, বানপানী, প্ৰবজন আদি কাৰণত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। কিন্তু সেয়ে হ’লেও মেলেৰিয়া ৰোগ অকল অসমৰে সমস্যা নহয়। পৃথিৱীৰ প্ৰায় এশখন দেশত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ আছে।প্ৰতিবছৰে তিনিশ নিযুতৰ পৰা পাচশ নিযুত পৰ্য্যন্ত মানুহ এই ৰোগত ভোগে আৰু তাৰে এক নিযুতৰো অধিক লোক মৃত্যুমুখত পৰে। ইয়াৰ ভিতৰত এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পঞ্চাশ বছৰৰ তলৰ লোকৰ সংখ্যাই সৰহ।
ৰোমান ভাষাত মেলেৰিয়াৰ অৰ্থ দূষিত বায়ু। ৰোমানসকলৰ ধাৰণা আছিল দূষিত বায়ুৰ পৰা মেলেৰিয়া ৰোগ হয়। পোন প্ৰথমে ১৮৮০ চনৰ মহৰ পৰা মেলেৰিয়া ৰোগ হোৱাটো ধৰা পেলায় এগৰাকী ফৰাচী চিকিৎসকে। ১৮৯৭ চনত ভাৰতীয় স্বাস্থ্যসেৱাৰ চিকিৎসক ৰ’নালড ছৰে ইয়াক দৃঢ়ভাৱে প্ৰতিপন্ন কৰে।
দৰাচলতে এনোফিলিছ প্ৰজাতিৰ মাইকী মহবোৰে এই ৰোগৰ প্ৰসাৰকৰ ভূমিকা লয়। মেলেৰিয়া ৰোগ সৃষ্টিৰ মূল কাৰণ Plasmodium falciparum আৰু P. Vivaz নামৰ পৰজীৱি প্ৰট’জোৱাসমূহ। মেলেৰিয়াত আক্ৰান্ত হোৱাৰ অৰ্থ হ’ল প্ৰ’টজোৱাবোৰে শৰীৰত বাহ লোৱা। ইহঁতৰ বাসস্থান হৈছে মানুহৰ যকৃত। ইয়াতে ইহঁতে কেইবাটাও স্তৰত বংশবৃদ্ধি কৰে। বাহ লোৱাৰ সাদিনমানৰ পিছত আক্ৰান্ত যকৃত কোষবোৰ ফাটি হাজাৰ হাজাৰ প্ৰ’টজোৱা নিৰ্গত হয়। তেতিয়াই ৰোগীৰ তীৰকপে জ্বৰ উঠে। সম্প্ৰতি প্লাজমডিয়াম ফেলছিপেৰাম নামৰ মেলেৰিয়া ৰোগ সৃষ্টি কৰিব পৰা প্ৰট’জোৱাৰ সম্পূৰ্ণ বংশগতি অনুক্ৰমণ কৰা হৈছে।
এই প্ৰট’জোৱাবিধৰ বিয়পোৱা ‘এনোফিলিছ গেম্বী’ শ্ৰেণীৰ মহৰো জেনম বা বংশগতি সম্পূৰ্ণৰূপে নিৰ্ণয় কৰা হৈছে। প্লাজম’ডিয়াম ফেলচিপেৰাম নামৰ প্ৰট’জোৱাৰ ৫২৬৮ টা বংশগতি আছে। বংশগতিৰ ফালৰ পৰা প্লাজম’ডিয়ামৰ প্ৰাণীকূলতকৈ উদ্ভিদৰ লগতহে সাদৃশ্য অধিক।
মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে।
ক) শীতল অৱস্থা: এই অৱস্থাটোত জাৰ জাৰ লগা ভাব, কঁপনি আৰু মূৰ কামোৰণিৰে আৰম্ভ হয়। ১৫ মিনিটৰ পৰা ১ ঘন্টা পৰ্য্যন্ত এনেদৰে চলিব পাৰে।
খ) উষ্ণ অৱস্থা: এই অৱস্থাত জ্বৰ ইমান বেছি হয় যে ৰোগীয়ে প্ৰচণ্ড উত্তাপ অনুভৱ কৰে আৰু তীব্ৰ মূৰ কামোৰণি হয়।
গ) ঘৰ্মাক্ত অৱস্থা: এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায়।
দিনত কেইবাবাৰকৈ একেৰাহে কেইবাদিনলৈ এনে লক্ষণে দেখা দিয়ে।
পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে। সাধাৰণতে আমাৰ দেশত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা যায়। এই তিনিবিধৰ ভিতৰতো দুবিধ হ’ল
১) ভাইভে’ মেলেৰিয়া (সাধাৰণবিধ মেলেৰিয়া)
২) ফেলচিপেৰাম মেলেৰিয়া (তীব্ৰবিধৰ মেলেৰিয়া)।
১৮৯৭ চনত যেতিয়া ৰ’নালড ৰ’ছ প্ৰথমবাৰৰ বাবে মহ আৰু মেলেৰিয়াৰ মাজৰ সম্পৰ্ক অৰ্থাৎ মহে কেনেকৈ এই ৰোগ বিয়পায়, মহ আৰু মানুহৰ দেহত মেলেৰিয়াৰ বীজাণুৰ জীৱন-বৃত্ত কেনেকৈ পৰিপূৰ্ণ হয় ইত্যাদি কথা তথ্য সহকাৰে প্ৰমাণ কৰি দেখুৱাইছিল; তেতিয়া সকলোৱে আশা কৰিছিল যে মেলেৰিয়া নিৰ্মূল হ’বলৈ হয়তো সৰহ দিন নেলাগিব। কিন্তু এই তথ্য আৱিষ্কাৰৰ এটা শতিকা পাৰ হৈ যোৱাৰ পিছতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ কমা নাই।
সাধাৰণভাৱে মেলেৰিয়া নিবাৰণৰ প্ৰধান উপায় দুটা-
১) মেলেৰিয়া সৃষ্টি কৰা পৰজীৱিবোৰ ধ্বংস কৰা আৰু
২) পৰজীৱি প্ৰসাৰক এনোফিলিছ মহবোৰ নিধন কৰা।
প্ৰট’জোৱাবোৰ নিধন কৰিবলৈ ঔষধ ব্যৱহাৰ কৰিব লাগে আৰু মহবোৰ নিধন কৰিবলৈ কীটনাশক ছটিয়াব লাগে।
প্ৰট’জোৱাবোৰ নিধন কৰিবলৈ যোৱা এটা দশকত বহুতো ঔষধ ওলাইছে আৰু মেলেৰিয়া ৰোগৰ চিকিৎসাত এইবোৰ বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে, এনেবোৰ ঔষধৰ বিৰুদ্ধে এই বীজাণুবোৰে সোনকালে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলে আৰু ঔষধৰ কাৰ্যক্ষমতা হ্ৰাস কৰি পেলায়। অতীজতে মেলেৰিয়াৰ ঔষধ হিচাবে কুইনাইন ঔষধেই যথেষ্ট আছিল। ইয়াৰ পিছত কুইনাইনতকৈ অধিক কাৰ্যক্ষম ক্লৰ’কুইন, কুইনত্ৰিন, প্ৰাইমাকুইন, মেফ্ল’কুইন, হেল’ফেন্ট্ৰিন, পাইৰ’নাৰিডিন, মেটাকেলফিন আদি ঔষধ উদ্ভাৱন কৰা হ’ল। সম্প্ৰতি ক্ল’ৰ’কুইনৰ ঠাইত ফান্সিডাৰ নামৰ ছালফাডাইন পিৰিমেথামিনৰ সংমিশ্ৰণ এটা দ্বিতীয় শাৰীৰ মেলেৰিয়া প্ৰতিষেধক ঔষধ হিচাবে হ’ব ধৰিছে।
১৯৭০ চনমানত চীনত এবিধ বনৌষধিৰ পৰা আৰ্টেমেছিনিন নামৰ এবিধ মেলেৰিয়া প্ৰতিষেধক ঔষধ প্ৰস্তুত কৰি উলিওৱা হৈছিল। মেলেৰিয়া ৰোগ নিবাৰণত এই ঔষধবিধ বহুলাংশে সফল হৈছে। ভাৰতবৰ্ষতো কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান, ঔষধি আৰু সুগন্ধি গছৰ ওপৰত গৱেষণা চলোৱা CIMP নামৰ প্ৰতিষ্ঠান আৰু আমাৰ অসমৰ যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ অৰিহণাৰে alpha-beta (a-b) arteether নামৰ ঔষধবিধ E-mal নামেৰে মেলেৰিয়া ৰোগৰ চিকিৎসাত সম্প্ৰতি ব্যৱহাৰ হ’বলৈ লৈছে।
আৰ্টেমেছিনিন ঔষধে অতি কম সময়তে মেলেৰিয়া দূৰ কৰে যদিও পাঁচদিনমান ঔষধ সেৱন কৰি ব্যৱহাৰ কৰিবলৈ এৰি দিলে পঞ্চাশ শতাংশ লোকৰ ক্ষেত্ৰত অসুখটো পুনৰ উক দিয়া দেখা যায়। কিন্তু আৰ্টেমেছিনিনক মেফ্ল’কুইনৰ লগত মিহলাই ব্যৱহাৰ কৰিলে ৰোগটো সম্পূৰ্ণ নিৰাময় কৰিব পাৰি। থাইলেণ্ডত এই প্ৰক্ৰিয়াৰে ৯০ শতাংশ ৰোগীক দ্বিতীয়বাৰ মেলেৰিয়া হোৱাৰ পৰা ৰক্ষা কৰা হৈছে।
ৰাষ্ট্ৰীয় মেলেৰিয়া নিৰ্মূলকৰণ আঁচনি
এই আঁচনিৰ জৰিয়তে জনসাধাৰণৰ মাজৰ পৰা মেলেৰিয়াৰ বীজাণু এনেদৰে আঁতৰ কৰিব বিচৰা হৈছে যাতে ৰোগ কঢ়িওৱা মহ থাকিলেও এই ৰোগ পুনৰাই দেখা দিব নোৱাৰে। মেলেৰিয়া নিৰ্মূলকৰণৰ কৌশল দুটা দিশৰ ওপৰত ভিত্তি কৰি ঠিক কৰা হৈছে।
(ক) মানুহৰ ঘৰ আৰু অন্যান্য ঠাইত ডি.ডি.টি. ছটিয়াই বা মেলাথিয়নৰ ধোঁৱা আদি দিয়া হয় যাতে সেই ঠাইত জিৰণি ল’বলৈ বহি থকা মহবোৰ মৰি যায় আৰু এনেকৈয়ে মেলেৰিয়া বিয়পাৰ ক্ষেত্ৰত বাধা দিব পাৰি।
খ) মেলেৰিয়া ৰোগী বিচাৰি ঘৰে ঘৰে অনুসন্ধান কৰা হয় আৰু তেনে ৰোগীক সম্পূৰ্ণ চিকিৎসা দিয়া হয় যাতে ৰোগ সংক্ৰমণৰ মানৱ ভাণ্ডাৰ নোহোৱা হয়।
হোমিঅ’ আৰু বায়োকেমিকত মেলেৰিয়া ৰোগৰ চিকিৎসাৰ বাবে বহুতো ঔষধ আছে। তাৰ ভিতৰত Cinchona বা China Officinalis অন্যতম। ইয়েই মেলেৰিয়াৰ প্ৰধানতম দৰৱ। China-Q বা Cinchona ৰ দুই টোপাল দুই চামুচ পানীৰ লগত মিহলাই মেলেৰিয়া অধ্যুষিত অঞ্চলৰ ৰাইজে বা মেলেৰিয়াত আক্ৰান্ত নোহোৱা অঞ্চলৰ ব্যক্তিসকলেও প্ৰতিদিনে এপালিকৈ দহ বাৰ দিন ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ উপৰিও বায়’কেমিকৰ Natrum Mur-12X ৰ বড়ি ডাঙৰে চাৰিটাকৈ, সৰুৱে দুটাকৈ প্ৰতিদিন সন্ধিয়া এপালি দহ-বাৰ দিন ব্যৱহাৰ কৰিব পাৰে। China-Q বা Natrum Mur-12X ব্যৱহাৰ কৰিলে পেট ভৰাই খাদ্যবস্তু গ্ৰহণ কৰিব নেলাগে। জ্বৰৰ প্ৰকোপ কমিলেহে ইয়াক প্ৰয়োগ কৰিব লাগে।
এই দুবিধ দৰবৰ বাহিৰেও মেলেৰিয়া ৰোগৰ বিভিন্ন লক্ষণৰ ওপৰত ভিত্তি কৰি নিম্নলিখিত দৰবসমূহ প্ৰয়োগ কৰা হয়।
Chininum Sulph-3X, Ipecae-6, Natrum Mur 12X or 30X, Gelsemium-30, Grindelia Robusta-12, Aranea diadema 12, Alstonia Scholaris-30, Menyanthes ইত্যাদি।
মেলেৰিয়া সদৃশ বা মেলেৰিয়া ৰোগ এক জীৱন ধ্বংসকাৰী ৰোগ যাক ইংৰাজীত ‘পাৰ্ণিচাচ’ বুলি কোৱা হয়। ই মেলেৰিয়া ৰোগৰ বাহ্যিক লক্ষণ। চিকিৎসকসকলে এনেদৰে নামকৰণ কৰিছে-
১) জাংগল ফিভাৰ।
২) ম্যালিগ্যান্ট ফিভাৰ।
৩) কঞ্জেষ্টিভ ফিভাৰ।
৪) ট্ৰপিকেল ফিভাৰ।
এনে ৰোগত ৰোগীৰ মস্তিস্ক আৰু হৃদযন্ত্ৰ ‘জঠৰ’ হৈ এক ভয়াবহ অৱস্থাৰ সৃষ্টি কৰে।
বৰ্তমান মেলেৰিয়া সদৃশ ৰোগটোক ইয়াৰ লক্ষণ অনুযায়ী এনেদৰে ভাগ কৰা হৈছে-
১) ক’মাটোজ।
২) ডিলিৰিয়াম।
৩) এল্জিড।
৪) কলিকোয়েটিভ।
৫) ইকটিৰাচ।
৬) হেমোৰেজিক।
ক’মাটোজ অৱস্থাত ৰোগীৰ মস্তিস্ক আক্ৰান্ত হয় আৰু জ্ঞানশূণ্য হৈ পৰি থাকে। নাকৰ পৰা ঘোৰ ঘোৰ শব্দ হয়। মূৰ বিষায় আৰু মূৰ ঘূৰায়। বেছি সময় জ্ঞানশূণ্য হৈ পৰি থাকিলে ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। এই ৰোগত সাধাৰণতে Opium-30, Rhus Tox-6, Kali Phos-6x, Ferrum phos-12x, Nux Vom-12 ব্যৱহাৰ কৰিব পৰা যায়।
‘ডিলিৰিয়াম’ ৰ ৰোগীৰ গাৰ উত্তাপ অতি বেছি হয় আৰু পাগলৰ দৰে ব্যৱহাৰ কৰে অথবা প্ৰলাপ বকে। পিছলৈ ৰোগী সম্পূৰ্ণ জ্ঞানশূণ্য হৈ তলকা মাৰি শুই থাকে। শেষত মৃত্যুমুখত পৰে। এনেধৰণৰ ৰোগত Belladona-30, Hysoscyamus-6, Kali Phos-3x দিব পাৰি।
‘ডায়েৰিক’ লক্ষণযুক্ত ৰোগীৰ কলেৰা ৰোগীৰ দৰে বমি, পেটৰ বিষ, পানী পিয়াহ লগা, ঠাণ্ডা ঘাম ওলোৱা, উশাহ-নিশাহত কষ্ট অনুভৱ কৰে। এনে ৰোগীক Arsenic A1-bum-30, Veratrum Album-12, Podophylum Peltatam-30, Bio-Comb-No-8, Liquid Enteron (এঘন্টাৰ মূৰে মূৰে ২ চামুচ পানীৰ লগত দহদিন) Mer,Cor-30 আদি ঔষধ ব্যৱহাৰ কৰা হয়।
‘এলজিদ’ লক্ষণত ৰোগীৰ গাৰ তাপ কমি গৈ হৃদযন্ত্ৰ আক্ৰান্ত হয়। হাত-ভৰি ঠাণ্ডা হৈ পৰে, উশাহত কষ্ট পায়। ঠাণ্ডা ঘাম ওলায় আৰু ধমনীৰ গতি কমি যায়। এনেকুৱা লক্ষণত সাধাৰণতে Veratrum Album-30, Carbo Veg-12, Comphor off-30, Menyanthes-30, Natrum Phos-6x, Ferrum phos-12x ব্যৱহাৰ কৰি ৰোগীক ৰক্ষা কৰিব পাৰি।
কলিকোয়েটিভ লক্ষণত সাধাৰণতে ৰোগীৰ ঘাম ওলাই থাকে। ঘাম ওলাই ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে। এনেকুৱা ৰোগীক China-30, Natrum Mur-30x, Phosphorus-6, Jaborandi-Q ব্যৱহাৰ কৰিব লাগে।
ইকটিৰাচ অৱস্থাত ৰোগীৰ জ্বৰ থাকিলে ৰোগীয়ে বৰকৈ ঠাণ্ডা অনুভৱ কৰে আৰু বমি হয়। চকু হালধীয়া হৈ পৰে, প্ৰস্ৰাৱ কম হয়, পায়খানা টান হয়। এনে লক্ষণযুক্ত ৰোগীক Broynia-6, Eupar, Perf-Q, Bio-Comb-II ব্যৱহাৰ কৰিব লাগে।
হেমোৰেজিক লক্ষণত ৰোগীৰ জ্বৰৰ লগতে ৰক্তস্ৰাব হয়। তেনেকুৱা অৱস্থাত নিম্নলিখিত দৰৱসমূহ ব্যৱহাৰ কৰিব লাগে।
Ipecae-6, Cactus-6, Hammametis-Q, Bio-Comb No-11, Ferrum Phos-12x, Kali phos-3x।
এইবোৰ চিকিৎসাৰ লগত Dextrose-I.V. চেলাইনো ৰোগীক দিব পাৰি। বহুতে ভবাৰ দৰে অন্য চিকিৎসা পদ্ধতিৰ সৈতে উল্লেখ কৰা চিকিৎসাবিলাক একেলগে প্ৰয়োগ কৰিলেও কোনো ধৰণৰ প্ৰতিক্ৰিয়া নহয়।
লেখিকা: ৰেবা বৰুৱা।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা