অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লিম্ফেটিক ফাইলেৰিয়াছিছ

লিম্ফেটিক ফাইলেৰিয়াছিছ

লিম্ফেটিক ফাইলেৰিয়াছিছ সাধাৰণতে এলফান্টিয়াছিছ নামেৰে জনা যায়। ই শৰীৰৰ বাবে অতি ক্ষতিকাৰক ৰোগ। এই ৰোগ সাধাৰণতে শিশুকালত বেছিকৈ হয়।

এই ভাইৰাছৰ প্ৰাপ্তবয়স্কবোৰে লাখ লাখ ক্ষুদ্ৰ, অপৈনত পলুৰ সৃষ্টি কৰে, যিবোৰক মাইক্ৰফাইলেৰিয়া বোলা হয়। এইবোৰে এক নিৰ্দিষ্ট সময়ৰ বাবে মানুহৰ তেজৰ লগত সঞ্চালন হৈ থাকে। এই পলুবোৰে ৪-৬ বছৰ জীয়াই থাকে আৰু এই সময়তে মাইক্ৰফাইলেৰিয়া জন্ম দিয়ে।

লিম্ফেটিক ফাইলেৰিয়াছিছ মহৰ কামোৰৰ মাধ্যমেৰে বিয়পে। মাইক্ৰফাইলেৰিয়া থকা লোকৰ তেজ শোহাৰ ফলত এইবোৰ ভাইৰাছ মহৰ গালৈ যায়। মহৰ দেহত এইবোৰ পৈনত হ’বলৈ ৭-২১ দিন সময় লাগে।

এইৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কাৰ বেছি?

যিসকল ব্যক্তিয়ে কেইবা মাহ বা বছৰ একেলেঠাৰিয়ে মহৰ কামোৰৰ মাজত বাস কৰে তেনেলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। এই ৰোগ অধ্যুষিত অঞ্চলত যিসকলে বেছি দিন থাকে তেওঁলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা সৰ্বাধিক। এই ৰোগৰ সংক্ৰমণ ৰাতি তেজ পৰীক্ষাৰে ধৰিব পৰা যায়।

এই ৰোগৰ লক্ষণ কি?

পৈনত পলুটো নমৰালৈকে সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ কোনো লক্ষণে দেখা নিদিয়ে। যদিও ৰোগটোৱে আক্ৰান্ত ব্যক্তিৰ মৃত্যু ঘটাব নোৱাৰে তথাপিও ই শৰীৰৰ লিম্ফ প্ৰক্ৰিয়া আৰু কিডনীৰ স্থায়ী ক্ষতি কৰিব পাৰে। যদি লিম্ফ প্ৰক্ৰিয়াই ঠিকমতে কাম নকৰে, তেন্তে পানীভাগ জমা হৈ হৈ হাত, বুকু আৰু ভৰি উখহি যায়। ইয়াক লিম্ফ’ডমা বোলা হয়। পুৰুষৰ জননঅংগও উখহি উঠিব পাৰে। ইয়াক হাইড্ৰ’চেল বোলা হয়। লিম্ফ প্ৰক্ৰিয়াই ঠিকমতে কাম নকৰাৰ ফলত শৰীৰে বিজাণুৰ বিৰুদ্ধে যুদ্ধ কৰাটো কষ্টকৰ হৈ পৰে। ফলত ছাল আৰু লিম্ফ প্ৰক্ৰিয়াত বেক্টেৰিয়া সংক্ৰমণ হোৱা দেখা যায়। ইয়াৰ ফলত ছালখন টান আৰু ডাঠ হৈ পৰে। ইয়াক এল’ফনটিয়াছিছ বোলা হয়।

এই ৰোগ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি?

স্থানীয়ভাৱে সকলো লোককে ঔষধ দিব লাগে যাতে এই পোকবোৰ ধ্বংস কৰিব পৰা যায়। মহ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। মহৰ কামোৰৰ পৰা আঁতৰি থাকি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। সন্ধিয়াৰ পৰা ৰাতিপুৱাৰ ভিতৰত এই মহে কামোৰে। এই ৰোগ অধ্যুষিত অঞ্চল থকা লোকসকলে তলৰ কথাবোৰ দৃঢ়ভাৱে মানি চলিব লাগে।

  • শুওঁতে আঠুৱা/ঔষধযুক্ত আঠুৱা ভালদৰে ব্যৱহাৰ কৰিব লাগে।
  • শৰীৰৰ আৱৰণ নথকা অংশত সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে মহ খেদা মলম ঘঁহিব লাগে।

এই ৰোগৰ চিকিৎসা কেনে ধৰণৰ?

যিসকল লোকৰ শৰীৰ পৈনত পোকৰ দ্বাৰা সংক্ৰমণ হয় তেওঁলোকে ডিইচি নামৰ এবিধ ঔষধ বছৰত এবাৰ গ্ৰহণ কৰিব পাৰে। ই তেজত সঞ্চালিত হৈ থকা মাইক্ৰ’ফাইলেৰিয়া মাৰি পেলায়। ই যদিও পৈনত পোকবিলাকক মাৰিব নোৱাৰে, তথাপিও ইয়াৰ ফলত আনৰ গালৈ আনৰ গালৈ এইৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়। পৈনত পোক মৰি যোৱাৰ পাছতো লিম্ফ’ডমা হ’ব পাৰে। লিম্ফ’ডমাই জটিল অৱস্থাৰ সৃষ্টি নকৰিবলৈ তলত উল্লেখ কৰা নিয়মবোৰ মানি চলা দৰকাৰ।

  • উখহি উঠা ঠাইবোৰ সদায় সাৱধানে চাবোনেৰে ধুৱা উচিত।
  • যিকোনো কটা ঘাঁত বেক্টেৰিয়ানাশক লগাব লাগে। ই বেক্টেৰিয়াৰ সংক্ৰমনৰ পৰা ৰক্ষা কৰিব।
  • উখহি উঠা হাত ভৰিৰ ব্যায়াম কৰিব লাগে যাতে পানীভাগ লৰচৰ কৰি থাকে।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate