বৰ্তমান কালত সমগ্ৰ বিশ্বতে কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ লগে লগে জনসাধাৰণৰ মাজতো এই ৰোগটো প্ৰতিৰোধ কৰাৰ বাবে সজাগতা বৃদ্ধি পাইছে। মানুহে বুজি পাইছে যে কৰ্কট ৰোগ হোৱা মানেই মৃত্যু নহয়। প্ৰাথমিক অৱস্থাত চিকিৎসা কৰিলে এই ৰোগৰ পৰা মুক্তি পাব পাৰি আৰু মানৱ শৰীৰত হোৱা প্ৰায় এক তৃতীয়াংশ কৰ্কট ৰোগেই প্ৰতিৰোধযোগ্য।
সাধাৰণতে মানুহৰ মাজত দেখা দিয়া সৰ্বমুঠ কৰ্কট ৰোগৰ মাত্ৰ পাঁচ শতাংশহে বংশগত। বাকী ৯৫ শতাংশৰে কাৰণ হ’ল আমাৰ জীৱন শৈলী, খাদ্যাভাসৰ অলপ সংশোধন ঘটাই কিছু সাৱধানতা অৱলম্বন কৰিলেই প্ৰতিৰোধ কৰিব পাৰি।
আমি জানো যে ধঁপাত সেৱন কৰা লোকৰ শৰীৰত বহুবিধ কৰ্কট ৰোগে দিব পাৰে। ধোঁৱাহীন ধঁপাত-চাধা, গুটখা, জৰ্দা, পাণমচলা আদি সেৱন আৰু ধঁপাত দন্তমঞ্জন হিচাপে ব্যৱহাৰৰ বাবে মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিংছ, পাকস্থলী আৰু অগ্ন্যাশয় আদিত কৰ্কট ৰোগ হয়। ধোঁৱাযুক্ত ধঁপাত-বিড়ি, চিগাৰেট, হোকা আদি সেৱনৰ ফলত হাওঁফাঁও আৰু শ্বাসনলীৰ কৰ্কট ৰোগ হয়।
মানুহে ইচ্ছা কৰিলেই এৰিব পৰা এই ধঁপাত সেৱন যদি বন্ধ কৰা যায়, প্ৰায় ২২ শতাংশ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।
তামোল-পাণ, চূণ আৰু চাধা আদি খোৱাৰ ফলত মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিংছ আদিত কৰ্কট ৰোগ হয়। অসমীয়া সমাজত তামোল-পাণৰ বহুল ব্যৱহাৰ আৰু প্ৰায় প্ৰতিজন অসমীয়াই তামোল-পাণ খায় খোৱা ৰীতি-নীতি বাদ দিলেও বহু পৰিমাণে কৰ্কট ৰোগ প্ৰতিৰোধ হ’ব।
শৰীৰৰ ওজন বৃদ্ধি, শাৰিৰীক শ্ৰমহীনতা, মেদবহুলতা, অতিপাত মাংস ভক্ষণ, অতিমাত্ৰা কেলৰিযুক্ত খাদ্য গ্ৰহণ, অতিমাত্ৰা জাংক ফুড গ্ৰহণ, শীতল পানীয় গ্ৰহণ, অতিমাত্ৰা মিঠাই আদি খোৱাৰ ফলত খাদ্যনলী, বৃহদান্ত্ৰ, মলভাণ্ডাৰ, মলদ্বাৰ, স্তন, বৃক্ক আৰু এণ্ডোমেট্ৰিয়াম আদিৰ কৰ্কট ৰোগ হ’ব পাৰে। প্ৰচুৰ পৰিমাণে গাহৰি, গৰু, ছাগলী, আৰু ভেড়া আদিৰ মাংস, সংৰক্ষিত পূৰ্ব প্ৰস্তুত খাদ্য খালে বৃহদান্ত, মলভাণ্ডাৰ আৰু মলদ্বাৰ আদিৰ কৰ্কট ৰোগ হোৱা দেখা যায়। সেয়েহে এনে বদ-অভ্যাসবোৰ বাদ দি শাৰিৰীক শ্ৰম, নিয়মিত ব্যায়াম কৰি শৰীৰৰ স্বাস্থ্যসন্মত ওজন সঠিক ৰাখি আমাৰ খাদ্যাভাসৰ অলপ পৰিৱৰ্তন কৰি পুষ্টিকৰ আহাৰ গ্ৰহণ, আঁহজাতীয় আহাৰ গ্ৰহণ, প্ৰচুৰ শাক-পাচলি আৰু ফল-মূল আদি খালে এই অংগবোৰৰ কৰ্কট ৰোগ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি। আজিকালি খাদ্য শস্য, শাক-পাচলিৰ খেতিত অনিয়ন্ত্ৰিতভাৱে আৰু প্ৰয়োজনতকৈ অধিক মাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব দিয়া দেখা যায়। তদুপৰি সম্প্ৰতি আমি গ্ৰহণ কৰিবলগীয়া হোৱা সকলো খাদ্য সামগ্ৰীয়ে নানা অপকাৰী ৰাসায়নিক ৰং, ধূলি, ইটাৰ গুড়ি, চাবোন, শিলগুটি, নানাবিধ শৰীৰৰ বাবে অপকাৰী ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য, সংযোজক আৰু সংৰক্ষক দি ভেজাল কৰা হয়। এনে ভেজাল খাদ্যৰ লগতে এই বিহবোৰ খোৱাৰ ফলতো আমাৰ শৰীৰত নানাবিধ কৰ্কট ৰোগে দেখা দিয়ে। যিমান পাৰি এনে খাদ্যবোৰ পৰিত্যাগ কৰিও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।
অত্যাধিক মদ্যপানৰ বাবে মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিংছ, খাদ্যনলী, লিভাৰ, অন্ত্ৰ, স্তন আৰু অগ্ন্যাশয় আদিৰ কৰ্কট ৰোগ হ’ব পাৰে। মদ্যপানৰ মাত্ৰা যিমানে বৃদ্ধি হয় এনেবোৰ কৰ্কট ৰোগ হোৱাৰ আশংকা সিমানে বাঢ়ি যায়। মদ্যপানৰ লগত যদি ধূমপানো কৰে, মুখগহ্বৰ, ওঁঠ, জিভা, ফেৰিছং, হাওঁফাঁও আৰু শ্বাসনলীৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বহুগুণে বৃদ্ধি পায়। লগতে যদি তামোল পাণো খায় তেন্তে আৰু বহুগুণে বাঢ়ে। সেয়েহে মাদক দ্ৰব্য আৰু এনে ৰাগিয়াল দ্ৰব্য সেৱন পৰিহাৰ কৰিলে এনেবোৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
মানৱ শৰীৰত সংক্ৰমণ কৰা নানাবিধ ভাইৰাছ আৰু পৰজীৱীয়েও কৰ্কট ৰোগ সৃষ্টি কৰে। হেপাটাইটিছ বি আৰু চি ভাইৰাছ সংক্ৰমণৰ বাবে যকৃতৰ কৰ্কট ৰোগ, হিউমেন পেপিলোমা ভাইৰাছে জৰায়ুৰ মুখৰ কৰ্কট ৰোগ, হিউমেন টি লিম্ফোছাইট ভাইৰাছে লিম্ফোমা, হেলিকোবেক্টাৰ পাইলোৰি বেক্টেৰিয়াই পাকস্থলীৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। ইয়াৰে বহুবিধ ভাইৰাছৰ (যেনে- হেপাটাইটিছ বি, হিউমেন পেপিলোমা ভাইৰাছ) বিৰুদ্ধে উপলব্ধ ভেকচিন দি এইবোৰে সৃষ্টি কৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। তদুপৰি এনে ভাইৰাছবোৰ আমাৰ দেহলৈ সংক্ৰমিত নহ’বৰ বাবে কৰিবলগীয়া কাৰ্যবোৰ ভালদৰে পালন কৰিও আমি এনেবোৰে কৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰো।
প্ৰদূষিত পৰিৱেশ, প্ৰদূষিত ধূলি বালি, ধোঁৱা আদিয়ে হাওঁফাওঁৰ কৰ্কট ৰোগ কৰিব পাৰে। সেয়েহে কল-কাৰখানা আৰু গাড়ী-মটৰে কৰিব পৰা প্ৰদূষিত পৰিৱেশৰ পৰা আঁতৰি থকা, মুখত মাস্ক আদি ব্যৱহাৰ কৰিও এইবোৰে কৰা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ৰ’দত ওলাই নগৈ, ওলালেও কাপোৰেৰে শৰীৰৰ ওলাই থকা অংশ ঢাকি ৰাখি অথবা উপযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰি ৰ’দত থকা আল্ট্ৰা ভায়োলেট ৰশ্মিৰ পৰা আমাৰ ছালখনক বচাই ৰাখিও আমি ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰো।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
‘মেলেৰিয়া’ বা ‘মেলেৰিয়াৰ সদৃশ’ৰোগৰ হোমিও আৰু বায়োক...
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।