কৰ্কট ৰোগৰ ফলপ্ৰসূ চিকিৎসাৰ বেলিকা কেম’থেৰাপীৰ ভূমিকাৰ বিষয়ে নকৈ দোহৰাৰ প্ৰয়োজন নাই। কেম’থেৰাপীৰে কৰ্কট ৰোগাক্ৰান্তৰ শৰীৰত বেজিৰ জৰীয়তে ‘চি’ ভিটামিন সুমুৱাই দিব পৰা যায় তেন্তে ৰোগীয়ে আৰু সোনকালে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰপৰা প্ৰাপ্ত তথ্যৰ আলমত কনছাছ বিশ্ববিদ্যালয়ৰ গৱেষক ডা: জেনী ড্ৰিছক’ৱে গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত এটি এন্দুৰৰ চিকিৎসা কেম’থেৰাপীৰ সমান্তৰালকৈ ভিটামিন ‘চি’ ৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰি লক্ষ্য কৰে যে টিউমাৰৰ বিকাশ বেচ ক্ষিপ্ৰগতিত ৰূদ্ধ হৈছিল। সমান্তৰালকৈ কৰ্কট কোষবোৰো তড়িৎ বেগেৰে নষ্ট হৈ যাবলৈ ধৰিছিল। এই পদ্ধতিৰে চিকিৎসা আগবঢ়োৱাৰ সবাতোকৈ ইতিবাচক দিশটো হ’ল এয়ে যে ভিটামিন ‘চি’ য়ে সুস্থ কোষৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। ডাঃ জেনী ড্ৰিছক’ৰ মতে মুখেৰে ভিটামিন ‘চি’ৰ খোৰাক ল’বলৈ দিলে সেয়া সিমান উপযোগী নহয় কিয়নো সেয়া প্ৰায় ক্ষেত্ৰতে পোনে পোনে শৰীৰৰপৰা বাহিৰ ওলাই যায়, কিন্তু বেজীৰ দ্বাৰা ভিটামিন ‘চি’ দিয়াৰ ব্যৱস্থা কৰিলে সেয়া শৰীৰে লগে লগে অৱশোষণ কৰি ল’ব পাৰে। ‘ছায়েঞ্চ ট্ৰেন্সলেচনেল মেডিচিন’ শীৰ্ষক পত্ৰিকাখনত এই সংক্ৰান্ত গৱেষণামূলক নিবন্ধটি প্ৰকাশ পাইছে।
লিখকঃ চন্দন কুমাৰ কলিতা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 7/13/2020
কৰ্কট ৰোগৰ বিষয়ে অধিক জানক