অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট ৰোগৰ সজাগতাৰ বিষয়ে কিছু পৰামৰ্শ

পোন্ধৰশ শতিকাত গেলেলিঅ’  আৰু নিউটনে দেখুৱাই যোৱা বাটেৰে জীৱ বিজ্ঞানৰ অনুসন্ধানৰ পৰিবেশ এটাৰ পশ্চিমৰ দেশসমূহত আৰম্ভণি হয়৷ তাৰেই পৰিণাম স্বৰূপে  হাৰ্ভে নামৰ বিজ্ঞানী এজনে  শৱচ্ছেদন  কৰি মানৱ দেহত ৰক্ত সঞ্চালন প্ৰণালী আবিস্কাৰ কৰে ১৬২৬ চনত৷ জিঅ’ভানি মৰগানি নামৰ  অইন এজন বিজ্ঞানীয়ে ১৭৬১ চনত এজন মৃত ৰোগীৰ শৱচ্ছেদন কৰি কৰ্কট ৰোগৰ বিষয়ে  প্ৰাৰম্ভিক  ধাৰণা এটা  দিবলৈ  সক্ষম হয়৷ ১৭৯৩ চনত  স্কটলেণ্ডৰ  চাৰ্জন জন হান্টাৰে ব্যক্ত কৰে যে অপাৰেচনৰ দ্বাৰা কৰ্কট ৰোগ  আতৰ কৰাটো সম্ভৱপৰ৷ তাৰ এশ বছৰৰ পিছত যেতিয়া এনাস্থেচিয়া বা সংজ্ঞাহৰণ ব্যৱস্থাৰ উন্নতি ঘটিল, তেতিয়া প্ৰথমটো মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ  অপাৰেচন কৰা হয়৷ ১৯শতিকাত মাইক্ৰস্কোপৰ আবিস্কাৰ হোৱাত  কৰ্কট ৰোগৰ  বিষয়ে ৰুডল্ফ ভিৰচো  নামৰ বিজ্ঞানী এজনে আৰু নতুন তথ্য সংযোজন কৰিলে৷

১৯৬১চনত  ভাৰতবৰ্ষত তেতিয়াৰ বোম্বাই চহৰত  ইণ্ডিয়ান কেঞ্চাৰ  চচাইটি গঠন হয়  আৰু চেন্ট জোচেফ  হস্পিতেলত কেন্সাৰৰ ৰোগ চিনাক্তকৰণ কেন্দ্ৰৰ  আৰম্ভণি কৰা হয়৷ ১৯৬২চনত বোম্বাইৰ টাটা মেমৰিয়েল কেন্সাৰ  হস্পিতেলে কৰ্কট ৰোগৰ  বিভিন্ন ট্ৰেইনিং আচনি আৰম্ভ কৰে৷ ৩নভেম্বৰ ১৯৪৭চনত ডিব্ৰুগড়ত  অসম মেডিকেল কলেজৰ  শুভাৰম্ভ হয়৷ আন আন ৰোগৰ লগতে ইয়াত  কৰ্কট ৰোগৰো চিকিৎসাৰ আৰম্ভণি হয়৷ পেথলজি বিভাগৰ  অধ্যাপক  ডা০ বংশীধৰ  বৰুৱাই কৰ্কট ৰোগৰ  চিনাক্তকৰণ আৰু অধ্যয়ণৰ ক্ষেত্ৰত  সুনাম  কঢ়িয়াই  আনিবলৈ সক্ষম হয়৷ ১৯৪৯-১৯৬০ ৰ  ( ১২বছৰ সময়ৰ) ভিতৰত  উত্তৰ-পূব  ভাৰতত হোৱা কৰ্কট ৰোগসমূহৰ তেওঁৰ এক বিস্তাৰিত   ৰিপৰ্ট ১৯৬৪চনৰ “কেন্সাৰ” নামৰ  জাৰ্ণেলত প্ৰকাশিত হয়৷ সেই তথ্য মতে এই অঞ্চলত নেজফেৰিন্ক্সৰ  পাইৰিফৰ্ম ফ’চাত সৰ্বাধিক  কৰ্কট ৰোগ হয়  আৰু ইয়াৰ পিছত আহে খাদ্যনলীৰ  কৰ্কট ৰোগ৷ খাদ্যাভাস আৰু জীৱন ধাৰণৰ পদ্ধতিৰ  কৰ্কট ৰোগৰ সৈতে থাকিব পৰা সম্ভাৱনালৈও প্ৰতিবেদনত আঙুলিয়াই দিয়া হয়৷

১৯৭৩ চনৰ ১৮ নভেম্বৰত  গুৱাহাটীত ডাক্তৰ  ভূবনেশ্বৰ  বৰুৱা কেঞ্চাৰ হস্পিতেল মুকলি হয় আৰু আজিলৈকে এই অনুস্থানে অঞ্চলটোলৈ  আগবঢ়োৱা অৱদান হ’ল  উল্লেখযোগ্য৷

শক্তিশালী আৰু বিখ্যাত আহোম ৰজা গদাধৰ সিংহৰ  খাদ্যনলীত কৰ্কট  ৰোগত  মৃত্যু ঘটিছিল বুলি  কৰবাত  পঢ়া ৰিনিকি-ৰিনিকি মনত পৰে৷  বুৰঞ্জীবিদ সকলে হয়তো সঠিক তথ্য দিব পাৰিব৷ ৱিকিপিডিয়াত  গদাধৰ সিংহৰ  চাৰে চৌদ্ধ বছৰ শাসন কৰাৰ পিছত ১৬৯৬ চনৰ  ফেব্ৰুবাৰীত  স্বাভাবিক মৃত্যু ঘটিছিল বুলি লিখা আছে৷

নিৰ্ভৰযোগ্য তথ্যমতে আমাৰ দেশত  প্ৰতি বছৰে ৩০ৰ পৰা ৬৯বয়সৰ ভিতৰৰ  ৮লাখ জন লোকৰ  কৰ্কট ৰোগত মৃত্যু ঘটে ৷ জীৱন ধাৰণৰ শৈলী আৰু আমাৰ  খাদ্যাভাসৰ  কৰ্কট ৰোগৰ  উৎপত্তিৰ সৈতে নিশ্চিত সম্বন্ধ আছে বুলি  বৰ্তমান বিশ্বৰ সকলো  বিজ্ঞানীয়ে একমত৷

আমাৰ জীৱন ধাৰণৰ শৈলী (লাইফ ষ্টাইল) আৰু  আমাৰ খাদ্যৰ কৰ্কট ৰোগৰ সৈতে সম্বন্ধ

বিশ্বৰ সমগ্ৰ বিজ্ঞানীসকলৰ আজি দ্বিমত নাই যে কৰ্কট ৰোগ  হ’ল  এবিধ  নন-কমিউনিকেবল লাইফ ষ্টাইলৰ লগত জড়িত ৰোগ৷ অৰ্থাৎ  সংক্ৰমণ নোহোৱা কিন্তু জীৱন ধাৰনৰ পদ্ধতিৰ লগত ওত:প্ৰোত  সম্বন্ধ  থকা ৰোগ ৷ মানুহ যিমানে বেচি শ্ৰম নকৰা এলেহুৱা হব, শৰীৰ মেদবহুল (Obese)হব, মদ খাব, ধূম্ৰপান কৰিব – সিমানে তেওঁৰ কৰ্কট ৰোগত ভোগাৰ সম্ভাৱনাও বৃদ্ধি পাব৷ সুস্বাস্থ্যৰ বাবে আমি দিনে অন্তত: ৩০মিনিট সময়  শাৰীৰিক  শ্ৰম  বা  ব্যায়াম নাইবা আসন কৰিব লাগে৷

বিপদজনক  আচৰণ আৰু অনিয়ন্ত্ৰিত  জীৱন শৈলী পৰিত্যাগ কৰক৷  ড্ৰাগছ (বিশেষকৈ য’ত বেজীৰ ব্যৱহাৰ হয়) সমূলি বাদ দিয়ক৷ উৎশৃঙ্খল  যৌন জীৱন এৰক ৷ একাধিক যৌন সংগীয়ে কেন্সাৰ ওপৰিও যৌন ব্যাধি আৰু এইডচ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷

মদ্যপানে কৰ্কট ৰোগৰ উৎপত্তি কেনেকৈ কৰে?

  • এলকহলৰ পৰা ওলোৱা এচিটেলডিহাইডে শৰীৰৰ বৃদ্ধিৰ বাবে লাগিয়াল পলিএমাইনৰ লগত  ৰাসায়নিক ক্ৰিয়া কৰি চেলৰ ডি এন এক নষ্ট কৰি কৰ্কট ৰোগৰ  উৎপত্তিত সহায় কৰে৷ সেইবাবে এলকহলক  এবিধ  কাৰচিন’জেন  অৰ্থাৎ কৰ্কট ৰোগ উৎপাদনকাৰী তত্ব বুলি গণ্য কৰা হয়৷
  • মদৰ পৰা পাকস্থলী, বৃহৎ আন্ত্ৰ, লিভাৰ, পেনক্ৰিয়াচ,বক্ষ, ডিঙি আৰু মূৰ অঞ্চলত কৰ্কট ৰোগ   হোৱা দেখা যায়৷
  • মদ টিউমাৰ কোষৰ বৃদ্ধিৰ সহায়ক হয়৷
  • মদে অধিক ধূম্ৰপানৰ আসক্তি জন্মায়৷
  • মদ্যপান যিমানে বেচি হব, সিমানে বেচি হব কৰ্কট ৰোগত ভোগাৰ সম্ভাৱনাও৷

ধপাতৰ অপকাৰিতা

ধপাত যি ধৰণেৰে ব্যৱহাৰ নকৰক কিয়  মূৰৰ  চুলিৰ পৰা ভৰিৰ নখলৈকে ই নানা ধৰণৰ  অনিষ্ট কৰে৷শৰীৰৰ কোনো এটা অংশ  ধপাতৰ অপকাৰিতাৰ  পৰা সাৰি নাযায়৷ আমাৰ দেশত  কৰ্কট ৰোগত হোৱা সমুদায় মৃত্যুৰ  পুৰুষৰ ক্ষেত্ৰত  ৫০% ৰ কাৰণ হ’ল ধপাত বা টবেকো ৷ মহিলাৰ ক্ষেত্ৰত  এই সংখ্যা হ’ল ২০%৷

মাতৃ দুগ্ধপানৰ  প্ৰয়োজনীয়তা

স্তনপান কৰোৱাটো কেবল শিশুৰ  বাবেই  নহয়  মাতৃৰ  বাবেও  এক পৰম উপকাৰী ক্ৰিয়া৷ ই মহিলা গৰাকীক বক্ষৰ  কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে৷মাতৃ দুগ্ধত থকা ট্ৰেইল(TRAIL) নামৰ কেঞ্চাৰ  প্ৰতিৰোধী তত্বই শিশুক ৰক্তজনিত লিউকেমিয়া আৰু আন   কৰ্কট ৰোগৰ ( Lymphoma, Nasopharyngeal Carcinoma)পৰা সুৰক্ষা দিয়ে৷

স্তনৰ কেঞ্চাৰত কিছু পৰিমানে (৫%) বংশগতিৰ  প্ৰভাৱ থাকে৷ BRCA1 আৰু BRCA 2  নামৰ দুবিধ ৰোগ সৃষ্টি কৰা  জিন চিনাক্ত কৰা হৈছে৷  আজিকালি  মহিলাই  চাকৰিৰ অজুহাতত বা ফিগাৰ বেয়া হোৱাৰ ভয়ত নিজ শিশুক  স্তনপানৰ পৰা বঞ্চিত ৰাখি নিজৰ লগতে সন্তানৰো অহিত  সাধিছে৷

বক্ষৰ কৰ্কট ৰোগৰ সম্ভাব্য কাৰকসমূহ এইবিলাক  : – ঘাইকৈ নিম্নলিখিত  লাইফষ্টাইলৰ পৰিবৰ্তন –

  • যি সকল মহিলাই প্ৰথম গৰ্ভধাৰণ ৩০বছৰৰ পিছত কৰে৷তেওঁলোকৰ  ৰোগৰ  সম্ভাৱনা বেচি৷ ইয়াৰ বিপৰীতে কম বয়সত একাধিক সন্তানৰ জননী হোৱা সকলৰ ৰোগৰ  সম্ভাৱনা কম৷
  • গৰ্ভনিৰোধক পিল খোৱাসকলৰ  ৰিস্ক বেচি৷
  • যিসকল মহিলাই জৰায়ুৰ অপাৰেচন কৰাৰ পিছত, নাইবা মেনোপ’জৰ অপকাৰিতাৰ হাত সাৰিবলৈ হৰমোন ব্যৱহাৰ কৰি থাকে – তেওঁলোকৰ বক্ষৰ কৰ্কট  ৰোগৰ  সম্ভাৱনা বেচি৷
  • মদ্যপান, ধূম্ৰপাণ , শাৰীৰিক   শ্ৰমবিমুখতা  আৰু মেদবহুলতা বক্ষৰ কৰ্কট  ৰোগৰ  কাৰক হব পাৰে৷
  • আৰু এটা সম্ভাব্য কাৰকৰ কথা চিকিৎসকসকলে ভাবিছে – বেচি ঘাম ওলোৱা বন্ধ কৰিবলৈ যি সকল মহিলাই  ঔষধ ব্যৱহাৰ কৰে, তেওঁলোকৰ  লিম্ফেটিকৰ প্ৰবাহ বাধাপ্ৰাপ্ত হৈ কৰ্কট ৰোগ হব পাৰে৷

গতিকে ৰোগ সম্বন্ধে সচেতনতাৰ  অতীব প্ৰয়োজন৷

৪০বছৰৰ ওপৰৰ প্ৰত্যেক গৰাকী মহিলাই  নিজৰ  স্তনৰ বিষয়ে সচেতন হোৱাটো বাঞ্চনীয়৷ সামান্য সন্দেহ হলেই অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ  লবলৈ কুন্ঠাবোধ কৰিব নালাগে -বিশেষকৈ পৰিয়ালত BRCA1, BRCA2 জিনৰ  প্ৰভাৱ থকাসকলে ৷সন্দেহ হলে চিকিৎসকে ডিজিটেল মেমোগ্ৰাম, আলট্ৰাচাউণ্ড নাইবা এম আৰ আই  কৰিব৷

কৰ্কট ৰোগ আৰু সংক্ৰমণৰ (Infection) সম্পৰ্ক

অধ্যয়নৰ পৰা গম পোৱা গৈছে যে সংক্ৰমণৰ পৰা  উৎপন্ন হোৱা কৰ্কট ৰোগীৰ মৃত্যুৰ হাৰ হ’ল ২২% ৷ এইচ  পাইলোৰিৰ পৰা পাকস্থলীৰ  কৰ্কট ৰোগ, হিউমেন পেপিলমা ভাইৰাচৰ পৰা জৰায়ুমুখৰ  কৰ্কট ৰোগ, হেপাটাইটিচ বি আৰু চিৰ সংক্ৰমণৰ পৰা লিভাৰ আৰু গলব্লাডাৰৰ কৰ্কট ৰোগ, এইচ আই ভি ভাইৰাচৰ পৰা কেপ’চি চাৰক’মা, এবষ্টিন বাৰ ভাইৰাচৰ পৰা হজকিনচ লিম্ফোমা আদি হব পাৰে৷ আফ্ৰিকা মহাদেশত চিষ্টচমিয়া নামৰ  পৰাশ্ৰয়ী জীৱই  মূত্ৰাশয়ৰ  কৰ্কট ৰোগ কৰা  দেখা যায় ৷

পুৰুষৰ  প্ৰষ্টেটৰ কৰ্কট ৰোগৰ সহজ চিনাক্তকৰণৰ বাবে তেজত PSA (Prostate Specific Antigen) পৰীক্ষা কৰিব লাগে৷ সাধাৰণতে PSA ৪ৰ তলত থাকে ৷ ৪ৰ পৰা ১০ৰ ভিতৰত হলে ২৫%  কৰ্কট ৰোগৰ সম্ভাৱনা, ১০ৰ ওপৰত PSAহলে ৬৭% কৰ্কট ৰোগৰ  সম্ভাৱনা দেখা যায়৷ ইয়াৰ ওপৰিও  চিকিৎসকে ব্যক্তিজনৰ  প্ৰষ্টেটক  শৌচদ্বাৰেদি পৰীক্ষা কৰি চাব৷

ক’লন  অৰ্থাৎত বৃহৎ আন্ত্ৰৰ কৰ্কট  ৰোগ  সহজে ধৰা পেলাবলৈ ৫০ৰ ওপৰ বয়সৰ পুৰুষ- মহিলা উভয়ে প্ৰতি ৫বছৰৰ মূৰে মূৰে চিটি ক’লনস্কপি,ফ্লেস্কিব’ল  চিগময়দস্কপি,বেৰিয়াম এনেমা এস্কৰে কৰি থকা ভাল বুলি বিশেষজ্ঞসকলে পৰামৰ্শ  দিয়ে৷

পিত্তৰ  কৰ্কটৰোগ ৰোধ কৰিবলৈ হলে পিত্তত পাথৰ  হোৱা ধৰা পৰিলে তাক  ৰাখি নথৈ পৰাপক্ষত  অপাৰেচন কৰি আতৰাই পেলাব৷ একেদৰে জিভা-মুখৰ ঘা,পাকস্থলীৰ ঘা আদিৰ উপযুক্তচিকিৎসা পলম নকৰি লোৱাটো বাঞ্চনীয়৷ মনত ৰাখিব যি কোনো ক্ৰনিক অৰ্থাৎপূৰণা  ইৰিটেচন বা ঘৰ্ষণৰ পৰা কৰ্কট ৰোগ এসময়ত হবগৈ পাৰে৷

Carcinogen অৰ্থাৎ কৰ্কট ৰোগৰ  উৎপত্তিত অৰিহনা যোগোৱা তত্বসমূহৰ বিষয়ে :

কাৰচিন’জেন হ’ল যি কোনো এনে পদাৰ্থ  যাৰ প্ৰভাৱৰ  ফলত কেন্সাৰৰ  উৎপত্তি হব পাৰে৷ বিজ্ঞানীসকলে প্ৰকৃতিত কমেও ৪০বিধ  কাৰচিন’জেন চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷তাৰে কিছুমান  হ’ল – ধপাত,মদ,গামা-ৰে, ৰেডিয়েচন,এচবেচষ্টচ, আৰ্চেনিক,এচপাৰগিলাচ ফ্লেবাচ  নামৰ ফাংগাচ, প্লাষ্টিক আৰু পিভিচিৰ  পৰা ওলোৱা ধোঁৱা, ক’লটাৰ,কেডমিয়াম,নিকেল, ভিনাইল ক্লৰাইড, হেস্কাভেলেন্ট  ক্ৰমিয়াম, বেঞ্জিন, ইথিলিন  অক্সাইড আদি৷

কেডমিয়াম মেটেলিক পেইন্টত, বেটেৰীত, হালধীয়া কৃত্ৰিম ৰঙত ব্যৱহৃত হয়৷ ইয়াৰ পৰা  প্ৰষ্টেটৰ  কৰ্কট ৰোগ হয়৷ এডেচিভত প্ৰয়োগ হোৱা ভিনাইল ক্লৰাইডৰ পৰা হয় লিভাৰৰ কৰ্কট ৰোগ৷ হাওঁফাওঁৰ কৰ্কট ৰোগ কৰিব পৰা হেস্কাভেলেন্ট  ক্ৰমিয়াম ফুড প্ৰিজাৰভেটিভ হিচাপে ব্যৱহাৰ হয়৷  আকৌ  ইথিলিন  অক্সাইড কেচা ফল  কৃত্ৰিমভাবে পকাবলৈ  ব্যৱহাৰ হয়৷ ইথিলিন  অক্সাইড মেডিকেলৰ সা-সৰঞ্জামৰ  ষ্টেৰিলাইজেচনতো প্ৰয়োগ হয়৷ বেঞ্জিন  ব্যৱহাৰ হয় ড্ৰাইক্লিনিং, ৰঙৰ  চলভেন্ট, প্ৰিন্টিং আদিত- ই ঘাইকৈ ৰক্তজনিত কৰ্কট ৰোগ কৰে৷ দূষিত পানীত থকা আৰ্চেনিকে ছালৰ,তেজৰ আৰু হাওঁফাওঁৰ   কৰ্কট ৰোগ কৰা দেখা যায়৷ এচবেচষ্টচৰ পৰা হাওঁফাওঁৰ কৰ্কট ৰোগ হয় বুলি প্ৰমাণিত হৈছে৷

বায়ুমণ্ডল দূষিত কৰা যান-বাহনৰ ধোঁৱা, কল-কাৰখানাৰ ধোঁৱা, জেনেৰেটৰ বা আন যন্ত্ৰপাতিৰ পৰা নিৰ্গত হোৱা ধোঁৱাত  প্ৰচুৰ পৰিমানৰ  কাৰচিন’জেন থাকে৷ আনহাতে আমি দৈনিক ব্যৱহাৰ কৰা হেয়াৰডাই,কচমেটিক আদিও এই  দিশত নিৰাপদ নহয়৷

আকৌ মন কৰক ‘এক্ৰিলামাইড’ নামৰ  কাৰচিন’জেনৰ  সৃষ্টি হয় – কাৰ্বোহাইড্ৰেটযুক্ত  ফাষ্টফুড  যেনে আলুফ্ৰাইড চিপচ, ফ্ৰেন্স ফ্ৰাই আদিক  বাৰে বাৰে অধিক তাপমাত্ৰাত গৰম কৰিলে৷ এচপাৰটেম বা আন চুগাৰফ্ৰি কৃত্ৰিম মিঠা স্বাদ উৎপন্ন কৰা সকলোবোৰ ৰাসায়নিক পদাৰ্থৰ কোনোবিধেই মুঠেই নিৰাপদ নহয়৷ এইবিলাকে কেন্সাৰৰ ওপৰিও  আন  ক্ৰনিক  জটিল ৰোগ কৰিব পাৰে৷

অসমীয়া খাদ্যাভাসত সতৰ্কতা ল'বলগীয়া দুটি বিষয়

তামোল-পান অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ৷ ইয়াৰ দৈনন্দিন ব্যৱহাৰ আমি সকলোৱে জানো৷ কিন্তু নাজানোযে তামোলখন কেন্সাৰ কৰিব পৰাকৈ বিপদজনক তেতিয়াহে হয় যেতিয়া তাত চূণ মিহলোৱা হয়৷ ধপাত, মানচাদা আদি লগ লগালে বিপদৰ মাত্ৰা আৰু বাঢ়ে৷

আন এটি আমাৰ প্ৰিয়  খাদ্য  হ’ল-কলখাৰ৷ অতিমাত্ৰা কলখাৰ ব্যৱহাৰ  স্বাস্থ্যৰ  অহিতকাৰী হ'ব পাৰে৷  কলখাৰ হ’ল অতিকৈ খাৰুৱা (যাৰ পি এইচ  ১১ৰ পৰা ১২)৷ বেচিকৈ কলখাৰ ব্যৱহাৰ কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগ হব পাৰে বুলি বিজ্ঞানীসকলে আশংকা ব্যক্ত কৰিছে৷

ভেকচিন আৰু কৰ্কট ৰোগ

হেপাটাইটিচ-বি, হিউমেন পেপিলমা ভাইৰাচ  আৰু যক্ষ্মাৰ  বাবে দিয়া বিচিজিৰ  প্ৰতিৰোধক ছিটাই কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজাত সহায়ক প্ৰতিফলিত হৈছে৷

বৰ্তমান তামিলনাডুৰ আডিয়াৰত কেন্সাৰৰ ভেকচিন  বনাবলৈ প্ৰচেষ্টা চলি আছে ৷ ইতিমধ্যে লেবৰেটৰী জন্তুৰ ওপৰত  ভেকচিনৰ প্ৰযোগ কৰি আশাপ্ৰদ সুফল দেখা গৈছে৷  ভাৰত চৰকাৰৰ   ড্ৰাগছ   কন্ট্ৰলাৰ  আৰু ইথিকেল কমিটিয়ে মানুহৰ ওপৰত এই ভেকচিনৰ প্ৰযোগ কৰিবলৈ অনুমতি দিছে৷

ভাৰতত হোৱা বিভিন্ন গবেষনা আৰু পৰ্য্যবেক্ষণৰ  পৰা তলত লিখা কথাখিনি অতি লক্ষ্যনীয় :

  • নিৰামিষ খাদ্য আমিষৰ তুলনাত নিৰাপদ ৷
  • ৰঙা মাংস, বীফ, মটন, পৰ্ক আদিৰ তুলনাত চৰাইৰ (Poultry) মাংস কম অহিতকাৰী৷
  • টুনা, চলমান ফিচ জাতীয় মাছত স্বাস্থ্যৰ উপকাৰী অমেগা-৩ নামৰ তত্ব থাকে – গতিকে খোৱা উচিত৷
  • সাগৰীয় মাছৰ  বাহিৰে অলিভ অইল, আখৰোট, ব্ৰুকলি, আভাকাডু নামৰ ফল, বাদাম জাতীয় শস্যত  অমেগা-৩ থাকে ৷ অমেগা-৩ৰ আন উপকাৰিতা হ’ল তেজৰ কলেষ্টৰল আৰু আন  চৰ্বি হ্ৰাস কৰা, মস্তিষ্কৰ বিকাশ  ঘটোৱা,বাত বিষৰ  উপশম কৰা আদি৷
  • হালধিত শৰীৰৰ উপকাৰী এন্টিঅক্সিডেন্ট, বিষহৰণকাৰী আৰু কেন্সাৰ প্ৰতিৰোধকাৰী তত্ব থাকে৷
  • অতিমাত্ৰা ৰঙা জলকীয়াই পাকস্থলীৰ কৰ্কট ৰোগ কৰিব পাৰে৷
  • দৈনিক খাদ্যত শাক-পাচলি, ফলমূল প্ৰচুৰ  পৰিমাণে ব্যৱহাৰ কৰি, লগতে  অহিতকাৰী খাদ্য গ্ৰহণ নকৰি  শৰীৰক বিভিন্ন কেন্সাৰ আৰু অন্যান্য জটিল ৰোগৰ পৰা বচাই ৰখাটো সম্ভৱপৰ৷

লিখক: ডা: ভূপেন শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate