অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিলাহীৰ গুণ

বিলাহীৰ গুণ

প্ৰতিদিনৰ খাদ্য তালিকাত বিলাহীকৈ ঠাই দি পুৰুষসকলে প্ৰ’টেষ্ট কৰ্কট ৰোগ হোৱাৰ পৰা হাত সৰাৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিব পাৰে। উল্লেখ্য যে বিশ্বৰ কৰ্কট ৰোগীৰ ভিতৰত প্ৰ’টেষ্ট কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা দ্বিতীয় সৰ্বাধিক। ব্ৰিটেইনত প্ৰতিবছৰে প্ৰায় ৩৫০০০ জন ব্যক্তি এই ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় ১০০০০ জনে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। এই বৃহৎ জন হানিৰ প্ৰতি দৃষ্টি ৰাখিয়েই ব্ৰিটেইনৰ ব্ৰিষ্টল ইউনিভাৰ্ছিটীৰ গৱেষকৰ এটি দলে কৰ্কট ৰোগ ৰোধত বিলাহীৰ ভূমিকা সন্দৰ্ভত অলপতে এটি গৱেষণা সম্পন্ন কৰে। ৫০-৬৯ বছৰ বয়সৰ কুৰি হাজাৰ ব্যক্তিক সামৰি কৰা গৱেষণাৰ জৰিয়তে গৱেষকগণে জানিব পাৰে যে নিয়মিত ৰূপত বিলাহী খোৱাসকলৰ প্ৰ’টেষ্ট কৰ্কট ৰোগ হোৱাৰ আশংকা ২০ শতাংশ পৰ্য্যন্ত হ্ৰাস পায়। গৱেষকগণৰ মতে বিলাহীত কৰ্কট ৰোগ প্ৰতিৰোধী এন্টি অক্সিডেন্ট লাইক’পেন প্ৰচুৰ মাত্ৰাত থাকে। এই লাইক’পেনে ডি এন এ আৰু কোষসমূহৰ ক্ষতি ৰোধ কৰে। গৱেষকৰ দলটোৱে বিলাহীৰ সমান্তৰলৈ কৰ্কট ৰোগ ৰোধক ছেলেনিয়াম-যি আটাৰ পৰা প্ৰস্তুত খাদ্য দ্ৰব্য আৰু কেলচিয়ামৰ যি দুগ্ধজাত পদাৰ্থত ভৰপুৰ মাত্ৰাত থাকে) প্ৰভাৱৰ বিষয়েও অধ্যয়ন কৰে। অধ্যয়নৰ পৰা তেওঁলোকে জানিব পাৰে যে এই তিনিও প্ৰকাৰৰ খাদ্য পদাৰ্থ যিসকলে নিয়মীয়াকৈ পৰ্য্যাপ্ত পৰিমাণে গ্ৰহণ কৰে তেনে লোকৰ প্ৰ’টেষ্ট কৰ্কট ৰোগ হোৱাৰ আশংকা ভালেখিনি হ্ৰাস পায়।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate