অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যকৃত কেন্সাৰৰ পৰা হাত সাৰি থাকিবলৈ অভ্যাস সলনি কৰক

যকৃত কেন্সাৰৰ পৰা হাত সাৰি থাকিবলৈ অভ্যাস সলনি কৰক

কিছুমান বেয়া অভ্যাসৰ বাবে প্ৰতিদিনে আমাৰ যকৃতটোৰ মাৰাত্মক ক্ষতি হৈ আছে। এনেবোৰ অভ্যাসৰ বাবেও বহুতৰে যকৃত অকাজী হৈ পৰাৰ দৰে মাৰাত্মক সমস্যাত ভোগে। বহুতেই জানি বুজি আৰু বহুতেই নজনাকৈ এনে অভ্যাসবোৰৰ দ্বাৰা শৰীৰৰ এনে গুৰুত্বপূৰ্ণ অভ্যাসবোৰৰ ক্ষতি কৰি আছে। তলত এনে অভ্যাসৰ বিষয়ে উল্লেখ কৰা হ’ল:

১) নিশা দেৰিকৈ শোৱা আৰু পুৱা দেৰিকৈ শোৱাৰ পৰা উঠা এই দুয়োটা কাৰ্য্যৰ দ্বাৰাই যকৃতৰ ক্ষতিসাধন হয়। কাৰণ ইয়াৰ ফলত গোটেই শাৰিৰীক প্ৰক্ৰিয়াটোৱে ওলোটা ধৰণে পৰিচালিত হ’বলৈ বাধ্য হয় আৰু ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰে যকৃতৰ ওপৰত।

২) বহুলোকে শোৱাপাটীৰ পৰা উঠাৰ এলাহতে পেচাৱৰ ভাৱ আহিলেও জোৰ কৰি বন্ধ কৰি ৰাখে। ইয়াৰ ফলত যকৃতৰ ওপৰত অত্যাধিক চাপ পৰে আৰু লাহে লাহে যকৃতে স্বাভাৱিক কৰ্ম ক্ষমতা হেৰুৱাই।

৩) অতিৰিক্ত খাদ্য গ্ৰহণেও যকৃতৰ ক্ষতি কৰে। বহুতেই আকৌ বহু সময় ধৰি একো নোখোৱাকৈ থাকি একেবাৰতে অত্যাধিক আহাৰ গ্ৰহণ কৰা দেখা যায়। ফলত হঠাতে যকৃতৰ ওপৰত অধিক হেঁচা পৰে। আৰু ইয়াৰ ফলতেই যকৃত অকাজী হোৱাৰ আশংকাই দেখা দিয়ে।

৪) ৰাতিপুৱা সঠিক পৰিমাণৰ খাদ্য গ্ৰহণ নকৰাটোও যকৃত নষ্ট হোৱাৰ মূল কাৰণ। অধিক সময় ধৰি একো নোখোৱাকৈ থকাৰ ফলত শৰীৰৰ বিভিন্ন অংগৰ লগতে যকৃতৰো কৰ্ম ক্ষমতা হ্ৰাস পায় আহে।

৫) যকৃত নষ্ট হোৱাৰ আন এটা কাৰণ হ’ল বিভিন্ন ঔষধ সেৱন কৰা। বিশেষকৈ বিষ নিৰোধক ঔষধ অতিৰিক্ত পৰিমাণত গ্ৰহণ কৰিলে ই যকৃতৰ কৰ্ম ক্ষমতাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। আনহাতে, বিভিন্ন ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও যকৃত ক্ষতিগ্ৰস্থ হয়।

৬) ৰাসায়নিক দ্ৰব্য সমৃদ্ধ যিকোনো সামগ্ৰীয়ে যকৃতৰ বাবে মাৰাত্মক ক্ষতিকাৰক। কিন্তু মুখৰ সোৱাদৰ বাবেই আমি বিভিন্ন ধৰণৰ এনে ৰাসায়নিক দ্ৰব্য খাদ্য সংৰক্ষক, খাদ্যৰ কৃত্ৰিম ৰং, কৃত্ৰিম চেনি আদিবোৰ বিভিন্ন খাদ্যৰ সৈতে গ্ৰহণ কৰোঁ। যকৃত নষ্ট হোৱাৰ ই এক অন্যতম কাৰণ।

৭) ভেজাল তেল আৰু অতিৰিক্ত তেলযুক্ত খাদ্য যকৃতৰ বাবে অতি মাৰাত্মকভাৱে ক্ষতিকাৰক। একেখিনি তেলতে বিভিন্ন সামগ্ৰী ৰান্ধিবলৈ ব্যৱহাৰ কৰা বা পুৰণি তেল ব্যৱহাৰ কৰি ৰন্ধা খাদ্যই যকৃতৰ স্বাভাৱিক কৰ্মক্ষমতা লাহে লাহে লুপ্ত কৰি আনে।

৮) অত্যাধিক কেঁচা খাদ্য গ্ৰহণ কৰাটো যকৃতৰ বাবে ক্ষতিকাৰক। উদাহৰণস্বৰূপে, যদিহে আপুনি অত্যাধিক পৰিমাণৰ কেঁচা ফল-মূল বা শাক-পাত খায় তেন্তে এইবোৰ হজম কৰিবলৈ পৰিপাক তন্ত্ৰই অতিৰিক্তভাৱে কাম কৰিব লগা হয়। ইয়াৰ ফলত যকৃতৰ ওপৰত অত্যাধিক হেঁচা পৰে।

৯) অত্যাধিক পৰিমাণে মাদক দ্ৰব্য সেৱন কৰাটো যকৃত নষ্ট হোৱাৰ এটা মূল কাৰণ। এলক’হলৰ ক্ষতিকাৰক উপাদানবোৰে যকৃতক মাৰাত্মকভাৱে ক্ষতিসাধন কৰে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate