অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তন কেন্সাৰ

স্তন কেন্সাৰ

মহিলাসকলৰ ক্ষেত্ৰত হব পৰা কেন্সাৰৰ ভিতৰত স্তন কেঞ্চাৰেই বেছিকৈ হয় আৰু কেন্সাৰত মৃত্যু হোৱা মুঠ মহিলাৰ ভিতৰত স্তন কেন্সাৰতেই আটাইতকৈ বেছি। মহিলাৰ জীৱন কালছোৱাৰ ভিতৰত স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা ১-৯ শতাংশ।

লক্ষণ

  • স্তনত মাংসপিণ্ডৰ সৃষ্টি হোৱা।
  • স্তনৰ মুখেৰে ক্ষৰণ।
  • স্তনৰ মুখ ঘূৰি যোৱা
  • স্তনৰ মুখ ৰঙা পৰা আৰু বিষ হোৱা।
  • স্তন ডাঙৰ হৈ যোৱা।
  • স্তনৰ সংকোচন।
  • স্তন টান হৈ পৰা।
  • হাড়ৰ বিষ।
  • পিঠিৰ বিষ।

সম্ভাব্য বিপদ

  • পৰিয়ালত কাৰোবাৰ যদি স্তন কেন্সাৰ আছে বা আছিল। সাধাৰণতে নিকট আত্মীয়ৰ।
  • বয়স বৃদ্ধিৰ লগে লগে সম্ভাৱনাও বৃদ্ধি পায়।
  • আগতে যদি জৰায়ুৰ কেন্সাৰ হৈছিল।
  • আগতে যদি স্তন কেন্সাৰ হৈছিল বা স্তনৰ আন কিবা ৰোগ আছিল।
  • জিনৰ কিবা অস্বাভাৱিকতা থাকিলে (সম্ভাৱনা কম)।
  • ঋতুমতী ১২ বছৰ বয়সৰ আগতে হ’লে।
  • ৫০ বছৰৰ আগতে ঋতুচক্ৰ বন্ধ হ’লে।
  • সন্তান নথকা মহিলা।
  • মাদক দ্ৰব্য, খাদ্যত অত্যাধিক চৰ্বী, বেছি আঁহযুক্ত খাদ্য, ধুমপান, মেদবহুলতা আৰু আগতে ডিম্বাশয় বা কল’নত কেন্সাৰ হ’লে।

চিকিত্সা

  • তিনিটা মুখ্য কাৰকৰ ওপৰত স্তন কেন্সাৰ চিকিত্সা নিৰ্ভৰ কৰে।

১) মহিলাগৰাকীৰ ঋতুচক্ৰ বন্ধ হৈছেনে নাই।

২) স্তন কেন্সাৰ কিমান বিয়পিছে।

৩) স্তন কেন্সাৰৰ কোষৰ প্ৰকাৰ।

  • স্তন কেন্সাৰ কিমান বিয়পিছে তাক তলত দিয়া ধৰণে বুজা যায়

১) স্তনৰ কোন খিনিত হৈছে।

২) কি হাৰত কেন্সাৰ লিম্ফএডত’ বিয়পিছে।

৩) স্তনৰ মাংসপেশীৰ ভিতৰলৈ কেন্সাৰৰ বিস্তাৰ।

৪) আনটো স্তনলৈ কেন্সাৰৰ বিস্তাৰ।

৫) শৰীৰৰ আন অংগলৈও কেন্সাৰৰ বিস্তাৰ যেনে, হাড়, মগজু।

  • কোষৰ প্ৰকাৰ ভেদে অধিক আক্ৰমণাত্মক আৰু কম আক্ৰমণাত্মক হয়। ইয়াৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি চিকিত্সাৰ ফল পোৱা যায়।

ওপৰৰ সকলো কাৰক চালিজাৰি চাই চিকিত্সকে সিদ্ধান্ত লব পাৰে:

  • বিকিৰণ পদ্ধতি ব্যৱহাৰ কৰি বা নকৰি কেন্সাৰৰ কোষ আৰু কাষৰ সকলো পেশী আঁতৰাই পেলোৱা হব।
  • সম্পূৰ্ণ স্তনটো কাটি আঁতৰাই পেলোৱা হব।

প্ৰতিৰোধ

  • প্ৰতিমাহে নিয়মীয়াকৈ নিজে স্তন পৰীক্ষা কৰা।
  • বছৰত এবাৰকৈ চিকিত্সকৰদ্বাৰা স্তন পৰীক্ষা কৰোৱা।
  • পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা।

স্তন কেন্সাৰ হোৱা বুলি সন্দেহ হ’লে পলম নকৰি চিকিত্সকক দেখুৱাব লাগে। স্তন কেন্সাৰ হোৱাৰ লগে লগে চিকিত্সা কৰিলে এইৰোগ ভাল কৰিব পৰা যায়। পলম হ’লে মৃত্যুও হব পাৰে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate