অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অকালতে দাঁত সৰাৰ কাৰণ

অকালতে দাঁত সৰাৰ কাৰণ

দাঁত ভালে থকা অৱস্থাত কোনেও দাঁতৰ যত্নৰ কথা মনত নেপেলায়। কিন্তু কোনো আগজাননী নিদিয়াকৈ যেতিয়া এটাৰ পাচত এটা দাঁত বেয়া হ’বলৈ ধৰে বা সৰিব ধৰে তেতিয়াহে আমি সকলোৱে ডাক্তৰক মনত পেলাওঁ। দাঁত শৰীৰৰ অতি গুৰুত্বপূর্ণ অংগ। ভালে থকা অৱস্থাতে ইয়াৰ সঠিক যত্নৰ প্ৰয়োজন। দাঁত ভালে ৰখাৰ বাবে কেইটিমান সাধাৰণ কিটিপ।

যিকোনো খাদ্য খোৱাৰ পাচত দাঁত ভালদৰে মাজিব বা ব্রাছ কৰিব লাগে। তদুপৰি মনটো সদায় ভালে ৰখাৰ যত্ন কৰিব লাগে। হয় মনৰ লগত দাঁতৰো সম্পর্ক আছে। আপোনাৰ মন ভালে থাকিলে দাঁতো অক্ষত অৱস্থাত থাকিব। মনৰ অৱসাদে আপোনাৰ প্ৰিয় দাঁতবোৰ কম বয়সতে সৰাই পেলাব পাৰে। এই দাবী আমেৰিকাৰ ডেন্টেল এছ’চিয়েচনৰ ডাক্তৰ মাথু মেচিনাৰ। তেওঁ কৈছে যে অতিৰিক্ত মানসিক অৱসাদ, অকালতে দাঁত সৰি যোৱাৰ অন্যতম কাৰণ। অৱশ্যে আপুনি এতিয়াই এই বিষয় লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। ৰাতিটোৰ ভিতৰতে মনৰ অৱস্থাই দাঁতৰ ওপৰত প্ৰভাৱ নেপেলায়। এয়া এক দীঘলীয়া প্রক্রিয়া। লাহে লাহে ই শৰীৰৰ আটাইতকৈ গুৰুত্বপূর্ণ অংগটোত প্ৰভাৱ পেলায়। সেয়ে, সময় থাকোতেই দাঁতৰ যত্ন ল’ব লাগে। দাঁতৰ গুৰিত ক’লা দাগ পৰিবলৈ দিব নালাগে। দাঁত ব্ৰাছ কৰিলে বা কোনো টান বস্তু চোবালে দাঁতত বিষ অনুভৱ কৰাটোও বিপদৰ কাৰণ হ’ব পাৰে। মাৰিৰে দাঁত খুচিলে তেজ ওলোৱাটো অস্বাভাৱিতাৰে লক্ষণ। এনেবোৰ পৰিস্থিতিত তৎক্ষণাৎ তৎক্ষণাৎ ডাক্তৰৰ কাষ চাপিব লাগে। বিশেষজ্ঞৰ পৰামৰ্শলৈ যিমান সম্ভৱ কৰক। কাৰণ সুস্থ শৰীৰৰ বাবে মুকলি মনটোৰ বাহিৰে আন কোনো বিকল্প নাই।

উৎস: সাদিন ফিচাৰ্ছ।

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate