অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ দাঁত দুপাৰিৰ যতন লওক

আপোনাৰ দাঁত দুপাৰিৰ যতন লওক

মার্কিন সমীক্ষাত প্ৰকাশ পোৱা মতে, দেশখনত কেন্সাৰ ৰোগত মৃত্যু হোৱা চতুৰ্থটো গুৰুত্বপূৰ্ণ কাৰণ হৈছে অগ্নাশয়ৰ কেন্সাৰ বুলি মার্কিন স্বাস্থ্য গৱেষকে প্ৰকাশ কৰিছে। গৱেষক দলটোৰ মতে, অগ্নাশয়ৰ কেন্সাৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ'লে দাঁতৰ আলুৰ স্বাস্থ্যৰ প্রতি সচেতন হোৱা অতি জৰুৰী।

মানৱ শৰীৰৰ দাঁত দুপাৰি অন্যতম প্রয়োজনীয় অংগ। কিন্তু বহু লোকে মুখৰ ভিতৰ ভাগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। ইয়াৰ ফলত দাঁতৰ আৰু আলুৰ নানা ৰোগে দেখা দিয়ে। প্ৰথম অৱস্থাতে এই ৰোগসমূহ চিনাক্ত কৰিলে সু-চিকিৎসাৰে আৰোগ্য লাভ কৰিব পাৰি। দাঁতৰ বিভিন্ন সমস্যাই স্বাস্থ্যত প্ৰভাৱিত কৰাৰ আগতে ইয়াৰ লক্ষণবোৰ প্ৰকট হোৱাৰ সময়তে যদি প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰা যায়। তেন্তে সাম্ভাব্য বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। দাঁত ব্ৰাছ কৰাৰ সময়ত বা পিচত যদি দাঁতৰ আলুৰ পৰা তেজ নির্গত হয়, তেন্তে ই দাঁতৰ ৰোগৰ লক্ষণ হিচাপে পৰিগণিত হয়। দাঁত দুপাৰি আৰু মুখৰ ভিতৰ ভাগৰ পৰিচৰ্যাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিব লাগে, তলত দিয়া হ’ল-

  • ৰাতিপুৱা শুই উঠি আৰু ৰাতি শুবৰ সময়ত নিতৌ দাঁত ব্ৰাছ কৰিব। প্ৰতিটো বস্তু খোৱাৰ পিচত মুখখন ভালদৰে ধুব।
  • জিভা নিতৌ পৰিষ্কাৰ কৰি ৰাখিব। আপোনাৰ দাঁতত যদি পাতল হালধীয়া ৰং ধৰিছে, তেন্তে অকণমান নিমখত নেমুৰস চাৰি টোপালমান মিহলাই দাঁত ঘহিলে দাঁতৰ বৰণ উজ্জ্বল হ’ব।
  • দাঁত দুপাৰি যদি চকচকীয়া উজ্জ্বল,বগা হোৱাটো বিচাৰে। তেন্তে টুথপেষ্টৰ সৈতে অকণমান খোৱা চ’ডা লৈ দাঁত মাজিলে দাঁত দুপাৰি সুন্দৰ হ’ব।
  • দাঁতত যদি কেতিয়াবা বিষ অনুভৱ কৰে, তেতিয়া দুই-তিনিদিনৰ মূৰে মূৰে নিমখ আৰু মিঠাতেল মিহলাই দাঁত ঘঁহিলে বিষ কমাৰ লগতে দাঁতৰ গুৰিও টান হ’ব।
  • মহানিমৰ ছাল জুইত পুৰি তাৰ ছাইখিনি উলিয়াই এটা বটলত ভৰাই থ’ব। দাঁতৰ বিষ উঠা যেন লাগিলে আৰু দাঁতৰ গুৰিৰ পৰা তেজ ওলালে সেই ছাইৰে দাঁত মজিলে তেজ ওলোৱা কমিব আৰু বিষো নাইকিয়া হ’ব।
  • বকুল গছৰ ছালৰ ৰসখিনিৰে অলপ পানীত মিহলাই মুখখন কুলুকুলু কৰিলে দাঁতৰ বিষ কমে।
  • কিছুমানৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়। গোন্ধ আঁতৰাবলৈ বাদামৰ বাকলি, নিমৰ ঠাৰি পুৰি পুৰি কৰি তাৰ লগত জালুকৰ গুৰি মিহলাই একেৰাহে এসপ্তাহ দাঁত মাজিলে গোন্ধ নাইকিয়া হ'ব।
  • দৈনন্দিন খাদ্যতালিকাত ভিটামিন ‘ডি’থকা খাদ্য খাবলৈ যত্ন কৰক। গাখীৰ, কেঁচা শাক-পাচলি, বিশেষকৈ বিলাহী, আপেল, নেমু, কমলা, মৌচুমী আদি ফল যথেষ্ট পৰিমাণে খাব।
  • টুথ পিক ব্যৱহাৰ নকৰিব। দাঁত ফাকত সোমাই থকা খাদ্য পৰিষ্কাৰ কৰাৰ বাবে টুথ পিক বা অন্য সামগ্ৰী ব্যৱহাৰ কৰিলে দাঁতৰ আলুৰ ক্ষতি হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে।
  • দাঁতৰ সুস্বাস্থ্যৰ বাবে নিয়মিত ভিটামিন ‘চি’ আৰু কেলচিয়ামযুক্ত আহাৰ খাব।
  • ফলমূল কেঁচা দাঁতেৰে চোবাই খাব লাগে। তেতিয়া দাঁতৰ ব্যায়াম হয় আৰু দাঁত ভালে থাকে।
  • দাঁতত থকা দাগ দন্ত চিকিৎসকৰ দ্বাৰা পৰিষ্কাৰ কৰি ৰাখিব। পাণ-তামোল আদি খোৱাৰ পৰা বিৰত থকা উচিত। যিসকলে খায়, তেওঁলোকে দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সম্পূর্ণ সচেতন হোৱা প্রয়োজন।
  • প্ৰতিদিনে মাউথ ফ্রেচনাৰ পানীত মিহলাই সেই পানীৰে মুখৰ ভিতৰভাগ পৰিষ্কাৰ কৰা উচিত।
  • মাউথ ফ্রেচনাৰ মিহলোৱা পানীৰে মুখখন কুলুকুলু কৰিব। তেতিয়া মুখখন ফৰফৰীয়া লাগিব।
  • বছৰত কমেও এবাৰ দন্ত চিকিৎসকৰ দ্বাৰা দাঁত পৰীক্ষা কৰা উচিত।

দাঁতৰ আলুৰ ৰোগ কেন্সাৰৰ কাৰণ হ’ব পাৰে

আপোনাৰ দাঁতৰ আলু যদি সঘনাই ৰোগত আক্ৰান্ত হৈছে, তেন্তে অচিৰেই চিকিৎসকৰ পৰামৰ্শ লওক। অন্যথা আপুনি কেন্সাৰৰ দৰে ভয়াবহ ৰোগত আক্ৰান্ত হ’ব পাৰে। এই তথ্য প্রকাশ কৰিছে হার্ভার্ড স্কুল অব্ পাব্লিক হেল্‌থৰ গৱেষক দলে। প্রতিষ্ঠানটোৰ গৱেষকে প্ৰকাশ কৰা মতে দাঁতৰ আলু সঘনাই ৰোগাক্ৰান্ত হৈ পৰে, তেন্তে ইয়াৰ ফলত পেনক্রিয়াছ অর্থাৎ অগ্নাশয়ৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। অগ্নাশয় কেন্সাৰক এটি জটিল ৰোগ হিচাপে ইতিমধ্যে চিনাক্ত কৰা হৈছে। অস্ত্ৰোপচাৰৰ পাছত এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে দীর্ঘজীৱন যাপন কৰাৰ সম্ভাৱনা বহু সময়ত সীমিত হোৱা দেখা যায় বুলি গৱেষকসকলে মন্তব্য কৰিছে। হার্ভার্ড স্কুল অব পাব্লিক হেলথ চলোৱা এই অধ্যয়নটোত প্ৰকাশ পোৱা মতে, বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁতৰ আলুৰ ৰোগ সৃষ্টি হয় আৰু ইয়াৰ ফলত দাঁতক সহায় কৰা হাড়ৰ ক্ষয় হ’বলৈ ধৰে। মার্কিন সমীক্ষাত প্ৰকাশ পোৱা মতে, দেশখনত কেন্সাৰ ৰোগত মৃত্যু হোৱা চতুৰ্থটো গুৰুত্বপূৰ্ণ কাৰণ হৈছে ‘অগ্নাশয়ৰ কেন্সাৰ’ বুলি মার্কিন স্বাস্থ্য গৱেষকে প্ৰকাশ কৰিছে। গৱেষক দলটোৰ মতে, অগ্নাশয়ৰ কেন্সাৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে দাঁতৰ আলুৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা অতি জৰুৰী। বিশেষকৈ দাঁতৰ আলুৰ পৰা তেজ নির্গত হোৱা অথবা আলু ফুলিবলৈ ধৰিলে ইয়াক আওকাণ নকৰি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে বুলি অধ্যয়নটো চলোৱা গৱেষকসকলে মন্তব্য কৰিছে। গৱেষকসকলে বিশ্বজুৰি বৃদ্ধি পোৱা অগ্নাশয়ৰ কেন্সাৰ ৰোগৰ সম্পৰ্কত চিন্তা কৰি লগতে কয় যে, কোৰ ৰােগৰ ভিতৰত এই কেন্সাৰ অন্যতম জটিল ৰোগ আৰু এই ৰোগত আক্ৰান্ত হ’লে পুনৰ স্বাভাৱিক জীৱন-যাপন কৰাৰ সম্ভাৱনা যথেষ্ট সীমিত হৈ পৰে। সঠিক সময়ত চিনাক্তকৰণ কৰিব পাৰিলেহে এইবিধ কেন্সাৰৰ পৰা মুক্তি লাভ কৰিব পাৰি বুলি মার্কিন গৱেষকসকলে জানিবলৈ দিছে। অধ্যয়নটো চলোৱা গবেষকৰ দলটোৱে লগতে কয়; এই সমীক্ষাটোৰ জৰিয়তে জানিব পৰা গৈছে যে, অগ্নাশয়ৰ কেন্সাৰত আক্ৰান্ত বৃহৎ সংখ্যক ব্যক্তি দাঁতৰ আলুৰ ৰোগত পীড়িত আছিল।

লিখক: দিব্যজ্যোতি ভূঞা।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate