অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দাঁত সম্পকীয় কিছু ভ্ৰান্ত ধাৰণা

দাঁত সম্পকীয় কিছু ভ্ৰান্ত ধাৰণা

দৈনিক ৰোগী নাইবা তেওঁলোকৰ লগত অহা লোকৰ সৈতে ভাব বিনিময় কৰোতে কিছুমান দাঁত সম্পৰ্কীয় ভ্ৰান্ত ধাৰণাৰ বিষয়ে জনা হৈছো । এনে ধৰণৰ ধাৰণা আমাৰ সমাজৰ প্ৰতি অন্তৰায় স্বৰূপ । ধানটোৰ প্ৰতি কনটোৰ দৰে সকলো মানুহৰ মনটো বিশ্লেষণ কৰি চোৱাতো সম্ভৱ নহয়!তথাপি সম্যক জ্ঞানেৰে ঢুকি পোৱা এমুঠি দাঁত সম্পৰ্কে থকা অন্ধবিশ্বাস তলত উল্লেখ কৰিবলৈ ওলাইছো।

দাঁত পোকে খোৱাৰ কাৰণে বিষ হয়ঃ


এই ধাৰণা অতি পুৰণিকলীয়া  বিষাই থকা দাঁতটোত হোৱা কলা অংশক পোকে খাই সৃষ্টি কৰা বুলি ভাৱে ।

যেতিয়া এনে দাঁত বিষাই থাকে সেই বিষটো পোকে কামুৰি থকাৰ দৰে অনুভৱ হয়। অন্য এটা কাৰণ  হৈছে-জৰাফুঁকা

কৰোতে ওলোৱা সৰু সৰু পোক যিবোৰ  বিষাই থকা দাঁতৰ পৰা ওলোৱা বুলি ভাৱে। এতিয়া প্ৰশ্নৰ অৱতাৰণা হয় ,

যদি পোকবোৰ দাঁতৰ পৰা ওলোৱা নাই ক’ৰ পৰা ওলাল?  বেজে সহজতে হাতৰ মুঠিত  লুকুৱাই অনাৰ পোককেইটাক দাঁতৰ পৰা ওলোৱা বুলি মানিবলৈ বাধ্য কৰায়। যদি জৰা-ফুকা কৰাৰ পাছত  বিষ উপষম হৈছে ই নিশ্চয় মানসিক শক্তিৰ প্ৰভাৱ আৰু অত্যন্ত সাময়িক। আহকচোন আমি প্ৰথমতে দাঁতত হোৱা  ক লা অংশটোৰ বিষয়ে জানো। এইটোক দন্তক্ষয় বা  Dental Caries  বুলি কোৱা  হয় । এইটো এটা বীজাণুকৃত ৰোগ। এই ৰোগত দাঁতত থকা জৈৱিক আৰু  অজৈৱিক দ্ৰব্যসমুহৰ বিনাশ হয়  । যেতিয়া এই ক’লা অংশ বাঢ়ি গৈ দাঁতৰ  ভিতৰত থকা কোমল কোষ (Pulp) ৰ অংশ চোৱেগৈ তেতিয়াই অসহ্য বিষ হয়।

তামোল পানে দাতসমুহ সুস্হ কৰি ৰাখেঃ


দাঁতৰ বেমাৰৰ এটা অন্যতম লক্ষ্যণ হৈছে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ । এনে দুৰ্গন্ধক ঢাকিবলৈ সততে তামোল পান নাইবা ইয়াৰ পৰা তৈয়াৰ কৰা সুগন্ধিযুক্ত দ্ৰৱ্য ব্যৱহাৰ কৰা দেখা য়ায়। এনে ধৰণৰ প্ৰচেষ্টাই দুৰ্গন্ধক সাময়িকভাবে ঢাকি ৰাখিব পাৰি কিন্তু সমুলি নাশ কৰিব নোৱাৰি ।ফলত কিছু সময়ৰ পাছত পুনৰ ওলোৱা দুৰ্গন্ধক মানুহজনক আৰু এবাৰ তামোল পান খোৱাৰ প্ৰতি ব্যগ্ৰ কৰি তুলে।এনে পুনৰাবৃত্তিৰ ফলস্বৰূপে দাঁতৰ গুড়িত মলি জমা  হৈ  বিভিন্ন বীজাণুৰ বাসস্হান হৈ পৰে । বীজাণু বৃদ্ধিয়ে দাতৰ ৰোগ বৃদ্ধি কৰে। গতিকে এনে ধৰণৰ অভ্যাসে শৰীৰত নেতিবাচক প্ৰভাৱ পেলায়।

পীড়ামুক্ত মানে ৰোগমুক্তঃ


এনে মনোভাৱ আমাৰ সমাজত বিদ্যমান যে দাঁতত হোৱা ৰোগ যদি বিষমুক্ত হৈ থাকে তেন্তে এই ৰোগ সাধাৰণ ।এনে ভুল ধাৰণাই ৰোগক দুৰাৰোগ্য কৰি তোলে।

উদাহৰণ স্বৰূপে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ হ’ল এনে এক লক্ষ্যণ যিটো আলুৰ সংক্ৰমণত পোৱা য়ায়। আলুত হোৱা এনে সংক্ৰমন পীড়াদায়ক নহ’বও পাৰে । কিন্তু ‌অৱজ্ঞা কৰিলে এই ৰোগ বৃদ্ধি হৈ দাঁতবোৰ লৰি যায়। গতিকে মুখৰ দুৰ্গন্ধক উলাই নকৰি শীঘ্ৰে দন্ত চিকিৎসকৰ কাষ চপা বাঞ্চনীয়।

দাঁত সৰোৱাৰ বিৰূপ প্ৰতিক্ৰিয়াৰ ফলত ক্ৰমাৎ দাঁতবোৰ দুৰ্বল হৈ পৰেঃ


কিছুমান ৰোগত দাঁত সৰোৱাটো ৰোগীৰ মুখৰ সুস্হতাক ধৰি ৰাখিবৰ কাৰণে জৰুৰী বুলি গণ্য কৰা হয়। কিছুক্ষেত্ৰত সৌন্দৰ্য্য বৃদ্ধিৰ কাৰণেও দাঁত সৰোৱা হয়।

ৰোগগ্ৰস্ত দাঁতটোৰ অৱস্হিতিয়ে ইয়াৰ কাষত থকা দাঁতবোৰত বিৰূপ প্ৰভাৱ পেলায় । সেইবাবে যিবোৰ দাঁত সুস্হ কৰি তুলিব পৰা নাযায় বা তাৰ পৰা স্ঝনাত্মক প্ৰভাৱ অন্য দাঁতত পৰিৰ পাৰে বুলি বিবেচিত হয়,তেনে দাঁত সৰাই দিয়াটো জৰুৰী হৈ পৰে। দাঁত সৰোৱাৰ কোনো পাস্ব-প্ৰতিক্ৰিয়া সুস্হ দাঁতত নপৰে।

স্কেলিং কৰিলে দাঁতবোৰ লৰি যায়ঃ-


স্কেলিং হৈছে যন্ত্ৰৰ সহায়ত দাঁত পৰিস্কাৰ কৰা পদ্ধতি। ইয়াৰ দ্বাৰা ময়লাসমূহ আঁতৰাই মুখমণ্ডল ৰোগমুক্ত কৰি ৰখা হয় । দাঁতবোৰ লৰি যোৱাৰ অন্যতম কাৰণ হ’ল লাহে লাহে কম হৈ যোৱা হাড়ৰ উচ্চতা যিয়ে দাঁতটোক চাৰিওঁফালৰ পৰা আগুৰি থাকে। দাঁতৰ গুড়িত লাগি থকা ময়লাত বিভিন্ন ধৰণৰ বীজীণুৱে বাস কৰে । এনে বীজানুবোৰে অনবৰতে আলুত আক্ৰমন কৰি অসুস্থ কৰি তোলে, যাৰ ফলত সক্ৰমন বিয়পি হাঁড়ৰ ফালে গতি কৰে আৰু ইয়াৰ গঠনবোৰ ভাঙি যায়। ফলস্বৰূপে নূন্যতম হাঁড়ৰ উচ্চতা হ্ৰাস পায় আৰু দাঁতবোৰ লৰি যায়।

এনে সংক্ৰমন ৰোধৰ অন্যতম চিকিৎসাই হল স্কেলিং । বহুক্ষেত্ৰত দেখা যায় যে স্কেলিং কৰিলেও লৰি থকা দাঁতবোৰ মজবুত হৈ নপৰিব পাৰে। কিন্তু ইয়াৰ দ্বাৰা মুখমণ্ডল সুস্থ হৈ দাঁতবোৰ অধিক লৰি নোযোৱাকৈ সুৰক্ষা দিয়ে। যদি স্কেলিং কৰাৰ আগৰেপৰা দাঁতবোৰ অতিকৈ লৰি থাকে, তেনে অৱস্থাত স্কেলিং কৰিলেও বা নকৰিলেও এনেবোৰ দাঁত মজবুত দাঁতৰ তুলনাত সোনকালে সৰা দেখা যায়।

গুড়িৰ গাখীৰ খোৱা দাঁত সৰিলে নতুন দাঁত নগজেঃ

 

শিশু ৰোগীৰ মাক দেউতাকসকল এনে ধাৰণাৰ চিকাৰ হোৱা দেখা যায়। তেওঁলোক দন্ত চিকিৎসকৰ ওচৰলৈ শিশুটিৰ চিকিৎসাৰ বাবে আহে যদিও সৰোৱাই দিয়াটো নিবিচাৰে। এই ক্ষেত্ৰত প্ৰশ্নৰ উদয় হয় যে, এনে গুড়িৰ গাখীৰ খোৱা দাঁত সৰোৱালে সেই সৰোৱা অংশত নতুন দাঁত গজিবনে? ইয়াৰ উত্তৰ হ’ল  । গাখীৰ খোৱা দাঁতবোৰ সৰাৰ পাছত শিশুৰ নতুন দাঁত গজে আৰু এই প্ৰক্ৰিয়া আগদাঁত বা গুড়িদাঁত নিৰ্বিশেষে  হয়।

দাঁত সৰালে চকুত নেতিবাচক প্ৰভাৱ পৰেঃ-


দাঁত সম্পৰ্ক পীড়া মূৰৰপৰা ডিঙিৰ যিকোনো অংশতে অনুভৱ হয়। দাঁতৰ এনে পীড়া মুখমণ্ডলৰ একে ফালৰ চকুটো অনুভূত হব পাৰে। এনে লক্ষণবোৰ স্নায়ুবিক কাৰণত হয়। কিন্তু এনে অসুস্থ দাঁত সৰোৱালে চকুত কোনো পাস্ব-প্ৰতিক্ৰিয়া নহয়।

দাঁত সৰোৱা অংশত চিলাই কৰাটো জৰুৰী নহয়ঃ-

দাঁত সৰোৱা অংশত কৰা চিলায়ে শীঘ্ৰে ৰক্তক্ষৰণ ৰোধ কৰে আৰু ঘাঁডোখৰ খৰতকীয়াকৈ শুকাই যোৱাত সহায় কৰে। কিছু লোকে দাঁত সৰোৱাৰ ফলত সৃষ্টি হোৱা ঘাঁক ক্ষুদ্ৰ বুলি গণ্য কৰি, এনে চিলাইৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা যায়। অন্য কিছুলোকে এনে পদ্ধতিত হব পৰা বিষৰ প্ৰতি ভয় কৰি বাধা প্ৰয়োগ কৰে । যিহেতু চিলায় এটা সফল চিকিৎসাৰ দিশত আগবঢ়াৰ অন্যতম অংগ, সেয়ে ইয়াৰ প্ৰয়োজনীয়তাক উলায় কৰা অনুচিত। এনে বিষয়ত চিকিৎসকৰ বিবেচনাক অগ্ৰাধিকাৰ দিয়া উচিত।

লেখক-ডা০ দিব্যজ্যোতি পাঠ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate