অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দাঁতৰ সাধাৰণ স্বাস্থ্য আৰু যতন :

দাঁতৰ সাধাৰণ স্বাস্থ্য আৰু যতন :

 

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল- ‘অসমীয়া মানুহে হাঁহিব নাজানে’। আমি অসমীয়া মানুহে ৰসৰাজে কোৱাৰ দৰে হাঁহিব জানো নে নাজানো সেয়া আলোচনাৰ বিষয়, কিন্তু এইবাৰ কথা সঁচা যে প্ৰাণখুলি হাঁহি এটি মাৰিবলৈ আপোনাক ডালিমগুটীয়া নিৰোগী দাঁত দুপাৰিৰ অতীব প্ৰয়োজন। এটি হাঁহিয়ে কঢ়িয়ায় সুখী মনৰ বতৰা, এটি হাঁহিয়ে কঢ়িয়ায় আনক সুখী কৰাৰ বাসনা। এটি মিঠা হাঁহিৰ পৰাই আৰু অনেক হাঁহি বিয়পে। গীততো কৈছে- ‘হাঁহিৰে জীৱন সুন্দৰ কৰা, চকুৰ পানীৰে নহয়-‘।

জীৱন সুন্দৰ কৰা হাঁহিটি ধৰি ৰাখিবলৈ হ’লে আমি দাঁত গজা দিনৰ পৰাই দাঁত সৰা দিনলৈ দাঁত তথা সমগ্ৰ মুখগহ্বৰৰ যতন ল’ব লাগিব। বৰ্তমান প্ৰাত্যহিক জীৱনধাৰাত মানৱ সমাজৰ জীৱনশৈলী পৰিৱৰ্তন সমানুপাতিকভাৱে দাঁত তথা মুখগহ্বৰত ন ন ৰোগে প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা হৈছে। কথাতেই কয় বোলে- ‘গছ কাটিলেই মুঢ়া, দাঁত সৰিলেই বুঢ়া’। অকালতে দাঁতহীন সোলা মুখৰ গৰাকী হ’বলৈ কাৰনো মন যাব! পিছে দুৰ্ভাগ্যৰ কথা যে পৃথিৱীৰ আন বহু দেশৰ তুলনাত আমাৰ দেশ ভাৰতবৰ্ষত দাঁত বিষয়ক সজাগতা তেনেই চালুকীয়া অৱস্থাতেই আছে। দাঁতৰ বিভিন্ন বেমাৰ তথা মুখগহ্বৰৰ কৰ্কট ৰোগৰ বৰ্ধিত পৰিঘটনাবোৰ তাৰ সুস্পষ্ট প্ৰমাণ। শিশুটিৰ দাঁত গজাৰ লক্ষণ দেখাৰ লগে লগে দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে বুলি ভবাটো অতিশয় ভুল ধাৰণা। প্ৰসংগক্ৰমে উনুকিয়াব বিচাৰোঁ যে বহুসংখ্যক পিতৃ-মাতৃয়ে সন্তানৰ দাঁত সোনকালে গজিবৰ বাবে শিশুটিৰ মুখৰ ভিতৰত আঙুলি সুমুৱাই চুপিবলৈ দিয়ে, এই অভ্যাসে দাঁতৰ গঠনত বিয়োগাত্মক প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ উপৰি দুধদানীত একেলেথাৰিয়ে বহু সময় গাখীৰ খুওৱা, দুধদানী মুখত লৈ টোপনি যোৱা, প্ৰয়োজনতকৈ বেছি বয়সলৈ দুধদানীত গাখী খোৱা নাইবা অত্যধিক পৰিমাণে আঙুলি চুপি থকাৰ দৰে বদ অভ্যাসো অনতি বিলম্বে পৰিহাৰ্য। চকলেটকে ধৰি খুব বেছি মিঠাজাতীয় বস্তু খোৱা অভ্যাসেও দাঁতত বিৰূপ প্ৰভাৱ পেলায়।

দন্ত চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ এনেকুৱা ৰোগীও লগ পাইছোঁ, যিসকলৰ মতে ব্ৰাছ ব্যৱহাৰ কৰিলে দাঁত ক্ষয় যায়। এয়া অসম্ভৱ। আমাৰ দাঁতৰ বাহিৰৰ পৰা দেখা পোৱা বগা প্ৰলেপটো ‘এনামেল’ নামৰ খনিজপ্ৰধান পদাৰ্থৰে গঠিত আৰু এই এনামেল হ’ল মানৱ শৰীৰত উপলব্ধ কঠিনতম অংগ, যি হাঁড়তকৈও শক্তিশালী। পুৱা শুই উঠি আৰু নিশা শুবৰ পৰত, অৰ্থাৎ দিনে দুবাৰকৈ ব্ৰাছ কৰাৰ অভ্যাসে দাঁত আৰু মুখমণ্ডলক অণুজীৱৰ আক্ৰমণৰ পৰা বচাই ৰাখে। ব্ৰাছ কৰাৰ নিৰ্দিষ্ট পদ্ধতিসমূহ অনুসৰণ কৰিব পাৰিলে অভ্যাসটি আৰু অধিক ফলপ্ৰসূ হৈ উঠে। দাঁতৰ ফাঁকত জমা হোৱা কণাবোৰ উলিয়াবৰ বাবে ফ্ৰেছৰ ব্যৱহাৰো অতি গুৰুত্বপূৰ্ণ দিশ। খাদ্যাভ্যাসৰ সলনিৰ বাবে নকৈ দেখা দিবলৈ ধৰা বেমাৰবোৰ এৰাই চলিবৰ বাবে ‘মাউথৱাছ’ৰ ব্যৱহাৰ কৰাও প্ৰয়োজনীয় হৈ উঠিছে। দাঁতৰ উপৰি আমি জিভাখনো পাৰ্যমানে চিকুণ কৰি ৰাখিব লাগে। আমাৰ দেহটো এটা অতি উচ্চ পৰ্যায়ৰ কাৰ্যালয় আৰু মুখগহ্বৰ হ’ল তাৰ আদৰণী কক্ষ। এই আদৰণী কক্ষৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দ্বাৰা দেহত দেখা দিব পৰা নানানটা অসুখৰ পৰা হাত সাৰি থাকিব পৰা যায়।

মুখগহ্বৰৰ সুৰক্ষা তথা স্বাস্থ্যৰ কথা ভাবিলেই চাধা, বিড়ি, চিগাৰেট, পাণ মচলা, গুটখা, মদ আদি বৰবিহবোৰৰ কথা মনলৈ আহে। এই আটাইবোৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কাৰক। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানে প্ৰকাশ কৰা শেহতীয়া সমীক্ষাৰ ফলাফল অনুসৰি বৰ্তমান আমাৰ দেশত প্ৰতি ২৮৬ টা মুখগহ্বৰৰ কৰ্কট ৰোগৰ ঘটনাৰ ভিতৰত ১৫১ টা কাৰক এই বৰ্জনীয় পদাৰ্থসমূহ বুলি চিহ্নিত কৰা হৈছে। সাপৰ সৰু-বৰ নাই। গতিকে সময় থাকোঁতেই এইবোৰৰ ব্যৱহাৰ পৰিহাৰ কৰি নিৰাপদ জীৱনৰ দিশে ধাৱমান হোৱাটোহে বুদ্ধিমানৰ পৰিচয়। অসমীয়াৰ অতি আদৰৰ তামোল-পাণ-চূণৰ অপৰিমিত খাদ্যাভ্যাসো এৰাই চলিব পাৰিলে ভাল।

প্ৰতি ছয় মাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ ওচৰলৈ মুখগহ্বৰৰ সামগ্ৰিক পৰীক্ষাৰ অৰ্থে যোৱা উচিত। বয়স বঢ়াৰ লগে লগে দাঁতৰ বেমাৰসমূহো বৃদ্ধি পায়। প্ৰধানতঃ কেলচিয়াম, ভিটামিন চি আৰু ভিটামিন ডিযুক্ত খাদ্যই মুখগহ্বৰক বেমাৰৰ আক্ৰমণৰ পৰা বচাই ৰাখে। গুৰুত্বপূৰ্ণ কথাটো হ’ল- আপুনি নিজেই নিজৰ বেমাৰ প্ৰথমে লক্ষ্য কৰিব পাৰে। সেয়েহে প্ৰতিদিনে নিজে আইনাৰ সন্মুখত থিয় হৈ কমেও পাঁচ মিনিট সময় নিজৰ মুখগহ্বৰ পৰীক্ষা কৰাৰ অভ্যাস গঢ়ি তোলক। এনে অভ্যাসে আপোনাৰ বহু বিপদৰ পৰা ৰক্ষা কৰাটো ধুৰূপ।

ঠাণ্ডা-গৰম বা মিঠা খাদ্য খালে দাঁতত সিৰসিৰণি উঠা, দাঁতৰ ফাঁকত লাগি ধৰা খাদ্য খৰিকাৰে নিতৌ খুঁচৰি খুঁচৰি উলিয়াওঁতে তাত ঘা হোৱা, দাঁতৰ ৰং সলনি হোৱা, দাঁতৰ গুৰিত শিলজাতীয় বগা গুড়ি পদাৰ্থ জমা হোৱা, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদি সঘনে হৈ থকা ৰোগ। ইয়াৰে যিকোনো এটা বেমাৰৰ অকণমান লক্ষণ দেখা পালেও পলম নকৰি দন্ত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। ইতিমধ্যে সৰি যোৱা পূৰঠ দাঁতৰ ঠাইত কিছু মাহ ধৰি নতুন দাঁত কৃত্ৰিমভাৱে সংস্থাপনৰ নকৰালে তাৰ আশে-পাশে থকা আন সুস্থ দাঁতৰ গঠনত প্ৰভাৱ পৰাও পৰিলক্ষিত হয়। গাখীৰ দাঁতসৰিলে পূৰঠ দাঁত আহে, কিন্তু পূৰঠ দাঁত সৰাৰ পাছত প্ৰাকৃতিকভাৱে তাৰ ঠাইত আন কোনো নতুন দাঁত অহা সম্ভৱপৰ নহয়। সেয়েহে কৃত্ৰিম দাঁত সংস্থাপনৰ প্ৰতিও আমি ধ্যান দিব লাগে।

শিশুৰ ২০ টা গাখীৰ দাঁত আৰু প্ৰাপ্তবয়স্ক ব্যক্তিৰ ৩২ টা পূৰঠ দাঁত মুকুতাৰ দৰে আতোলতোল যত্নৰে প্ৰতিপালন কৰা দৰকাৰ। মানুহৰ সৌন্দৰ্য, শাৰীৰিক বিকাশ আৰু সামগ্ৰিক স্বাস্থ্য- এই আটাইকেইটা দিশতে দাঁত আৰু মুখগহ্বৰৰ ভূমিকা অনস্বীকাৰ্য আৰু সেয়ে আমি নেদেখাজনৰ এই বৰদানৰ প্ৰতি সজাগ হৈ আৱশ্যকীয় গুৰুত্ব প্ৰদান কৰিব লাগে।

লেখক: ডাঃ সমুজ্জ্বল ভৰদ্বাজ(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate