অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দাঁতৰ সিৰসিৰোৱা

ঠাণ্ডা গৰম টেঙা বা মিঠাজাতীয় খাদ্য গ্ৰহন কৰাৰ সময়ত অস্থায়ীভাবে দাঁতত অনুভৱ কৰা বিষৰ অনুভূতিক দাঁত সিৰসিৰোবা বুলি কোৱা হয়।এই বিষৰ অনুভূতি খুব তীক্ষ্ণ আৰু এই বিষ বহুগভীৰ ভাবে দাঁতৰ ভিতৰত অৱস্থিত সুক্ষ্ণ স্নায়ুঅন্তলকৈ নিক্ষেপ হয়।দাঁত সিৰসিৰোৱাবোৰ আচলতে কোনো বেমাৰ নহয়।ই কিছুমান বেমাৰৰ লক্ষণহে মাথোঁ আৰু কিছুমান উত্তেজকৰ প্ৰ্তিক্ৰিয়া হিচাপে প্ৰ্তিফলিত হয়।এই উত্তেজবিলাক তাপ সমন্ধীয় ৰাসায়নিক আৰু স্পৰ্শজনিত হব পাৰে।উত্তেজক লাগে যি ধৰনৰ হওক, আশ্চৰ্যৰ বিষয় এই যে প্ৰ্তিক্ৰিয়া সদায় বিষৰ ৰুপতহে প্ৰ্কাশ হয়—উস।একে প্ৰ্কোপৰে উত্তেজকৰ প্ৰ্তি এজন মানুহৰ প্ৰ্তিক্ৰিয়াৰ লগত অন্য এজনৰ প্ৰ্তিক্ৰিয়াৰ সাধাৰনতে মিল নাথাকে।এই অমিলৰ মূল কাৰনসমূহে হৈছে বিষ সহ্য কৰিব পৰা শক্তি পাৰিবেশিক তথা মনৰ উদ্বেগপূৰ্ন অৱস্থা সকলো অৱস্থা সকলো ব্যক্তিৰে বেলেগ বেলেগ।

আমাৰ দাঁতৰ বিষৰ অনুভুতি অনুভত হোৱা স্নায়ু আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ুঅন্তবিলাক ক্ৰ্মে পাল্প আৰু ডেণ্টিন কলাত অৱস্থিত।ডেণ্টিনৰ থকা ডেন্টিনেল টিউবিউলবিলাক ভিতৰত স্নায়ুঅন্ত্বিলাক সোমাই থাকে।সাধাৰন অৱস্থাত দাতঁৰ ক্ৰাউন অংশৰ ডেন্টিন আৰু পাল্প কলাক এনামেল বাহিৰৰ পাৰিবেশিক উত্তজকৰ পৰা সংৰক্ষন কৰি ৰাখে।আনহাতে দাঁতৰঁ গুৰীৰ অংশত ডেন্টিন আৰু পাল্প কলাক চাৰিওফালে পৰা আৱৰি চিমেন্টামো সুৰক্ষা প্ৰ্দান কৰে।তদুপৰি চিমেন্টামেৰে আৱৰি থকা দাঁতৰ গুৰি অংশ হাড়ৰ খোৰোঙৰ মাজত সোমাই থাকে আৰু বাহিৰৰ পৰা দাঁতৰ আলুৱে পৰিবেষ্টিত কৰি ৰাখে।তদুপৰি যিহেতু এনামেল শৰীৰৰ ভিতৰত সবাতোকৈ কঠিন কলা,ইয়াৰ স্থিতিস্থাপকতা গুন নাই।সেয়ে বিভিন্ন ধৰনৰ প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক কাৰ্যৰ কাৰনে এনামেল খুব সহজেই ক্ষয় যায়।আন কলাসমূহৰ দৰেই এনামেল ক্ষয় হলেও আমাৰ শৰীৰে নষ্ট হৈ যোৱা এনামেল পুনৰ গঠনৰ যত্ন কৰে।কিন্ত এই পুনৰ গঠন কাৰ্য যদি ক্ষয় হোৱা এনামেলাতকৈ কম হয় তেন্তে ডেণ্টিনৰ লগতে ডেন্টিনেল টিউবিউল আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ু অন্তবিলাক মুখগহ্বৰৰ ভিতৰৰ ওলাই পৰে।এই ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ুঅন্তবিলাক যেতিয়া কোনো উত্তেজকৰ স্ংস্পশলৈ আহে তেতিয়াই বিষ অনুভৱ হয়।মুখগহ্বৰত ওলাই থকা ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ুঅন্তৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি দাঁতৰাঁ সিৰসিৰনী মৃদু,সাম্য নইবা উগ্ৰ প্ৰ্কৃতিৰ হয়।

কাৰণ

দাঁত সিৰসিৰাবোৰ মূল কাৰন হল এনামেল আৰু চিমেন্টামৰ ক্ষয়কৰনৰ ফলত ডেণ্টিন আৰু ডেন্টিনেল টিউবিউলৰ ভিতৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ুঅন্তবিলাক মুখগহ্বৰত ওলাই পৰটো।এনামেল আৰু চিমেন্টামৰ ক্ষয় হোৱাত অৰিহনা যোগোৱা কাৰনসমূহ তলত উল্লেখ কৰা হ’ল:

  • দাঁতৰ আলু ক্ৰাউনৰ পৰা আতঁৰি দাঁতৰঁ গুৰিৰ ফালে গতিকৰণ।
  • অত্যাধিক হেচাঁ প্ৰয়োগ কৰি দাতঁ ব্ৰাছ কৰা কাৰ্য বা কঠিন ব্ৰাছৰ ব্যৱহাৰ।
  • ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ।
  • দাঁতৰ ওপৰত জমা হোৱা প্লাক আৰু কেলকুলাচ
  • দাতঁৰ আলুত হোৱা বেমাৰ যেনে—পায়োৰিয়া।
  • কৃত্ৰিমভাৱে ক্ৰাউন তৈয়াৰৰ পদ্ধতি
  • দাতেঁ দাতেঁ ঘঁহনি খাই হোৱা এনামেলৰ ক্ষয়কৰন।
  • ক্ৰাউনৰ কোনো অংশ ভাগি বা এৰাই অহাৰ ফলত বেক্টিৰিয়াৰ পাল্প কলাত প্ৰ্ৱেশীকৰন আৰু সৃষ্টি কৰা প্ৰবল প্ৰ্দাহ।

ইয়াৰ প্ৰ্তিকাৰ

  • মুখগহ্বৰৰ সুস্থতা সাব্যস্তা কৰি ৰাখা।
  • নৰম ব্ৰছ ব্যৱহাৰ।
  • ফ্লৰাইডযুক্ত মুখ কুলকুলি কৰা ঔষধৰ ব্যৱহাৰ।
  • উত্তেজক প্ৰ্তি স্নায়ুঅন্তৰ সঁহাৰি কম কৰিব পৰা এজেণ্ট(যেনে পটাচিয়াম নাইট্ৰেট)যুক্ত পেষ্টৰ নিয়মিত ব্যৱহাৰ।।

মুখৰ দুৰ্গন্ধ

সাধাৰনতে এজন ব্যক্তিৰ মুখৰ পৰা ওলোৱা এই দুৰ্গন্ধ পুৱা শুই উঠা পিছত বেছিকৈ অনুভৱ হয়।ইয়াৰ মূল কাৰন হৈছে শুই থকাৰ সময়ত মুখগহ্বৰত থকা লালটি গ্ৰন্থিৰ পৰা ওলোৱা লালটিৰ পৰিমান বহু পৰিমানে হ্ৰাস পায়।ফলত মুখগহ্বৰৰ স্বাভাৱিক প্ৰ্ক্ষালন বা পৰিস্কাৰ কাৰ্য নহয়।এই একে কাৰনতে বহুতো সময় লঘোনে থকা মানুহৰ মুখৰ পৰা এনেধৰনৰ আমনিদায়ক গোন্ধ ওলায়।নিশাৰ আহাৰ গ্ৰহন কৰাৰ পিছত ভালদৰে দাঁত গুৰি বা দাঁতৰ মাজত লাগি থকা অৱশিষ্ট খাদ্যৰ লগত মুখত থকা জীৱানুবোৰ ক্ৰিয়া কৰি কিছুমান পদাৰ্থ তৈয়াৰ কৰে।সেইবিলাক মুখৰ পৰা দুগৰ্ন্ধ ওলোৱাত অৰিহনা যোগায়।এনেধৰনৰ আমনিদায়ক গোন্ধ যে কেৱল দাঁত থকাসকল মুখৰ পৰাহে নিৰ্গত হয় এনে নহয় কৃত্ৰিমভাৱে তৈয়াৰী দাতঁ ভালধৰনে পৰিস্কাৰ নকৰিলে সোলা মানুহৰ মুখৰ পৰাও সৃষ্টি হয়।মুখৰ দুগৰ্ন্ধ সৃষ্টিত খাদ্য অভ্যাসৰ অৰিহনাও নুই কৰিব নোবাৰী।বিশেষ ধৰনৰ গোন্ধযুক্ত খোৱা বস্ত বিশেষকৈ নহৰু,পিয়াজ আদি খোৱাৰ পিছত তেজৰ লগত মিহলি হৈ আমাৰ হাওঁফাওঁলৈ যায় আৰু তাৰ পৰা প্ৰ্শ্বাসৰ বতাহত বাহিৰলৈ ওলাই আহে।গোন্ধযুক্ত খাদ্য শৰীৰৰ পৰা সম্পূৰ্নৰুপে নিষ্কাষন হোৱাৰ পিছত মুখৰ দুগৰ্ন্ধ নিজে নিজে নাইকিয়া হয়।নিৰামিষভোজী মানুহৰ মুখৰ গোন্ধ আমিষভোজীতকৈ বেছি হয়।

মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ প্ৰ্কৃত কাৰনটো সঠিককৈ নিৰ্নয় কৰাটো অত্যন্ত আৱশ্যক।দুৰ্গন্ধৰ কাৰন নিৰ্নয় কৰাৰ পিছত কাৰন অনুযায়ী চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়া উচিত।এইটো দেখা যায় যে মুখৰ পৰা দুৰ্গন্ধ নিষ্কাষন কৰা ৮০ শতাংশ ব্যক্তিয়েই দাঁতৰ আলুৰ ৰোগত ভুগি থাকে।সেয়ে এইক্ষেত্ৰত অভিজ্ঞ দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ ব্যৱস্থা গ্ৰহন কৰিব লাগে।যদি মুখৰ দুৰ্গন্ধ শৰীৰৰ অভ্যন্তৰীন ৰোগৰ কাৰনে হোৱা বুলি চিনাক্ত হয়, তেন্তে অভিজ্ঞ ভেষজ বিশেষজ্ঞ দ্বাৰা চিকিৎসা হাতত লব লাগে।মুখৰ দুৰ্গন্ধ দূৰীকৰনত সুষম আহাৰৰ ভূমীকা নুই কৰিব নোৱাৰী।বহুত ক্ষেত্ৰত দেখা যায় যে বহুতে মুখৰ দুৰ্গন্ধ দূৰ কৰিবৰ কাৰনে নিজেই লং ইলাচি ছুইগ্ৰাম বিভিন্ন ধৰনৰ কুলকুলি কৰা ঔষধ আদিৰ ব্যৱহাৰ কৰে।মনত ৰখা উচিত যে এইবিলাকৰ পৰা খন্তেকীয়াভাৱেহে উপশম পোবা যায়।সেয়ে চিকিৎসৰ ওচৰ চাপি সঠিক কাৰন নিৰ্নয় কৰি, কাৰন অনুযায়ী চিকিৎসা গ্ৰ্হন কৰিলেহে মুখৰ দুৰ্গন্ধৰ নিচিনা সামাজিক ব্যাধি বা ৰোগৰ উপশম পাব পাৰি।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate