অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এইডছ

হিউমেন ইমিউন ডেফিচিয়েনচি ভাইৰাছ HIV-I & HIV-2 নামৰ বীজানুৰ দ্বাৰা আক্ৰান্ত হলে এইডছ ৰোগ হয়।এইডছ এবিধ যৌন ৰোগ।সমগ্ৰ বিশ্ববাসীৰ মাজত সন্ত্ৰাস সৃষ্টি কৰা এইবিধ ৰোগ নিৰ্মূল কৰাৰ বাবে এতিয়ালৈ কোনো চিকিৎসা ওলোৱা নাই।

ৰোগ বিস্তাৰৰ ধাৰণ

এইডছ বাহক বা এইডছ ৰোগীৰ লগত যৌনস্ংযম সমকামী,উভয়কামী আৰু সাদৃশ্যহীন লিংগৰ মাজত যৌন স্ংগম।

এইচ আই ভি বীজানুৰ দ্বাৰা আক্ৰান্ত মানুহৰ তেজ আন সুস্থ ব্যক্তি এজনলৈ সঞ্চাৰন কৰিলে।

ৰোগাক্ৰান্ত মাকৰ পৰা গৰ্ভস্থ সন্তানলৈ বিয়পিব পাৰে।

এইডছ ৰোগীয়ে বা বাহকে ব্যৱহাৰ কৰা ছিৰিঞ্জ বা বেজী পূৰ্ন শোধন নকৰাকৈ আনে ব্যৱহাৰ কৰিলে।সাধাৰনতে একেটা বেজীৰে মাদকদ্ৰব্য সেৱন কৰা লগৰীয়াসকলৰ মাজত এই ধৰনৰ স্ংক্ৰমন পোৱা যায়।

পূৰ্ন শোধনৰ অভাৱ বা আওকনীয়া মনোবৃত্তিৰ ফলত হব পৰা দন্ত চিকিৎসা আৰু শল্য চিকিৎসাত ব্যবহৃত যন্ত্ৰপাতি বা অস্ত্ৰসমূহৰ পৰাও বিয়পিব পাৰে।

মানৱ দেহৰ এইচ আই ভি প্ৰ্তিক্ৰিয়া কেনে হয়?

HIV বীজানুৰ শৰীৰত প্ৰ্ৱেশ কৰাৰ পিছত তেজৰ টি লিম্ফোছাইট বোলা শ্বেত কনিকাবোৰ আক্ৰমন কৰে।টি-লিম্ফোছাইটি হৈছে মানৱ দেহৰ ৰোগ প্ৰ্তিষেধক ক্ষমতা তৈয়াৰী কৰাৰ মূলকোষ।এইডছ ভোগা ৰোগীৰ উল্লেখযোগ্য কথাটো হল যে তেজত এই বিশেষ লিম্ফোছাইটবিধৰ স্ংখ্যা অতিপাতৰুপে কমি যায়।ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰ্তিৰোধক ক্ষমতা একেবাৰে লোপ পাই আহিবলৈ ধৰে।শৰীৰ একেবাৰে নিশকতীয়া হৈ পৰে যাৰ ফলত ভাইৰাছ,বেক্টেৰিয়া,ফাঙ্গাছ,পেৰাছাইট আটাইবোৰ বীজানুৱে মিলি বা বেলেগে বেলেগে উপসৰ্গ সৃষ্টি কৰি মৃত্যুৰ গৰাহলৈ ঠেলি দিয়ে।গনৰিয়া,ছিফিলিছ আদি যৌন ৰোগে এইডছ বীজানুৰ প্ৰসাৰনত সহায় কৰে ঠিক একেদৰে এইডছ ৰোগেও কৰ্কট ৰোগক আহ্বান কৰি আনে।

লক্ষণ

শৰীৰ অত্যন্ত দুৰ্বল হৈ ওজন কমি অহাৰ লগে লগে এইডছ সন্দেহ এটা স্বতস্ফূৰ্তভাৱে আহি পৰে।একেবাৰে অস্থিচৰ্মসাৰ অৱস্থালৈ ৰৈ নাথাকি চিকিৎসকৰ ওচৰ চাপিব লাগে।নিউমোনিয়া,যক্ষ্মা আদি ৰোগবোৰে মানুহজনক মৃত্যুৰ মুখলৈ টানি নিয়ে।প্ৰায়বোৰ ক্ষেত্ৰত ৰোগৰ আৰম্ভনি সাধাৰন লক্ষনৰ দৰে হয় সেয়েহে সাউৎকৈ এই বেমাৰৰ কথা ভবা নাযাবও পাৰে।যেনে-অনিয়মিত জ্বৰ,কাহ,শুকাব নোখোজা ছাল ঘাঁ,সঘনাই পনীয় শৌচ-বমি ইত্যাদি ৰোগৰ প্ৰভাৱ ১৫-৩৫ বচৰীয়া ডেকা গাভৰুৰ ভিতৰত বেছি। এইচ-আই ভিৰ দ্বাৰা অক্ৰান্ত হোৱাৰ পিছত একোজন ব্যক্তিৰ গাত পাচঁ বছৰ বা তাতোধিককাল এইডছ ৰোগৰ লক্ষন ফুটি নুঠিবও পাৰে।যিহেতু ইয়াৰ ইনকুবেচন পিৰিয়ড বৰ দীঘলীয়া(বীজানু শৰীৰত সোমোৱাৰ পৰা লক্ষন প্ৰকট হোৱা কালক ইনকুৱেচন পিৰিয়ড বোলা হয়।) কিন্ত এই পাঁচ বছৰ কাল বা তাতোধিক কাল এনেবোৰ ব্যক্তিয়ে সমাজত এজন স্বাস্থ্যৱান ব্যক্তি হিচাপেই থাকি এইডছৰ দৰে মাৰাত্মক বীজানুৰ বাহক হিচাপে নিৰ্বিকাৰ ঘুৰি চলি থাকিব পাৰে।এইচ আই ভি ভাইৰাছ দ্বাৰা এবাৰ স্ংক্ৰমিত হোৱা মানেই আজীৱনলৈ সংক্ৰমিত হৈ থকা বুজায়। বীজানুবিধ শৰীৰত সোমোৱাৰ দিনৰেপৰাই আন এজনলৈ বীজানু স্ংক্ৰমন কৰিব পৰা ক্ষমতা লাভ কৰে।আজিকোপতি চিকিৎসা বিজ্ঞানৰ কোনো চিকিৎসাই এই স্ংক্ৰমকতা দূৰ কৰিব পৰা নাই।সেয়েহে লক্ষনবিহীন অথচ HIV positive বা বীজানু বাহক লোকসকল চিকিৎসকৰ লক্ষ্যত থকাটো বাধ্যতামূলক আৰু আদেশসূচক।

ৰোগ চিনাক্ত কৰা পৰীক্ষা

তেজত CD4 কনিকা গননা কৰি চোৱা।যদিহে প্ৰ্তি কিউৰীক মি,মি তেজত ২০০ বা তাতোকৈ কম কনিকা ধৰা পৰে তেনেহলে সি সীমাৰেখাত থকা HIV স্ংক্ৰামক ৰোগী।স্ংক্ৰামক ৰোগীজনৰ তেজ,লেলাউটি আৰু বীৰ্য পৰীক্ষা কৰিলে বীজানুৰ সন্ধান পোৱা যায়।

HIV বীজনুৰ এন্টিবডী পৰীক্ষা কৰি চোৱাটো আন এবিধ পৰোক্ষ টেষ্ট।এই পৰীক্ষাৰ দ্বাৰা ৰোগী আৰু ৰোগীৰ বাহক দুয়োটাকে চিনাক্ত কৰা হয়।ELISA নামৰ এইবিধ টেষ্ট যিকোনো উন্নতমানৰ পেথলজিকেল লেবৰেটৰীত উপলদ্ধ সচৰাচৰ কৰিবপৰা সহজলভ্য আৰু কম খৰচী টেষ্ট।

ৱেষ্টাৰ্ন ব্লট ইমিউনব্লট পৰীক্ষা(western blot or immune blot test):ELISA test যেতিয়া positive হব তেতিয়া ওপৰোক্ত এইবিধ টেষ্টৰ দ্বাৰা ৰোগৰ উপস্থিতি দহদহীয়াভাৱে নিশ্চিত কৰা হয়।কিন্ত এইবিধ পৰীক্ষা আপেক্ষিকভাৱে খৰচী আৰু জটিল কিন্ত জনসাধাৰনৰ বাবে সহজলভ্য হোৱাকৈ সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ৪০০০ জিলাভিত্তিক থকা চৰকাৰী চিকিৎসালয়ত ICTC স্থাপন কৰা হৈছে।এই কেন্দ্ৰসমূহত HIV বাবে তেজ পৰীক্ষা আৰু ৰোগীক ৰোগৰ পৰামৰ্শ দিয়াৰ সুবিধ উপলদ্ধ হৈছে।তদুপৰি দেশৰ ভিন ভিন প্ৰদেশত এইবিধ টেষ্ট কৰাৰ বাবে উন্নতমানৰ মুঠ ১৮০ টা zonal centre আৰু ৬২টা ৰোগ তদাৰকী কেন্দ্ৰ আছে।

লব লগা ৰোগ প্ৰ্তিৰোধক ব্যৱস্থা

যৌন সঙ্গমৰ ক্ষেত্ৰত নিৰাপদ সঙ্গমৰ প্ৰ্তি সতৰ্ক হব লাগে।বাৰবনিতা আৰু সমকামী যৌন সম্ভোগৰপৰা আতঁৰি থাকিব লাগিব।

বেজী লোৱা আৰু বেজী দিয়া দুয়োটাৰে ক্ষেত্ৰত পৰিশশোধিত আৰু নিৰ্মল বেজী ব্যৱহাৰ কৰিব লাগে। দৰৱ প্ৰয়োগত ব্যৱহৃত ছিৰিঞ্জ আৰু বেজী “ডিচপোজেল”(এবাৰ ব্যৱহাৰ কৰি পৰিত্যাগ কৰা) হোৱাই শ্ৰেয়।ঠিক একেদৰে দন্ত চিকিৎসা বা বিভিন্ন বিভাগৰ শল্য চিকিৎসাৰ যন্ত্ৰপাতিবোৰ পূৰ্নশোধিত হব লাগে।ব্যৱসায়িক ৰক্তদাতাৰপৰা পৰ্যন্ত আঁতৰি থাকিব লাগে আৰু ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত যাৰেপৰাই তেজ স্ংগ্ৰহ কৰা নহকও কিয় “এইডছ ৰোগৰ বীজানুমোক্ত হয়নে নহয় তাক পৰীক্ষা কৰি চাইহে ৰক্ত গ্ৰহন কৰিব লাগে।

চিকিৎসক বা নাৰ্ছসকলে বৃত্তিগত স্ংকট সম্পৰ্কত সতৰ্ক থাকি এইডছৰ  বাহক বা ৰোগীৰ লগত চলিব লাগে।

এইডছ প্ৰ্তিৰোধক সম্পৰ্কত চিকিৎসালয়ত উপলদ্ধ থকা আৰু মানিবলগীয়া আনুষ্ঠানিক ৰীতি নীতি সম্পৰ্কত জ্ঞাত হব লাগে।

এনে ব্যাধিৰ ৰোগী গৰ্ভৱতী হ’লে গৰ্ভপাত কৰোৱাই বিজ্ঞান আৰু আইনসন্মত কথা।

মাতদুগ্দ্ধৰ বাবে স্তন্যপান

যিখন দেশত পুষ্টিৰ অভাৱতে এক বুজন স্ংখ্যক কেচুঁৱাৰ মৃত্যু হয়,তেনে এখন দেশ ভাৰতবৰ্ষ মাতৃসকলে কেচুঁৱাক মাতৃদুগ্দ্ধ পানৰ পৰা বঞ্চিত নকৰাই উচিত।এয়া এক প্ৰকাৰ যুক্তিহে।কিন্ত এইডছ ৰোগত আক্ৰান্ত গৰ্ভৱতী মহিলাই আপোন ইচ্ছাত নিজৰ কেচুঁৱাক মাতৃদুগ্দ্ধ পান কৰাত অনিচ্ছুক হয় তেনেহলে তাত কোনো বাধাৰ আৰোপ কৰিব নালাগে।কিন্ত মাতৃসকলে জনা উচিত যে স্তনপানে নবজাতকৰ গালৈ এইডছ স্ংক্ৰমন সঞ্চাৰ কৰিব পাৰে আৰু সেই ফালৰপৰাই সামগ্ৰীকভাৱে মাতৃদুগ্দ্ধ পান কৰাত বাধা আৰোপ কৰা হৈছে।

যিহেতু এই ৰোগ ডেকা-গাভৰুৰ ক্ষেত্ৰত অধিক হোৱা বুলি জনা যায় গতিকে স্কুল কলেজ ক্লাৱ আদিত সজাগতা সভা পাতি ৰোগ প্ৰ্তিৰোধ কথা বিস্তাৰিত্ভাৱে আৰু বিজ্ঞানসন্মত্ভাৱে আলোচনা হব লাগে।

ডা: দীনেশ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate