অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যৌনৰোগ

চিকিৎসা বিজ্ঞান শাস্ত্ৰত এই ধৰনৰ ৰোগক এছ টি ডি বা Sexually transmitted disease বুলি নামকৰন কৰা হৈছে।আকৌ যৌন ৰোগ বুলি এই কাৰনেই কোৱা হয় যে যৌন ৰোগাক্ৰান্ত মানুহৰ লগত যৌন স্ংগম কৰিলে যৌন ৰোগৰ বীজানু শৰীৰত সোমাই এই ৰোগৰ সৃষ্টি কৰিব পাৰে।অৱশ্যে এজনৰ গাৰ পৰা আনজনলৈ ৰোগ বিয়পাৰ পৰা অন্য কিছুমান মাধ্যমো নথকা নহয় যেনে গৰ্ভৱতী মাতৃৰপৰা সন্তানৰ তেজলৈ গৰ্ভফুলৰ মাধ্যমৰে এইডছ আৰু ছিফিলিছ নামৰ যৌনৰোগ স্ংক্ৰামন হব পাৰে।এইডছ ৰোগীয়ে বা এইডছ ৰোগৰ বাহকে ব্যৱহাৰ কৰা ছিৰিজ আনে ব্যৱহাৰ কৰিলে বা একেটা বা একেটা বেজীৰে বহুতো স্ংগীয়ে ৰক্তবাহী শিৰাৰে মাদকদ্ৰব্য গ্ৰহন কৰিলে এইডছ ৰোগ স্ংক্ৰমন হব পাৰে।এইচ আই ভি বীজানুৰ দ্বাৰা আক্ৰান্ত মানুহৰ তেজ আন সুস্থ ব্যক্তিলৈ সঞ্চালন কৰিলেও এইডছ হব পাৰে।ঠিক একেদৰেই হেপাটাইটিছ আৰু ছিফিলিছ ৰোগৰ বীজানুও বিয়পিব পাৰে।মন কৰিবলগীয়া কথা যে আধুনিক কালৰ জীৱনযাত্ৰাত জনসাধাৰনৰ মাজত যৌন ৰোগৰ প্ৰকোপ দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে।ৰোগ নিৰ্নয়ক বিজ্ঞান সন্মত পৰীক্ষা-নিৰীক্ষাবোৰৰ মান যিমানেই বৃদ্ধি হৈছে সিমানেই নতুন বেছিভাগেই ভাইৰাছজনিত সংক্ৰমন।আনহাতেদি যৌনৰোগৰ স্ংক্ৰমন বৃদ্ধি হোৱাৰ অন্যান্য কাৰনসমূহ হল---

সচৰাচৰ ব্যৱহাৰ কৰা আৰু ফলপ্ৰসু চিনাকী এন্টিবায়টিক দৰৱ সমূহৰ বিৰুদ্ধে বিজানুবোৰে প্ৰ্তিৰোধ ক্ষমতা লাভ কৰিছে।

দ্বিধাহীন আৰু সহজ মিলামিছা বাচ বিচাৰ নোহোৱাকৈ হোৱা যৌন সম্পৰ্কও এক অন্যতম কাৰন।

গৰ্ভ নিৰোধক বড়ি আৰু গৰ্ভনিৰোধক আহিলাসমূহক যৌন ব্যাধিসমূহৰ বাবেও নিৰাপদ বুলি গন্য কৰাৰ যি ভ্ৰান্ত ধাৰনা তাৰ বাবেও মানুহ যৌন ৰোগৰ বলি হৈছে।

যৌন ৰোগ আৰু যৌন শিক্ষাৰ বিষয়ে অনভিজ্ঞতাও আন এটা কাৰন।

বিদেশ ভ্ৰমনৰ প্ৰৱনতা আৰু প্ৰয়োজনীয়তা বৃদ্ধি হোৱাটো অন্যতম এটা কাৰন।

উন্নতমানৰ পৰীক্ষাগাৰ আৰু পৰীক্ষা ব্যৱস্থা উপলদ্ধ আৰু সহজলদ্ধ হোৱাৰ বাবেই অধিক স্ংখ্যক ৰোগী ধৰা পৰিবলৈ লৈছে।এতিয়ালৈকে মানুহৰ তেজত ধৰা পৰা বিভিন্ন প্ৰকাৰৰ যৌনব্যাধিৰ নাম তলত উল্লেখ কৰা হল—

১)বেক্টেৰিয়া বা জীৱানুৰ পৰা হোৱা: গনৰীয়া ছেলমইডিয়া,ছিফিলিছ লিম্ফগ্ৰেনুলোম ভেনেৰাম,চেংক্ৰয়েড আৰু গ্ৰেনুলোমা ইঙ্গইমেলি।

২)ভাইৰাছজনিত যৌনৰোগ: এইডছ জেনিটল হাৰপিচ কণ্ডাইলামা একুমিনাটা।

৩)পৰজীৱিৰপৰা হোৱা ৰোগৰ নাম ট্ৰাইকমনাছ ভেজাইনেকিছ।

৪)ভেকুৰৰ পৰা হোৱা ৰোগৰ নাম মনিলিয়েল ভেজাইনাইটিছ।ইয়াৰ ভিতৰত তিনিবিধ উল্লেখযোগ্য যৌন ব্যাধি গনৰিয়া ছিফিলিছ আৰু এইডছ।

গনৰিয়া

নেইছেৰিয়া গনৰিয়া নামৰ এবিধ জীৱানুৰ পৰা স্ংক্ৰমন হয়।জীৱানু সোমোৱাৰ ৩-৭ দিনৰ ভিতৰতে শৰীৰত লক্ষন ফুটিউ উঠে।মহিলাৰ ক্ষেত্ৰত মুত্ৰনলীৰ প্ৰৱেশদ্বাৰা(ইউৰেথ্ৰা)যৌনাঙ্গৰ বেৰত থকা ব্যৰ্থলিন গ্লেণ্ড আৰু জৰায়ুৰ মুখ বা ছাৰ্ভিছত স্ংক্ৰমন হয়।মনত ৰাখিবলগীয়া কথা এয়ে যে যি প্ৰকাৰ জীৱানু যৌনৰোগ নকৰক কিয় নেইচেৰিয়া গনৰিয়া নামৰ জীবানুবিধ তাৰ লগত স্ংঙ্গী থাকিবই।আকৌ এবাৰ গনৰিয়াত আক্ৰান্ত হোৱা ৰোগীনিক ছিফিলিছ আৰু চেলমাইডিয়ল হোৱাৰ আংশকা অধিক।গনৰিয়াত ভোগা মহিলাৰ প্ৰস্ৰাৱত যন্ত্ৰনা হয়।যৌনাঙ্গ বেদনাদায়ক হয়।কাষৰ ব্যৰ্থলিণ্ড গ্ৰন্থী ফুলি উঠে মলদ্বাৰা ভিতৰতো যন্ত্ৰনা হব।অলপ অলপ জ্বৰৰ ভাৱ থাকিব পাৰে।যৌনাঙ্গ আৰু ছাৰ্ভিক্সৰ মুখেৰে ওলোৱা ডিচাৰ্জ পনীয় হব তাত পুজ থাকিব।যৌনাঙ্গৰ লেবিয়া মেজৰা অংশত ভীষন প্ৰদাহ হব প্ৰদাহত ই ফুলি যাব।প্ৰদাহ আৰু স্ংক্ৰমনে অত্যাধিক হলে লেবিয়াৰ তলতে থকা ব্যৰ্থলিণ্ড গ্ৰন্থীয়ে পুজৰঁ টেমুনা বা এবচেচৰ আকৃতি লব।

ছিফিলিছ

ট্ৰিপোনেমা পেলিডাম নামৰ বীজানুৰ দ্বাৰা হয়।এই ৰোগক্ৰান্ত কোনো ব্যক্তিৰ লগত সহবাস কৰিলে এই ৰোগৰ সৃষ্টি হয়।মাকৰ ছিফিলিছ থাকিলে গৰ্ভস্থ শিশুৰো ছিফিলিছ হোৱাৰ আংশকা থাকে।সাধাৰনতে যৌনাঙ্গৰ(লেবিয়াৰ অংশত)প্ৰথমে সৰু গুটি বা ফোহোৰা দৰে হৈ পিছলৈ ফাটি গৈ গাঁত আকৃতিৰ বেদনাহীন ঘা হয়,এই ঘা ডোখৰৰ নাম প্ৰাইমাৰী চেঙ্কাৰ ঘাৰ পৰা ছেকেণ্ডাৰী ছিফিলিছ আৰম্ভ হব পাৰে।সেই অৱস্থাটো ৰোগীনিৰ দেহাত দুবছৰ মানলৈ ৰৈ যাব পাৰে আৰু মানুহগৰাকী ছিফিলিছ বীজানুৰ বাহক হৈ থাকিব।চিকিৎসাৰ অভাৱত বহুদিনীয়া ছিফিলিছ ৰোগীৰ বীজানু হৃদপিণ্ডকে কেন্দ্ৰ কৰি শৰীৰৰ ভিন ভিন অঙ্গলৈ সংক্ৰমন হব পাৰে।ছিফিলিছৰ চিকিৎসা প্ৰয়োগ কৰাৰ পিছতো ৰোগিনী প্ৰকৃততে ছিফিলিছৰ বীজানুৰ পৰা মুক্ত হল নে নাই তাক জনাৰ বাবে তেজৰ চিৰাম পৰীক্ষা কৰি থাকিব লাগে।

ড° দীনেশ শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate