অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিঙিৰ পীড়া

ডিঙিৰ পীড়া

শৰতৰ আগমনৰ লগে লগে আমাৰ বহুতৰে ডিঙিৰ ভিতৰভাগত কেতিয়াবা বেছ কিছুদিনলৈ কথা কওঁতে বা আহাৰ খাওঁতে কষ্ট অনুভৱ হয়। সাধাৰণভাৱে ইয়াকে ডিঙিৰ পীড়া বা ছ’ৰ থ্ৰ’ট বুলি কোৱা হয়। ডিঙিৰ ভিতৰৰ এনে পীড়া সামান্যৰ পৰা অতি কষ্টদায়ক হ’ব পাৰে। মুখগহ্বৰৰ ভিতৰভাগ আৰু স্বৰতন্ত্ৰৰ আৰম্ভণি ভাগত থকা শ্লেষ্মা আৱৰণৰ প্ৰদাহ বা প্ৰজ্বলনৰ বাবেই এনে পীড়া অনুভূত হয়। এই প্ৰদাহ বা প্ৰজ্বলন আকৌ ভাইৰাছজনিত সংক্ৰমণ, বেক্টেৰিয়াজনিত সংক্ৰমণ, শুস্কাৱস্থা, এচিডিটি, এলাৰ্জী, ধুম্ৰপান বা পাৰিপাৰ্শ্বিক আদি বিভিন্ন কাৰণত হ’ব পাৰে। সৰহভাগ ক্ষেত্ৰতে (প্ৰায় ৮০ শতাংশতকৈ অধিক) ভাইৰাছজনিত স্বৰযন্ত্ৰৰ প্ৰদাহ কাৰণ হিচাপে দেখা যায়। এনে ভাইৰাছসমূহৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ ফ্লু ভাইৰাছৰ উপৰি মনোনিউক্লিওছিছ, মিজলছ্‌, চিকেনপক্‌ছ, ক্ৰুপ আদি ভাইৰাছেই মুখ্যত: দায়ী।

বেক্টেৰিয়াৰ ভিতৰত ষ্ট্ৰেপ্ট’ক’ক্কাছ, ডিফ্‌থেৰিয়া, হুপিং কাঁহ আদিয়ে ডিঙিৰ পীড়া কৰে। শিশুসকলৰ ডিঙিৰ পীড়াৰ এক তৃতীয়াংশ ক্ষেত্ৰতে ষ্ট্ৰেপ্ট’ক’ক্কাছ শ্ৰেণীৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত স্বৰতন্ত্ৰ আৰু তাৰ আশে-পাশে হোৱা প্ৰদাহ মূল কাৰণ। জ্যেষ্ঠসকলৰ ক্ষেত্ৰতো ষ্ট্ৰেপ্ট’কক্কাছে কৰা সংক্ৰমণে কম নগুৰ-নাকটি নকৰে। শীতকালৰ অত্যাধিক শুকান পৰিৱেশ বা মুখেৰে উশাহ লোৱাৰ অভ্যাসে ডিঙিৰ ভিতৰভাগৰ শুকান অৱস্থা এটাৰ সৃষ্টি কৰিব পাৰে, যিয়ে মূৰকত ছ’ৰ থ্ৰ’টৰ কাৰণ হ’ব পাৰে। GERD নামৰ অসুখত পাকস্থলীৰ ভিতৰৰ আম্লিক পাচক ৰস উভতি ডিঙিলৈকে আহি ডিঙিৰ ভিতৰৰ পীড়া কৰিব পাৰে। ঘৰুৱা ধূলি-মাকতি, ফুলৰ ৰেণু, ভেঁকুৰ আদিয়ে এলাৰ্জীৰ সৃষ্টি কৰি মূৰক ডিঙিৰ পীড়াদায়ক হ’ব পাৰে। ডিঙিৰ বিভিন্ন আঘাত টেমুনা আদিয়েও এক পীড়াদায়ক অনুভূতি জগায়।

সংক্ৰমণজনিত Sore Throat বা ডিঙিৰ ভিতৰৰ পীড়াত মুখৰ ভিতৰত থকা টনছিল ফুলিব আৰু বিষাব পাৰে। ফুলি থকা আৰু চুলেই বিষোৱা গ্ৰন্থি ডিঙিৰ অইন ঠাইতো থাকিব পাৰে। টেঁটুৰ পাছফালে বিষ বা চুলে বিষোৱা অৱস্থা এটা হ’ব পাৰে। কম বেছি পৰিমাণে জ্বৰ থাকিব পাৰে। জ্বৰৰ লগতে কঁপনি, মূৰৰ বিষ, ভাগৰ ভাগৰ লগা, কাঁহ, হাঁচি, নাকেৰে পানী বোৱা আদি লক্ষণো থাকিব পাৰে। কাণৰ বিষ, আহাৰ গিলোতে কষ্ট পোৱা, কন্ঠস্বৰ ঘেৰঘেৰিয়া হোৱা বা মাত ভঙাৰ লগতে কথা কওঁতে যন্ত্ৰণা অনুভূত হয়। সৰু ল’ৰা-ছোৱালীয়ে অনবৰতে আমনি কৰিবলৈ লয়, ঘনাই কন্দা-কটা কৰে আৰু আহাৰ নোখোৱা হয়।

আমি আলোচনা কৰি থকা ডিঙিৰ পীড়াই সকলো বয়সৰ যিকোনো লোককে আক্ৰান্ত কৰিব পাৰে। শিশু, ধুম্ৰপায়ী, ডায়েবেটিক, কোনো ধৰণৰ এলাৰ্জী থকা লোক তথা স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তিসকল সঘনে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

ডিঙিৰ এনে পীড়া প্ৰতিৰোধ আৰু নিৰাময়ৰ বাবে কুহুমীয়া গৰম পানীত অকণমান নিমখ গুলি লৈ কৰা কুলুকুলি আটাইতকৈ ফলপ্ৰসূ আৰু দ্ৰুত প্ৰতিষেধক ব্যৱস্থা হিচাপে তাহানিৰেপৰা এতিয়ালৈকে পৰিগণিত হৈ আহিছে। নিমখে এক প্ৰকাৰৰ বীজাণুনাশকৰ দৰে কাম কৰাৰ উপৰি প্ৰদাহৰ ফলত ফুলি উঠা ডিঙিৰ ভিতৰ ভাগৰ শ্লেষ্মা আৱৰণৰ পৰা কিছু পৰিমাণে পানী উলিয়াই অনাত সহায় কৰে হেতু ফুলাটো কমে। ই ফ্লেগ্‌মা নামৰ বগা হালধীয়া পদাৰ্থ ভাগ বাহিৰ হোৱাত সহায়ক হয়। কুলুকুলিৰ এগিলাচ সহ্য কৰিব পৰা কুহুমীয়া গৰম পানীত আধা চামুচ নিমখ গুলি ল’ব লাগে। দিনটোত চাৰিবাৰ মানকৈ কুলুকুলি কৰি পানীখিনি মুখৰপৰা পেলাই দিব লাগে। নিমখৰ সলনি খোৱা চোডাও ব্যৱহাৰ কৰিব পৰা যায়। ডিঙিৰ চাৰিওফালে গামোচা বা তেনেকুৱা কপাহী কাপোৰ এখন অনবৰতে মেৰিয়াই ৰাখিলে সোনকালে সকাহ পোৱা যায়। খুব বেছি ঠাণ্ড নহ’লে ঊণী মাফলাৰ আদিতকৈ কপাহী গামোচা জাতীয় কাপোৰেই ভাল, অন্যথা বেছি গৰম আৰু চালৰ প্ৰজ্বলনৰ বাবে অস্বস্তি বঢ়াৰহে সম্ভাৱনা। শীতকালি বতৰ খুব শুকান হ’লে কোঠাৰ ভিতৰৰ বায়ুৰ প্ৰয়োজনীয়তা সিক্ততা ৰাখিবলৈ বিশেষকৈ শোৱা কোঠাৰ ভিতৰত পানীত ভিজোৱা চাদৰ জাতীয় বহল কাপোৰ এখন মেলি থৈ লগতে বহল মুখৰ চৰিয়া এটাত পানী নধকাকৈ ৰাখি, অথবা ‘হিউমিডিফায়াৰ’ যন্ত্ৰ ব্যৱহাৰ কৰি কোঠাৰ ভিতৰৰ বায়ুৰ সিক্ততা স্বাভাৱিক কৰি ৰখাৰ চেষ্টা কৰিব পৰা যায়। মুখেৰে উশাহ লোৱাৰ অভ্যাস থাকিলে সেয়া পৰিত্যাগ কৰিব লাগে, কিয়নো নসিকাৰন্ধ্ৰৰ স্বাভাৱিক বায়ু সিক্তকৰণ আৰু ধূলি-মাকতি বাধা দি পৰিষ্কাৰ কৰণৰ ক্ষমতা মুখ গহ্বৰৰ নাই। বিড়ি, চিগাৰেট, হোকা, চিলিম আদি সকলো প্ৰকাৰৰ ধুম্ৰপানৰ অভ্যাস সমূলি এৰিব লাগে। ভিটামিন-চি আৰু ভিটামিন-ই আদি খাদ্যপ্ৰাণ আৰু জিংক আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থকা আহাৰ যথেষ্ট পৰিমাণে খাব লাগে। এইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দৃঢ় কৰে। ভিটামিন-চি ঔষধৰ দোকানত টেবলেট খাব পৰা যায়। নহৰু আৰু আদা এনে অৱস্থাত নিয়মীয়াকৈ খাব কোৱা হৈছে। জালুক বা কেপচিকাম দিয়া পাতল জ্বলা জোল বা আদা, জালুক দিয়া ৰঙা চাহেও কিছু সকাহ দিয়ে। মেন্থল আৰু প্ৰতিজৈৱিক ঔষধযুক্ত কুলুকুলিৰ মিশ্ৰন উপযুক্ত প্ৰক্ৰিয়াৰে ব্যৱহাৰ কৰি সকাহ পোৱা যায়। বেঞ্জ’কেইন জাতীয় চেতনানাশকযুক্ত বা মেন্থল, মৌ যুক্ত লজেঞ্চৰ ব্যৱহাৰে সাময়িক সকাহ দিব পাৰে। এই সময়ত ডিঙি আৰু স্বৰতন্ত্ৰৰ জিৰণি অতিকৈ প্ৰয়োজনীয়, ইয়াৰ বাবে কথা যথাসম্ভৱ কমকৈ ক’ব লাগে।

এনেবোৰ উপায়েৰে Sore Throat পীড়া উপসম নহ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। চিকিৎসকে NSAID শ্ৰেণীৰ বিষ কমোৱা ঔষধ পেৰাচিটাম’ল আৰু লগতে প্ৰয়োজনবোধে প্ৰতিজৈৱিক ঔষধ বিধান কৰিব পাৰে। ডিঙিৰ পীড়া কৰিব পৰা ডিফ্‌থেৰিয়া আদি ৰোগত সোনকালে চিকিৎসকৰ পৰামৰ্শ প্ৰয়োজন হয়। জটিল বা গুৰুতৰ বুলি ভবা ক্ষেত্ৰত প্ৰয়োজনবোধে নাক, কাণ, ডিঙি বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ কৰা উচিত।

লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate