অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাকৰ ঘোৰ্ঘোৰণিৰ কাৰণ আৰু প্ৰতিকাৰ

নাকৰ ঘোৰ্ঘোৰণিৰ কাৰণ আৰু প্ৰতিকাৰ

ওপৰুক্ত ৰচনাখন লিখিবলৈ আৰম্ভ কৰাৰ আগতে এটি কৌতুক মনলৈ আহিছে৷ নৱবিবাহিতা কইনাক এজনী নন্দেকে সুধিলে - দাদাৰ নাকৰ ঘোৰ্ঘোৰণি শুনি তুমি চাগে ভয় খাই গৈছা ? কইনাই লাজ-লাজকৈ উত্তৰ দিলে-নাই, মানে এসপ্তাহতে কথাটো মই গম পোৱা নাই !
সি যি নহওক৷ বিশ্বৰ সকলো ঠাইতে ব্যাপ্ত এই নাকৰ ঘোৰ্ঘোৰণি হোৱা ৰোগ প্ৰতি ৫জনৰ ভিতৰত এজনৰ দেখা যায়৷ ভুক্তভোগী সকলৰ সাধাৰণতে ৪০শতাংশ পুৰুষ আৰু ৩০শতাংশ মহিলা৷ কিন্তু ৫০বছৰৰ ওপৰৰ বয়সত নাৰী -পুৰুষৰ এই পৰিসংখ্যাটো বিপৰীত হবলৈ ধৰে৷সৰু ল'ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাৰো নিদ্ৰাৱস্থাত নাকৰ ঘোৰ্ঘোৰণি হব পাৰে৷ইংৰাজীত এই অৱস্থাক Snoring  বা  Sleep apnea বোলে৷ ইয়াৰ ৰোগ নুবুলি এটা অৱস্থা বোলা বেচি সঠিক হব৷

শুওঁতে নাকৰ শব্দ কৰা বা নাক বজোৱা এটি বৰ সচৰাৰচ দেখা পোৱা (কমন) অৱস্থা, যদিও বহুক্ষেত্ৰত ই একোজন ব্যক্তিক লজ্জাত পেলাব পাৰে৷ পতি-পত্নীৰ মাজত ভাল বুজাবুজি নহলে ইয়াকেলৈ দ্বন্দ বা বিবাহ বন্ধন শিথিলহৈ পৰিব পাৰে৷

সাধাৰণতে মানুহৰ ধাৰণা নাক বজাই শোৱাটো গভীৰ নিদ্ৰাৰ লক্ষণ৷ কিন্তু দৰাচলতে সেইটো সত্য নহয়৷ নাকেৰে যিমান শব্দ কৰি শুলেও সেয়া কেতিয়াও গভীৰ টোপনি নহয়৷ নিদ্ৰাৱস্থাৰ (Polysomnography ) অধ্যয়ণত ই প্ৰমাণিত হৈছে৷ সেই সময়ত শৰীৰে সামান্য হলেও কম পৰিমাণে অক্সিজেন আহৰণ কৰে৷ সেয়ে টোপনিৰ পৰা উঠিলে সতেজতা সলনি অৱসাদ ভাৱ বা দুৰ্বলতাহে অনুভৱ কৰে৷

নাকৰ ঘোৰ্ঘোৰণি কিয় হয় ? আমাৰ শ্বাস প্ৰণালীত কিছু পৰিমাণে বাধা উৎপন্ন হোৱাৰ ফলত শব্দৰ সৃষ্টি হয়৷ তালুৰ কোমল অংশ(Soft palate) আৰু আলজিভাত হোৱা কম্পনে শব্দ উৎপন্ন কৰে৷সেই ঘোৰ্ঘোৰণি মিহি বা খহটা, এটা লয়ত বা বেসুৰা হব পাৰে৷

নাকৰ ঘোৰ্ঘোৰণি উৎপন্ন হোৱাৰ কাৰকসমূহ : -

১-  সংকীৰ্ণ শ্বাস প্ৰণালী - নাক,মুখ বা ডিঙিৰ বায়ু প্ৰবাহৰ পথটো যি কোনো কাৰণতে কিছু পৰিমাণে ঠেক হলেই তালুৰ কোমল অংশত কম্পনহৈ  শব্দ উৎপন্ন হয়৷

২- নাকৰ বিভিন্ন অসুখ- সংক্ৰমণ, নাকত পলিপ হোৱা বা ছাল(মিউকাছ  মেমব্ৰেণ) ফুলি উঠা, নাকৰ দুয়োটা ছিদ্ৰৰ মাজৰ বেৰৰ (Nasal septumত ) ভাজ থকা আদি৷

৩-ডিঙিৰ অসুখ - টনচিলাইটিচ, ফেৰিংগটনচিলাইটিচ, এডিনইড আদি৷

৪- বয়স- বাৰ্ধক্যৰ দিশে যেতিয়া ব্যক্তিজন অগ্ৰসৰ হয়৷

৫- মেদবহুলতা

৬- উচ্চ ৰক্তচাপ

৭- মাদক দ্ৰব্য

৮- ধূম্ৰপাণ

৯- শোৱাৰ অৱস্থা - বেচি ওখ গাৰুলৈ ওপৰলৈ মুখ কৰি শুলে৷

১০- অতিমাত্ৰা শ্ৰম, বিশৃঙ্খলিত লাইফষ্টাইল৷

কিদৰে চিকিৎসা কৰিব ?

চিকিৎসা আৰম্ভ কৰাৰ আগতে সদায়  ৰোগৰ কাৰণটো উদ্ভাৱন কৰাৰ চেষ্টা কৰিব লাগে৷

কিছুমান সৰঞ্জাম ব্যৱহাৰ কৰি - যেনে দাঁতত লগোৱা সজুলি, যি নিশ্বাসৰ প্ৰক্ৰিয়াত থকা বাধা আতৰাই ৰাখে৷ এনে সজুলি দন্ত চিকিৎসকে নিৰ্মাণ কৰি দিব পাৰে৷

আন এবিধ সজুলি হ'ল- Nasal Continuous Positive Airway Pressure (চমুকৈ CPAP) - হ'ল আন এবিধ সহায়কাৰী সৰঞ্জাম - ই হয়তো সম্পূৰ্ণ মুখমণ্ডল ঢকা নাইবা মাত্ৰ নাক আৰু মুখ আৱৰা সজুলি হব পাৰে৷ইয়াত এটা ম'টৰ পাইপত লাগি থাকে৷ ম'টৰটোৱে বায়ু চলাচল সুগম কৰি তোলে৷নানাবিধ অপাৰেচন (প্ৰয়োজন সাপেক্ষে) - টনচিলৰ, এডিনয়ডৰ, চাইনাচৰ, নাকৰ চেপ্তামৰ, নাকৰ পলিপৰ, আলজিভাৰ৷আজিকালি লেজাৰৰ যোগেদিও নাকৰ ঘৰ্ঘৰণিৰ চিকিৎসা কৰা হয়৷ মাহৰ ব্যৱধান ৰাখি ২০মিনিট সময়ৰ লেজাৰৰ তিনিটা প্ৰয়োগে অধিকাংশ ৰোগীকে সুফল দিছে৷

ৰোগীয়ে লবলগীয়া সতৰ্কতাসমূহ

-   ধূম্ৰপাণ ত্যাগ কৰিব৷

-   সদয় সন্তুলিত আহাৰ গ্ৰহণ কৰিব৷

-   দিনে ৩৷ ৪ লিটাৰ পানী অৱশ্য খাব৷

-   নিয়মিত ব্যায়াম বা শাৰীৰিক শ্ৰম কৰিব৷ প্ৰাণায়াম,যোগ আদি বৰ উপকাৰী ৷

-   ৰক্তচাপ ১২০৷ ৮০ৰ আষে-পাষে ৰাখিবলৈ যত্নপৰ হব৷

-   শৰীৰক প্ৰতিদিনে প্ৰয়োজন হোৱা ৭৷ ৮ ঘন্টা নিদ্ৰা পূৰণ কৰিবৰ প্ৰয়াস কৰিব৷

-   শোৱা আৰু উঠাৰ সময় নিয়মীয়া হলে ভাল৷

-   ৰাতিৰ ভোজন আৰু শয়ন পাটিত পৰাৰ মাজত দুঘন্টাৰ ব্যৱধান থকা উচিত৷

-   শোৱাৰ অৱস্থাৰ বিষয়ে এটি লাগতিয়াল দিহা- নাকৰ ঘৰ্ঘৰণি হোৱা লোকে পৰাপক্ষত গাৰু পৰিহাৰ কৰিব লাগে৷ নহলে তেনেই চাপৰ গাৰু ব্যৱহাৰ কৰিব৷  ওপৰলৈ মুখ নকৰি সদায় একাষৰীয়াকৈ শুব৷ তৎসত্বেও নাকৰ শব্দ ওলালে শয়ন কোঠাৰ আনে শৰীৰটো সামান্য লৰাই দিলেই নাকৰ শব্দ ওলোৱা বন্ধহৈ যাব৷

-   মেদবহুলতা কমাব৷ শৰীৰৰ ওজন আদৰ্শ বি এম আইৰ কাষত ৰাখিবলৈ যত্নপৰ হব৷ ইয়াৰ     বাবে খাদ্যত সতৰ্কতা আৰু নিয়মিত ব্যায়াম অতিশয় জৰুৰী৷

-   মদ আৰু সকলো ধৰণৰ ৰাগিয়াল দ্ৰব্য, নিশাযুক্ত ঔষধৰ সেৱন বাদ দিব৷

-   যিসকলৰ নাক প্ৰায় বন্ধ থাকে তেনেলোকে শুবৰ সময়ত নাকৰ জাম মুকলি কৰা স্প্ৰে বা টোপাল ব্যৱহাৰ কৰিব পাৰে৷ ৰাতি মেন্ঠল নহলে ভিকচ-ভেপৰাবৰ ভাপ লব পাৰে৷ শুওতে বাতানুকুলিত যন্ত্ৰৰ বা ফেনৰ বতাহ পোনচাতেই নাক-মুখত নপৰিলে ভাল৷

-   যিসকলৰ শ্বাসপ্ৰণালীৰ নানাবিধ ৰোগ আছে, তেনেলোকে চিকিৎসকৰ পৰামৰ্শমতে এন্টিবায়টিক,    এন্টিএলাৰ্জিক বা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা ঔষধ,এন্টিঅক্সিডেন্ট, ভেকচিন আদি ব্যৱহাৰ কৰা উচিত৷

মোখনিত পাঠকসকললৈ কেইটিমান ঘৰুৱা চিকিৎসাৰ দিহা-

-   কুহুমীয়া গৰম পানীত নেমু আৰু মৌ জোলৰ মিশ্ৰণ নিতৌ সেৱন কৰিলে মেদবহুলতা কমে৷

-   কুহুমীয়া গৰম পানীত ৰাতি শোৱাৰ আগতে সদায় মৌ জোল মিহলাই খালে নাকৰ ঘেৰ্ঘেৰণি     কমিব৷

-   কুহুমীয়া গৰম গাখীৰত হালধি মিহলাই খাল নাকৰ ঘেৰ্ঘেৰণি  কমে  বুলি আয়ুৰ্বেদিক চিকিৎসকে দাবী কৰে৷

-   এপিয়লা উতলা পানীত ১০খিলা   পদিনাৰ পাত দি থব৷ সেই  পানীখিনি শীতল কৰি খালে  নাকৰ ঘেৰ্ঘেৰণি  কমে  বুলি আয়ুৰ্বেদিক চিকিৎসকে কয়৷

নাকৰ ঘেৰ্ঘেৰণি হ'ল এক বিশ্বজনীন সমস্যা৷ ইয়াক সমুলঞ্চে নিৰাময়ৰ বাবে বিজ্ঞানীসকলে  নিৰন্তৰ প্ৰয়াসৰত হৈ আছে৷ এই সংবেদনশীল বিষয়টোৰ প্ৰতি পৰিয়ালৰ লোক আৰু বন্ধু-বান্ধৱ সহানুভূতিশীল হোৱাটো বাঞ্চনীয়৷ পৰৱৰ্তী সময়ত এই বিষয়ে আৰু নতুন তথ্য অৱগত হলে পাঠকক জনোৱাৰ আশা থাকিল৷

উৎস : ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 11/24/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate