অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাকৰ তেজ ওলালে বিতত নহ’ব

নাকৰ তেজ ওলালে বিতত নহ’ব

সততে ঘৰত দেখিবলৈ পোৱা তাৎক্ষণিক সমস্যাবোৰৰ ভিতৰত নাকেৰে তেজ ওলোৱা অন্যতম। যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত নাকেৰে তেজ ওলোৱা দেখা যায়। বিভিন্ন কাৰণত নাকেৰে তেজ ওলায়। কণমানি শিশুৰ পৰা বৃদ্ধাৱস্থাৰ ব্যক্তিৰ ক্ষেত্ৰতো নাকেৰে তেজ ওলায়। বহুতৰ কাৰণে এই দৃশ্য অসহনীয়। নাকেৰে তেজ ওলোৱ দেখিলে তেওঁলোকে বিচলিত হৈ পৰাদেখা যায়। সেয়েহে সকলোৰে সুবিধাৰ বাবে নাকেৰে তেজ ওলোৱা ৰোগৰ বিষয়ে কিছু আলোচনা আগবঢ়োৱ হ’ল। ভগৱানে নাকটো আমাক দিছে প্ৰধানকৈ উশাহ-নিশাহ ল’বলৈ। বায়ু নাথাকিলে জীৱজন্তু জীয়াই থাকিব নোৱাৰে। এই বায়ু শৰীৰত প্ৰৱেশ কৰাৰ বাবে প্ৰথম দুৱাৰখনেই হৈছে নাক। নাকৰ ভিতৰখন কোমল, বাহিৰখন কঠিন। বাহিৰ পিনে অস্থি আৰু কাৰ্টিলেজৰ দৃঢ় গাঁথনি থাকে। এই গাঁথনিৰ ওপৰত থাকে চাল আৰু কিছু মাংসপেশী। মানুহৰ ক্ষেত্ৰত নাকটোৱে বৰকৈ চলা-ফিৰা কৰিব নোৱাৰে যদিও হাতীৰ নিচিনা জন্তুৰ ক্ষেত্ৰত নকাটোৱে বিভিন্ন দিশত ঘুৰি বহুতো কামকৰিব পাৰে। নকৰ ভিতৰখন খলপা-খলপি। ভিতৰৰ আৱৰণখন কোমল। ইয়াক মিউকাচ-মেমব্ৰেইন বোলে। এই মিউকাচ-মেমব্ৰেইনত বহুতো ৰক্তবাহী সিৰা-উপসিৰা আৰু স্নায়ু থাকে। এই মিউকাচ মেমব্ৰেইনখন অতিশয় স্পৰ্শকাতৰ। বায়ুৰ উত্তাপ, আৰ্দ্ৰতা, প্ৰদূষণ, গোন্ধ আদি বিভিন্ন প্ৰকাৰ গুণ নাকৰ ভিতৰত ধৰা পেলাব পাৰি। নাকৰ ভিতৰত ৰক্তবাহী সিৰা-উপসিৰা ভৰি থকা বাবে বিভিন্ন কাৰণত নাকেৰে তেজ ওলোৱা দেখা যায়। সৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বতৰ পৰিৱৰ্তন হোৱাৰ্সময়ত নাকেৰে তেজ ওলায়। কোনো বিষ-দুখ নোহোৱাকৈ হঠাতে নাকেৰে তেজ ওলোৱা দেখা যায়। প্ৰায়ে শুই থাকোঁতে গাৰুত তেজৰ দাগ লাগি থাকে, কেতিয়াবা খেলা-ধূলা কৰি থাকোঁতে বা স্কুললৈ যওঁতে হঠাতে নাকেৰে তেজ ওলায়। যৌৱন অৱস্থাত নাকেৰে তেজ ওলোৱা ঘটনা কম।কিন্তু বিভিন্ন আঘাতজনিত কাৰণত তেজ ওলায়। যেনে নাকত মাৰ মাৰিলে বা খুন্দা খাই নাকেৰে তেজ ওলায়। বৃদ্ধাৱস্থাত নাকৰ ভিতৰখন কিছু পৰিৱৰ্তন হয়। বয়সৰ লগে লগে মানুহৰ সিৰা-উপসিৰা বিলাকৰ পৰিৱৰ্তন হয়। সিৰা-উপসিৰাবোৰ কিছু কঠিন আৰু সিৰাৰ নমনীয়তা হ্ৰাস পায়। তেনে অৱস্থাত শৰীৰaৰ ৰক্তচাপ বাঢ়িলে নাকৰ সিৰা ফাটি নাকেৰে তেজ ওলায়। নাকেৰে তেজ ওলালে চিকিৎসকে দুটা কথা চিন্তা কৰে—এয়া নাকৰ ভিতৰৰ কাৰণ নে শৰীৰৰ সাধাৰণ ৰোগৰ কাৰণ। শিশুৰ ক্ষেত্ৰত প্ৰায়ে নাকৰ ভিতৰৰ কাৰণতে নাকেৰে তেজ ওলায়। যেনে নাকৰ ভিতৰত আঙুলিৰ নখেৰে খজুৱাই থকা অভ্যাস। নাকৰ ভিতৰত চৰ্দি বা এলাৰ্জি ৰোগ হ’লেও নাকেৰে তেজ ওলায়। নাকৰ ভিতৰত বেছিকৈ ৰোগ স্ংক্ৰমণ হৈ চাইনাচাইটিছ হ’লেও নাকেৰে তেজ ওলায়। কেতিয়াবা নাকৰ ভিতৰত এট্ৰফিক ৰাইনাইটিছ ৰোগ হ’লেও নাকেৰে তেজ ওলায়। কেতিয়াবা শিশুৱে নিজেই নাকৰ ভিতৰত গুটি, মণি, কাগজ বা স্পঞ্জৰ টুকুৰা সুমুৱাই দিয়ে। অলপদিনৰ পছত এইবোৰ পঁচি নাকৰ পৰা তেজ ওলাবলৈ পাৰে। নকাৰ হাড় ভাগিলে বা কাৰ্টিলেজ অতি বেঁকা হ’লে অস্ত্ৰোপচাৰ কৰি ঠিক কৰিবলগীয়া হ’ব পাৰে। তেতিয়া নাকেৰে তেজ ওলোৱা বন্ধ কৰিব পাৰি। শৰীৰৰ ৰক্তজনিত ৰোগত নাকেৰে তেজ ওলোৱা দেখা যায়। যেনে উচ্চ ৰক্তচাপ ৰোগ হ’লে বা হিমোফিলিয়া, লিউকীমিয় আদি ৰোগত নাকেৰে তেজ ওলোৱা দেখা যায়। যকৃত বা বৃক্কৰ বিভিন্ন ৰোগতো নাকেৰে তেজ ওলোৱা দেখা যায়। সেয়েহে নাকেৰে তেজ ওলোৱা ৰোগীৰ ৰক্ত পৰীক্ষা কৰিব লাগে। ব্লাড প্ৰেছাৰ জুখিব লাগে। নাকেৰে তেজ ওলালে বিতত হ’ব নালাগে। প্ৰথমে দুই আঙুলিৰে চেপি নাকেৰে তেজ ওলোৱা বন্ধ কৰিবলৈ চেষ্টা কৰিব লাগে। মূৰটো শৰীৰৰ পৰা উৰ্দ্ধত ৰাখিব লাগে। তলমূৰ কৰিব নলাগে। নাকত ঠাণ্ডা পানী ব অবৰফ লগাই নাকটো শীতল কৰিবলৈ চেষ্টা কৰিব লাগে। নাকত দ্ৰপ দিব পাৰি কিন্তু নাকৰ ভিতৰত পানী বা তেল দিব নালাগে। শীঘ্ৰে ই এন টি বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।বেছি সময় নাকেৰে তেজ ওলাই থাকিলে ৰক্তহীনতা ৰোগ হ’বগৈ পাৰে। উচ্চ ৰক্তচাপত ভোগা লোকে চৰ্দি, হাঁচি আহি থাকিলে সোনকালে ই এন টি বিশেষজ্ঞৰ পৰামৰ্শ্ল’ব লাগে। পাহাৰীয়া ওখ, ঠাণ্ডা ঠাইলৈ ফুৰিবলৈ গ’লে নাকত ড্ৰ্প আৰু ভেচলিন ব্যৱহাৰ কৰিব লাগে। উচ্চ ৰক্তচাপ ৰোগৰ বডি নিয়মীয়াকৈ খাব লাগে। অনিয়মীয়াকৈ বড়ি খোৱা লোক্ৰ ৰক্তচাপ বৃদ্ধি হৈ নাকেৰে তেজ ওলোৱা প্ৰায়ে দেখিবলৈ পোৱা যায়। তেজৰ হিমোফিলিয়া লিউকীমিয়া আদি ৰোগৰ প্ৰকৃত চিকিৎসা নহ’লে নাকেৰে তেজ ওলোৱা বন্ধ কৰিব নোৱাৰি। নাকেৰে তেজ ওলোৱা বন্ধ নহ’লে নাকৰ ভিতৰত সোপা দি নাকৰ ৰক্তক্ষৰণ বন্ধ কৰা হয়। ই এন টি বিশেষজ্ঞ সকলে নাকৰ ভিতৰৰ সন্মুখ ভাগত ব অপাছৰ ভাগত নাকত সোপা দি ৰাখে। প্ৰায় ৪৮ ঘণ্টা এনেদৰে ৰখাৰ পাছত লাহে লাহে তেজ ওলোৱা বন্ধ হয়।লগতে ৰক্ত বন্ধ হোৱাবিভিন্ন ঔষধ প্ৰয়োগ কৰা হয়। প্ৰায়ে ৰোগীৰ তেজ কমি গ’লে তেজ দিব লগা হয়। পৰাপক্ষত নাকৰ ভিতৰখন পৰীক্ষা কৰি তেজ ওলোৱা সিৰা বিচাৰি উলিয়াই কটাৰী কৰি দিয়া হয়। তেতিয়া তেজ ওলোৱা বন্ধ হয়। এনেধৰণে নাকৰ চিকিৎসা বিভিন্ন ধৰণৰ আছে। তেজ ওলোৱা দেখিলে প্ৰথমে ঘৰতে দুই এক সাধাৰণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অৱহেলা নকৰি শীঘ্ৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থাগ্ৰহণ কৰিব লাগে। মূৰ তল কৰি নিব নালাগে। সৰহকৈ তেজ ওলাই থাকিলে মূৰটো সামান্য কাতি কৰি ৰাখিব লাগে যাতে উশাহ-নিশাহ বন্ধ নহয়। মুখেৰে উশাহ লব’লৈ ক’ব লাগে। সাধাৰণ অট্ৰিভিন জাতীয় নাকত ড্ৰ্প দুই-এটোপ দিব পাৰে। মনত ৰাখিব্ব লাগে নাকেৰে তেজ ওলোৱা ৰোগ নাকৰ বাবেই নহ’বও পাৰে। শৰীৰ বহু ধৰণৰ ৰোগৰ বাবে নাকেৰে তেজ ওলাব পাৰে। সেয়েহে নাকেৰে তেজ ওলালে ভালদৰে পৰীক্ষা কৰাই চিকিৎসা গ্ৰহণ কৰা উচিত।

ডা: বিশ্বনাথ শৰ্মা, নিয়মীয়া বাৰ্তা,

শেহতীয়া উন্নীতকৰণ: : 9/26/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate