অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাকেৰে তেজ ওলোৱা

নাকেৰে তেজ ওলোৱা

কাৰণ

  • নাকত আঘাট পোৱা।
  • অতি শুকান পৰিৱেশত নাকৰ ভিতৰখন শুকাই ফাটি যোৱা।
  • অতিপাত শ্ৰম কৰা।
  • উচ্চ ৰক্তচাপ।
  • বেছি ওখ ঠাইলৈ গ’লে।
  • খুব জোৰেৰে নাক চাফা কৰিলে৷
  •  

    নাকেৰে তেজ ওলালে কি কৰিব লাগে?

  • লগে লগে বহি দিব লাগে।
  • তেজ যাতে ডিঙিলৈ নাযায় তাৰ বাবে আগৰফালে অকনমান হাউলি দিব লাগে৷
  • ঠাণ্ডা, ভিজা কাপোৰ নাকৰ ওপৰত দিব লাগে৷ ইয়াৰ ফলত তেজ গোট মাৰি তেজ ওলোৱা বন্ধ হয়৷
  • যদি এটা ফুটাৰে তেজ ওলায়, তেন্তে সেইটো ফুটা হেঁচি বন্ধ কৰি থব লাগে৷
  • যদি দুটা ফুটাৰেই তেজ ওলায়, তেন্তে দুয়োটা ফুটা ১০ মিনিট মান সময়ৰ বাবে চেপি ধৰি থাকিব লাগে৷
  • যদি তেজ ওলায়েই থাকে তেন্তে ১০ মিনিটৰ বাবে হেঁচা মাৰি ধৰি থাকিব লাগে৷
  • যদি নাকত আঘাট লগাৰ বাবে তেজ ওলায়, তেন্তে লাহেকৈ হেঁচা দি ধৰিব লাগে৷
  • যদি তেজ বৰ বেছিকৈ ওলায় আৰু প্ৰায়েই এনে হৈ থাকে তেন্তে চিকিত্‍সকক দেখুৱাব লাগে৷
  • উৎস: আইএনডিজি দল।

     

    শেহতীয়া উন্নীতকৰণ: : 3/21/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate