অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছেনছেচন ডিছঅৰ্ডাৰ

ছেনছেচন ডিছঅৰ্ডাৰক আচলতে অসমীয়াত সংবেদনৰ অক্ষমতা বুলি ক’ব পৰা যায়| আমাৰ দেহৰ ভিতৰত স্নায়ুতন্ত্ৰই দেহৰ ভিতৰত আৰু বাহিৰৰ অনুভূতিৰ পৰা যি তথ্য সংগ্ৰহ কৰে তাকেই সহজ ভাষাত সংবেদন বুলি কোৱা হয়| এইধৰণৰ অনুভূতি জনিত তথ্যৰ পৰা এটা নিৰ্দ্দিষ্ট পদ্ধতিৰ সহায়ত আমি বুজিবলৈ সক্ষম হওঁ যে শৰীৰৰ ভিতৰত বা বাহিৰত কি কি হৈ আছে| যিসকল শিশুৰ এই ক্ষমতা কম বা নাথাকে তেনে শিশুক ছেনছেচন ডিছঅৰ্ডাৰ তথা সংবেদন সক্ষমতা নথকা বুলি কোৱা হয়| বৰ্তমান লক্ষ্য কৰা গৈছে আধুনিক জীৱনত জন্ম পোৱা বহু শিশুৰ এনেধৰণৰ সমস্যা লাহে লাহে দেখা দিয়ে| অথচ মাক-দেউতাক বা অভিভাৱকে তেনেধৰণৰ সমস্যা যে লাহে লাহে আৰম্ভ হৈছে তাক ধৰিবই নোৱাৰে| চেনছৰী প্ৰচেছিংক কেইটামান পৰ্যায়ত বাখ্যা কৰিব পৰা যায়| ৰেজিষ্টাৰিং, অ’ৰিয়েটিং, অৰ্গেনাইজিং, ইণ্টাৰপ্লেটিং আৰু ৰেচপণ্ডিং| চেনছৰী প্ৰছেচিঙক চেনছৰী ইন্ট্ৰিগ্ৰেচন কোৱা হয়| নিজ দেহৰ উন্নতি, বৃদ্ধি, শিক্ষা, প্ৰাত্যহিক কাজ-কৰ্ম আৰু সামাজিক সম্পৰ্কৰ প্ৰয়োজনত এই অনুভূতিজনিত তথ্যবিলাক একত্ৰীকৰণৰ দৰকাৰ হয়|

কাৰ চেনছৰী ইনটিগ্ৰেচনৰ সমস্যা হ’ব পাৰে?

যিসকল শিশু প্ৰিমেচিউৰ জন্ম হয়, জন্মৰ সময়ত বা পৰৱৰ্তী সময়ত মস্তিষ্কত আঘাত পায়, লানিং ডিছঅৰ্ডাৰ, এণ্টেনচন ডেফিচড ডিছঅৰ্ডাৰ, ডিছপ্লক্সিয়া, ডেভেলপমেণ্ট ডিছঅৰ্ডাৰ ইত্যাদি ৰোগত ভোগে, তেনে শিশুৰ এনে ধৰণৰ সমস্যা হ’ব পাৰে|

কাৰণ

সঠিক কাৰণ এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই যদিও অটিজিম স্পেকট্ৰাম ডিছঅৰ্ডাৰ (এ এছ ডি) আৰু উন্নয়নজনিত আন প্ৰতিবন্ধকতা আছে তেনেধৰণৰ শিশুৰে এই সমস্যা হয়|

উপসৰ্গ

  • যিসকল শিশুৰ চেনছৰী ডিছঅৰ্ডাৰ থাকে তেনে শিশুৱে বাহিৰৰ জগতৰ উদ্দীপনাক ঠিক মতে আয়ত্ত কৰিব নোৱাৰে|
  • ত্ৎক্ষণাত ক্লান্ত হৈ পৰে|
  • কিছুমান ভাল খাদ্যও খাব ইচ্ছা নকৰে|
  • কিছু বিশেষ ধৰণ ৰং বা কাপোৰ পচন্দ কৰে| তাৰ বাহিৰে আন ৰং বা কাপোৰ পচন্দ নকৰে|
  • ইয়াৰ উপৰি সমবয়সীয়া একে শিশুৱে যিবোৰ লৈ ব্যস্ত থাকে এনে শিশুৱে তেনে ধৰণে ব্যস্ত হৈ নপৰে| দোলাত দোলা সলাইড এক্সেলেটৰ বা খটখটিৰে উঠা-নমা কৰিবলৈ ভাল নাপায়|
  • খেলা-ধুলা বা আন তেনে ধৰণৰ কামত তেওঁলোকে উৎসাহ নেদেখুৱায়|
  • সাধাৰণতে ছাৰ্ট-পেণ্টৰ বুটাম লগোৱা বা জোতাৰ ফিটা মৰা কামতো অনীহা দেখুৱায়|
  • দেৱালীৰ সময়ত ফটকা বা আতচবাজীৰ শব্দত আতংক হৈ পৰে|
  • ভেকুৱাম ক্লিনাৰ বা হেয়াৰ ড্ৰায়াৰ শব্দও সহ্য কৰিব নোৱাৰে|
  • এনে শিশু সৃজনশীল নহয়| একেধৰণৰ খেলতে মগ্ন থাকি ভাল পায়|
  • আনকি খোজ কাঢ়ি অকলে ইফাল-সিফাল কৰিবলৈও টান পায়|
  • পেন্সিল ধৰাৰ অসুবিধা অনুভৱ কৰে বাবে লিখাতো মন নবহে|
  • ঘৰুৱা পৰিৱেশৰ বাহিৰে আন পৰিৱেশত অলপ সময়ো খাপ খাব নোৱাৰে|

এনে শিশুক কেনেদৰে চিনাক্ত কৰিব পাৰি?

সাধাৰণতে সকলো শিশুৰ একেলগে সকলো উপসৰ্গ দেখা নিদিবও পাৰে| এনেধৰণৰ শিশুক অতি সোনকালে মনো চিকিৎসকৰ ওচৰলৈ লৈ আহিলে উপৰিউক্ত লক্ষণবোৰ পৰ্যবেক্ষণৰ উপৰি কিছুমান পৰীক্ষাৰ সহায়ত ৰোগটো নিৰ্ণয় কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব| সাধাৰণতে চেনছৰী ইনটিগ্ৰেচন আৰু প্ৰাক্সিচ টেষ্ট চেনছৰী প্ৰ’ফাইল আৰু চেনছৰী মেজাচচ ( এচ পি এম) টেষ্ট কৰিবলৈ পৰামৰ্শ দিব| উপৰিউক্ত পৰীক্ষাৰ পৰা তলত উল্লেখ কৰা মুল্যায়ন কৰিব:-

  • স্পেচ আৰু অৱজেক্টৰ বিচৰাত শৰীৰৰ অৱস্থান|
  • পৰিকল্পনা আৰু ছিকুৱেন্সী, একচন|
  • স্পৰ্শ, শব্দ, গঠন বিন্যাসজনিত প্ৰতিক্ৰিয়া|
  • স্বত:কাৰ্যকলাপ আৰু খেলা-ধুলা|

চিকিৎসা

শিশু সকলৰ চেনছৰী ডিছঅৰ্ডাৰ বাবে সাধাৰণতে আয়ৰছ চেনছৰী ইনটিগ্ৰেচন থেৰাপীৰ ব্যৱস্থা কৰে| শিশুৰ চেনছৰী ইনপুট য’ত বাধাগ্ৰস্থ হৈছে| এই থেৰাপীয়ে তাতেই আলোকপাত কৰে| চেনচৰী উদ্দীপনা শিশুৰ প্ৰতিক্ৰিয়াক চিকিৎসকে ভালদৰে লক্ষ্য কৰে|

ড° সনাতন ডেকা

শেহতীয়া উন্নীতকৰণ: : 12/22/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate