অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অপুষ্টিজনিত ৰোগ

অপুষ্টিজনিত ৰোগ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

এজন ব্যক্তিক প্ৰয়োজন হোৱা নূন্যতম পুষ্টিখিনিও যেতিয়া খাদ্যৰ যোগে নাপায়, তেতিয়া অপুষ্টিজনিত ৰোগ হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বৰ ১০ৰ পৰা ১৯ বছৰ বয়সৰ শিশুসকলৰ এনে ৰোগৰ সম্ভাৱনা অধিক।

ভিটামিন বি-১

থায়ামিন বা ভিটামিন বি-১ পানীত দ্ৰবিভূত হোৱা ভিটামিন। দেহত শক্তি উত্পাদনৰ ক্ষেত্ৰত আৰু স্নায়ু সঞ্চালনত ভিটামিন বি-১ এ গুৰুত্বপূৰ্ণ ভূমিকা লয়। গাহৰিৰ চৰ্বীহীন মাংস, লেগুম আৰু ইষ্ট জাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে থায়ামিন পোৱা যায়। বগা চকচকীয়া চাউল, বগা আটা, পৰিশ্ৰুত চেনী, চৰ্বী, তেল, আদিত এই ভিটামিন নাথাকে। অত্যাধিক মদ খোৱা লোক আৰু দৰিদ্ৰলোকসকলৰ সাধাৰণতেই ভিটামিন বি-১ৰ অভাৱ হোৱা দেখা যায়। এওঁলোকে গ্ৰহণ কৰা খাদ্যত যথেষ্ট পৰিমাণৰ ভিটামিন আৰু খনিজৰ অভাৱ থাকে। থায়ামিনৰ অভাৱত বেৰিবেৰি হোৱাটো এটা সুস্পষ্ট উদাহৰণ। ইয়াৰ আন উপসৰ্গবোৰৰ ভিতৰত স্নায়ুব্যৱস্থাৰ অস্বাভাৱিকতা (ভৰিৰ পেশী সংকোচন, পেশীক দূৰ্বলতা), শৰীৰৰ কোনোবাটো অংগ উখহি উঠা, নাড়ী স্পন্দন বৃদ্ধি পোৱাও কেতিয়াবা হাৰ্ট ফেইলো হব পাৰে। ৱেৰনিক কৰ্চাকফ নামৰ উপসৰ্গও দেখা দিব পাৰে- এইবোৰৰ ভিতৰত হাত-ভৰিৰ কপঁনি, মানসিক বিশৃংখলতা, সাময়িকভাৱে কথা পাহৰি যোৱা আদি ধৰণৰ; যিবোৰ মাতাললোকৰ মাজত দেখা যায়।

ভিটামিন বি-৩

খাদ্যত নিয়াচিনৰ অভাৱ বা খাদ্যৰপৰা নিয়চিন শোষণ কৰিব নোৱাৰাৰ ফলত পেল্লেগ্ৰা নামৰ ৰোগ হয়। পেল্লেগ্ৰাৰ অৰ্থ হ’ল শুকান ছাল। ইয়াৰ মূল লক্ষণ হ’ল: ডাৰমাটাইটিছ (ছালত চকলা চকল ঘাঁ), ডিমনেছিয়া (মানসিক ৰোগ), আৰু ডায়েৰিয়া।

খনিজ পদাৰ্থৰ অভাৱ, কেলছিয়াম আৰু ভিটামিন ডি।

অষ্টে’পৰছিছ নামৰ ৰোগৰ ফলত হাড়ৰ ওজন কমি আহে। হাড় পাতল হৈ পৰে। স্বাভাৱিক হাড়ৰ বাহিৰৰ আৱৰণটো (কৰ্টেক্স) টান হয়। ৩৫ বছৰ বয়সলৈ হাড়ৰ ভৰ বাঢ়ি গৈ থকে আৰু ৩৫ বছৰৰ পাছত স্থিৰ হৈ যায়। এই স্থিৰতাৰ হয়, হাড়ৰ ক্ষয় আৰু পুনঃগঠনৰ ওপৰত সমতা থকাৰ বাবে। ৪০ বছৰ বয়সৰপৰা হাড়ৰ ক্ষয় পুনঃগঠনতকৈ বেছি পৰিমাণত হব পাৰে। ফলত হাড়ৰ ভৰ কমি গৈ কেলছিয়ামৰ পৰিমাণ কমি যাব পাৰে। মহিলাসকলৰ বয়সৰ বাবে হোৱা স্বাভাৱিক হাড় ক্ষয়ৰ লগতে ঋতুচক্ৰ বন্ধ হোৱাৰ পাছত এষ্ট্ৰোজেন হৰমনৰ ক্ষৰণ কমি যোৱাৰ ফলত কৰ্টিক’ল আৰু ট্ৰাবেকুলাৰ হাড়ৰ ক্ষয় হয়। যিসকলৰ অষ্টে’পৰছিছ হয়, তেওঁলোকৰ কৰ্টিক’ল আৰু ট্ৰাবেকুলাৰ হাড়ৰ ক্ষতি ৩০-৪০ শতাংশ হয়, ফলত হাড় ঠুনুকা হৈ পাৰে আৰু সহজেই ভঙাৰ সম্ভাৱনা থাকে। অষ্টে’পৰছিছ বিভিন্ন কাৰণত হব পাৰে। ধুমপান, মাদক দ্ৰব্য পান আৰু অলস জীৱনধাৰণে এই ৰোগত সম্ভাৱনা বঢ়াই তোলে। বয়স আৰু লিংগও এই কাৰণবোৰৰ ভিতৰত পৰে। যিবোৰ মহিলাৰ দেহত এষ্ট্ৰোজেন হৰমন কম থাকে তেনে মহিলাৰ অষ্টে’পৰছিছ হোৱাৰ সম্ভাৱনা বেছি। আনহাতে ল’ৰাৰ হাড়ৰ ঘনত্ব ছোৱালীতকৈ বেছি সেইবাবে পুৰুষৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা নাৰীতকৈ কম।

ভিটামিন ডি

এসময়ত ৰিকেট নামৰ ৰোগবিধ শিশুসকলৰ মাজত প্ৰায়েই দেখা পোৱা গৈছিল। এই ৰোগ হ’লে শিশুৰ হাত ভৰি বা গাটো বেঁকা ধনুৰ আকাৰ লয়। ভিটামিন ডিৰ অভাৱতেই এই ৰোগ হৈছিল। শিশুৰ বৃদ্ধিৰ সময়ত হাড়বোৰ কেলছিয়াম, ফচফৰাছ আৰু ভিটামিন ডিৰ সন্মিলিত ক্ৰিয়াৰ দ্বাৰা গঠন আৰু সংৰক্ষিত হয়। কেলছিফিকেচন পদ্ধতিত কেলছিয়ামবোৰ অপৈনত হাড়ৰ জমা হয় আৰু অপৈনত হাড়ক পৈনত আৰু প্ৰকৃত আকৃতি প্ৰদান কৰে। খাদ্যৰ পৰা ভিটামিন ডিয়ে কেলছিয়াম শোষণ আৰু ব্যৱহাৰৰ উপযুক্ত কৰি তোলে। ভিটামিন ডিৰ অভাৱৰ ফলত কেলছিয়ামৰ পৰিমাণ কমি যায় আৰু কেলছিফিকেচন ভালদৰে নোহোৱাৰ বাবে হাড়বোৰ বিকলাংগ হয়। ফলত ৰিকেট ৰোগ হয়।

ভিটামিন ডিয়েই একমাত্ৰ ভিটামিন যাক খাদ্যৰ যোগেৰে পোৱাৰ উপৰিও শৰীৰে নিজে তৈয়াৰ কৰি লব পাৰে। গাখীৰ, চীজ, মাছ, মাংস আদিৰ পৰা ভিটামিন ডি শোষণ কৰি লব পৰা যায়। কিন্তু এনেদৰে পোৱা ভিটামিন ডিৰ পৰিমাণ শৰীৰক দৈনিক প্ৰয়োজনৰ মাত্ৰ ১০ শতাংশহে। বাকী ৯০ শতাংশ শৰীৰে নিজে তৈয়াৰ কৰি লয়। সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ছালৰ ৭-ডিহাইদ্ৰকলেষ্ট্ৰলক ভিটামিন ডিলৈ পৰিবৰ্তন কৰে। ই পাছত কিডনীলৈ গৈ কেলছিট্ৰিৱল (ভিটামিন ডিৰ সক্ৰিয় ৰূপ)হৰমনলৈ ৰূপান্তৰিত হয়। এই হৰমনে কেলছিয়াম আৰু ফচফৰাছক ক্ষুদ্ৰান্তত শোষণ কৰোৱায়। লগতে কিডনী আৰু হাড়ৰ সহায়ত শৰীৰৰ কেলছিয়াম আৰু ফচফৰাছৰ সমতা ৰক্ষা কৰে। ভিটামিন ডিৰ অভাৱৰ বাবে খাদ্যত থকা কেলছিয়ামৰ মাত্ৰ ১০-১৫ শতাংশহে শৰীৰে শোষণ কৰিব পাৰে। ভিটামিন ডি, কেলছিয়াম আৰু ফচফৰাছৰ সমতা হাড়ৰ বৃদ্ধিৰ আৰু ৰক্ষনাবেক্ষণৰ বাবে অতি প্ৰয়োজনীয়-বিশেষকৈ শিশুসকলৰ বাবে। বয়স্ক লোকসকলৰো এই সমতাৰ অভাৱ হব পাৰে।

উৎস: আইএনডিজি দল।
3.0641025641
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top