কমকৈ ঋতুস্ৰাৱ হোৱা, সহজেই ভাগৰ লগা, ঠাণ্ডা লগা, শৰীৰৰ কঁপনি, শেতা পৰা, মূৰ ঘূৰোৱা, চকুৰে ধোঁৱা দেখা, উশাহ-নিশাহত কষ্ট পোৱা, হৃৎপিণ্ডৰ ধপ্ধপ্নি, শৰীৰ ফুলি উঠা, মূৰৰ বিষ, এলাহ ভাব, কোনো কামত মন নবহা, মনোযোগ কমি অহা আদি এইবিধ ৰক্তহীনতাৰ লক্ষণ। কিন্তু এনেকুৱা অৱস্থা বহুদিন চলি থাকিলে নখ, চুলি, ছাল, জিভা, মুখ আৰু খাদ্যনলীতো কিছুমান উপসৰ্গ দেখা দিয়ে। নখবোৰ মিহি, সহজে ভাগি যোৱা, চেপেটা হৈ যোৱা, চামুচ আকৃতিৰ হোৱা দেখা যায়। চুলি আৰু ছাল শুকান আৰু ৰূঢ় হৈ পৰে। জিভা মিহি হয় আৰু মুখৰ ঘা হোৱা দেখা যায়। তদুপৰি কেতিয়াবা জিভা বগা হোৱা, ছাল আৰু যৌনাংগৰ খজুৱতি আদিও ভয়। কেতিয়াবা খাদ্যনলীত গাঁঠিৰ দৰে হৈ খাদ্য গিলিব নোৱাৰা অৱস্থা হোৱা দেখা যায়।
গৰ্ভত থকা সন্তানটিৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ব্যক্তিকে আইৰণৰ দৰকাৰ। আমাৰ দেহত থকা লোহিত ৰক্তকণিকাৰ হিম’গ্লবিন আৰু মাংসপেশীৰ মায়’গ্লবিন আইৰণৰ দ্বাৰা গঠিত। প্ৰতি গ্ৰাম হিম’গ্লবিনত প্ৰায় ৩.৩৪ মিলিগ্ৰাম আইৰণ থাকে। লোহিত ৰক্তকণিকাৰ হিম’গ্লবিনত থকা আইৰণে মুখ্যতঃ অস্কিজেন কঢ়িয়াই নি শৰীৰৰ কোষবোৰত যোগান ধৰে। মায়গ্লবিনে মাংসপেশীক শক্তি যোগায়। তদুপৰি শৰীৰৰ বহুতো জৈৱিক প্ৰক্ৰিয়াত সহায় কৰা চাইটোক্ৰোম, কেটালেজ, এনজাইম আদিত আইৰণ থাকে। কেটাকলেমাইনৰ মেটাবলিজিমত মস্তিষ্কৰ বৃদ্ধি আৰু কাৰ্যদক্ষতা বঢ়োৱা, মানসিক উৎকৰ্ষ সাধন কৰা, ৰোগ প্ৰতিৰোধ ব্যৱস্থাক এণ্টিব’ডি তৈয়াৰ কৰি সবল কৰা, শৰীৰৰ উত্তাপ সঠিককৈ ৰখা অদি কাৰ্যৰ বাবে আইৰণৰ আৱশ্যক। মানৱ শৰীৰত সাধাৰণতে ৩.০ ৰ পৰা ৫.০ গ্ৰাম আইৰণ থাকে। ইয়াৰ প্ৰায় ৬৫ ভাগ হিম’গ্লবিনত, ৫ ভাগ মাইঅ’গ্ল’বিনত, ২৫ ভাগ ফেৰিটিন আৰু হিম’চিদাৰিন হিচাপে যকৃত, প্লীহা, অস্থিৰ মজ্জা আদিত জমা থাকে। বাকী ৫ শতাংশ ক্ষুদ্ৰান্তৰ প্ৰথমভাগ আৰু দ্বিতীয়ভাগত সিঁচৰতি হৈ থাকে। সাধাৰণ অৱস্থাত এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ শৰীৰৰ পৰা প্ৰতিদিনে প্ৰায় এক মিলিগ্ৰাম আইৰণ প্ৰস্ৰাৱ, ঘাম, পিত্তৰস, ৰক্তক্ষৰণ আদিৰ দ্বাৰা ওলাই। মাহেকীয়া হোৱা মহিলা এগৰাকীৰ শৰীৰৰ পৰা প্ৰতিদিনে ২ মিলিগ্ৰাম আইৰণ ওলাই যায়। যিহেতু শৰীৰে প্ৰাপ্তবয়স্ক লোহিত ৰক্তকণিকা ধ্বংস হ’লে নিৰ্গত হোৱা আইৰণকে পুনৰ ব্যৱহাৰ কৰে, সেয়েহে শৰীৰক প্ৰতিদিনে বাহিৰৰ পৰা যোগান ধৰিব লগা আইৰণৰ পৰিমাণ অতি নগণ্য। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত আইৰণৰ আৱশ্যকতা বাঢ়ি যায়। গৰ্ভাৱস্থাত ৰক্তৰ পৰিমাণ বঢ়া আৰু কেঁচুৱাৰ বৃদ্ধিৰ বাবে, শিশুক দুগ্ধপান কৰোৱা মাতৃক, বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধিকালৰ ল’ৰা-ছোৱালীৰ শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধিৰ বাবে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে, বৃদ্ধ অৱস্থাত সঠিককৈ স্বাস্থ্য ৰক্ষাৰ বাবে অতিৰিক্ত আইৰণৰ প্ৰয়োজন হ’ব।
অতিৰিক্তভাৱে আইৰণজাতীয় খাদ্য খোৱাৰ উপৰি ৰক্তহীনতাৰ মানৰ ওপৰত নিৰ্ভৰ কৰি দৰব ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। হিম’গ্লবিনৰ পৰিমাণ শতকৰা ষাঠিতকৈ অধিক হ’লে মুখেৰে খোৱা আইৰণ টেবলেট, শতকৰা চল্লিশৰ পৰা ষাঠি হ’লে আইৰণ বেজী আৰু শতকৰা চল্লিশতকৈ কম হ’লে তেজৰ লোহিত ৰক্তকণিকা লাহে লাহে সংৰোচন কৰিব লগা হ’ব পাৰে। আইৰণ টেবলেট আহাৰ খোৱাৰ পিচত খাব লাগে। খালী পেটত খালে বমি, ক’লা পায়খানা হ’ব পাৰে। আইৰণ খোৱাৰ এক ঘন্টাৰ ভিতৰত তামোল, চাহ আদি খাব নালাগে। তদুপৰি আইৰণৰ অভাৱত সৃষ্টি হোৱা ৰোগৰ চিকিৎসা কৰা উচিত।
লিখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ
শেহতীয়া উন্নীতকৰণ: : 6/11/2020
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা