অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইৰণৰ উৎস আৰু অভাৱৰ কাৰণ

আইৰণৰ উৎস আৰু অভাৱৰ কাৰণ

প্ৰাপ্তবয়স্ক লোহিত ৰক্তকণিকা ধ্বংস হ’লে নিৰ্গত হোৱা আইৰণকে মানৱ শৰীৰে পুনৰ ব্যৱহাৰ কৰাৰ উপৰি অতি কম পৰিমাণে বাহিৰৰ পৰা গ্ৰহণ কৰা আইৰণৰ মূল উৎস হ’ল খাদ্য। খাদ্যত দুই প্ৰকাৰৰ আইৰণ থাকে। প্ৰথমবিধ হিম’ আইৰণ মুখ্যতঃ প্ৰাণীজাতীয় খাদ্য- যকৃত, মাংস, মাছ ইত্যাদিত থাকে। শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে আৰু ই আনবিধ ননহিম’ আইৰণকো শৰীৰে গ্ৰহণ কৰাত সহায় কৰে বাবে ই আইৰণৰ অতি উচ্চ উৎস। ননহিম আইৰণ উদ্ভিদজাতীয় খাদ্য, বুটমাহ, ঘেঁহু, সেউজীয়া শাক-পাচলি, শুকান ফল, বাদাম, পিঁয়াজ, কল, কলমৌ, কলফুল, ঢেঁকীয়া শাক, ৰাজমাহ, কচু আদিত থাকে। এইবোৰৰ স’তে আইৰণ শোষণত বাধা জন্মোৱা অক্সেলেযযট, কাৰ্বনেট আৰু ফছফৰাছ থাকে বাবে ইয়াৰ কাৰ্যদক্ষতা হিম’ আইৰনতকৈ কম হোৱা দেখা যায়। খাদ্য হিচাপে গ্ৰহণ কৰা আইৰণ ক্ষুদ্ৰান্তৰ ওপৰ অংশত (ডুৱডেনাম আৰু জিজেনাম) শৰীৰৰ বাবে শোষিত হয়। অৱশ্যে শোষণৰ পৰিমাণ নিৰ্ভৰ কৰে শৰীৰত থকা আইৰণৰ ভঁৰাল, আইৰণৰ প্ৰয়োজনীয়তা বঢ়োৱা শৰীৰৰ অৱস্থা, আইঅৰণৰ শোষণ কমোৱা খাদ্যৰ উপস্থিতি, আইৰণৰ শোষণ বঢ়োৱা ভিটামিন চিৰ উপস্থিতি আৰু ক্ষুদ্ৰান্তৰ সুস্বাস্থ্যৰ ওপৰত। শোষিত আইৰণ ব্যৱহাৰৰ পিচত ৰৈ যোৱা আইৰণখিনি ফেৰিটিন আৰু হিম’চিদাৰিন হিচাপে যকৃত, প্লীহা, অস্থিৰ মজ্জা আদিত ভঁৰাল হিচাপে ৰৈ যায়। প্ৰথম অৱস্থাত শৰীৰত আইৰণৰ যোগান কম হ’লে এই জমা থকা আইৰণকে শৰীৰে ব্যৱহাৰ কৰে। লাহে লাহে ইও কমি গৈ নোহোৱা হ’লে আইৰণৰ অভাৱত ৰক্তহীনতাকে ধৰি নানা উপসৰ্গই দেখা দিয়ে।

অভাৱৰ কাৰণ

মানৱ শৰীৰত আইৰণৰ অভাৱ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। ইয়াৰ ভিতৰত মুখ্য কাৰণবোৰ হ’ল-

  • খাদ্যত কম পৰিমাণৰ আইৰণ-পুষ্টিহীনতা, অৰ্থনৈতিক দুৰৱস্থা আৰু সুষম আহাৰৰ অভাৱ।
  • শৰীৰৰ খাদ্যতন্ত্ৰৰ বিভিন্ন অংশই কম পৰিমাণে আইৰণ শোষণ কৰে। খাদ্যতন্ত্ৰৰ অস্ত্ৰোপচাৰ, খাদ্যতন্ত্ৰৰ ৰোগ, হাকোটা পেলুৰ উপস্থিতি আদি এনে অৱস্থাৰ বাবে দায়ী।
  • আইৰণৰ প্ৰয়োজনীয়তা বৃদ্ধি হোৱা-গৰ্ভৱতী মাতৃ, বাঢ়ি অহা শিশু আৰু বয়ঃসন্ধিৰ কালৰ ল’ৰা-ছোৱালী, বৃদ্ধ ব্যক্তি ইত্যাদি।
  • অতিৰিক্তভাৱে ৰক্তক্ষৰণ হোৱা- পেপটিক আলছাৰ, অৰ্শৰোগ, মাহেকীয়াত প্ৰচুৰ ৰক্তক্ষৰণ আৰু অস্ত্ৰোপচাৰত হোৱা ৰক্তক্ষৰণ ইত্যাদি।

লিখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate