অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আঠুঁৰ অস্থিসন্ধি বাত বা আঠুঁৰ বিষ

আঠুঁৰ অস্থিসন্ধি বাত বা আঠুঁৰ বিষ

দেহৰ সমস্ত ভৰ বা ওজন আমাৰ আঠুঁ দুটাই বহন কৰে| সেই আঠুঁৰ বিষ এবাৰ যদি আৰম্ভ হয় আৰু ৰক্ষা নাই, ই হাৰাশাস্তি কৰি মাৰে| অৱশ্যে এই অসুখত হাৰ্ট বা ষ্ট্ৰোকৰ দৰে মৃত্যুভয় নাথাকে কাৰণে প্ৰথম অৱস্থাত কোনেও বৰ বেছি গুৰুত্ব দিব নোখোজে| কিন্তু বিষ বাঢ়ি বাঢ়ি যেতিয়া অসহ্য হৈ উঠে, তেতিয়াহে চিকিৎসকৰ ওচৰলৈ দৌৰিব লগা হয়| কিন্তু তেতিয়ালৈকে বিষ ততালিকে নিয়ন্ত্ৰণলৈ অনাটো সম্ভৱপৰ হৈ নুঠে| সেয়ে আঠুঁৰ বিষ আৰম্ভ হোৱাৰ লগে লগে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰতিৰোধ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে কিছুদিন সুস্থ হৈ থাকিব পাৰি| প্ৰয়োজনত আঠুঁৰ এক্স-ৰে কৰা উচিত| বিশেষকৈ আঠুঁৰ বিভিন্ন দিশৰ পৰা এক্স-ৰে লৈ আঠুঁৰ ক্ষয়ক্ষতি ভালদৰে জনা যায়| সমস্যাৰ গভীৰতা বা ক্ষয়ক্ষতিৰ ধৰণ অনুসৰি চিকিৎসা কৰা হয়| আঠুঁৰ বিষৰ মুঠ পাঁচটা কাৰণ বুলি ঠাৱৰ কৰা হৈছে| প্ৰকৃতিৰ স্বাভাৱিক নিয়মানুযায়ী মানুহৰ বয়স বঢ়াৰ লগে লগে দেহৰ ক’ৰবাত নহয় ক’ৰবাত অলপ-চলপ বিষ–বেদনা উৎপন্ন হ’লে সেয়া অস্বাভাৱিক কথা নহয়| কিন্তু কেইটামান কাৰণত নিৰ্দ্দিষ্ট বয়সৰ আগেয়েই আঠুঁৰ বিষ উৎপন্ন হয়| ফলত ভয়ানক যন্ত্ৰণা জীৱনলৈ মাতি আনে| স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়|

  • দেহৰ স্বাভাৱিক ওজনৰ তুলনাতকৈ অধিক ওজন আঠুঁৰ বিষৰ অন্যতম কাৰণ| শকত-আৱত লোকে আনৰ তুলনাত অধিক ভৰ বহন কৰিব লগা হয়| সেয়ে এনে লোকৰ আঠুঁৰ ক্ষয়ক্ষতি অধিক হয়| ফলত আঠুঁৰ বিষ আৰম্ভ হয়| অতিৰিক্ত ওজনৰ লোকৰ আঠুঁৰ ওপৰি হিপ জইণ্টৰ বিষ যন্ত্ৰণাৰ প্ৰকোপ অধিক দেখা যায়| এক সমীক্ষাত দেখা গৈছে যে শকত-আৱত লোকৰ ৩০-৩৫ বছৰ বয়সতেই অষ্টিঅ’ আৰ্থাইটিছ আৰম্ভ হয়| তেতিয়াই ওজন কমোৱা আৰু ব্যায়াম আৰম্ভ নকৰিলে ৪০-৪৫ বছৰ বয়সত সম্পুৰ্ণ নী আৰু হিপ জইণ্ট ৰিপ্লেচমেণ্ট নকৰিলে শয্যাসায়ী হৈ বাকী জীৱন কটোৱাৰ বাহিৰে উপায় নাথাকে|
  • সম্প্ৰতি গৱেষণাত জনা গৈছে যে বংশত যদি কাৰোবাৰ অষ্টিঅ’আৰ্থাইটিছ থাকে, তেতিয়াহ’লে আঠুঁৰ লগতে আন অস্থি সন্ধিৰ বিষ উৎপন্ন হোৱাৰ প্ৰৱণতা অধিক থাকে| এইক্ষেত্ৰত প্ৰতিৰোধৰ উপায় হ’ল ওজন সন্তুলন ৰখা আৰু নিয়মিত ব্যায়াম কৰা|
  • শৰীৰৰ অস্থি সন্ধি বা জইণ্ট ওয়াৰ এণ্ড টি্‌য়াৰ আঠুঁৰ অষ্টিঅ’আৰ্থাইটিছ হোৱাৰ এক অন্যতম কাৰণ| বয়স যিমানে বাঢ়ি যায় আৰু পেশীবোৰ যিমানে দুৰ্বল হ’বলৈ ধৰে, আঠুঁৰ লগতে অন্যান্য অস্থি-সন্ধিৰ ক্ষয়ক্ষতি সিমানে অধিক হয়|
  • আঠুঁত বাৰে বাৰে আঘাত লগা বা দুৰ্ঘটনাত আঠুঁৰ হাড় বা ঘিলা ভাঙি গলে অকালতে আঠুঁৰ বিষ আৰম্ভ হয়|
  • দিনটোৰ অধিক সময় শুই-বহি অলস জীৱন-যাপন কৰিলেও আঠুঁৰ বিষবাতৰ প্ৰবণতা বাঢ়ে| সেয়ে সকলো কাৰ্যকে মাত্ৰা ৰাখি কৰক| তেতিয়াহে দীৰ্ঘদিন ধৰি সুস্থ-সবল হৈ জীৱন যাপন কৰিব পাৰি|

চিকিৎসা

আঠুঁৰ বিষ বা বাতৰ ক্ষেত্ৰত prevention is better than cure-এই আপ্তবাক্য মানি চলা উচিত| কিয়নো আঠুঁৰ অস্থিসন্ধি এবাৰ ক্ষয় হ’লে তাক নিৰাময় কৰি তোলা বৰ সহজ নহয়| আঠুঁৰ বিষ কমাবৰ বাবে কিছু বিষ উপশম ঔষধ আৰু ফিজিকেল থেৰাপী বা ব্যায়াম অতি প্ৰয়োজনীয়| অৱশ্যে চিকিৎসকৰ পৰামৰ্শ ব্যতিৰকে দীৰ্ঘদিন বিষ উপশম ঔষধ ব্যৱহাৰ কৰা উচিত নহয়, নহ’লে ই হিতে বিপৰীত হোৱাৰ সম্ভৱনা| বিষৰ কষ্টত এই কথা পাহৰি নাযাব| পৰবৰ্তী পৰ্যায়ত আঠুঁৰ বিষ কমাবলৈ কাৰেটিভ অষ্টিঅ’টমী এণ্ড ৰিএলাইণ্টমেণ্ট কৰা হয়| আৰু ইয়াতো কাম নহ’লে টোটেল নী-ৰিপ্লেচমেণ্ট কৰা হয়| অৰ্থাৎ আঠুঁৰ অস্তিসন্ধিৰ পৰিৱৰ্তন কৰা হয়| অৱশ্যে যি সকলৰ বিষ-বেদনাত স্বাভাৱিক জীৱন যাপন কৰাত অসম্ভৱ হৈ উঠে, বাথৰুমলৈকেও যোৱা কষ্ট হয় অথবা অষ্টিঅ’আৰ্থাইটিছ বা ৰিউমেটিক আৰ্থাইটিছৰ বাবে আঠুঁৰ অস্থিসন্ধি বিকৃত হৈ পৰিছে, স্বাভাৱিক জীৱন-যাপন কৰাটো অসম্ভৱ হৈ উঠিছ একমাত্ৰ তেনে লোকৰ্হে নী-ৰিপ্লেচমেণ্ট কৰা হয়| আঠুঁৰ অস্থিসন্ধিৰ ভৰবহনকাৰী অংশ অৰ্থাৎ ৱেট বিয়াৰিং ছাৰফেজ পৰিৱৰ্তন কৰি কৃত্ৰিম ছাৰফেজ প্ৰতিষ্ঠাপন কৰা হয়| আঠুঁৰ অসহ্য যন্ত্ৰনাত যিসকলে বহুদিন ধৰি পোন হৈ থিয় দিব নোৱাৰে ছাৰ্জাৰীৰ পাছত পিছদিনাই নিজৰ ভৰিত থিয় দিব পাৰে| বৰ্তমান হাই-ফ্লেকছ নী-ৰিপ্লেচমেণ্ট কৰিলে আঠুঁ ভাঁজ বা বেঁকা কৰাত কোনো সমস্যা নাথাকে| কিন্তু ছাৰ্জাৰীৰ পিছত কোৱাড্ৰিছেপছ মাশ্ব্লৰ শক্তি বৃদ্ধিৰ বাবে নিয়মিত ব্যায়াম অত্যন্ত জৰুৰী|

পাৰ্থপ্ৰতিম দাস|

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate