অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ উপায়

ৰক্তচাপ নোহোৱাকৈ কোনো ব্যক্তি জীয়াই থাকিব নোৱাৰে| আমাৰ শৰীৰৰ তেজৰ ধমনীৰ মাজেৰে ৰক্ত চলাচল কৰোতে ইয়াত যি চাপ পৰে, তাকে ৰক্তচাপ বুলি কোৱা হয়| মানুহৰ ৰক্তচাপৰ দুটা অংশ থাকে, মানুহৰ বাওঁ নিলয় সংকুচিত হোৱাৰ সময়ত তেজৰ ধমনীত যি চাপ দিয়ে, তাকে ছিষ্টোলিক চাপ আৰু প্ৰশমিত হোৱাৰ সময়ত যি চাপ দিয়ে, তাকে ডায়েষ্টলিক চাপবুলি কোৱা হয়| ইয়াৰে দুয়োটা বা যিকোনো এটা বাঢ়িলেই মানুহজন উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা বুলি কোৱা হয়|

চিকিৎসা:- প্ৰাৰম্ভিক অৱস্থাত উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীয়ে খোৱা খাদ্য মানি চলিলে, নিয়মীয়া ব্যায়াম কৰিলে আৰু মানসিক চাপ হ্ৰাস কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে| যোগাসন কৰা, খেলা-ধুলা কৰা বা মৃদুসংগীত উপভোগ কৰিলে ৰক্তচাপ কমি আহে| ইয়াৰ পিছতো যদি ৰক্তচাপ বাঢ়ি থাকে, তেতিয়া দৰৱ ব্যৱহাৰ কৰিব লাগে| কিছুমান ক্ষেত্ৰত অৱশ্যে প্ৰথমৰ পৰাই দৰৱৰ ব্যৱহাৰ কৰিবলগীয়া হয়| কিন্তু ৰক্তচাপ যদি ১৪০/৯০ তকৈ কম থাকে, তেন্তে দৰৱ ব্যৱহাৰ কৰা নহয়| বৰ্তমান পৃথিৱীৰ প্ৰায় ১০০ কৌটি মানুহ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে আৰু প্ৰতিদিনে ইয়াৰ সংখ্যা বাঢ়ি গৈ আছে আৰু ২০২৫ চনত এই সংখ্যা গৈ ১৫০ কৌটি হবগৈ, অৰ্থাৎ বিশ্বৰ প্ৰায় এক-তৃতীয়াংশ মানুহ উচ্চ ৰক্তচাপত আক্ৰান্ত হব| প্ৰায় দুই তৃতীয়াংশ ষ্ট্ৰ’ক আৰু ৫০ শতাংশ হাৰ্ট এটেকৰ কাৰণ হৈছে উচ্চ ৰক্তচাপ| গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিলে প্ৰতি বছৰে কেইবালাখ মুল্যবান জীৱন ৰক্ষা কৰিব পৰা যাব|

লক্ষণ কি কি:- ৰক্তচাপক ছাইলেণ্ট কিলাৰ অৰ্থাৎ ‘নীৰব ঘাতক’ বুলি আখ্যা দিয়া হয়| কিয়নো প্ৰাৰম্ভিক অৱস্থাত বেছিভাগ ক্ষেত্ৰতে ইয়াৰ কোনো লক্ষণ পোৱা দেখা নাযায়| বেলেগ বেলেগ বেমাৰৰ কাৰণে ৰক্তচাপ জোখাৰ সময়ত বা হাৰ্ট এটেক বা ষ্ট্ৰ’ক হোৱাৰ পিছতহে মানুহজনে গম পায় যে তেওঁৰ ৰক্তচাপ বৃদ্ধি হৈ আছিল| খুব কমসংখ্যক মানুহে মুৰৰ বিষ, মূৰ ঘুৰোৱা বা ডিঙিৰ পিছফালে সিৰ টানি ধৰা ইত্যাদি লক্ষণ লৈ আছে| সেয়েহে নিয়মিয়া অন্তৰালত ৰক্তচাপ জুখি চোৱাটো বাঞ্চনীয়|

ৰক্তচাপ কিমান থকাটো প্ৰয়োজনীয়:-

এজন মানুহৰ ৰক্তচাপ সাধাৰণতে ১২০/৮০ থাকিব লাগে| যদি ৰক্তচাপ ১৪০/৯০ তকৈ বেছি থাকে তেনে ব্যক্তিক আমি উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা বুলি কওঁ আৰু ইয়াৰে মাজৰ খিনিক অৰ্থাৎ ১২০-১৪০/৮০-৯০ প্ৰি হাইপাৰটেনছন বুলি কোৱা হয়|

কি কি বেমাৰ হব পাৰে:-

উচ্চ ৰক্তচাপৰ ফলত মানুহৰ ব্ৰেইন ষ্ট্ৰ’ক, হাৰ্ট এটেক, কিড্‌নী ফেইলৰ আদি নানা ধৰণৰ বেমাৰ হ’ব পাৰে| কিছুমানৰ নাকেৰে তেজ ওলোৱা, শৰীৰৰ ধমনী ফাটি যোৱা, ভৰিৰ ধমনীত তেজ চলাচলত বাধা পোৱা বা যৌন সমস্যাই দেখা দিব পাৰে|

বৃদ্ধিৰ কাৰণ:-

শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, মেদবহুলতা, খাদ্যৰ ক্ষেত্ৰত অনিয়মীয়া, চিগাৰেট খোৱা, মদ্যপান কৰা, ডায়েবেটিছ আদিয়েই উচ্চ ৰক্তচাপৰ প্ৰধান কাৰণ| অত্যধিক মানসিক চাপেও মানুহৰ ৰক্তচাপ বৃদ্ধি কৰে| কিছুমান মানুহৰ আকৌ বংশগত কাৰণত বা এড্ৰিনেল বা থাইৰয়ডজনিত হৰম’নৰ বিসংগতিৰ বাবে ৰক্তচাপ বাঢ়ে|

মাছ-মাংস খোৱা উচিতনে:-

উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীয়ে যিকোনো ধৰণৰ মাছ খাব পাৰে| বৰঞ্চ কিছুমান মাছৰ তেলত ওমেগা ফেটি এচিড থাকে| যাৰ ফলত শৰীৰত কলেষ্টেৰলৰ পৰিমাণ কমি থাকে| কণী খালে, কণীৰ বাহিৰৰ বগা অংশটোহে খাব লাগে| হালধীয়া অংশত চৰ্বিৰ পৰিমাণ বেছি থাকে| গতিকে সেইটো নোখোৱাই ভাল| যিবিলাক মাংস ৰঙা, যেনে- পঠা, খাহী, গাহৰি, বা গৰুৰ মাংস খাব নালাগে| মাংস খাবলৈ হ’লে মুৰ্গীৰ মাংসহে খাব লাগে|

কি কি পৰীক্ষা কৰাব লাগে:-

উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিয়ে তেজত ছুগাৰ অৰ্থাৎ শৰ্কৰা, ক্ৰিয়েটিনিন, ছ’ডিয়াম, পটাছিয়াম, হিম’গ্লবিন’ লিপিড প্ৰফাইল অৰ্থাৎ তেজত শৰ্কৰাৰ পৰিমাণ, প্ৰস্ৰাৱৰ এলবুমিন, আৰু এখন ই চি জি কৰাব লাগে| তদুপৰি ব্যক্তি বিশেষে বেলেগ বেলেগ পৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে| বিশেষকৈ কোনো ব্যক্তিয়ে যদি খুব কম বয়সতে উচ্চ ৰক্তচাপত ভোগে, তেওঁক তন্ন তন্নকৈ পৰীক্ষা কৰাব লাগে|

প্ৰেছাৰৰ দৰৱ সদায় খাই থাকিব লাগে নেকি:-

বেছিভাগ ক্ষেত্ৰতে যদি উচ্চ ৰক্তচাপৰ বাবে ডাক্তৰে ঔষধে দিয়ে, সেই দৰৱটো খাই থকাই ভাল| ইয়াক বন্ধ কৰি দিয়াৰ লগে লগে আকৌ ৰক্তচাপ বাঢ়ি যায়| আৰু ইয়ে হৃদযন্ত্ৰ, বৃক্ক, মগজুত ক্ষতি কৰে| অথচ কোনোৱা দৰৱৰ পাৰ্শ্বক্ৰিয়া হ’লে সেই দৰৱটো সলনি কৰিব লাগে বা ৰক্তচাপ কমি গ’লে দৰৱৰ পৰিমাণ কমাই দিব লাগে|

কেনেকুৱা আহাৰ খোৱা উচিত:-

আমাৰ তেজত ছ’ডিয়াম আৰু পটাছিয়াম নামৰ দুবিধ ধাতু থাকে| ইয়াৰে ছ’ডিয়াম থকা আহাৰ খালে আমাৰ ৰক্তচাপ বৃদ্ধি হয়| সেয়েহে আহাৰত নিমখৰ পৰিমাণ কমাই ৰখাটো বাঞ্চনীয়| চিপছ, পাপড়, চানা, ফাষ্টফুড ইত্যাদি যিমান পাৰি কমাই খাব লাগে| আনহাতে পটাছিয়াম নামৰ ধাতুবিধ বেছিকৈ থাকে, যেনে- ফল-মূল, সেউজীয়া শাক-পাচলি আদি বেছিকৈ খাব লাগে| আমাৰ সঘনাই ব্যৱহাৰ হোৱা নহৰু খালেই ৰক্তচাপ নিম্নগামী হয়|


লেখক:- ডা: বিপ্লৱ পাল

উৎস: অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate