অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এছ এল ই ৰোগ নিৰাময়ৰ্ উপায়

এছ এল ই (SLE) অৰ্থাৎ (systematic lupus Erythematous) হ’ল এবিধ স্বপ্ৰতিৰোধী ৰোগ।  এছ এল ই শব্দটোৰ কোনো অসমীয়া প্ৰতিশব্দ নাই। অৰ্থাৎ দেহৰ বিভিন্ন অংগ জডিত হৈ পৰে।    এটা লেটিন শব্দ –ইয়াৰ অৰ্থটো হ’ল কুকুৰনেচীয় বাঘ আৰু  ছালৰ ৰঙা পৰা ৰোগ। সংক্ষেপতে এই ৰোগবিধ হ’লে গাৰ ছালত প্ৰধানত: মুখমণ্ডলত ৰঙা পৰা দাগ দেখিবলৈ পোৱা যায়। চিকিৎসা বিজ্ঞানৰ আদি পুথিসমূহত ইয়াক কুকুৰনেচীয়া বাঘে আঁচোৰা দাগৰ লগত তুলনা কৰা হৈছে। স্বপ্ৰতিৰোধী ৰোগ হ’ল এনে কিছুমান ৰোগ, য’ত দেহৰ ৰোগ প্ৰতিৰোধী কোষসমূহে দেহৰ সুস্থ কোষসমূহক আক্ৰমণ কৰে।লগতে স্ংক্ৰামক ৰোগৰ প্ৰতি থকা প্ৰতিৰোধী ক্ষমতা ল;ওপ পায় বাকমি যায়। এছ এল ই হ’ল এনে এবিধ ৰোগ, য’ত শৰীৰৰ ছালৰ লগতে অন্যান্য অংগ প্ৰত্যংগসমূহো আক্ৰান্ত হ’ব পাৰে। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই ৰোগ ৯ গুন বেছিকৈ হোৱা দেখা যায়। পৰিস্ংখ্যা হিচাপে সমগ্ৰ বিশ্বতে তিনি নিযুততকৈ অধিক ৰোগী এই ৰোগত আক্ৰান্ত হৈছে। মহিলাসকলৰ ভিতৰত বিশেষকৈ যুৱতীসকলৰ্ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। কাচিতহে এই ৰোগে শিশুসকলক আক্ৰমণ কৰে।

ৰোগৰ লক্ষণ

  • এই ৰোগৰ লক্ষণসমূহৰ ভিতৰত মুখমণ্ডলত আৰু সূৰ্যৰ ৰশ্মি পৰা অংশ, যেনে-ডিঙি বা বুকুৰ ওপৰৰ অংশসমুহত ৰঙা পৰা, মুখৰ ভিতৰত ঘা হোৱা, গাঁঠিৰ বিষ, ৰক্তহীনতা,চুলি সৰা,নখৰ কাষৰ ছাল ৰঙা পৰা আদি প্ৰধান।ছালৰ ৰঙা পৰা লক্ষণবোৰ সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত বেছি পৰিস্ফুট হৈ পৰে। দুগালৰ স’তে নাকৰ ওপৰত হোৱা ৰঙা দাগবোৰক   বোলে। তদুপৰি বৃক্ক, হৃৎপিণ্ড, হাওঁফাওঁ, স্নায়ুতন্ত্ৰ আদিও বিভিন্ন ধৰণে এই ৰোগত আক্ৰান্ত হয়। এই আভ্যন্তৰীণ অংগসমূহ আক্ৰান্ত হ’লে আন কিছুমান লক্ষণ,যেনে- ভৰি ফুলা,প্ৰসাৱ কমি যোৱা, মুৰ্ছা যোৱা, পক্ষাঘাত বা ভাগৰ লগা ইত্যাদিয়ে দেখা দিব পাৰে।
  • লক্ষণসমূহৰ বিভিন্নতা আৰু জটিলতাৰ বাবে এই ৰোগ চিনক্তকৰণ সহজ নহয়।আনহাতে কিছুমান সৰু সুৰা লক্ষণ, যেনে- ৰঙা পৰা বা চুলি আদিৰ কাৰণে ৰোগীসকলেও চিকিৎসাৰ বাবে অৱহেলা কৰা দেখা যায়।
  • মধুমেহ বা উচ্চ ৰক্তচাপৰ দৰে এই এছ এল ই ৰোগৰ চিকিৎসাও জটিল আৰু জীৱনজোৰা হ’ব পাৰে। প্ৰাথমিক অৱস্থাত ৰোগ চিনাক্তকৰণ আৰু অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাটো অতি প্ৰয়োজন। কাৰণ আভ্যন্তৰীণ অংগসমূহ,যেনে- বৃক্ক বা স্নায়ুতন্ত্ৰ আক্ৰান্ত হ’লে চিকিৎসা পদ্ধতি অধিক জটিল হোৱাৰ সম্ভাৱনা থাকে আৰু সঠিক সময়ত চিকিৎসা নহ’লে ই মৃত্যুৰ কাৰণ হ’বও পাৰে।

ল’ব লগা সাৱধানতা

চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ ঔষধ সেৱন কৰাৰ উপৰি নিম্নলিখিত ধৰণে আপুনি ৰোগৰ উপসৰ্গসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে।

  • ঘৰৰ বাহিঅৰলৈ ওলাওঁতে ৰ’দত ব্যৱহৃত প্ৰলেপ ব্যৱহাৰ কৰিব। শৰীৰৰ বাকী অংশ আবৃত হৈ থকাকৈ কপাহী কাপোৰ পৰিধান কৰা উচিত।
  • পৰিস্কাৰকৈ থকিব আৰু স্ংক্ৰমণ হ’ব পৰা যিকোনো পৰিৱেশৰ পৰা আঁতৰি থকিব আৰু প্ৰয়োজন অনুসাৰে যোগ, ব্যায়াম কৰিব।
  • চিকিৎসকৰ অনুমোদনক্ৰমে ৰোগ প্ৰতিৰোধী টিকা ল’ব।

কিয় হয়

এই ৰোগৰ কোনো নিৰ্দিষ্ট কাৰক বিচাৰি পোৱা নাযায়। স্বপ্ৰতিৰোধী, ৰোগসমূহ বংশানুক্ৰমতা, পাৰিপাৰ্শ্বিকতা, হৰম’ন ইত্যাদি কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। ইয়াৰ ফলস্বৰুপে দেহত কিছুমান স্বপ্ৰতিদেহৰ উৎপাদন হয়। যেনে- এন্টি নিউক্লিয়াৰ প্ৰতিদেহ, এন্টি ডি এছ এনে এ ইত্যাদি। এই প্ৰতিদেহসমূহৰ শৰীৰৰ্ সুস্থ কোষৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে ৰোগৰ সৃষ্টি হয়। এই ৰোগ চিনাক্তকৰণৰ কাৰণে ৰোগৰ লক্ষণসমূহৰ উপৰি দেহত হোৱা প্ৰতিদেহসমূহৰ কাৰণে ৰক্ত পৰীক্ষা কৰাটো দৰকাৰ। কেতিয়াবা ৰোগৰ জটিলতা জানিবলৈ বৃক্ক, হাওফাওঁ, হৃদযন্ত্ৰ বা স্নায়ুতন্ত্ৰৰ বাবে আন কেতবোৰ পৰীক্ষাৰ দৰকাৰ হয়। আনহতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱাৰ কাৰণে অন্যান্য স্ংক্ৰামক ৰোগ যেনে- যক্ষ্মা, নিউমোনিয়া আদি ৰোগে আক্ৰমণ কৰাৰ আশ্ংকা থাকে।

খাদ্যাভ্যাস

অধিক কেলচিয়ামযুক্ত খাদ্য, যেনে- গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী বস্তু, সেউজীয়া শাক-পাচলি, চয়াবিন ইত্যাদি খাব লাগে। প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত মাছ আৰু মাংস,বিশেষকৈ কুকুৰাৰ মাংস আদি খাব লাগে। অধিক পটাছিয়াম থকা খাদ্য, যেনে কল, কমলা, ক’লাজামু আৰু বজাৰত উপলব্ধ শুকান ফলমূল খাদ্য লাগে।অধিক নিমখযুক্ত খাদ্য খাবৰ লগতে আন কিছুমান খাদ্য, যেনে জালুক, বেঙেনা, বিলাহী আৰু মিঠাআলু আদি গ্ৰহণ কৰিব নলাগে।

বিবাহ আৰু সন্তান জন্ম

যিহেতু এই ৰোগ যুৱতীসকলৰ মাজত সততে দেখা যায়। সেয়ে তেওঁলোকৰ মাজত বিবাহ আৰু বিবাহিতসকলৰ মাজত সন্তান জন্ম হোৱাক লৈ বহুতো প্ৰশ্নৰ সৃষ্টি হয়। ল’ৰা বা ছোৱালীয়ে হওক বিবাহৰ ক্ষেত্ৰত কোনো বাধা নাই। এই ক্ষেত্ৰত পতি-পত্নী উভয়ৰে এই ৰোগৰ বিষয়ে সম্যক জ্ঞান থকাটো আৱশ্যক। সন্তানসম্ভৱা হোৱাৰ আগতে বিশেষজ্ঞ চিকিৎসকৰ মতামত লোৱাটো অতি প্ৰয়োজনীয়। ছমাহ পৰ্যন্ত অসুখ সম্পূৰ্ণৰুপে নিয়ন্ত্ৰণত থাকিলেহে গৰ্ভধাৰণৰ কথা ভবা উচিত। লগতে গৰ্ভধাৰণৰ সময়ছোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ ঔষধ সেৱন কৰিব। বিশেষকৈ নতুনকৈ স্ংযোজন হোৱা ঔষধ আৰু এছ এল ই ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ কাৰণে বিগত কালৰ তুলানাত এতিয়া এই ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন ঘটিছে। মনত ৰাখিব এছ এল ই ৰোগবিধ সম্পূৰ্ণৰুপে নিয়ন্ত্ৰণত ৰাখিব পাৰি আৰু এই ৰোগীসকলে বিধিসন্মতভাৱে চিকিৎসা কৰি এটা সম্পূৰ্ণ সুস্থ জীৱনযাপন কৰিব পাৰে।

প্ৰতিকাৰ

এই ৰোগ সম্পুৰ্ণ নিৰ্মূল কৰিব নোৱাৰি, ইয়াক নিয়ন্ত্ৰণহে কৰিব পাৰি।তাৰ কাৰণে দীৰ্ঘম্যাদী চিকিৎসাৰ প্ৰয়োজন।কাৰোবাৰ শৰীৰত উক্ত লক্ষণসমূহ দেখা পালে অনতিপলমে চিকিতসকৰ কাষ চপা উচিত।এই ৰোগত ব্যৱহাৰ হোৱা কিছুমান দৰব হ’ল কৰটিক’ষ্টেৰয়ড(Corticosteroid), হাইড্ৰক্সিক্লৰ’কুইন(Hydroxychloroquine),এজাথিয়প্ৰিন(Azathioprine), চাইক্লফছফামাইড(Cyclophosphamide),মাইক’ফেনোলেট(Mycophenolate)ইত্যাদি।ইয়াৰ উপৰি  শ্ৰেণীৰ ঔষধ এই ৰোগৰ চিকিৎসাৰ কাৰণে নতুনকৈ স্ংযোজন কৰা হৈছে।

লিখকসকল: ডা: সঞ্জীৱ কাকতি, ডা: দিগন্ত দাস।

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate