অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এলাৰ্জী পানীলগা নে ফ্লু?

এলাৰ্জী পানীলগা নে ফ্লু?

 

হাঁচি, নাকৰ পানী, জ্বৰ, গাৰ বিষ আৰু কাহ কাৰনো নহয়? প্ৰায়ে এইবোৰ উপসৰ্গই আবাল-বৃদ্ধ-বনিতা সকলোকে নাকনি-কাণনি কৰে। পিছে উপসৰ্গবোৰ প্ৰায় একেধৰণৰ হ’লেও এলাৰ্জী, পানীলগা আৰু ফ্লু- তিনিবিধ বিভিন্ন ধৰণৰ ৰোগ। সুক্ষ্মভাৱে চালে এই তিনিবিধ ৰোগৰ পাৰ্থক্য ধৰা পেলাব পাৰি। এই ৰোগবোৰৰ কাৰণ আৰু চিকিৎসা পদ্ধতিও পৃথক।

এলাৰ্জী শৰীৰৰ আভ্যন্তৰিক প্ৰতিক্ৰিয়াৰ ফলত হোৱা এটা ৰোগ। শৰীৰৰ বাহিৰৰ বা ভিতৰৰ কোনো পদাৰ্থই শৰীৰত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এই প্ৰতিক্ৰিয়া কম হ’ব পাৰে বা অতি ভয়ংকৰো হ’ব পাৰে। যেনে-সাধাৰণ পোক-পৰুৱাই কামুৰিলে আমাৰ শৰীৰৰ সেই স্থানত খজুৱাব বা বিষ হ’ব পাৰে। এয়া এক সাধাৰণ এলাৰ্জী। কিন্তু পেনিচিলিন আদি ঔষধ প্ৰয়োগৰ ফলত যি এলাৰ্জী হয় সি মানুহক মৃত্যুমুখলৈ ঠেলি দিব পাৰে। মানুহৰ নাকটো অতি সংবেদনশীল। ইয়াৰে উশাহ-নিশাহ লোৱা হয়। নাকতে আমাৰ উশাহৰ বতাহখিনি শোধন কৰা হয়, আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰা হয় আৰু বতাহৰ তাপমান শৰীৰৰ উপযোগী কৰা হয়। লগতে নাকৰ ভিতৰত থাকে ঘ্ৰাণশক্তিৰ স্নায়ুবোৰ। ভাল-বেয়া যিকোনো গোন্ধ পাবলৈ হ’লে নাকৰ সদায় সহায় ল’বই লাগিব। বতাহত ওপঙি থকা ধুলি, বালি, ফুলৰ ৰেণু অদিয়ে নাকৰ ভিতৰত এলাৰ্জীৰ সৃষ্টি কৰে। ফলত নাক বন্ধ হয়। নাকৰ পানী ওলায় আৰু হাঁচি আহিব পাৰে। এয়াই নাকৰ এলাৰ্জীৰ লক্ষণ। যি ব্যক্তিৰ নাকৰ এলাৰ্জী থাকে তেনে ব্যক্তিৰ নাকত ধুলি, বালি বা ৰেণু আদিৰ সংস্পৰ্শ হ’লেই তৎক্ষণাৎ এলাৰ্জীৰ সৃষ্টি হয়। এলাৰ্জী সাধাৰণতে বসন্ত কাল বা জহকালি হয়। অৱশ্যে গোটেই বছৰ ধৰি এলাৰ্জী হ’ব পাৰে। এনে মানুহৰ গোটেই বছৰেই হাঁচি, নাকৰ পানী ওলোৱা আৰু নাক বন্ধ থকা দেখা যায়।

এলাৰ্জীৰ চিকিৎসা একে আষাৰতে ক’বলৈ গ’লে অতি সহজ বা অতি কঠিনো হ’ব পাৰে। আচলতে এলাৰ্জীৰ প্ৰকৃত চিকিৎসা এলাৰ্জী সৃষ্টি কৰা পদাৰ্থৰ পৰা আঁতৰি থকা। যেনে ধৰক যদি আপোনাৰ ফুলৰ ৰেনুৰ পৰা এলাৰ্জী হয়, তেন্তে সেই ফুলৰ কাষলৈ নাযাব। তেতিয়া নিশ্চিন্তমনে জীৱন অতিবাহিত্ কৰিব পাৰিব। তেনেদৰে মেকুৰীৰ নোমৰ এলাৰ্জী থাকিলে মেকুৰীৰ পৰা আঁতৰি থাকক। বেলেগ চিকিৎসাৰ প্ৰয়োজন নহ’ব।

কিন্তু যাৰ ধুলি বা ধোঁৱাৰ বাবে এলাৰ্জী হয় তেনে ব্যক্তিৰ ক্ষেত্ৰত কথাটো সহজ নহয়। বৰঞ্চ অতি কঠিন। আজিৰ নগৰীয়া জীৱনত ধুলি, ধোঁৱা আদিৰ পৰা পৰিত্ৰাণ পোৱা অসম্ভৱ। গতিকেই এলাৰ্জীৰ চিকিৎসাও কঠিন। তাতে ধুলি বস্তুটো কোনো এক বিশেষ পদাৰ্থৰে গঠিত নহয়। গুৱাহাটীৰ ধুলি আৰু দিল্লীৰ ধুলিও একে নহয়। তেনেদৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ ধুলিও একে নহয়। তাতে মানৱ সভ্যতাৰ অৱদানে বতাহৰ প্ৰদুষণৰ ফলত আধুনিক বিশ্বত এলাৰ্জীৰ প্ৰকোপ বঢ়াইছে।

কি পদাৰ্থৰ পৰা এলাৰ্জী হৈছে তাক নিৰ্ণয় কৰা সহজ নহয়। এইবোৰ বিচাৰিবৰ বাবে বহুধৰণৰ এলাৰ্জী ‘টেষ্ট’ ছালত কৰা হয়। এইবোৰ টেষত সাধাৰণতেই ক্ষতিকাৰক নহয়। নাকৰ এলাৰ্জীৰ বাবে বহুধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। তাৰ ভিতৰত ‘এণ্টিহিষ্টামিন’ বড়ি আৰু ‘ডিকনজেটেণ্ট’ বড়ি ব্যৱহাৰ কৰা হয়। এই বড়িবোৰে নাকৰ এলা প্ৰশমন কৰে কিন্তু ইয়াৰ দুটা অসুবিধা- থকা দেখা যায়। তাৰে প্ৰথমটো হৈছে এই বড়িৰ কাম আঠ ঘণ্টা, ১২ ঘণ্টা বা ২৪ ঘণ্টাহে থাকে। এই বড়িৰ ক্ৰিয়া শেষ হোৱাৰ লগে লগে পুনৰ নাকৰ এলাৰ্জীয়ে দেখা দিয়ে। দ্বিতীয়, এই বড়িবোৰে অত্যধিক তন্দ্ৰা ভাব আনি দিয়ে। দেহ অৱশ লগে আৰু শুই থাকিবলৈ মন যায়। সেয়েহে নাকৰ এলাৰ্জীৰ উপশম ঘটাব পাৰে। নাকৰ এলাৰ্জীৰ বাবে ‘ষ্টেৰইড’ থকা নামৰ ‘স্প্ৰে’ ব্যৱহাৰ কৰিও যথেষ্ট সুফল পোৱা গৈছে। এইবোৰ ‘ষ্টেৰইড’ নাকতে কাম কৰে, কিন্তু শৰীৰত প্ৰৱেশ নকৰে। ফলত বহুদিন ব্যৱহাৰ কৰিলেও শৰীৰৰ হানি নহয় ।

এলাৰ্জী টেষ্ট কৰি তাৰ পৰাই ‘ভেক্সিন’ তৈয়াৰ কৰিও নাকৰ এলাৰ্জীৰ চিকিৎসা কৰা হয়।

নাকৰ এলাৰ্জীৰ চিকিৎসা ভালদৰে কৰাটো গুৰুত্বপুৰ্ণ বুলি ধৰা হয়। কাৰণ নাকৰ এলাৰ্জী উপশম নহ’লে ‘ছাইনাছাইটিছ’ আৰু ‘এজমা’ জাতীয় ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

পানীলগা বা চৰ্দিক ইংৰাজীত Common Cold  বুলি কয়। নাকটো পানীৰে সোঁত-সোঁতাই থাকে বাবে ‘পানীলগা অসুখ’। ইংৰাজীত কয় ‘Catching Cold’ পাৰ্চী ভাষাত ‘চৰ্দ’ মানে ঠাণ্ডা বা শীতল। জাৰকালি পানী লগা বা চৰ্দি সঘনাই হয়। গাটোত জাৰ লাগে। অলপ জ্বৰ উঠে। নাকৰ পানীও অবিৰতভাৱে বৈ থাকে। স্কুলীয়া দিনত আমি সাঁথৰ সুধিছিলো-‘কি বস্তু ল’ৰাই খায়, বুঢ়াই পেলায়, কিন্তু ডেকাই জেপত ভৰাই থয়’? উত্তৰ নিশ্চয় শেঙুন। পানীলগা অসুখ বেছি দিন নাথাকে। কেইদিনমান থাকি আঁতৰি যায়। এসপ্তাহতকৈ কম সময় থাকে। নাকৰ পৰা পানী ওলাই থাকে। কিন্তু কাণ বা ডিঙিৰ ভিতৰখন খজুৱাই নাথাকে। লগতে সাধাৰণ ডিঙিৰ চেৰচেৰণি আৰু পাতল কাহ। নাকৰ শেঙুন পানীৰ দৰে পাতল হয়। কিন্তু লাহে লাহে ই গাঢ় হৈ উঠে আৰু ডাঠ হালধীয়া বা সেউজীয়া ৰঙৰ হ’ব পাৰে। প্ৰথম অৱস্থাত নাকত ভাইৰাছে আক্ৰমণ কৰে, তেতিয়া নাকৰ পানী পাতল পানীৰ দৰে থাকে। বেক্টেৰিয়াৰ আক্ৰমণ বাঢ়ি যোৱাৰ লগে লগে নাকৰ শেঙুন হালধীয়া বা সেউজীয়া হয়।

তেতিয়াহে ‘এণ্টিবায়টিক’ প্ৰয়োগ কৰা হয়। নহ’লে সাধাৰণ পানীলগা ৰোগত এণ্টিবায়’টিক প্ৰয়োগ কৰা নহয়।

পানীলগা হ’লে জ্বৰ জ্বৰ লাগে। তেতিয়া ‘পেৰাচিটামল’ জাতীয় ঔষধ খালেই ভাল পোৱা যায়। নাকৰ পানীৰ বাবে আৰু হাঁচিৰ বাবে বহু ‘এণ্টিক’লড’ বড়ি বজাৰত পোৱা যায়। এইবোৰ বড়িক O.T.C বা Over the counter বড়ি বোলে। অৰ্থাৎ পশ্চিমীয়া দেশত এইবোৰ বড়ি বিক্ৰী কৰিবলৈ কোনো ডাক্তৰৰ প্ৰেছক্ৰিপচন নালাগে। আমাৰ দেশত অৱশ্যে দৰব বিক্ৰীৰ ক্ষেত্ৰত যি ঘটি আছে সি সকলোৰে চকুৰ আগতে ঘটি আছে। কিন্তু ঔষধ বিক্ৰেতাৰ জ্ঞান আৰু নিয়ন্ত্ৰণ চিকিৎসাশাস্ত্ৰৰ এক অভিন্ন অংগ। গেলামালৰ দোকান খোলা আৰু ঔষধৰ দোকান খোলাৰ মাজত যিমানেই পাৰ্থক্য বাঢ়িব সিমানেই সমাজৰ পক্ষে মংগলদায়ক হ’ব।

পানীলগা সোঁচৰা ৰোগ। ৰোগীৰ হাঁচি বা কাহৰ পৰা এই ৰোগ বিয়পে। সেয়েহে ৰোগী আৰু নিৰোগী দুয়ো হাঁচি বা কাহ মাৰোতে সচেতন হ’ব লাগে।

পানীলগাৰ অতি বিষম অৱস্থাকে ‘ফ্লু’ বোলা হয়। ‘ফ্লু’ হ’ল ‘ইনফ্লুৱেঞ্জা’ শব্দৰ অপভ্ৰ্ংশ। ‘ইনফ্লুৱেঞ্জা’ ভাইৰাছৰ প্ৰচণ্ড আক্ৰমণৰ ফলত ‘ফ্লু’ হয়। এই ৰোগৰ লক্ষণবোৰ ‘পানীলগা’ ৰোগৰ নিচিনা হ’লেও ইয়াৰ প্ৰকোপ অত্যন্ত বেছি হয়। কাহ- কফৰ লগতে জ্বৰ, বিষত গোটেই শৰীৰ জৰ্জৰিত হয়। জ্বৰ ১০২ ডিগ্ৰী ফাৰেনহাইটৰ পৰা ১০৪ ডিগ্ৰী ফাৰেনহাইটলৈ  হ’ব পাৰে। শৰীৰত মাংসপেশী, হাড় গাঁঠিয়ে গাঁঠিয়ে বিষ হয়। শৰীৰ অতি দুৰ্বল হৈ পৰে। অৰ্থাৎ পানীলগা অসুখত কাম-কাজ কৰি ফুৰিব পাৰিলেও ফ্লু হ’লে ৰোগীয়ে বিছনা ল’ব লাগে। তাতে জ্বৰ এৰাৰ পিছত দুই-তিনি সপ্তাহলৈ শৰীৰৰ দুৰ্বল ভাব নাযায়। ভোক কমি যায়।

ফ্লু হ’লে জিৰণিৰ অতি প্ৰয়োজন। জ্বৰ কমাবলৈ শীতল পটি দিব লাগে। জ্বৰ কমোৱা বড়ি বা বেজী দিব লাগে। খাব নোৱাৰা বাবে ছেলাইন দিবলগীয়া হ’ব পাৰে। ভোক-পিয়াহ কমি যোৱা বাবে আৰু হজম শক্তিও কমি যোৱা বাবে পনীয়া পথ্য খাবলৈ দিয়া যুগুত। আমাৰ দেশত ফ্লু হ’লে মেলেৰিয়া আদি ৰোগৰ কথাও মনত ৰাখিব লাগে আৰু সেই মতে পৰীক্ষা কৰাব লাগে। পশ্চিমীয়া দেশত ফ্লু নহ’বৰ বাবে বছৰি প্ৰতিষেধক ভেক্সিন দিয়াৰ ব্যৱস্থা আছে। ইনফ্লুৱেঞ্জা ভাইৰাছৰ ফলত এই ৰোগ হয়।

এনেদৰে আমি দেখিলো নাক বন্ধ, নাকৰ পানী, হাঁচি, জ্বৰ- কাহেৰে আৰম্ভ হ’লেও নাকৰ এলাৰ্জীএ, পানীলগা আৰু ফ্লু বা ইনফ্লুৱেঞ্জা তিনিবিধ বিভিন্ন ৰোগ। তলত থুলমুলকৈ এই ৰোগ তিনিবিধৰ পাৰ্থক্যবোৰ দিয়া হ’ল্। গতিকে সঠিক ৰোগ নিৰ্ণয় নহ’লে সঠিক চিকিৎসা বিধান দিয়া সম্ভৱ নহয়। নাকৰ পানী ওলালে সেয়েহে চিকিৎসকৰ পৰামৰ্শ লওক।

লেখক: ডা: বিশ্বনাথ শৰ্মা (জি এনআৰচি স্বাস্থ্য)

 

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate