অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁকাল আৰু তল পেটৰ বিষঃ

কঁকাল আৰু তল পেটৰ বিষঃ

সৰহভাগ মানুহেই জীৱনৰ কোনোবা একোটা মুহূৰ্তত তল পেটত তীব্ৰ বিষৰ আক্ৰমণ অনুভৱ কৰে আৰু এনেধৰণৰ বিষত কেতিয়াবা প্ৰস্ৰাৱ ঘন ঘনকৈ অনুভূত হোৱা আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত বিষৰ উত্পত্তিৰ লেখীয়া উপসৰ্গৰ সৈতে জড়িত হৈ থাকিব পাৰে। কেতিয়াবা আকৌ প্ৰস্ৰাৱ এটোপাল বা দুটোপালকৈ পৰে আৰু আনুষংগিকভাৱে প্ৰস্ৰাৱৰ বৰণ গাঢ় হয়।

চিকিত্সা বিজ্ঞানৰ দিশৰ পৰা মূত্ৰথলি হৈছে স্নায়ুযুক্ত গাঁঠনি যাৰ বেৰ মাংসপেশীৰে গঠিত। বৃক্ক বা কিডনীৰ পৰা বহিৰ্গমন ঘটা প্ৰস্ৰাৱ ইয়াত জমা হয়। মূত্ৰথলি পৰিপূৰ্ণ হ’লে শিশুৰ ক্ষেত্ৰত অনিচ্ছুকভাৱে প্ৰস্ৰাৱ বহিৰ্গমন ঘটে যদিও ডাঙৰ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত এই কামফেৰা ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল।

বীজাণুৱে মূত্ৰথলি আক্ৰমণ কৰে। পায়ুদ্বাৰ হৈছে নানা বীজাণুৰ বাসস্থান আৰু সময়সাপেক্ষে মূত্ৰনলী আৰু মূত্ৰথলিলৈকে ই বিয়পে। নাৰীৰ মূত্ৰনলীৰ দৈৰ্ঘ্য তুলনামূলকভাৱে কম হোৱা বাবে এনে সংক্ৰমণ তেওঁলোকৰ মাজত সতকাই হয়। তদুপৰি ৰজোনিবৃত্তিৰ পাছত তলপেটস্থিত অংগবোৰৰ শ্লেষ্মা আৱৰণী বেছি পাতলীয়া হৈ পৰে আৰু সেয়েহে এনে বয়সীয়া তিৰোতাবোৰৰ ক্ষেত্ৰত বীজাণুৰ আক্ৰমণ সুচল হয়। আনহাতে গৰ্ভধাৰণৰ সময়ছোৱাত জৰায়ুৰ আকৃতি বৃদ্ধি হোৱা বাবে মূত্ৰনলীৰ ওপৰত হেঁচা পৰে আৰু ফলত প্ৰস্ৰাৱৰ চলাচল ব্যাহত হৈ বীজাণুৰ বংশবৃদ্ধি দ্ৰুততৰ হয়। যৌনতাত লিপ্ত হ’লে নাৰীন আৰু পুৰুষৰ উভয়েই মূত্ৰনলীৰ সংক্ৰমণত ভোগাৰ শংকা বাঢ়ে।

নাৰীৰ এনে সংক্ৰমণত ভোগাৰ শংকা বাঢ়ে যদিহে তেওঁলোকে পানী বা তৰল কমকৈ খায় আৰু বিভিন্ন কাৰকৰ বাবে প্ৰস্ৰাৱ নকৰাকৈ থাকে। শিশুসকলৰ মাজত ইউ টি আই দেখা দিলে এনে কেতবোৰ ঘটনা ঘটে যে শিশুটিৰ লজ্জাত শিৰনত হয়। পূৰ্বতে ভালদৰে প্ৰস্ৰাৱ কৰিবলৈ সক্ষম হোৱা শিশুটিৰ প্ৰস্ৰাৱৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা হয় আৰু ফলত স্কুলৰ পৰা উভতি অহাৰ সময়ত কানি-কাপোৰ ভিজি বা সেমেকি থাকিব পাৰে। কেতিয়াবা কানি-কাপোৰে প্ৰস্ৰাৱ ওলাই যায়। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত তলপেটত বিষ, অস্বস্তি বা গধূৰভাৱ অনুভূত হয়। মূত্ৰথলি প্ৰস্ৰাৱেৰে পৰিপূৰ্ণ নহওঁতেই মূত্ৰত্যাগৰ পূৰ্ণ বাসনা জাগে। প্ৰস্ৰাৱ কৰি থকা সময়ত (বিশেষকৈ শেহৰ কেইটোপালমান প্ৰস্ৰাৱ নিৰ্গত হোৱাৰ সময়ত) বিষ অনুভূত হয়। তাকৰীয়া মাত্ৰাত জ্বৰ অনুভূত হয় আৰু প্ৰস্ৰাৱৰ ৰং ঘন ক’লা বা ৰঙচুৱা হয়।

যদিহে এণ্টিবায়’টিকৰ প্ৰয়োগৰ দ্বাৰা সংক্ৰমণ নিয়ন্ত্ৰিত হয়- তেনেহ’লে ই ওপৰলৈ বিয়পি কিডনীত ‘পায়োলা নেফ্ৰাইটিছ’ ৰোগৰ সৃষ্টি কৰে। ই বেছি মাৰাত্মক ধৰণৰ সংক্ৰমণ আৰু ইয়াৰ ফলত অতিপাত জ্বৰৰ সৈতে কঁপনি আহিব পাৰে আৰু লগতে পেটৰ দুয়োকাষে বিষ অনুভূত হয়। পৰ্যাপ্ত ধৰণৰ চিকিত্সা নকৰিলে বা সঠিকভাৱে ৰোগ নিৰ্ণয় নহ’লে বা ৰোগবিধি অৱহেলা কৰিলে একোখন সমাজৰ তিনি শতাংশ বুঢ়া মানুহৰ শৰীৰত এই ৰোগ দেখা যায়।

নাৰী-পুৰুষ উভয়ৰে ক্ষেত্ৰত এনেবোৰ কাৰকে ৰোগ সৃষ্টিত ভূমিকা পালন কৰে। বহুমূত্ৰ ৰোগ, পাথৰৰ জৰিয়তে বাধাগ্ৰস্ততা, প্ৰষ্টেট আৰু জৰায়ুৰ আকৃতি বৃদ্ধি। যদিহে ইউ টি আই-ৰ আনুষংগিকভাৱে অন্য কোনো ৰোগ নাথাকে তেনেহ’লে ঘৰত চিকিত্সা কৰাই শ্ৰেয়। এনেধৰণৰ পৰিস্থিতিত ৰোগীক চিকিত্সালয়ত ভৰ্তি কৰাৰ আৱশ্যকতা হয়। আনুষংগিক অন্যান্য ৰোগ, মূত্ৰনলীৰ গাঁঠনিগত অস্বাভাৱিকতা আৰু ৰোগীৰ দৈহিক সুৰক্ষা ব্যৱস্থাৰ দুৰ্বলতা।

ছিষ্টাইটিছৰ চিকিত্সাৰ বাবে প্ৰতিজৈৱিক দৰব আদি দিব লাগিব। প্ৰদাহৰোধক আৰু বিষৰোধক দৰব খালে একেদিনাখনেই বিষৰ উপশম ঘটে। উপসৰ্গবোৰৰ উপশম ঘটিলেও ক’ৰ্ছ সম্পূৰ্ণ কৰাৰ অবিহনে প্ৰতিজৈৱিক দৰবৰ সেৱন বন্ধ কৰা অনুচিত। অন্যথা দৰব প্ৰতিৰোধী বীজাণুৰ সৃষ্টি হৈ সমস্যা জটিলতৰ হ’ব। পুৰুষৰ ক্ষেত্ৰত ১৪ দিনলৈকে চিকিত্সা অব্যাহত ৰাখিব লাগে। দুপৰটেঙাৰ পাত খালে ইউ টি আই আৰোগ্য হয় বুলি অসমীয়া জনসমাজত এক বিশ্বাস প্ৰচলিত আছে। প্ৰকৃতাৰ্থত ৰোগাৰোগ্য নহ’লেও ৰোগৰ পুনৰাক্ৰমণৰ উপশম ইয়াৰ জৰিয়তে ঘটে।

তলপিঠি তথা কঁকালৰ বিষৰ আন এক উল্লেখনীয় কাৰণ হৈছে স্পণ্ডাইলোছিছ। এইবিধ ৰোগৰ নাম আমাৰ সৰ্বসাধাৰণৰ মাজত আজিকালি সঘনে উচ্চাৰিত হয় আৰু ইয়াৰ অৰ্থ চিকিত্সা বিজ্ঞানৰ পৰিভাষাত এনেধৰণৰ- ৰাজহাড়ৰ কশেৰুকাবোৰ আৰু এইবোৰৰ মাজত থকা ডিস্কৰ অৱক্ষয়। ৰাজহাড়ৰ স্বাভাৱিক গাঁঠনি ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় আৰু কাম-কাজ ব্যাহত হয়। দুটা কশেৰুকাৰ মাজত থকা ডিস্কৰ অস্বাভাৱিকতা যিকোনো বয়সতে হয় যদিও বুঢ়া বয়সত বেছিকৈ হ’ব পাৰে। সাধাৰণতে ২০-৫০ বছৰ বয়সৰ মানুহৰ মাজতেই উপসৰ্গবোৰৰ আৰম্ভণি হোৱা দেখা যায়। বুঢ়া হোৱাৰ লগে লগে শৰীৰত দেখা দিয়া জৈৱ ৰাসায়নিক পৰিৱৰ্তনবোৰ সামগ্ৰিক ধৰণৰ হয় আৰু ফলত ডিস্কৰ গাঁঠনিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। ডিঙিৰ কশেৰুকাবোৰ ৰোগাক্ৰান্ত হ’লে ছাৰ্ভাইকেল স্পণ্ডাইলোছিছ আৰু পিঠিৰ নিম্নাংশৰ কশেৰুকাবোৰ ক্ষতিগ্ৰস্ত হ’লে লাম্বাৰ স্পণ্ডাইলোছিছ বোলে।

পিছৰবিধ অৰ্থাত্ লাম্বাৰ স্পণ্ডাইলোছিছ হ’লে কঁকালৰ অত্যন্ত বিষ হয় আৰু পুৱা জঠৰ হ’ব পাৰে। বিষ হেতুকে স্বাভাৱিক কাম-কাজ ব্যাহত হয় আৰু শৰীৰটো লৰচৰ কৰিলে বিষৰ মাত্ৰা বাঢ়ে। সন্মুখলৈ হালিলে আৰু গধুৰ বস্তু ভঙা-মেলা কৰিলে বিষ বেছি হয়। কেতিয়াবা স্নায়ুৰ ওপৰত ফুলি থকা ডিস্কৰ হেঁচাৰ বাবে জিনজিননি অনুভূত হয় বা শৰীৰৰ নিম্নাংশ (ঘাইকৈ ভৰি দুখন) অসাৰ যেন অনুভূত হয়। সময়সাপেক্ষে স্থানীয়ভাৱে ফুলি উটা বাবে (প্ৰদাহ) অতি সংবেদনশীল অৱস্থাৰ সৃষ্টি হয়। দীৰ্ঘকালীন অৱস্থাত মাংসপেশীৰ সংকোচন ঘটিব পাৰে। ২৭-৩৭ শতাংশ ৰোগীৰ ক্ষেত্ৰত অৱস্থাটি উপসৰ্গবিহীনৰূপে থাকিব পাৰে।

বৰ্তমানলৈকে যিখিনি চিকিত্সা পদ্ধতি প্ৰয়োগ কৰা হয় তাৰ জৰিয়তে ৰোগৰ সাময়িক উপশম ঘটে। যি কাৰণবশতঃ ৰোগৰ উত্পত্তি হয় (আঘাত, যক্ষ্মা বা কৰ্কট বা স্নায়ৱিক ৰোগ) সেই কাৰণবোৰৰ চিকিত্সা একান্তই বাঞ্ছনীয়। তদুপৰি সতৰ্কতামূলক ব্যৱস্থাৰূপে বেল্ট পৰিধান কৰাৰ উপৰি মিথাইল কোবালামিন আৰু প্ৰিগাৰালিন, গাবাপেটিন আদি দৰব চিকিত্সকৰ পৰামৰ্শ মতে খাব লাগে।

লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী

উত্সঃ অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate