অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যপ্ৰাণ বি-১২ অভাৱজনিত ৰোগঃ

খাদ্যপ্ৰাণ বি-১২ অভাৱজনিত ৰোগঃ

বিৱৰণ

শৰীৰৰ বাবে অপৰিহাৰ্য খাদ্যপ্ৰাণসমূহৰ এক চায়নোক’বাল-এমাইন নামৰ ৰাসায়নিক পদাৰ্থভাগ- যাক থোৰতে আমি খাদ্যপ্ৰাণ খ-১২ বা ভিটামিন বি-১২ বুলি কওঁ। খাদ্যজনিত অভাৱ বা পৰিশোষণজনিত অসুবিধাৰ হেতু আমাৰ সমাজত এইবিধ খাদ্যপ্ৰাণৰ অভাৱ খুবেই দেখা যায়। এক সমীক্ষা মতে ৭৮ শতাংশ ভাৰতীয় লোকেই কোনো মাত্ৰাৰ খাদ্যপ্ৰাণ খ-১২ খাদ্যপ্ৰাণৰ অভাৱত ভোগে। এই খাদ্যপ্ৰাণৰ অভাৱৰ কোনো নিৰ্দিষ্ট লক্ষণ নাই বাবে আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক লোকেই, আনকি স্বাস্থ্য সেৱাৰ সৈতে জড়িত বহু লোকো ইয়াৰ বিষয়ে সচেতন নহয়। নিৰামিষ ভোজনকাৰী আৰু বয়োজ্যেষ্ঠসকলৰ মাজত খাদ্যপ্ৰাণ খ-১২ অভাৱৰ প্ৰাদুৰ্ভাৱ বেছি।

আমাৰ আটাইবোৰ খাদ্যপ্ৰাণৰ ভিতৰত খাদ্যপ্ৰাণ খ-১২ আকৃতিত আটাইতকৈ ডাঙৰ আৰু গঠনত সবাতোকৈ জটিল। কেতবোৰ নিম্নশ্ৰেণীৰ বেক্টেৰিয়াৰ বাদে জীৱজগতৰ কোনো প্ৰাণীয়েই চায়নোক’বালেমাইন নিজে সংশ্লেষণ কৰি ল’ব নোৱাৰে। কিছুমান শেলাই জাতীয় উদ্ভিদৰ বাদে কোনো উদ্ভিদজাত খাদ্যতে ই উল্লেখনীয় পৰিমাণত নাথাকে। আনহাতে, শেলাই জাতীয় উদ্ভিদত থকা খাদ্যপ্ৰাণ খ-১২ যৌগসমূহ মানুহকে ধৰি উচ্চ শ্ৰেণীৰ স্তন্যপানী প্ৰাণীৰ দেহত সক্ৰিয় নহয়। মাছ, মাংস, গাখীৰ, পনিৰ, কণী আদি প্ৰাণীজাত খাদ্যতহে আমাৰ বাবে উপযোগী খাদ্যপ্ৰাণ খ-১২ উপযুক্ত পৰিমাণত থাকে। বয়সভেদে ইয়াৰ প্ৰয়োজনীয়তাৰ তাৰতম্য আছে। জন্মৰ পৰা ছয় মাহলৈ ০.৪ মাইক্ৰোগ্ৰাম, ৭ৰ পৰা ১২ মাহলৈ ০.৫ মাইক্ৰোগ্ৰাম, ১ৰ পৰা ৩ বছৰলৈ ০.৯ মাইক্ৰোগ্ৰাম, ৪ৰ পৰা ৮ বছৰলৈ ১.২ মাইক্ৰোগ্ৰাম, ৯ৰ পৰা ১৩ বছৰলৈ ১.৮ মাইক্ৰোগ্ৰাম আৰু ১৪ বছৰৰ ওপৰত ২.৪ মাইক্ৰোগ্ৰামকৈ দৈনিক আহাৰত গ্ৰহণ কৰাৰ বাবে কোৱা হৈছে। নাৰী-পুৰুষৰ বাবে আৱশ্যক পৰিমাণ সমানেই যদিও গৰ্ভাৱস্থাত মহিলাক কিছু সৰহকৈ ২.৬ মাইক্ৰোগ্ৰামকৈ দৈনিক আহাৰত গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। আহাৰত গ্ৰহণ কৰা খাদ্যপ্ৰাণ খ-১২ৰ এক ক্ষুদ্ৰ অংশহে শৰীৰে অৱশোষণ কৰি ল’ব পাৰে।

খাদ্যপ্ৰাণ খ-১২ শৰীৰৰ বৃদ্ধি, কোষৰ পুনৰোৎপাদন, তেজৰ কণিকা সংশ্লেষণ আৰু নিউক্লিওপ্ৰ’টিন তথা স্নায়ুসমূহ আৱৰি থকা মায়েলিন নামৰ আৱৰণখন সৃষ্টি আৰু মেৰামতিৰ বাবে অপৰিহাৰ্য। তদুপৰি শৰীৰৰ শক্তি উৎপাদন-পুনৰোৎপাদন প্ৰক্ৰিয়াত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

খাদ্যপ্ৰাণ খ-১২ৰ অভাৱ ঘটাৰ কাৰণসমূহ

মূলতঃ দুটা কাৰণত শৰীৰত খাদ্যপ্ৰাণ খ-১২ৰ অভাৱ ঘটিব পাৰে- খোৱা খাদ্যৰ প্ৰকাৰ আৰু অৱশোষণৰ অসুবিধা। ইতিমধ্যেই কোৱা হৈছে যে এই খাদ্যপ্ৰাণৰ মূল উৎস হ’ল প্ৰাণীজাত খাদ্য। গতিকে একেবাৰেই কোনো প্ৰাণীজাত খাদ্য গ্ৰহণ নকৰা নিৰামিষভোজীসকল ইয়াৰ অভাৱত ভোগাৰ আশংকা থাকে। কোনো কাৰণত খাদ্যত থকা খাদ্যপ্ৰাণ খ-১২খিনি যদি উপযুক্তভাৱে অৱশোষিত নহয়, তেতিয়া স্বাভাৱিকতে শৰীৰত ইয়াৰ অভাৱ ঘটিব। উদাহৰণস্বৰূপে ইণ্ট্ৰিনজিক ফেক্টৰৰ অভাৱ ঘটিলে ইয়াৰ অৱশোষণ কম হ’ব। পাকস্থলীৰ পেৰাইটেল কোষবোৰ কমি ভিতৰৰ অম্লতা হ্ৰাস হ’লেও ইয়াৰ অৱশোষণ কম হ’ব। এনে অৱস্থাত পাকস্থলী আৰু অন্ত্ৰত বেক্টেৰিয়াৰ সংখ্যা বঢ়াৰ ফলত খাদ্যপ্ৰাণ খ-১২ৰ অৱশোষণ আৰু কমে। ক্ৰনছ ৰোগ বা ছিলিয়াক ৰোগ আদি খাদ্যবস্তুৰ অৱশোষণত সমস্যা কৰা বেমাৰত অথবা ওজন কমাবলৈ বা অইন কাৰণত কৰা পাকস্থলী, আন্ত্ৰিক অপাৰেচনৰ ফলতো খাদ্যপ্ৰাণ খ-১২ৰ অৱশোষণ হ্ৰাস পায়। পঞ্চাশ বছৰৰ ওপৰৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পাকস্থলীত হাইড্ৰ’ক্লৰিক এচিড কমি যোৱা বাবে খাদ্যত থকা চায়নোকবালেমাইন যৌগ ভালদৰে অৱশোষিত নহয়।

খাদ্যপ্ৰাণ খ-১২ৰ অভাৱ হ’লে মানুহে অকাৰণতে দুৰ্বল অনুভৱ কৰে। শৌচৰ স্বাভাৱিক নমনীয়তা নোহোৱা হৈ কোষ্ঠকাঠিন্য কৰিব পাৰে। খোৱাৰ ৰুচি নোহোৱা হয়। হাত আৰু ভৰিৰ তত নোহোৱা হ’ব পাৰে বা বেজীয়ে খোঁচা-বিন্ধা কৰা যেন অনুভৱ হ’ব পাৰে। শৰীৰত তেজ কমি যোৱা বাবে বৰণ শেঁতা বা ঢেলা হ’ব পাৰে। ইয়াৰ উপৰি স্মৰণশক্তি হ্ৰাস, হতাশগ্ৰস্ততা, মনৰ খেলিমেলি ভাব আৰু কথা পাহৰি যোৱা আদিয়ে দেখা দিব পাৰে। উল্লেখিত লক্ষণ বা অসুবিধাসমূহ অইন কেতবোৰ ৰোগতো দেখা যায়। সেয়ে খাদ্যপ্ৰাণ খ-১২ৰ অভাৱ সম্পৰ্কে নিশ্চিত হ’বলৈ তেজত ইয়াৰ মাত্ৰা নিৰ্ধাৰণৰ লগতে হোমো-চিষ্টিন আৰু মিথাইল মেলোনিক এচিড (এম এম এ)-ৰ পৰিমাণ নিৰ্ধাৰণৰ বাবে পৰীক্ষাৰ প্ৰয়োজন হয়। খাদ্যপ্ৰাণ খ-১২ৰ অভাৱজনিত সমস্যা প্ৰতিৰোধৰ বাবে অভাৱৰ আশংকা থকা লোকসকলৰ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিয়মীয়াকৈ তেজত খাদ্যপ্ৰাণ খ-১২ৰ পৰিমাণ পৰীক্ষা কৰি থকা উচিত। এইসকলৰ ভিতৰত নিৰামিষভোজী তথা নিৰামিষভোজী মাতৃৰ গাখীৰ খাই থকা নৱজাতক আৰু কেঁচুৱা, পঞ্চাশ বছৰ বয়সোৰ্ধ্বৰ ব্যক্তিসকল, সুৰাপায়ী ব্যক্তি, ডায়েবেটিছ বা এচিডিটি-ৰ বাবে ঔষধ ব্যৱহাৰ কৰি থকা ব্যক্তি, এইচ আই ভি আক্ৰান্ত ব্যক্তি, ৰক্তহীনতাত ভুগি থকা ব্যক্তি, পাকস্থলী আৰু আন্ত্ৰিক ৰোগত ভুগি থকা ব্যক্তি তথা স্মৃতিবিভ্ৰম, আলঝেইমাৰছ, ছিঝোফ্ৰেনিয়া আদি স্নায়বিক ৰোগত ভুগি থকা ব্যক্তিসকলে প্ৰতি ২-৩ বছৰৰ মূৰে মূৰে তেজত খাদ্যপ্ৰাণ খ-১২ৰ পৰিমাণ পৰীক্ষা কৰি থকা উচিত।

খাদ্যপ্ৰাণ খ-১২ৰ অভাৱজনিত সমস্যাক গুৰুতৰ পৰিণামৰ নীৰৱ মহামাৰী বুলি অভিহিত কৰা হৈছে।

লেখকঃ ডাঃ ৰমেন কুমাৰ কাকতি

উৎসঃ নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate