অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাঁঠিৰ বিষ অষ্ট্ৰ’ আৰ্থ্ৰাইটিছঃ

গাঁঠিৰ বিষ অষ্ট্ৰ’ আৰ্থ্ৰাইটিছঃ

গাঁঠিনো কি ?

  • দুডাল হাড়ৰ সংলগ্ন স্থানকে গাঁঠি বুলি কোৱা হয়। গাঁঠিবোৰৰ বাবে আমাৰ শৰীৰৰ বিভিন্ন অংশ আৰামদায়কভাৱে লৰচৰ কৰিব পাৰোঁ।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কি ?

আৰ্থ্ৰাইটিছ মানে হ’ল গাঁঠি হোৱা বিষ।

  • অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ এটা সাধাৰণ ৰোগ হ’ল আৰ্থ্ৰাইটিছ। অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ হোৱাৰ কাৰণবোৰ কি ?

বয়স, লিংগ, মেদবহুলতা, গাঁঠিৰ আঘাতপ্ৰাপ্ত, গাঁঠিৰ সমস্যাসমূহ, বংশগত সমস্যা আৰু গাঁঠিৰ ৰোগ।

কোনবোৰ গাঁঠি অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ দ্বাৰা আক্ৰান্ত হয় ?

  • যিকোনো গাঁঠিয়ে অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে যদিও নিতম্ব, আঁঠু, আঙুলিৰ গাঁঠি আৰু ৰাজহাড়ৰ তলত বেছিভাগেই আক্ৰান্ত হয়।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কেইপ্ৰকাৰৰ ?

  • প্ৰাইমাৰী অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ
  • ছেকেণ্ডাৰী অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ লক্ষণবোৰ কি কি ?

  • বিষ, জঠৰতা আৰু লৰচৰ কৰাত অসুবিধা
  • সাধাৰণ অৱস্থাতকৈ আক্ৰান্ত গাঁঠিবোৰ বেছি ডাঙৰ দেখা যায়। হাড়ৰ গঠন বাঢ়ি যোৱা বাবে এনে হয়।
  • গাঁঠিৰ বিসংগতি সাধাৰণতে দেখা নাযায় যদিও মাজে-সময়ে দেখা যাবও পাৰে।
  • কোনো লক্ষণ নাথাকিবও পাৰে।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কেনেদৰে নিৰূপণ কৰা হয় ?

  • এক্স-ৰে, এম আৰ আই।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছৰ চিকিত্সা কেনেদৰে কৰা হয় ?

  • অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ নিৰাময় কৰিব নোৱাৰি। কিন্তু উচিত চিকিত্সাৰ দ্বাৰা বিষ উপশম কৰাৰ লগতে গাঁঠিবোৰৰ চলাচল নিয়ন্ত্ৰণত ৰাখিব পাৰি।
  • গাঁঠিৰ বিষ কমোৱা, মাংসপেশীবোৰ শক্তিশালী কৰাৰ লগতে চলাচল বৃদ্ধি কৰাৰ বাবে নিতৌ ব্যায়াম বা যোগাসন কৰা।
  • বিষৰ পৰা উপশম পোৱাৰ বাবে চিকিত্সকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰা।
  • গুৰুতৰভাৱে ক্ষতি হোৱা গাঁঠিবোৰ মেৰামতি বা পুনৰ সংস্থাপনৰ বাবে অস্ত্ৰোপচাৰ কৰা।

অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ কেনেদৰে চিকিত্সা কৰা হয় ?

  • গাঁঠিৰ বিষ আৰু জঠৰতা কমোৱা।
  • গাঁঠিৰ চলাচল বৃদ্ধি কৰা।
  • শাৰীৰিক অক্ষমতাসমূহ নিয়ন্ত্ৰণ কৰা।
  • গাঁঠিৰ ক্ষতিৰ সীমিত বৃদ্ধি।
  • আঁঠু আৰু নিতম্বৰ অষ্ট্ৰ’ আৰ্থ্ৰাইটিছ।

অস্ত্ৰোপচাৰৰ বিষয়ে আপুনি চিকিত্সকৰ পৰা জানিবলগীয়া-

  • অস্ত্ৰোপচাৰ কৰাৰ পাছত আপুনি কেনেদৰে আৰু কিমান দিনলৈ লাভান্বিত হ’ব ?
  • এই পদ্ধতিটোক কি বুলি কোৱা হয় ?
  • আকৌ সাধাৰণ কাম-কাজ কেতিয়া কৰিব পাৰিব।
  • এইটো কেনেদৰে কৰা হ’ব।
  • ফলাফল কেনে হ’ব।
  • সম্ভাৱ্য বিপদ।

আৰামদায়ক জীৱন কটোৱাৰ টিপ্ছ-

  • সুস্থ জীৱন অতিবাহিত কৰক।
  • জিনৰ অক্ষমতাবোৰতকৈ সক্ষমতাবোৰৰ ওপৰত বেছিকৈ মন দিয়ক।
  • নিজৰ দুৰ্বলতাবোৰৰ পৰিৱৰ্তে শক্তিশালী দিশবোৰৰ ওপৰত বেছিকৈ মন দিয়ক।
  • নিজে সমাধান কৰিব পৰাকৈ কামবোৰৰ তালিকা প্ৰস্তুত কৰি লওক
  • ষ্ট্ৰেচ দিব পৰা সকলো কামৰ পৰা বিৰত থাকিব।
  • ফিটনেছ আৰু খাদ্য আপোনাৰ দৈনন্দিন তালিকাত অন্তৰ্ভুক্ত কৰিব।
  • পৰিয়াল, বন্ধুবৰ্গ আৰু চিকিত্সকৰ লগত সুসম্পৰ্ক বজাই ৰাখিব।
  • ঔষধ আৰু ব্যায়ামেৰে গাঁঠিৰ বিষ কমাব নোৱাৰিলে অস্ত্ৰোপচাৰৰ সহায় লওক।

লেখকঃ ডাঃ শান্তনু শৰ্মা, অস্থিৰোগ বিভাগৰ মুৰব্বী বিশেষজ্ঞ, জি এন আৰ চি মেডিকেল

উৎস: অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate