অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰ্দি জ্বৰ

চৰ্দি জ্বৰ

লক্ষণ

  • নাকেৰে পানী ওলাই থাকে।
  • মূৰৰ বিষ।
  • মূৰটো গৰম লাগি আহে।
  • শুকান ঘাম ওলায়।
  • চকু দুটা চলচলীয়া হোৱা ইত্যাদিবোৰেই চৰ্দি জ্বৰৰ লক্ষণ।

চিকিৎসা

  • তেল আৰু নহৰু গৰম কৰি শৰীৰটো মালিচ কৰি দিব লাগে। নাক আৰু কপালতো তেল লগাই দিলে দিব লাগে।
  • হালধি দুই গ্ৰাম বটি লৈ গৰম পানীৰ লগত সেৱন কৰিব লাগে।
  • ক’লা তিল আৰু অকণমান গুড় মিহলি কৰি ৰাতি শোৱাৰ আগতে খাব লাগে।
  • দুশ গ্ৰাম পানীত জালুক পাঁচটা, আদা তিনি গ্ৰাম, মিচিৰি পাঁচ গ্ৰাম উতলাই পঞ্চাশ গ্ৰাম জোখৰ কৰি ল’ব লাগে। চেকনিত চেকি পানীখিনি খালে জ্বৰ-চৰ্দিৰ পৰা আৰাম পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate