অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জণ্ডিচৰ লক্ষণবোৰলৈ চকু দিয়ক

সকলোৰে পৰিচিত জণ্ডিচ ৰোগত কিন্তু চিকিৎসাৰ অভাৱত ৰোগীয়ে কেতিয়াবা মৃত্যুবৰণো কৰে। তেজত বিলিৰুবিনৰ মাত্ৰা কমি গ’লে জণ্ডিছ ৰোগে দেখা দিয়ে। তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়ি গ’লে ৰোগীৰ চকু আৰু ছালৰ বৰণ হালধীয়া হৈ পৰে। জণ্ডিচ ৰোগ তিনি প্রকাৰৰ আছে—

হেপ্‌টিক জণ্ডিচ

এই ৰোগত তেজৰ ৰঙা কণিকা বৃদ্ধিত বাধাৰ সৃষ্টি হয়।

হেপটিক্‌ জণ্ডিচ

এইবিধ জণ্ডিচত লিভাৰ বা যকৃতৰ কোষবোৰ ধ্বংস হয়।

ষ্টহেপাটিক জণ্ডিচ

এইবিধ জণ্ডিচ পিত্তৰসৰ সোঁত বাধাপ্রাপ্ত হোৱাৰ কাৰণে হয়। নানা কাৰণত মানুহৰ জণ্ডিচ ৰোগ হ’ব পাৰে। যেনে- ভাইৰেল বীজাণুজনিত জণ্ডিচ, লিভাৰ বা যকৃতৰ নানা সমস্যা, থালাচামিয়া ৰোগ,মদ্যপান,যকৃতত বীজাণুৰ সংক্রমণ, গলব্লাডাৰ ব৷পিত্তস্থলীত যদি পাথৰ বা শিল থাকে। প্রাথমিক অৱস্থাতে জণ্ডিচ ৰোগটো ধৰাপৰিলে ৰোগীক সহজেই আৰোগ্যকৰি তুলিব পৰা যায়। জণ্ডিচ ৰোগৰ কিছুমান লক্ষণৰ বিষয়ে জানি লওঁ আহকচোন:

(১) যদি প্রস্রাব হালধীয়া বৰণৰ হৈ পৰেঃ বহুত কাৰণে প্রস্রাবৰ বৰণ হালধীয়া হয়, যেনে— পানী কমকৈ খালে। পিচেনিয়মিতভাবে প্রস্রাবৰ বৰণ হালধীয়া হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

(২) ছাল আৰু চকুৰ বৰণ হালধীয়া হ’লে তেজত বিলিৰুবিনৰ মাত্রাবাঢ়ি গ’লে গাৰ ছাল আৰ চকুৰ বৰণ হালধীয়া হয়।এয়া হ’ল জণ্ডিচ ৰোগৰ এক লক্ষণ।

(৩) পেটৰ বিষ: জণ্ডিচৰ প্রধান কাৰণ এটা হ'ল যদিহে পিত্তত বিলিৰুবিনৰ মাত্রা বেছি হয়, বিলিৰুবিনে তেজত থকা ৰঙা কণিকাবোৰক ধ্বংস কৰি পেলায়। অতিৰিক্ত বিলিৰুবিনৰ বাবেও পেটতবিষ হয়।

(৪) অৰুচি আৰু বমিৰ ভাব হ’লে: তেজত বিলিৰুবিনৰ মাত্রা বাঢ়ি গ’লে খোৱাত অৰুচি হয়, ৰোগীয়ে বমি বমি ভাব অনুভৱ কৰে। আন কাৰণতো মানুহৰ অৰুচি আৰু বমি ভাব হব পাৰে, কিন্তু এনে লক্ষণেই যদি সঘনাই দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

(৫) জ্বৰ: জণ্ডিচ ৰোগীৰ জৰো হয়। কঁপনি তুলি জ্বৰ হৈ থাকিলে চিকিৎসকৰ ওচৰলৈ যাওক।

(৬) মলৰ বৰণৰ পৰিবর্তন হ’লে: জণ্ডিচ ৰোগীৰ মলৰ ৰঙৰ হয়।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate