অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাৰত মুখৰ যত্ন

জাৰত মুখৰ যত্ন

শীতকালত সঠিক যত্ন নল’লে সাধাৰণতে ৰুক্ষ ছালৰ সমস্যাই গা কৰি উঠে। যাৰ বাবে যিমানেই আপুনি প্ৰসাধন বা মেকআপ নকৰক কিয় আপোনাৰ ছাললৈ উজ্জ্বলতা নাহে। গতিকে ইয়াৰ বাবে ময়শ্বাৰাইজাৰ ব্যৱহাৰ খুবেই প্ৰয়োজনীয়। তদুপৰি সপ্তাহত এবাৰ স্ক্ৰাব কৰা আৰু অত্যাধিক পানী খোৱাটো দৰকাৰ।

  • শীতকালৰ দিনকেইটাত ফাউণ্ডেচন অলপ পাতলকৈ লগাব লাগে। কিয়নো মোটা বা ডাঠ প্ৰলেপে ছালখন ফাটি যোৱাৰ দৰে দেখাব পাৰে। ইয়াৰ বাবে এইকেইটা দিনত ফাউণ্ডেচনৰ লগত সামান্য ময়শ্বাৰাইজাৰ মিহলি কৰি লগোৱা উচিত। ইয়ে আপোনাৰ ছালখন উজ্জ্বল দেখাব।
  • ইফালে অত্যাধিক ঠাণ্ডাত কিছুমান ছালত ৰঙা পৰি যোৱা সমস্যাই গা কৰি উঠে। তাৰ বাবে কনছিলাৰ ব্যৱহাৰ কৰা উচিত। ইয়াৰ বাবে কনছিলাৰ বাছি লওঁতে আমি কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। ভাল ব্ৰেণ্ডৰ সেউজীয়া ৰঙৰ কনছিলাৰে মুখৰ ৰঙচুৱা ভাব কমাই দিয়াত সহায় কৰে। অৱশ্যে ইয়াৰ বাবে কনছিলাৰ ব্যৱহাৰৰ সঠিক জ্ঞান থকাটো খুবেই প্ৰয়োজনীয়।
  • চকুৰ প্ৰসাধনৰ ক্ষেত্ৰত আমি সদায় ‘আই প্ৰাইমাৰ’ ব্যৱহাৰ কৰিব লাগে। যাৰ ফলত চকুৰ পতাত ফটা ভাবৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। প্ৰাইমাৰৰ ব্যৱহাৰে মেকআপ দীঘলীয়া সময়লৈ সুন্দৰ কৰি ৰাখে।
  • শীতকালত আন এটা সমস্যা হৈছে ওঁঠ ফটা সমস্যা। ইয়াৰ বাবে শীতকালৰ দিনকেইটাত ভাল ব্ৰেণ্ডৰ ময়শ্বাৰাইজাৰ থকা লিপষ্টিক লগোৱা উচিত। তদুপৰি লিপষ্টিক লগোৱাৰ পিচত সামান্য গ্লিচাৰিন ওঁঠটোত বোলাই দিব পাৰে। যাৰ ফলত ওঁঠৰ এটা সুন্দৰ সেমেকা ৰূপ দেখা যায়। গ্ল’ছি পিংক, লিলাক, পাতল কমলা ডাঠ মেৰুণ ৰঙৰ লিপষ্টিক লগাব পাৰে।
  • ঠাণ্ডা দিনত মেকআপ অলপ গ্লছি হ’লে ভাল দেখা যায়। যাৰ বাবে আপুনি লিকুইড শ্বিমাৰ লগাব পাৰে। ইয়াৰ বাহিৰেও দেহৰ অনাবৃত অংশবোৰত ময়শ্বাৰাইজিং লোচন সানিব যাতে শুকান আৰু খৰখৰীয়া ভাব অনুভৱ নহয়।
  • এইকেইবিধ উপায় অৱলম্বন কৰি শীতকালৰ দিনকেইটাত এনে মেকআপেৰে আপুনিও নিজকে সুন্দৰ কৰি ৰাখিব পাৰে।

উৎস: সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate