অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোপনি আৰু ৰোগৰ মাজৰ সম্পৰ্ক

সাধাৰণতে তিনিবিধ বিশেষ অধ্যয়ণে টোপনি মৰাৰ অভ্যাস আৰু তাৰ পৰা সুনিৰ্দিষ্ট ৰোগ সৃষ্টিৰ শ্ংকাৰ যোগসুত্ৰ বিচাৰি উলিওৱাত সহায় কৰে। সেইকেইবিধ হৈছে-

টোপনি ক্ষতি বিষয়ক অধ্যয়ণ

এই অধ্যয়ণত কিছুমান স্বাস্থ্যবান স্বেচ্ছাসেৱকক টোপনি ক্ষতি কৰিবলৈ এৰি দি তেওঁলোকৰ হ্ৰস্বম্যাদী শাৰীৰিক পৰিৱৰ্তন নিৰীক্ষণ কৰা হয়, যিয়ে ৰোগ সৃষ্টিত অৰিহণা যোগায়। এই অধ্যয়নে টোপনি ক্ষতিৰ পৰা হ’ব পৰা নানা তৰহৰ সম্ভাব্য হানিকাৰক পৰিণতিৰ কথা উনুকিয়াই দিয়াৰ লগতে এই বিস্ংগতিৰ লগত অতি ঘনিষ্ঠতাৰে সম্বন্ধ ৰখা অত্যধিক মানসিক চাপ, ৰক্তচাপ বৃদ্ধি, দেহত গ্লুক’জ নিয়ন্ত্ৰণত ব্যতিক্ৰম, দেহত উত্তেজনা বৰ্ধকে অধিক ৰুপত দেখা দিয়া আদি নজনা কথাবোৰ উদঙাই দিয়ে।

ক্ৰছ ছেকচনেল এপিডেমিঅ’লজিকেল ষ্টাডী

এই অধ্যয়ণৰ পৰা দেখা গৈছে যে হ্ৰাস পোৱা আৰু বৃদ্ধি পোৱা এই দুয়োটা টোপনিৰ ম্যাদেই বহুমুত্ৰ ৰোগ, মেদবহুলতা, হৃদৰোগ আদিৰ সুদূৰপ্ৰসাৰী ৰোগৰ লগত নিশ্চিত যোগসূত্ৰ আছে। তৎসত্বেও এই অধ্যয়ণে এইক্ষেত্ৰত নিশ্চিত বাখ্যা আগবঢ়াব পৰা নাই যে কিমান কম বা কিমান বেছি টোপনিয়ে এই বেমাৰবিলাকক বেছিকৈ প্ৰভাৱিত কৰিব পাৰে।

লংগিচুডিনেল এপিডেমিঅ’লজিকেল ষ্টাডী

মনোবিজ্ঞানী তথা গৱেষকসকলৰ মতে এই অধ্যয়ণে তৃতীয় আৰু আটাইতকৈ বিশ্বাসযোগ্য প্ৰামাণিক তথ্য আগবঢ়াইছে। তেওঁলোকৰ মতে দীৰ্ঘম্যাদী টোপনিৰ অভ্যাসে নিশ্চিতভাৱে একে সময়তে বৃহৎসংখ্যক ৰোগৰ পথ মুকলি কৰি দিয়ে। তৎসত্বেও এজনৰ টোপনিক নিয়ন্ত্ৰিত কৰি তেওঁ আগতে কৰা ভুলৰ পৰিণাম স্বৰুপে বৃদ্ধি পোৱা ৰোগৰ শ্ংকাক বা ভুগি থকা ৰোগৰ তীব্ৰতা কমাব পৰা যায় নে নাযায় সেইটো কিন্তু এতিয়াও স্পষ্ট ৰুপত জানিব পৰা হোৱা নাই।

টোপনি আৰু আন কেইটিমান ৰোগৰ সম্বন্ধ

মেদবহুলতা

অপৰ্যাপ্ত টোপনিয়ে কেনেকৈ ওজন বৃদ্ধিত অধিক উৎসাহ যোগোৱাত সহায় কৰে এই কথা বিভিন্ন অধ্যয়ণে প্ৰমাণ কৰিছে। দেখা গৈছে যে যিবিলাক মানুহে স্বভাৱগতভাৱে প্ৰতিনিশা ছয় ঘণ্টাতকৈ কম টোপনি যায় সেইসকলৰ ওজন আপেক্ষিক গড় বেজেল মেটাবলিক ৰেট বা চমুকৈ (বি এম আই) তকৈ বেছি দেখা যায়। আনহাতে যিসকলে প্ৰতিনিশাই অন্তত: আঠ ঘণ্টাকৈ টোপনি যায় সেইসকলৰ ওজন আপেক্ষিক গড় বি এম আইতকৈ কম হোৱা দেখা যায়। বিজ্ঞানীসকলৰ মতে এনে হোৱাৰ বাখ্যা হৈছে –শুই থকাৰ সময়ত আমাৰ দেহে কিছুমান বিশেষ হৰম’ন নি:সৰিত কৰে। যিয়ে নেকি আমাৰ দেহৰ ভোক নিয়ন্ত্ৰণ, শক্তি উৎসৰ ৰাসায়নিক পৰিৱৰ্তন, গ্লুক’জ দহন আদি প্ৰক্ৰিয়াবিলাকত ভাগ লোৱাত অৰিহণা যোগায়। কিন্তু টোপনি কম হ’লে এই পৰিঘটনাবোৰৰ মাজৰ ভাৰসাম্য ৰক্ষাত বিভ্ৰান্তিৰ সৃষ্টি হয়। অন্যহাতেদি কম টোপনিয়ে যেনেকৈ ষ্ট্ৰেছ হৰম’নৰুপে খ্যাত কৰটিচল নামৰ ৰাসায়নিক পদাৰ্থবিধৰ নি:সৰণত উদগনি যোগায়, ঠিক তেনেকৈ কম টোপনিৰ ফলত আহাৰ খোৱাৰ লগে লগে ইনছুলিন নামৰ হৰম’নবিধো বেছিকৈ নি:সৰণ হ’বলৈ লয়। এই ইনছুলিন নামৰ হৰম’ন বিধে আকৌ গ্লুক’জ দহন প্ৰক্ৰিয়াত আগভাগ লোৱাৰ লগতে চৰ্বি জমাকাৰী উপাদান ৰুপে কাম কৰে। সেই গতিকে বেছি পৰিমাণৰ ইনছুলিন নি:সৰিত হ’লে ই ওজন বৃদ্ধিৰ এক কাৰক হৈ পৰে। অপৰ্যাপ্ত নিদ্ৰাই আমাৰ দেহৰ বাবে অলাগতিয়াল লেপটিন নামৰ আন এবিধ হৰম’নৰ পৰিমাণ হ্ৰাস কৰে, যিটো হৰম’নে আমাৰ মগজুক শৰীৰত পৰ্যাপ্ত খাদ্য মজুত থকাৰ খবৰটো ডাৰৰ বাতৰি ডাঁৰে দি মগজুক সক্ৰিয় কৰি ৰাখে আৰু একেদৰেই ই ঘ্ৰেলীন নামৰ আৱশ্যকীয় ৰাসায়নিক পদাৰ্থ এবিধৰ নি:সৰণ বৃদ্ধি কৰে, যিয়ে আমাৰ শৰীৰৰ ভোক বৃদ্ধিত সহায় কৰে। আচল কথাত ক’বলৈ হ’লে নিদ্ৰাহীনতাই পেটৰ ক্ষুধা বৃদ্ধি কৰে, সেই ক্ষুধা পৰ্যাপ্ত পৰিমাণৰ কেলৰি খোৱাৰ পিছতো সোনকালে পূৰাব নোৱাৰি। অতিৰিক্ত শক্তি পাবলৈ মিঠা বেছিকৈ খোৱা হয়। অন্যহাতেদি অপৰ্যাপ্ত নিদ্ৰাই আমাৰ দেহক একেবাৰে দুৰ্বল কৰি পেলায় আৰু তেতিয়া ভাগৰত লালকালদি সেই অতিৰিক্ত আহৰণ কৰা কেলৰিখিনি ধ্বংসৰ বাবে ব্যায়াম কৰাৰ অৱকাশ নাথাকে।

বহুমুত্ৰ ৰোগ

গৱেষকসকলে তেওঁলোকৰ অধ্যয়ণত এই তথ্যৰ প্ৰমাণ পাইছে যে আমাৰ শৰীৰৰ স্ংবেদনশীল অংগ-প্ৰত্যংগৰ বাবে প্ৰতিটো ক্ষণতে চালিকা শক্তিৰ ভূমিকা পালন কৰা গ্লুক’জৰ দহন প্ৰক্ৰিয়াত অপৰ্যাপ্ত টোপনিয়ে বেমেজালিৰ সৃষ্টি কৰে আৰু যাৰ ফলস্বৰুপে বহুমূত্ৰ ৰোগ নামৰ সেই মাৰাত্মক ৰোগবিধৰ সৃষ্টি হয়। টোপনিৰ পৰিমাণ প্ৰতিনিশা আঠ ঘণ্টাৰ পৰা চাৰি ঘণ্টালৈ হ্ৰাস কৰি এদল স্বাস্থ্যৱান স্বেচ্ছাসেৱকৰ দেহত চলোৱা এক হ্ৰস্বম্যাদী টোপনি ক্ষতিৰ অধ্যয়ণত দেখা গৈছে যে যিসকল স্বেচ্ছাসেৱকক প্ৰতিনিশা সীমিত পৰিমাণে শুবলৈ দিয়া হৈছিল তেওঁলোকৰ দেহৰ ৰাসায়নিক প্ৰক্ৰিয়াত বিকৃতি ঘটাৰ ফলত গ্লুক’জ দহন প্ৰক্ৰিয়া অন্যসকলৰ তুলনাত বেছি নিস্ক্ৰিয়তা দেখা যায়। বহুকেইটা এপিডেমিঅ’লজিকেল ষ্টাডীয়েও এইটো নিশ্চিত কৰিছে যে যিসকল প্ৰাপ্তবয়স্ক লোকে প্ৰতিনিশা পাঁচ ঘণ্টাতকৈ কমকৈ শোৱে সেইসকলে বহুমূত্ৰ ৰোগত ভোগা বা বহুমূত্ৰ ৰোগত ভোগাৰ ফালে ধাৱমান হোৱাৰ অতি বেছি আশ্ংকা থাকে।

মনৰ বিষণ্ণতা

বেছি দূৰলৈকে ভাবিব নোৱাৰিলেও নিজৰ ক্ষেত্ৰত কথাটো এবাৰলৈ পৰীক্ষা কৰি চাওকচোন, চকু টিপ এটা নমৰাকৈ উজাগৰী নিশা এটা পাৰ কৰাৰ পিছত মনটো কেনে লাগে? নিজকে বাৰু পগলা পগলা নালাগেনে? নিদ্ৰাহীনভাৱে দীঘল নিশা এটা পাৰ কৰাৰ পিছত মানুহজন ভাগৰুৱা হৈ দিনটোলৈ খিংখিঙিয়া আৰু মেজাজী হৈ পৰে আৰু এনেদৰে বহুদিন ধৰি ধাৰাবাহিকভাৱে এনে ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিলে এই মনৰ বিষণ্ণতাই এদিন মনোৰোগলৈ ৰুপান্তৰ হয়গৈ। এনে এক অধ্যয়ণে দেখুৱাইছে যে প্ৰতিনিশা চাৰিঘণ্টা ত্ৰিশ মিনিটকৈ শুবলৈ পোৱা স্বেচ্ছাসেৱক এজনৰ মনত বেছিকৈ চাপ, বিমৰ্ষ, খ্ং আৰু মনোকষ্ট দেখা দেখিবলৈ পোৱা যায় আৰু এই ব্যক্তিগতভাবে আহৰণ কৰা লক্ষণসমূহ নাটকীয়ভাৱে হঠাতে নাইকিয়া হৈ যায়, যেতিয়াই মানুহজনে স্বাভাৱিক টোপনিৰ সময়সূচীলৈ উভতি আহে।

দেহৰ প্ৰতিৰোধ ক্ষমতা

এক মতবাদে এইটো ক’ব খোজে যে দেহৰ প্ৰতিৰোধ প্ৰণালী বা ইমিউন ছিষ্টেমে ‘শ্লীপিনেছ ইনিডিউচিং ফেক্টৰ’ নামৰ এবিধ কাৰকৰ সৃষ্টি কৰে, যাৰ কাৰণে আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতাত বাধা জন্মায়। আনহাতে নিস্ক্ৰিয়তা আৰু ভাল টোপনিয়ে ইয়াক অতিৰিক্ত খোৰাক যোগায়। এই মতে যিবিলাকে ভালকৈ টোপনি মাৰে সেইসকলে যেতিয়া কোনো স্ংক্ৰামক ৰোগৰ আক্ৰমণৰ মুখামুখি হয় তেতিয়া নিজস্ব প্ৰতিৰোধ ক্ষমতাৰ দ্বাৰা তাক নিৰ্বাসন দিবলৈ ভালদৰে যুদ্ধ কৰিবলৈ সক্ষম হয় আৰু যিবিলাকে নিদ্ৰাহীনতাত ভুগি থাকে সেইসকলে এই প্ৰতিৰক্ষাত ব্যৰ্থ হয়। আনকি বিভিন্ন প্ৰাণীৰ মাজত চলোৱা অধ্যয়ণেও এইটো প্ৰমাণ কৰিছে যে যিবিলাক প্ৰাণীয়ে গভীৰ টোপনি মাৰে সেইবিলাক প্ৰাণীৰ দেহত জীৱাণুৰ স্ংক্ৰমণ ঘটিলেও তাক প্ৰতিৰোধ কৰি জীয়াই থকাৰ অধিক অৱকাশ থাকে।

জীৱন-ৰেখা

নিদ্ৰাহীনতাই স্বাস্থ্যৰ ওপৰত পেলাব পৰা উপৰিউক্ত সম্ভাব্য সকলো বেয়া প্ৰভাৱৰ দিশ ফঁহিয়াই চাই এই কথা ভবা হৈছে যে কম টোপনিয়ে জীৱন-ৰেখা চমু কৰি আনে। তিনিটা বৃহৎ ক্ৰছ ছেকচনেল এপিঅ’ডেমিঅ’লজিকেল ষ্টাডীৰ তথ্যই এইটো উদঙাই দেখুৱাইছে যে নিশা পাঁচ ঘণ্টা বা তাতকৈ কম শোৱাসকলৰ মৃত্যুৰ হাৰ অন্যান্য কাৰণত মৃত্যু হোৱা লোকতকৈ ১৫ শতাংশ বেছি।

নিদ্ৰাহীনতাৰ পৰা পৰিত্ৰাণ পাবলৈ পাঠকসকলে কেইটিমান বিশেষ টিপছ

  • সদায় সময়মতে প্ৰতিনিশা বিছনালৈ যোৱা আৰু ৰাতিপুৱা সময়মতে বিছনাৰ পৰা উঠাৰ অভ্যাস কৰাৰ লগতে আনকি ছুটীৰ বা সপ্তাহৰ শেষৰ দিনটোতো যাতে একে অভ্যাসে বৰ্তাই ৰাখিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখক।
  • নিজৰ বিছনাখনক পঢ়া টেবুল, টেলিভিছন চোৱা বা অফিচিয়েল কাম আদিৰ বাবে ব্যৱহাৰ নকৰি কেৱল নিদ্ৰাৰ বাবেহে ব্যৱহাৰ কৰক। কাৰণ বেছি সময় বিছনাত বহি থাকি সময় পাৰ কৰিলে ই টোপনিত ব্যাঘাত জন্মায়।
  • কলাঘুমটি দিয়াৰ অভ্যাস এৰক, বিশেষকৈ গধূলি সময়ত মৰা ঘূমটিৰ এনে অপৈণত টোপনিয়ে নিশাৰ টোপনিক কাঢ়ি নি বহুতকে অস্বস্তিত পেলায়।
  • ব্যায়ামে সহজতে টোপনি মাতি আনিব পাৰে, কিন্তু সেই ব্যায়াম সদায় বিছনালৈ যোৱাৰ আগমুহূৰ্ত্তত কৰা ব্যায়ামে কিন্তু মগজুৰ সক্ৰিয়তা বৃদ্ধিহে কৰে, টোপনি অহাত সহায় নকৰে।
  • দেহৰ উষ্ণতা সলনি কৰিও বহু সময়ত নিদ্ৰাক সোনকালে আদৰি আনিব পাৰি। বিছনালৈ যোৱাৰ ঠিক ডেৰ ঘণ্টা বা দুঘণ্টাৰ আগতে গৰম পানীৰে গা ধুই ভাল টোপনিক স্বাগতম জনাব পাৰি। কিন্তু বিছনালৈ যোৱাৰ আগমুহূৰ্ত্তত গা ধুলে হীতে বিপৰীতহে হয়।
  • কিতাপ পঢ়া, ধ্যান কৰা, মন্থৰ গতিৰে খোজ কঢ়া ইত্যাদি মনৰ উদ্ৰেক হ্ৰাস কৰা পদ্ধতিবোৰৰ সহায় লৈও নিদ্ৰাহীনতাত ভোগা লোকসকলে আৰোগ্য লাভ কৰিব পাৰে। বিছনালৈ যোৱাৰ আগতে ত্ৰিশমিনিটমান এনে অভ্যাস কৰিলে টোপনি সোনকালে হয়।
  • নিজৰ শোৱা ৰুমটোও কেতিয়াবা টোপনি নহাৰ অন্যতম কাৰণ হ’ব পাৰে। নিজৰ শোৱা ৰুমটো তুলনামূলকভাবে ঠাণ্ডা আৰু বিশুদ্ধ বায়ু চলাচলৰ সুব্যৱস্থাও থকা উচিত।
  • টোপনি মাৰিবলৈ যোৱাৰ সময়টোৰ বাবে বাৰে বাৰে ঘড়ীৰ কাঁটালৈ লক্ষ্য কৰি থাকিব নালাগে, এনে কৰিলে ভ্ৰান্ত ধাৰণাই টোপনি অহাত অধিক সমস্যাৰহে সৃষ্টি কৰে।
  • নিশা টোপনি নহাসকলে শোৱাৰ চাৰি-পাঁচ ঘণ্টা আগতে নিয়মমাফিক বা পাতলীয়া ধৰণৰ লঘু আহাৰ বিছ্নালৈ যোৱাৰ আগতে গ্ৰ্হণ কৰিলে ভাল টোপনি যোৱাত সহায়ক হয়। কিন্তু পেট গধুৰ লগাকৈ বেছিকৈ খোৱা ৰাতিৰ আহাৰে ইয়াৰ ওলোটাহে কৰে।
  • ৰ’দ পুওৱাটোও ভাল টোপনি অহাৰ এক আহিলা, কিন্তু সেয়া শৌৰ শক্তিৰ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰিব পৰাকৈ প্ৰতিকাৰৰ আহিলাৰ প্ৰতি লক্ষ্য ৰাখিহে প্ৰত্যেকদিনাই অন্তত: আধা ঘণ্টাকৈ ৰ’দ পুৱালে ভাল টোপনি হয়। ইয়াৰ বাবে উত্তম সময় হ’ল দিনটোৰ প্ৰথমভাগৰ কোমল ৰ’দৰ সময়খিনি।
  • বিছনালৈ যোৱাৰ আগমুহূৰ্ত্তত বেছিকৈ পানী খাব নালাগে। এনে কৰিলে নিশা বেছিকৈ প্ৰস্ৰাৱ কৰিব লগাৰ ফলত বহুতৰে কেঁচা টোপনিত ব্যাঘাট জন্মায়
  • বিছনাত পৰাৰ আগতে চাহ, কফি, মদ, চাদা আদি ৰাগিয়াল বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখক। বিছনাত পৰাৰ ১৫-২০ মিনিটৰ পাছতো যদি কাৰোবাৰ টোপনি নাহে তেতিয়াহ’লে বিছনা এৰি অন্য এটা কোঠালৈ গৈ নিস্প্ৰভ পোহৰত কিতাপ পঢ়ক বা নিৰৱে কিছু চিন্তাশীল কাম কৰক যেতিয়ালৈকে টোপনি টোপনি ভাব এটা নহয় আৰু টোপনি অহা মাত্ৰকে নিজৰ বিছনাত গৈ পৰক। কিন্তু সাৱধান টোপনি অহা নাই বুলি কেতিয়াও উজ্জ্বল পোহৰ ব্যৱহাৰ নকৰিব আৰু টেলিভিচন নাচাব।
  • যদি আপোনাৰ বিছনাৰ সহ-অংশীদাৰজনে কেনেবাকৈ আপোনৰ টোপনি কাঢ়ি নিছে, তেনেহ’লে সোনকালে অন্য এখন পৃথক বিছনা কেইবা ৰাতিৰ বাবে যোগাৰ কৰি লওক আৰু আপোনাৰ নিদ্ৰাক স্ংকটমুক্ত কৰি ৰাখক।
  • যদি কিবা বিশেষ দুচিন্তাই আপোনাৰ টোপনি কাঢ়ি নিবলৈ ধৰিছে তেতিয়াহ’লে সোনকালে কথাৰ আকাৰে সেই সমস্যাটোৰ বিষয়ে ভাবিবলৈ এৰি বৰ্ং প্ৰতিবিম্ব আকাৰে ভাবিবলৈ ল’লে ভাল টোপনিক সোনকালে লগ পাই নিদ্ৰাহীনতাৰ পৰা পৰিত্ৰাণ পাব পাৰে লগতে উদ্বিগ্নতাক আঁতৰাই সাৰ পাই উঠিব পাৰে।
  • বিছনালৈ যোৱাৰ আগতে সদায় মনত উটি ভাহি থকা উদ্বিগ্নতাবোৰৰ লগত মোকাবিলা কৰিহে বিছনাত উঠিবলৈ লওক, তেতিয়া দেখিব আপুনি সুন্দৰ টোপনিৰ অধিকাৰী হৈ পৰিছে।
  • ইমানতো যদি নিদ্ৰাহীনতাই আপোনাক খেদি ফুৰিবলৈ এৰা নাই তেনেহ’লে চিকিৎসকৰ ওসৰ চাপক আৰু ভাল পৰামৰ্শ লওক।

ডা: নৰোত্তম সোণোৱাল, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate