অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধূমপান কিমান ভয়াবহ হ’ব পাৰে

ধূমপান কিমান ভয়াবহ হ’ব পাৰে

ধূমপান বুলিলে কোনো ধঁপাত (Tobacco) শ্ৰেণীৰ সামগ্ৰী জ্বলাই তাৰ ধোঁৱা অৰ্থাৎ গেছীয় পদাৰ্থ ভাগ কিবা প্ৰকাৰে হুপি শৰীৰৰ ভিতৰলৈ নিয়া প্ৰক্ৰিয়াকে বুজা হয়। ধঁপাত সেৱন কৰাৰ বিভিন্ন পদ্ধতিবোৰৰ ভিতৰত এই ধূমপান পদ্ধতিয়েই সৰ্বাধিক ব্যৱহৃত। ধঁপাত জাতীয় পদাৰ্থৰ বাবেও অইন কেতবোৰ পদাৰ্থও ধূমপানত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ হাৰ যথেষ্ট কম। অনুমান কৰা হৈছে যে মানৱ সভ্যতা বিকাশৰ আদিম পৰ্যায়ৰ কোনো এক স্তৰত এতিয়াৰ দক্ষিণ আমেৰিকা মহাদেশত আজিৰপৰা প্ৰায় ৫০০০-৭০০০ বছৰ পূৰ্বে মানুহে প্ৰথম ধূমপান কৰিবলৈ শিকিছিল। শেহতীয়া এক তথ্য মতে বৰ্তমান বিশ্বৰ ৪৯ শতাংশ পুৰুষ আৰু ১১ শতাংশ মহিলাই ধঁপাত জাতীয় দ্ৰব্য সেৱন কৰে আৰু ইয়াৰে ৮০ শতাংশই হয় ধূমপানৰ যোগেদি।

ধঁপাত আৰু সংশ্লিষ্ট অইন সামগ্ৰীবোৰ জ্বলাই তাৰ ধোঁৱা হোৱাৰ ফলত এই পদাৰ্থসমূহত থকা সক্ৰিয় উপাদানবোৰ হাঁওফাঁওৰ এল্‌ৱিওলাইসমূহ শুহি লয়। মূৰকত এই সক্ৰিয় উপাদানবোৰে স্নায়ু-মূৰত ৰাসায়নিক বিক্ৰিয়াৰ উন্মেষ ঘটায়, যিয়ে নেকি হৃদস্পন্দনৰ হাৰ বৃদ্ধি, অসলতা হ্ৰাস আদিৰ দ্বাৰা মানুহজনৰ দেহত কৃত্ৰিম সতেজ অনুভুতি এটা আনি দিয়ে। ডোপামিন আৰু এণ্ডোৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ দুবিধৰ নিঃসৰণৰ ফলত এটা সুখানুভূতিৰ উদ্ৰেক হয়। মানুহৰ দুই হাঁওফাঁওত প্ৰায় তিনি কোটি এল্‌ৱিওলাই আছে। এই বৃহৎ স্ংখ্যক এল্‌ৱিওলিৰ বেৰসমূহে প্ৰায় ৭০ বৰ্গমিটাৰ আয়তন অৰ্থাৎ এখন লন টেনিছ খেল পথাৰ এখনৰ সমান আয়তনৰ ঠাই বিভিন্ন গেছীয় পদাৰ্থৰ অৱশোষণৰ বাবে উঅপলব্ধ কৰায়। মুখগহ্বৰতো কিছু পৰিমাণে ধূমপানৰ ধোঁৱা অৱশোষিত হয়। ধোঁৱাৰ অম্লগুণ (pH)ৰ ওপৰত মুখগহ্বৰ বা হাঁওফাঁও- কোন অংশত ই অৱশোষিত হ’ব, সেয়া নিৰ্ভৰ কৰে। ধোঁৱাৰ pH অধিক হ’লে (উদাহৰণ স্বৰুপে পাইপ সেৱনত) মুখগহ্বৰত আৰু pH কম হ’লে (যেনে চিগাৰেট সেৱনত) হাঁওফাঁওত অৱশোষণ অধিক হয়।

ধূমপানে মানুহৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনে। হৃদৰোগ, এওৰ্টিক, এন্যুৰিজ্‌ম, ষ্ট্ৰ’ক, মগজুৰ ৰক্তসঞ্চাৰণ তন্ত্ৰৰ ৰোগ, এমফিচেমা, দীৰ্ঘম্যাদী শ্বাস-প্ৰশ্বাসজনিত ৰোগ, গৰ্ভৱস্থাজনিত সমস্যা আদিৰ উপৰি শৰীৰৰ বিভিন্ন অংশত কৰ্কট ৰোগৰ সম্ভৱনা ই বৃদ্ধি কৰে। ধূঁমপানে বৃহৎ ৰক্তবাহী নলীসমূহৰ বেৰ ডাঠ কৰি পেলোৱা (Atherosclerosis)ৰ উপৰি তেজত অনিষ্টকাৰী চৰ্বিৰ পৰিমাণ অধিক কৰি তোলে। তেজৰ অনুচক্ৰিকা (Platelet)ৰ একগোটকৰণ আৰু সৰু ৰক্তবাহী নলীকা ৰুদ্ধ কৰি কলিজাৰ মাংপেশীৰ পচন আৰু হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ আশংকা বঢ়ায়। হৃদযন্ত্ৰৰ বাদে শৰীৰৰ আন অংশৰ ৰক্তসঞ্চালনৰ তন্ত্ৰৰ বিকাৰত ভূগা মধূমেহত আক্ৰান্ত নোহোৱাসকলৰ ৯০ শতাংশ আৰু বৃহৎ ৰক্তবাহী নলী (Aorta) ফুলি উঠা বিকাৰৰ ৫০ শতাংশৰ কাৰণ ধূমপান। দীৰ্ঘকালীন শ্বাস-প্ৰশ্বাসৰ বাধাজনিত ৰোগৰ ৯০ শতাংশৰে কাৰণ ধূমপান। নিয়মীয়াকৈ ধূমপান কৰিবলৈ আৰম্ভ কৰাৰ ১ ৰপৰা ২ বছৰৰ ভিতৰতে আমাৰ উশাহ-নিশাহৰ বাবে প্ৰয়োজনীয় শ্বাস নলীকাসমূহৰ বেৰত প্ৰদাহী পৰিৱৰ্তনে দেখা দিয়ে। ২০ বছৰৰ ভিতৰত এইসমূহত অস্বাভাৱিক ৰোগকাৰী পৰিৱৰ্তন আৰম্ভ হয়। ধূমপানে কৰা শ্লেষ্মাৰ আয়তন বৃদ্ধিৰ ফলত দীৰ্ঘ সময়ৰ বাবে কাঁহ হৈ থাকে। বহুদিন জুৰি হৈ থকা প্ৰদাহ আৰু জ্বলনৰ ফল স্বৰুপে শ্বাস-নলিকাসমুহৰ সৰু (ঠেক) হৈ পৰে। এনজাইমজনিত দহনে হাঁওফাঁওৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কোঠালি (এল্‌ৱিওলি) বোৰৰ বেৰবোৰ গলাই পেলোৱাৰ ফলত এমফিচেমা ৰোগৰ উৎপত্তি হয়। ধূমপানৰ ধোঁৱাৰ স্ংস্পৰ্শলৈ অহা শৰীৰৰ কলাসমূহ কৰ্কট ৰোগ সৃষ্টিকাৰী বিক্ৰিয়া ঘটোৱাৰ ফলত উঁঠ, মুখগহ্বৰ, স্বৰতন্ত্ৰ, শাসতন্ত্ৰ, খাদ্যনলী, হাঁওফাঁও, পাকস্থলী, অগ্নাশয়, বৃক্ক, মূত্ৰথলি, মহিলাৰ জৰায়ুমুখ আদি কৰ্কট ৰোগ আশংকা বহুগুণে বৃদ্ধি হয়। বৃহদান্ত্ৰ, মলাশয়, স্তন আৰু মায়েলয়ড লিউকেমিয়া নামৰ তেজৰ কৰ্কট ৰোগৰ সম্ভাৱনাও ই বঢ়ায়। ধূমপানৰ প্ৰকাৰ ভেদে কৰ্কট আক্ৰান্ত অংশ পৃথক হয়, উদাহৰ্ণ স্বৰুপে ‘পাইপ’ সেৱন কৰাসকলৰ মুখগহ্বৰৰ কৰ্কট আৰু চিগাৰেট সেৱন কৰা সকলৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা বেছি। হাঁওফাঁওৰ কৰ্কটৰ স’তে ধূমপানৰ প্ৰত্যক্ষ সম্পৰ্ক সৰ্বজনবিদিত। ধূমপান নকৰা লোকৰ মাজত হাঁওফাঁওৰ কৰ্কট ৰোগৰ হাৰ প্ৰতি লাখত ৩.৪ হোৱাৰ বিপৰীতে দিনে পাঁচটকৈ চিগাৰেট খোৱাসকলৰ মাজত ই ৫১.৪ আৰু দিনে দুই পেকেটকৈ চিগাৰেট খোৱাসকলৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা প্ৰতি লাখত ২১৭.৩ জন। ধূমপান কৰা মহিলাৰ গৰ্ভ নষ্ট হোৱাৰ সম্ভাৱনা বেছি। ই মাতৃ আৰু শিশু উভয়ৰে স্বাস্থ্যত বিৰুপ প্ৰভাৱ পেলায়। ধূম্ৰ্পায়ী মাতৃৰ সময়ৰ পূৰ্বে প্ৰসৱ হ’ব পাৰে আৰু সন্তান কম ওজনৰ হয়। এনে অপৈনত সন্তানৰ মৃত্যুৰ হাৰ অধিক হোৱাৰোপৰি বাচি থকাবোৰৰো শ্বাস-প্ৰশ্বাসজনিত সমস্যা অধিক আৰু স্বাভাৱিক বিকাশ ধীৰ হ’ব পাৰে। চাৰ্ক’পেনিয়া নামৰ মাংসপেশীৰ ক্ষয়ীভৱন আৰু শক্তি হ্ৰাস হোৱা বয়সজনিত সমস্যা এটিৰ স’তেও ধূমপান প্ৰত্যক্ষভাৱে জড়িত। ক্ৰ’ন্‌চ বিকাৰ নামৰ অনিমীয়াকৈ ঘনাই অজীৰ্ণ শৌচ হৈ থকা খাদ্যনলীৰ দীৰ্ঘম্যাদী প্ৰদাহী ৰোগৰ আশংকা ধূমপানে বঢ়ায় আৰু যিসকলে পুৰ্বৰেপৰা এই ৰোগত ভূগি আছে, তেঁওলোকৰ সমস্যা অধিক জতিল কৰি তোলে। এইবোৰৰ উপৰি ধূমপানে পাকস্থলীত হোৱা ঘাঁ শুকোৱাত পলম ঘটা, হাড় ঠুনুকা পৰাৰ আশংকা বৃদ্ধি কৰে, চকুত চানিপৰা ৰোগ আৰু চকুৰ মেকুলা অংশৰ ক্ষয়ীভৱন কৰি দৃষ্টিশক্তি কম কৰে, মহিলাৰ অকালতে মাহেকীয়া ঋতুস্ৰাৱ বন্ধ কৰে, চাল শোটোৰা-শোটোৰ কৰে তথা পিত্তথলিৰ প্ৰদাহী ৰোগ আৰু পথাৰৰ আশংকা বঢ়ায়। পুৰুষৰ যৌন আৰু প্ৰজনন শক্তিহীনতাৰ এক অন্যতম কাৰণ ধূমপান। ছালৰ মসৃনতা লাঘৱ কৰি ওঁঠৰ স্বাভাৱিক বৰণ গুচাই ক’লা কৰি ই সৌন্দৰ্যহানি কৰে। মানুহৰ বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিনলগীয়া হোৱা বহুবিধ ঔষধৰ ক্ৰিয়াৰো ধূমপানে দীন-দেড়ি ঘটায়। মূলতঃ ধূমপানৰ ফলত শৰীৰৰ চাইটোক্ৰম পি-৪৫০ প্ৰণালীৰ অধিক সক্ৰিয়কৰণৰ হেতুকে এনে হয়। উচ্চ এঅক্তচাপৰ চিকিৎসাত ব্যৱহৃত বিটা-ব্লকাৰ শ্ৰেণীৰ ঔষধ, শ্বাসজনিত ৰোগৰ চিকিৎসাত ব্যৱহৃত থিওফাইলিন জাতীয় ঔষধ, তেজ গোট মৰাৰ সমস্যাত ব্যৱহৃত হেপাৰিণ জাতীয় ঔষধ আদিৰ কাৰ্যকুশলতা ধূমপানে হ্ৰাস কৰে। ধূমপানে মনোজগততো নেতিবাচক প্ৰভাৱ পেলায়। এনেসকল ব্যক্তিৰ খং, উদ্বিগ্নতা, ৰাগ, হতাশা, ভয়, শংকা আদিৰ লগতে নেতিবাচক চিন্তা বেছি হয়।

ধুমপান কৰাৰ সময়ত ভিতৰলৈ হুপি নিয়া ধোঁৱাৰ স’তে প্ৰায় ৪০০ বিধ বিভিন্ন ৰাসায়নিক পদাৰ্থও শৰীৰৰ ভিতৰলৈ যায়। এইবোৰৰ ভিতৰত নিকোটিন, টাৰ, হাইড্ৰ’জেন ছালফাইড, এচিটোন, টলুইডিন, ফৰ্মেল-ডিহাইড, এমোনিয়া, টাৰপেণ্টাইন, নেফ্‌থিলামাইন, আৰ্ছেনিক, মিথানল, কাৰ্বন মনোক্সাইড আদি মানৱ শৰীৰৰ বাবে অনিষ্টকাৰী বিষাক্ত পদাৰ্থ থাকে। ইয়াৰে ৪৩ বিধে শৰীৰত কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে।

ধূমপানে কৰা স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক এক জনস্বাস্থ্য সমস্যা হিচাপে ঘোষণা কৰিছে। এই সংস্থাৰ উদ্যোগত ২০০৫ চনত এখন জনস্বাস্থ্যৰ চুক্তি সম্পাদন কৰা হৈছে য’ত পৃথিৱীৰ ২৬৮ দেশে স্বাক্ষৰ কৰিছে।

লিখক: ডাঃ ৰমেন কুমাৰ কাকতি

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate