অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিঠিৰ বিষ কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা

আমাৰ পিঠিখনৰ এটা গুৰুত্বপূৰ্ণ অংগ হ’ল ৰাজহাড়। কেৰমৰ গুটিৰ দৰে ৩০ ডোখৰ হাড় এডোখৰৰ ওপৰত এডোখৰকৈ থাকে এই ৰাজহাড়ত। এই ৰাজহাড়ক ‘কেশেৰুকা’ বা ‘ভাট্ৰিবা’ বোলে। ডিঙিত থকা সাতডাল ভাৰ্টিব্ৰাক ‘চাৰ্ভাইকেল’ বা ডিঙিৰ কেশৰুকা বোলে। বুকুৰ ঠিক পিছপিনে পিঠিৰ যিটো অংশ আছে, তাত থকা বাৰ ডোখৰ হাড়ক কোৱা হয় ‘থোৰাছিক ভাৰ্টিব্ৰা’, কঁকাল অংশত থকা পাঁচডোখৰ হাড়ক ‘লাম্বাৰ ভাৰ্টিব্ৰা’ বোলে। কঁকালৰ তলত অতিৰিক্ত পাঁচ ডোখৰ ভাৰ্টিব্ৰা থাকে, যিকেইডোখৰ স্ংলগ্ন হৈ ‘ছেক্ৰাম’ নামৰ হাড়ডাল গঠিত হয়। এই ছেক্ৰামৰ একেবাৰে শেষৰ হাড়ডোখৰ সাইলাখ আঙুলিৰ আগভাগত থকাৰ দৰে এডাল কশেৰুকা থাকে। প্ৰকৃততে ই হৈছে কেতবোৰ নিচেই ক্ষুদ্ৰ হাড়ৰ সমষ্টিহে। এনে ক্ষুদ্ৰাকৃতিৰ হাড়বোৰক সুকীয়া বুলি ধৰিলে আমাৰ ৰাজহাড়ত থকা মুঠ কশেৰুকাৰ সংখ্যা ৩০ ডাল। দুডাল কশেৰুকাৰ মাজত থকা ঠাইডোখৰক ‘আন্ত: কশেৰুকা অঞ্চল’ বুলি কয়, য’ত কাঁহীৰ নিচিনা এটা গাঁঠনি থাকে। শৰীৰ তাত্বিক দিশৰ পৰা চাবলৈ গ’লে এইবোৰ জেলি সনা পিঠাৰ দৰে। এই ডিস্কবোৰে আমাৰ শৰীৰত এক মহান দায়িত্ব পলান কৰে। এইবোৰৰ উপস্থিতিৰ বাবেই ৰাজহাড়ডাল একেডাল হাড়ৰ লেখীয়া নহৈ পৃথক পৃথক স্ংলগ্ন হাড় স্বৰুপ হৈ থাকে। ফলত আমি আগপিনে হালিবলৈ বা সোঁপিনে বা বাওঁপিনে লৰচৰ কৰিবলৈ সক্ষম হওঁ।

শৰীৰতাত্বিক দৃষতিকোণৰ পৰা চালে দেখা যায় যে প্ৰতিডাল কেশৰুকাৰ মাজত থাকে এডোখৰ গোলাকাৰ বা বৃত্তাকৃতিৰ খালী অংশ। ওপৰৰ পৰা তললৈ থকা আটাইবোৰ খালী অংশ উলম্বভাৱে মিলি গঠিত হৈছে ‘স্পাইনেল কেনেল’, যিটো দেখাত এটা চুঙাৰ দৰে। এই চুঙাৰ লেখীয়া নলৰ মাজেদি মেৰুদণ্ডৰ ওপৰৰ পৰা তললৈ ব্যাপ্ত হৈ আছে ‘স্পাইনেল কৰ্ড’ বা ‘মেৰুদণ্ড’। এই মেৰুদণ্ডৰ পাৰ্শ্বৱৰ্তী অংশৰ পৰা বিভিন্ন্ স্নায়ুৰ অস্ংখ্য শাখা-প্ৰশাখা মানৱ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ বিয়পি আছে।

নি:সন্দেহে ৰাজহাড়ে আমাৰ শৰীৰত এক স্বয়ংসম্পূৰ্ণ ভূমিকা পালন কৰে। সমীপৱৰ্তী পেশী, লিগামেণ্ট আদিবোৰে মিলিহে ৰাজহাড়ৰ গাঁথনি সম্পূৰ্ণ কৰে। ৰাজহাড়ে শৰীৰৰ বিভিন্ন ধৰণৰ কম-কাজ নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰুপে থিয় হোৱা, বহা, খোজকঢ়া, শৰীৰৰ ভৰ বহন কৰা আদি কামবোৰত ৰাজহাড়ৰ এক ডাঙৰ ভূমিকা আছে। শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত্ ৰাজহাড়ে বহুখিনি নিয়ন্ত্ৰণ কৰে।

মনত ৰখাৰ দৰকাৰ যে সন্মুখলৈ বা পিছপিনে হাউলি দিয়াৰ সময়ত সেইপিনৰ পেশীবোৰৰ স্ংকোচন হয় আৰু বিপৰীত দিশৰ পেশীবোৰৰ প্ৰসাৰণ ঘটে। এনেদৰে পেশীৰ ভাৰসাম্য ৰক্ষা কৰাৰ ফলত ৰাজহাড় আৰু স্ংলগ্ন স্নায়ুবোৰ অকাস্মতে হ’ব পৰা আঘাতৰ পৰা সদায়েই বাচি থাকে।

ইমানখিনি আলোচনাৰ দ্বাৰা এইটো নি:সন্দেহে প্ৰতিপন্ন্ হৈছে যে ৰাজহাড়ডাল আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। গতিকে এনে এটি অংগৰ যিকোনো ধৰণৰ অসুখ বা অস্বাভাৱিকতাই দেখা দিলে ঘাইকৈ পিঠি, ডিঙি, কঁকাল বা ভৰিৰ বিষ হ’ব পাৰে। মূৰৰ লাওখোলাৰ পশ্চাদভাগৰ ঠিক তলতে থকা ডিঙিৰ পিছপিনৰ অংশৰ বিষত আক্ৰান্ত হোৱা ব্যক্তিৰ স্ংখ্যা তেনেই নগন্য নহয়। ৰাজহাড়ৰ একেবাৰে ওপৰৰ অংশটোৰ অসুস্থতাৰ বাবে এনে বিষ হয়। এনে বিষ পিঠি আৰু হাতলৈকো বিয়পিব পাৰে। নিম্নোক্ত কাৰণবোৰৰ বাবে এনেধৰণৰ বিষ হয়-

  • স্পণ্ডাইল’চিছ।
  • ফাইব্ৰ’ছাইটিছ।
  • শ্লিপডিস্ক।
  • আঘাতজনিত নানা অসুস্থতা।

ইয়াৰে প্ৰথমবিধ ৰাজহাড়ৰ বিভিন্ন অংশত হ’ব পাৰে। ৰাজহাড়ৰ একেবাৰে ওপৰৰ অংশত হ’লে ‘চাৰ্ভাইকেল স্পণ্ডাইল’চিছ’ আৰু একেবাৰে তলৰ অংশত হ’লে ‘লাম্বাৰ স্পণ্ডাইল’চিছ’ বোলে। ৰজাহাড়ৰ এই দুটা অংশই আটাইতকৈ বেছি লৰচৰ কৰে। গতিকে হাড়ৰ ক্ষয়ৰ মাত্ৰা ইয়াতেই আটাইতকৈ বেছি হয়।

বয়স বৃদ্ধিৰ লগে লগে (সাধাৰণতে ত্ৰিশ বছৰ বয়সৰ পিছত) এই ৰোগ আৰম্ভ্ হয়। বিভিন্ন কাৰণবশত: ৰাজহাড়ত চাপৰ মাত্ৰা বাঢ়ি যায় আৰু ফলত কশেৰুকা ক্ষয় হ’বলৈ ধৰে। বিশেষকৈ একেটা আসনতে যিসকলে ভালেমান সময়জুৰি কাম কৰিবলগীয়া হয়, তেওঁলোক এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। উদাহৰণস্বৰুপে ক’ব পাৰি কম্পিউটাৰত কাম কৰা বা লেখা-মেলা কৰা লোকসকল (অফিচত কোনোবাই পেচাগতভাৱে এনেদৰে মেজত বহি কামকৰিবলগীয়া হয়)। এইসকলৰ ডিঙিৰ মাংসপেশীৰ উপৰি হাড়তো চাপ পৰে। মেদবহুলতাত আক্ৰান্ত ব্যক্তিসকল এই অৱস্থাৰ ভুক্তভোগী হোৱাৰ আশ্ংকা বেছি। এই ৰোগৰ উপসৰ্গবোৰ হৈছে-ডিঙি, পিঠি, কান্ধ আৰু কঁকালত হোৱা বিষ। স্নায়ু আক্ৰান্ত হোৱা হেতুকে এই বিষ ডিঙিৰ পৰা হাতলৈ আৰু কঁকালৰ পৰা ভৰিলৈকে বিয়পিব পাৰে। কেতিয়াবা মূৰলৈ (অৰ্থাৎ মগজুৰ পিনে) সময়িকভাৱে ৰক্ত সঞ্চালন হ্ৰাস পোৱাৰ বাবে ৰোগীৰ মূৰ ঘুৰাব পাৰে। একোটা আসনতে বহি ভালেমান পৰ কাম কৰিলে বা ভাগৰ লাগিব পৰা কাম কৰিলে এনে হোৱাৰ আশংকা বাঢ়ে। বিষৰ বাবে ডিঙিটো ঘুৰাবলৈ অসুবিধা হয়। হাত-ভৰিবোৰ জিনজিনাব ধৰে।

এই ৰোগ সঠিকভাৱে নিৰ্ণয় কৰিবলৈ কেতবোৰ পৰীক্ষাৰ কৰা দৰকাৰ। আক্ৰান্ত হোৱা ঠাইডোখৰৰ এক্স ৰে’, জেৰ-আৰ ই আৰু শৰ্কৰা পৰীক্ষাৰ লগতে প্ৰয়োজন সাপেক্ষে চি টি স্কেন আৰু এম আৰ আই পৰীক্ষা কৰাব লাগে।

একিউট চাৰ্ভাইকেল ডিস্কছিণ্ড্ৰ’ম

ৰাজহাড়ৰ বিভিন্ন অস্বাভাৱিকতাত যিসকল ব্যক্তি আক্ৰান্ত হৈছে, তেওঁলোকৰ সৰহভাগেই এই অৱস্থাটোৰ বাবে পিঠিৰ বিষ অনুভৱ কৰে। ডিঙিৰ বিষ হোৱাৰ বাদেও ডিঙি ঘুৰাই চালে বা গধুৰ বস্তু দাঙিবলৈ চেষ্টা কৰিলে মূৰ ঘুৰাব পাৰে। ডিস্কৰ মাজত্ থকা জেলিৰ লেখীয়া পদাৰ্থবিধ বাহিৰলৈ ওলাই আহি আৰ্শ্বৱৰ্তী স্নায়ুৰ ওপৰত চাপ দিলে এই সমস্যাটো দেখা যায়।

শ্লিপ ডিস্ক

সঁচা কথা ক’বলৈ গ’লে ই এক গুৰুতৰ ধৰণৰ সমস্যা। নানা কাৰণবশত: ডিস্কৰ ভিতৰৰ জেলিৰ লেখীয়া পদাৰ্থবিধ বাহিৰলৈ ওলাই আহিব পাৰে। ডিস্কৰ বাহিৰৰ অংশ ক্ষয় যাব পাৰে। কাৰণসমূহ এনেধৰণৰ-

  • পুষ্টিহীনতা
  • ধূমপান বা নিচাজাতীয় দ্ৰব্য সেৱন।
  • বৰ্দ্ধিত দৈহিক ওজন।
  • পেছাগত কাৰকৰ বাবে উদ্ভৱ হোৱা চাপ।

ডিস্কৰ মাজত থকা এই জেলিখিনি এবাৰ বাহিৰলৈ ওলাই আহিলে চিকিৎসা অবিহনে পুনৰ সোমাই নাযায়। এই প্ৰক্ৰিয়াটো টুথপেষ্ট টিউবৰ পৰা টুথপেষ্টখিনি বাহিৰলৈ ওলাই অহাৰ দৰে। এই ৰোগৰ চিকিৎসাৰ মূল উদ্দেশ্য হৈছে ৰাজহাড়ত পৰা চাপ হ্ৰাস কৰা বা নোহোৱা কৰা। নানা ধৰণৰ ফিজিওথেৰাপিৰ জৰিয়তে মাংসপেশীবোৰ সবল কৰা হয়। ঘাইকৈ লাম্বাৰ ৪ আৰু ৫ নম্বৰ ভাৰ্টব্ৰা আৰু লাম্বাৰ ৫ আৰু ছেক্ৰেল ১ ন্ং ভাৰ্টিব্ৰাৰ মাজত এই সমস্যাটো বেছিকৈ হোৱা দেখা যায়। হঠাতে বেছিকৈ চাপ দিবলগীয়া কাম কৰিলে (জোৰেৰে হাঁচি মাৰিলে বা গধুৰ ওজনযুক্ত বস্তু দঙা-মেলা কৰিলে) এই সমস্যাটো হ’ব পাৰে। বেল্ট, বিষনাশক দৰৱ, ট্ৰেকছন বা ব্যায়াম আদিৰদ্বাৰা সাময়িকভাৱে সকাহ লাভ কৰিব পাৰি। ডিছকেকোটমী ইত্যাদি অস্ত্ৰোপ্ৰচাৰৰ দ্বাৰাও সকাহ লাভ কৰিব পাৰি।

এনকাইলোজিং স্পণ্ডাইল’চিছ

মহিলাসকলতকৈ পুৰুষসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। ঘাইকৈ কঁকাল আৰু পিঠিত এই বিষ অনুভূত হয়। বিশেষকৈ ৰাতিপুৱা সময়ত বিষৰ মাত্ৰা বেছি হয়। ক্ৰমান্বয়ে গোটেই পিঠিতেই বিষ বিয়পিব পাৰে। পিঠিৰ পৰা আঠু, কান্ধ আৰু কঁকালৰ গাঁঠিলৈকে বিষ বিয়পে। ক্ৰমান্বয়ে ৰোগীয়ে খোজ কাঢ়িবলৈ অসমৰ্থ হয়।

প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ নিৰ্ণয় কৰি চিকিৎসা আৰু ফিজিঅ’থেৰাপি কৰা হয়। ফলত মাংসপেশীবোৰ শিথিল সচলাৱস্থালৈ আহে। প্ৰয়োজন সাপেক্ষে অস্ত্ৰোপচাৰৰ জৰিয়তে ৰাজহাড় সবল কৰিবলৈ ছাপোৰ্টৰ ব্যৱস্থা কৰা হয়।

লিখক: ডা: মিহিৰ কুমাৰ গোস্বামী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate