অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেটৰ অতিৰিক্ত চৰ্বি কমোৱাৰ সহজ কিটিপ

এটা সুস্থ আৰু সুঠাম দেহতহে এজন ব্যক্তিৰ সক্ষমতা দীৰ্ঘস্থায়ী হয়। গতিকে, এটা সুস্থ আৰু সুঠাম দেহ আমাৰ সকলোৰে কাম্য। কিন্তু আজিৰ এই যান্ত্ৰিক যুগটোক সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু বিজ্ঞানৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনে ক্ৰমান্বয়ে মানৱ জাতিটোৰ শাৰীৰিক পৰিশ্ৰম বহু পৰিমাণে লাঘৱ কৰিছে। তদুপৰি খাদ্যভ্যাসৰ তথা আমাৰ ৰুচিবোধৰ সঘনাই হোৱা পৰিৱৰ্তনে আমাৰ স্বাস্থ্যৰ ওপৰত পেলোৱা বিৰুপ প্ৰভাৱৰ মাত্ৰাও ক্ৰমান্বয়ে বঢ়াই তুলিছে। আমাৰ বহুতৰে মাজত দেখা দিয়া অত্যাধিক মেদবহুলতা সমস্যাটোৰ মূল কাৰণ হিচাপে ক’ব পাৰি প্ৰয়োজনীয় শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰ আমাৰ খাদ্যাভ্যাস। আমাৰ দৈনিক ব্যস্ত কৰ্ম তালিকাখনৰ পৰা কিছু সময় আচুতীয়াকৈ উলিয়াই ব্যৰ্থ হোৱা দেখা যায়। আনহাতে আৰামদায়ক জীৱনশৈলী আৰু খাদ্যাভ্যাসে মেদবহুলতাৰ সমস্যাটোক দুগুণে উৎসাহিত কৰিছে। যিহেতু আজিৰ কৰ্মব্যস্ত যান্ত্ৰিক যুগটোত আমাৰ প্ৰত্যেকৰে সময়ৰ অভাৱ পৰিলক্ষিত হয়। গতিকে এই প্ৰসংগটিৰ মাধ্যমেৰে আমি কম সময়ৰ ভিতৰতে কেনেদৰে এটা সুস্থ আৰু সুঠাম দেহৰ গৰাকী হৈ কৰ্মক্ষেত্ৰখনত সক্ষমতাৰে আগ বাঢ়ি যাব পাৰোঁ তাৰে কেইটামান সহজ কিটিপ তলত আলোচনা কৰা হ’ল-

 

দহ মিনিটৰ ভিতৰত কৰিব পৰা কেইটামান সহজ ব্যায়াম

আমি টি ভিত এটা কাৰ্যসূচী উপভোগ কৰি থকাৰ সময়ত বা বব্ধৰ দিনত ঘৰত থকা সময়খিনিত কেৱল দহ মিনিট সময় নিজাববীয়াকৈ উলিয়াই লৈ তলৰ সহজ ব্যায়াম কেইটামান অনুসৰণ কৰিব পাৰোঁ।

  • একে স্থানতে থাকি লাহে লাহে দৌৰিবলৈ চেষ্টা কৰক। যদি এনেদৰে দৌৰিবলৈ চেষ্টা কৰক। যদি এনেদৰে দৌৰিবলৈ অসুবিধা পাইছে, তেন্তে একে স্থানতে থাকি কোচকাৱাছ কৰক। অন্ততঃ এশবাৰ এনেদৰে দৌৰিবলৈ বা কোচকাৱাছ কৰিবলৈ যত্ন কৰক।

এই ব্যায়াম কৰা মজিয়াখন সমান হোৱা উচিত আৰু এই সমছোৱাত পেটৰ পেশীবোৰ টান কৰি ৰখাটো বাঞ্ছনীয়।

  • একে ঠাইতে দৌৰা আৰু কোচকাৱাছ কৰাৰ পিছত যেতিয়া আপুনি ঘামিবলৈ ল’ব, তেতিয়া মজিয়াত ওভোটাকৈ পৰি লাহে লাহে কমেও দহবাৰ পোছ-আপ কৰিবলৈ লওঁক।
  • দহবাৰ পোছ-আপ কৰাৰ পিছত পুনৰ এশবাৰ দৌৰিবলৈ বা কোচকৱাছ কৰিবলৈ যত্ন কৰক। এইবাৰ যদি সম্ভৱ তেন্তে আগতকৈ অলপ খৰকৈ দৌৰিবলৈ বা কোচকাৱাছ কৰিবলৈ যত্ন কৰক।
  • পোছ-আপ দহবাৰ সম্পূৰ্ণ কৰাৰ পিছত মজিয়াত বহি দুয়োখন ভৰি সমান্তৰাল অৱস্থাত ৰাখক। তাৰ পিছত এটা দীঘলীয়া উশাহ লৈ শৰীৰৰ ওপৰৰ অংশ লাহে লাহে দুয়ো ভৰিৰ দিশলৈ নমাই আনক আৰু লাহে লাহে উশাহ এৰি দিয়ক। এই অৱস্থাটোত হাত দুখন ভৰিৰ দুয়োকাষে সমান্তৰাল অৱস্থাত ৰাখিব। এইদৰে, পুনৰ আগৰ অৱস্থালৈ আহি এটা দীঘল উশাহ লৈ পাঁচবাৰ মান এই ব্যায়ামটো কৰিবলৈ চেষ্টা কৰক।
  • এটা দীঘলীয়া উশাহ লৈ পেঁটটো ভিতৰলৈ কোঁচ খুৱাই যিমান সময় পাৰি ধৰি ৰাখিবলৈ যত্ন কৰক। এই ব্যায়ামটোৱে পেটৰ তলৰ অংশত জমা হোৱা চৰ্বি অতি কম সময়ৰ ভিতৰতে আৰু সহজভাৱে কমোৱাত সহায় কৰে, যিটো কেৱল চিট আপ ব্যায়ামৰ জৰিয়তেহে সম্ভৱ। আপুনি যদি পোন্ধৰ ছেকেণ্ড সময় পেঁটটো কোঁচ খুৱাই ৰাখিবলৈ সক্ষম হয়, তেন্তে ই হ’ব আপোনাৰ বাবে অতি উত্তম।
  • দুয়োখন হাতৰ তলুৱা একেলগ কৰি প্ৰায় পোন্ধৰ ছেকেণ্ড বা ততোধিক সময় জোৰেৰে ঘৰ্ষণ কৰি তপতাই লওঁক। ইয়াৰ পিছত গৰম হাতৰ তলুৱা দুখন আপোনাৰ তলপেটত অৰ্থাৎ নাভিৰ তলৰ বা পেটৰ অন্যান্য যিখিনি অংশত চৰ্বি জমা হৈছে সেইখিনিত ঘহক। এইদৰে ত্ৰিছ ছেকেণ্ড সময় ধৰি পেটৰ চৰ্বি জমা হোৱা অংশবোৰত ঘঁহিবলৈ যত্ন কৰক। এই সহজ ব্যৱস্থাটো দিনে দুবাৰকৈ, বিশেষকৈ ৰাতি শোৱাৰ আগতে আৰু ৰাতিপুৱা শুই উঠাৰ পিছত দুই মিনিটকৈ কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত হাতৰ তলুৱাত সৃষ্টি হোৱা তাপে আমাৰ পেটত জমা হোৱা চৰ্বি কোষবোৰত প্ৰৱেশ কৰি সিহঁতক ধ্বংশ কৰে। তদুপৰি এই ব্যৱস্থাটো যেতিয়া বাৰে বাৰে প্ৰয়োগ কৰা হয় তেতিয়া ই আমাৰ পৰিপাক প্ৰণালীটোৰ কাৰ্যক্ষমতাকো খৰতকীয়া কৰি আমাৰ হজম প্ৰক্ৰিয়াটো সূচল কৰি তুলে। গতিকে আমাৰ পৰিপাক প্ৰণালীটো সক্ষম হোৱাৰ লগে লগে শৰীৰৰ অতিৰিক্ত চৰ্বি জমা হোৱা প্ৰক্ৰিয়াটোত ই বাধাৰ সৃষ্টি কৰে। দেখাত সহজ যেন লগা এইটো ব্যৱস্থাৰ যথেষ্ট গুৰুত্ব আছে।
  • গোৰোহাৰ ওপৰত সমস্ত শৰীৰ ভৰ দি লেপেট কাঢ়ি বহিবলৈ কৰক। এইদৰে কমেও পাঁচ মিনিট সময় একেৰাহে বহক। এইদৰে কমেও পাঁচ মিনিট সময় একেৰাহে বহক। প্ৰথম অৱস্থাত আপুনি অসুবিধাৰ সন্মুখীন হ’লেও পিছলৈ ই সহজ হৈ পৰিলে সময়ৰ পৰিমাণটো আৰু বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। এই ব্যায়ামটোৱে আমাৰ শৰীৰক অতিৰিক্ত অক্সিজেন শুহি লোৱাত সহায় কৰে আৰু এই অতিৰিক্ত অক্সিজেন আমাৰ শৰীৰত জমা হোৱা চৰ্বি হ্ৰাস কৰাত বিশেষভাৱে প্ৰভাৱশালী। এই ব্যায়ামটো অন্ততঃ পাঁচ মিনিটতকৈ হ’লেও এসপ্তাহ বা দুসপ্তাহৰ বাবে একেৰাহে চেষ্টা কৰিলে নিশ্চয় সুফল পাব।
  • এটা শক্তিশালী ৰাসায়নিক পৰিৱৰ্তন প্ৰক্ৰিয়া হৈছে এক খৰতকীয়া পন্থাৰে শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাৰ অন্যতম মাপকাঠী। এইখিনিতে, বিশেষভাৱে উল্লেখযোগ্য যে- এটা শক্তিশালী ৰাসায়নিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াই এজন ব্যক্তিৰ গভীৰ টোপনিৰ সময়ছোৱাটো চৰ্বি কমোৱাৰ কাৰ্য সম্পাদন কৰি থাকে। যথোচিত পৰিমাণৰ পানীৰ সেৱনে আমাৰ শৰীৰৰ অতিৰিক্ত কেলৰিৰ পৰিমাণ হ্ৰাস কৰাৰ উপৰি আমি অপ্ৰয়োজনীয়ভাৱে সেৱন কৰি থকা খাদ্যবস্তুৰ সীমিতকৰণ কৰি শৰীৰৰ ৰাসায়নিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটোক শক্তিশালী আৰু খৰতকীয়া কৰি তুলি আমাক সুস্থ আৰু সুঠাম দেহৰ অধিকাৰী হোৱাত সহায় কৰিব।
  • সাধাৰণতে শাৰীৰিক ওজন কমি অহাৰ লগে লগে আমাৰ দেহৰ পেশী গঠনো ক্ৰমান্বয়ে ঢিলা হৈ আহে। গতিকে এনে অৱস্থাত দেহৰ পেশীসমূহৰ মজবুত কৰিবলৈ নিয়মীয়া ব্যায়ামভাৱে আৰু সুষম তথা যথোপযুক্ত আহাৰৰ অতি প্ৰয়োজন। আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে শাৰীৰিক ওজন হেৰুৱাব একমাত্ৰ স্বাস্থ্যসন্মত ব্যৱস্থা হৈছে শাৰীৰিক ব্যায়ামৰ নিয়মীয়া অনুশীলন। কিন্তু এই ক্ষেত্ৰত সাম্প্ৰতিক সহজে উপলব্ধ পিলৰ ব্যৱহাৰে আমাৰ শৰীৰত পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাহে বৃদ্ধি কৰে। গতিকে চৰ্বি কমোৱা পিলৰ ব্যৱহাৰ বৰ্জন কৰাই  হ’ব এক শ্ৰেয় সিদ্ধান্ত।

হৃদযন্ত্ৰৰ ব্যায়াম হৈছে অতিৰিক্ত কেলৰি হেৰুৱাৰ অন্যতম অৱলম্বন

আমাৰ শৰীৰত অতিৰিক্তভাৱে সৃষ্টি হোৱা কেলৰিৰ ক্ষয়সাধন আটাইতকৈ উত্তম ব্যৱস্থাটো হৈছে হৃদযন্ত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে কৰা নিৰ্দিষ্ট ব্যায়াম আৰু তাৰ লগতে প্ৰয়োজনীয় যথোচিত জিৰণি। এটা ব্যয়ামৰ কাৰ্যসূচী অনুসৰণ কৰিবলৈ যাওঁতে আমি মন কৰিবলগা এটা বিষয় হৈছে যে সকলোবোৰ ব্যায়াম এক সমান গতিকে বা সমান শক্তি প্ৰয়োগ কৰাৰ বিপৰীতে এটাত কম আৰু এটাত বেছি শক্তি প্ৰয়োগ কৰি কৰিলে অমি বেছি উপকৃত হম।

আমি যদিও এটা নিয়মীয়া ব্যায়ামৰ কাৰ্যসূচী অনুসৰণ কৰোঁ তথাপি আমাৰ বাবে প্ৰয়োজন হয় ৰাতিপুৱা আৰু গধূলি খৰকৈ খোজকঢ়াৰ অভ্যাসে আমাৰ শৰীৰৰ শতকৰা ৬০ ভাগ অতিৰিক্ত কেলৰি ক্ষয় কৰাত সহায় কৰে। এইদৰে আমি যদি এসপ্তাহলৈ খোজ কাঢ়ো তেন্তে অতি কমেও আমাৰ শৰীৰৰ ৪০০ অতিৰিক্ত কেলৰী ক্ষয় কৰিবলৈ সক্ষম হ’ম। খৰকৈ খোজ কাঢ়োঁতে আমি মন কৰিব লগীয়া কেইটামান কথা।

  • খোজকাঢ়োঁতে কিলাকুটী কোঁচ খুৱাই নিজৰ গাৰ ফালে টানি খোজ কাঢ়িবলৈ যন্ত কৰিলে ই আমাক খৰকৈ খোজ কঢ়াত সহায় কৰে।
  • দুটা খোজৰ মাজৰ ব্যৱধান কম কৰি খোজ কাঢ়িলে ই আমাৰ গতি বৃদ্ধি কৰিব।
  • পাহাৰীয়া এঢলীয়া ঠাইত খোজ কঢ়াৰ অভ্যাস শৰীৰৰ অতিৰিক্ত কেলৰি ক্ষয় কৰাৰ বাবে যথেষ্ট উপযোগী।
  • চিৰি বগোৱাৰ অভ্যসেও আমাৰ হৃদযন্ত্ৰ আৰু ভৰিৰ গঠন তথা শক্তিবৰ্ধনত সু-প্ৰভাৱ পেলায়।
  • আমি দেহৰ পেশী গঠনৰ বাবে যদি কোনো গধুৰ ব্যায়ামৰ কাৰ্যসূচী অনুসৰণ কৰোঁ, তেন্তে তলত উল্লিখিত কেইটামান সৰু সৰু কথা জানি থোৱা উচিত।
  • গধুৰ ব্যায়ামৰ জৰিয়তে আমি লাভ কৰা প্ৰতি আধা কিলোগ্ৰাম পেশীয়ে শৰীৰৰ শতকৰা ৩৫ ৰ পৰা ৫০ ভাগ কেলৰি প্ৰতিদিন ক্ষয় কৰাত সহায় কৰে।
  • আমি যদি এটা নিৰ্দিষ্ট পৰিমাণৰ ওজন কোনো অসুবিধা নোহোৱাকৈ কমেও বাৰবাৰ দাঙিবলৈ সক্ষম হওঁ, তেন্তে আমি দঙা ওজনৰ পৰিমাণটো বৃদ্ধি কৰিব লাগিব। আনহাতে কোনো নিৰ্দিষ্ট পৰিমাণৰ ওজন যদি আমি একেৰাহে কমেও আঠবাৰ দঙাত অসমৰ্থ হওঁ, তেন্তে আমি দাঙিবলৈ লোৱা ওজনৰ পৰিমাণ হ্ৰাস কৰিব লাগিব।
  • গধুৰ ব্যায়ামৰ কাৰ্যসূচী অনুসৰণ কৰোঁতে আমি দেহৰ কোনো নিৰ্দিষ্ট অংশৰ উৎকৰ্ষ সাধন কৰাৰ লক্ষ্যৰ বিপৰীতে সামগ্ৰিকভাৱে এক ভাৰসাম্যতা বজাই ৰাখি শৰীৰৰ সকলো পেশীৰে উৎকৰ্ষ সাধনত গুৰুত্ব দিয়া উচিত।
  • বিশেষকৈ গধূৰ ব্যায়ামৰ ক্ষেত্ৰত সদায় এজন অভিজ্ঞ প্ৰশিক্ষকৰ পৰামৰ্শ লৈহে এনে ধৰণৰ কাৰ্যসূচী অনুসৰণ কৰা উচিত।
  • আমি ৰাতি শোৱাৰ আৰু ৰাতিপুৱা শুই উঠাৰ পিছত কৰিব পৰা দুটা সহজ ব্যৱস্থাৰ বিষয়ে শেষত উল্লেখ কৰা হ’ল।
  • ৰাতি শোৱাৰ পাটীত প্ৰথমে ওপৰমূৱা হৈ দীঘল হৈ শোৱক। তাৰ পিছত লাহে লাহে দুয়োটা ভৰি বুকুৰ দিশলৈ চপাই আনি দুয়োটা আঁঠুত হাত দুখনেৰে সাবটি ধৰি বুকুৰ কাষলৈ লাহে লাহে টানি আনিবলৈ চেষ্টা কৰক। এই অৱস্থাত আমাৰ দেহৰ আকৃতিটো এটা বলৰ দৰে হৈ পৰে আৰু এই সময়ত আমি চকু দুটা মুদি লাহে লাহে উশাহ-নিশাহ লৈ এনেভাৱে দহ ছেকেণ্ড সময় অৱস্থান কৰিব লাগিব। তাৰ পিছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি গৈ ব্যায়ামটো প্ৰথমৰ পৰা আৰম্ভ কৰি পাঁচৰ পৰা দহবাৰ মান কৰিবলৈ যত্ন কৰক।

পুৱা শুই উঠি সম্পূৰ্ণ পোনকৈ থিয় হওক। এই অৱস্থাত আপোনাৰ ভৰি দুখন সমান্তৰাল অৱস্থাত আপোনাৰ ভৰি দুখন সমান্তৰাল অৱস্থাত ৰাখি আপোনাৰ হাতৰ তলুৱাখন পিছফালে কঁকালৰ ওপৰত ৰাখক যাতে হাতৰ আঙুলিকেইটাই পিছফালৰ নিতম্ব স্পৰ্শ কৰি থাকে। এতিয়া এটা দীঘলীয়া উশাহ টানি লৈ ৰাজহাড় সম্পূৰ্ণভাৱে পোনকৈ সম্প্ৰসাৰণ কৰি সমগ্ৰ শৰীৰটো যিমান সম্ভৱ ঘৰৰ চিলিঙৰ দিশলৈ উজাই নিয়ক। এই অৱস্থানটোত আপোনাৰ শৰীৰৰ ওজন ভৰিৰ পটাৰ ওপৰত থাকিব। এইদৰে কৰাৰ পিছত উশাহ এৰি আগৰ অৱস্থালৈ আহি পুনৰ দীঘলীয়াকৈ উশাহ টানি ১০-২০ বাৰ এই ব্যায়ামটো অভ্যাস কৰক।

পুৱা আৰু ৰাতি কৰা এই দুটা সহজ ব্যায়ামে আমাক ৰাতি শোৱাপাটীলৈ যোৱাৰ আগতে আৰু ৰাতিপুৱা শুই উঠাৰ পিছত শৰীৰ আৰু মন সতেজ কৰি তোলাৰ লগতে মনৰ পৰা অৱসাদৰ ভাব দূৰ কৰে। নিয়মিতভাৱে কৰিলে এই সহজ ব্যায়াম দুটাই আমাক দিনৰ ভাগত প্ৰয়োজনীয় শাৰীৰিক শক্তিৰ যোগান ধৰি আমাক সক্ষম কৰি ৰখাৰ উপৰি আমাৰ কৰ্মদক্ষতা বৃদ্ধি কৰে আৰু ৰাতিৰ টোপনি গভীৰ কৰাত সহায় কৰে।

উৎসঃ সৌন্দৰ্য্য আৰু স্বাস্থ্য আলোচনী

 

 

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate